মানৱ সম্পদ আৰু দেশ-নিৰ্মাণ অভিযানত ব্যস্ত দক্ষিণ কাশ্মীৰৰ এখন বিশেষ আশ্ৰম

Story by  atv | Posted by  Munni Begum • 5 d ago
কাশ্মীৰৰ আচাবালস্থিত শ্ৰী ৰামকৃষ্ণ মহাসংমিলন সমিতি আশ্ৰমৰ চৌহদত দৰ্শনাৰ্থী সন্তসকলৰ সৈতে ব্রিজ লাল ভাট (সোঁফালে)
কাশ্মীৰৰ আচাবালস্থিত শ্ৰী ৰামকৃষ্ণ মহাসংমিলন সমিতি আশ্ৰমৰ চৌহদত দৰ্শনাৰ্থী সন্তসকলৰ সৈতে ব্রিজ লাল ভাট (সোঁফালে)
 
এহছান ফাজিলি/আচাবাল, দক্ষিণ কাশ্মীৰ
 
বিশ্বাস কৰিবলৈ কঠিন হ'লেও এই কথা সত্য যে, দক্ষিণ কাশ্মীৰত স্বামী বিবেকানন্দৰ এজন শিষ্যই আধ্যাত্মিক আৰু ধৰ্মীয় উদ্দেশ্যত প্ৰতিষ্ঠা কৰা এখন আশ্ৰমে স্থানীয় মুছলমান কৃষকসকলক আধুনিক কৌশল ব্যৱহাৰ কৰি আপেল আৰু আখৰটৰ খেতি কৰাত সহায় কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ শস্যৰ উৎপাদন বৃদ্ধি হৈছে।
 
এই আশ্ৰমখন হৈছে অনন্তনাগ জিলাৰ আচাবাল ৰিজ’ৰ্টৰ সমীপৱৰ্তী নাংডাণ্ডি গাঁৱত কেৰেলাৰ বিবেকানন্দ ৰক মেম'ৰিয়েল আৰু বিবেকানন্দ কেন্দ্ৰৰ শ্ৰী ৰামকৃষ্ণ মহাসন্মিলন সমিতি আশ্ৰম (এছ আৰ এম এ)। ৮৭ বছৰ পূৰ্বে স্বামী বিবেকানন্দৰ শিষ্য স্বামী অশোকানন্দই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল। 
 
নাগডাণ্ডী আশ্ৰমত থকা স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি
 
আচাবালৰ ওচৰৰ পাইন বনাঞ্চলত অৱস্থিত শ্ৰী ৰামকৃষ্ণ মহাসন্মিলন সমিতি আশ্ৰম ১৯৩৭ চনত সনাতন ধৰ্মৰ পথত কাম কৰা আৰু মানৱ সেৱা কৰাৰ উদ্দেশ্যেৰে স্থাপন কৰা হৈছিল। কাশ্মীৰত ধৰ্মৰ নামত হিংসা আৰু অৰাজকতা বৃদ্ধি কৰিবলৈ পাকিস্তানে স্থানীয় লোক আৰু ভাড়াতীয়া সন্ত্ৰাসবাদীৰ সহায়ত ধাৰাবাহিক আক্ৰমণেৰে অঞ্চলটো অস্থিৰ কৰি তোলাৰ সময়তো আশ্ৰমখনে নিৰন্তৰভাৱে নিজৰ কাম কৰি গৈছিল। আশ্ৰমৰ প্ৰশাসনিক সমিতিৰ অধ্যক্ষ ব্রিজ লাল ভাটে আৱাজ-দ্য ভইচ'ক জনোৱা মতে, আন্তঃগাঁথনি উন্নয়নৰ অংশ হিচাপে আশ্ৰমখনে এখন আপেলৰ বাগিচা গঢ়ি তুলিছে। আশ্ৰমৰ ৰাজহ বৃদ্ধিৰ বাবে বাগিচাৰ ফলসমূহ বিক্ৰী কৰা হয়।
 
আপেলৰ বাগিচাত ব্যৱহৃত কৌশল শিকিবলৈ আৰু বুজিবলৈ স্থানীয় কৃষকসকলে মুক্তভাৱে আশ্ৰমলৈ যায়। জম্মু-কাশ্মীৰ চৰকাৰৰ উদ্যান শস্য বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা অনন্তনাগ চহৰৰ কাশ্মীৰী পণ্ডিত ভাটে কয় যে, তেওঁলোকে স্থানীয় কৃষকসকলক আধুনিক কৌশল ব্যৱহাৰ কৰি তেওঁলোকৰ অনুৎপাদনশীল আৰু ঊৰ্বৰ মাটি ফলমূলৰ খেতিৰ বাবে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে আৰু এই ক্ষেত্ৰত সহায় আগবঢ়ায়।
 
আশ্ৰমখনে আশ্ৰমৰ ভিতৰত আখৰটৰ জাতো বিকশিত কৰিছে। এই খেতিয়ে দ্বিতীয় বছৰত ফল দিবলৈ আৰম্ভ কৰিছে। অন্যথা এজোপা আখৰট গছত ফল দিবলৈ প্ৰায় ৮-৯ বছৰ সময় লাগে। স্বামী বিবেকানন্দই ১৮৯৮ চনৰ ২৭ জুলাইত ওচৰৰ আচাবালৰ মোগল উদ্যান পৰিদৰ্শন কৰিছিল। তেওঁ এই স্থানতে ধ্যানো কৰিছিল। আশ্ৰমৰ আৰু দুটা ইউনিট আছে। ইয়াৰে এটা গণ্ডাৰবলৰ চুনাৰত আৰু আনটো আছে আচাবালৰ ট্ৰাহপুত।
 
নাগডাণ্ডী আশ্ৰমৰ চৌহদ
 
ভাটে স্পষ্টভাৱে কয় যে, বিদ্ৰোহে জম্মু আৰু কাশ্মীৰক অস্থিৰ কৰা বছৰসমূহতো আশ্ৰমখনে অৱশ্যে কেতিয়াও কোনো সমস্যা বা অশান্তিৰ সন্মুখীন হোৱা নাছিল। “আমাৰ উদ্দেশ্য হৈছে সনাতন ধৰ্ম শিকোৱা, প্ৰচাৰ কৰা, মানৱতাক সহায় কৰা, আত্মনিয়ন্ত্ৰণ, স্বচ্ছতা আৰু জীৱন-যাপনৰ সকলো ইতিবাচক গুণ বিকাশ কৰা। আমাৰ লক্ষ্য হৈছে মানুহ আৰু দেশ নিৰ্মাণ কৰা তথা আৰ্তজনক সহায় কৰা”-ভাটে এইদৰে কয়। 
 
ইয়াৰ উপৰিও ১৯৮৯-৯০ চনত হিংসা আৰু হত্যাৰে কাশ্মীৰ পণ্ডিকসকলক লক্ষ্য কৰি লোৱাৰ সময়ত সম্প্ৰদায়টোৰ হাজাৰ হাজাৰ লোক পলায়ন কৰাৰ পিছত কাশ্মীৰত বাস কৰি থকা কাশ্মীৰী হিন্দুসকলৰ ক্ষুদ্ৰ সম্প্ৰদায়টোক এই আশ্ৰমে যথেষ্ট সহায় আগবঢ়াইছিল। গণ্ডাৰবল জিলাৰ তুলমুল্লাত বাৰ্ষিক মাতা খীৰ ভৱানী উৎসৱত আশ্ৰমখনে লেংগাৰ (সমূহীয়া পাকঘৰ) স্থাপন কৰে। ভাটে পুনৰ কয় যে, শ্ৰী ৰামকৃষ্ণ মহাসন্মিলন সমিতি আশ্ৰমে স্থানচ্যুত কাশ্মীৰী হিন্দুসকলক তেওঁলোকৰ গৃহভূমিৰ সৈতে সংযোগ কৰাৰ বাবে বহু কাৰ্যসূচী অনুষ্ঠিত কৰি আছে।
 
বিভিন্ন ধৰ্মীয় স্থানলৈ তীৰ্থযাত্ৰাৰ সময়ত আশ্ৰমখনে তেওঁলোকক বাসস্থান আৰু বৰ্ডিঙৰ সুবিধা প্ৰদান কৰে। তেওঁ কয় যে, ১৯৯৭ চনতেই মাতা খীৰ ভৱানী মন্দিৰত বাৰ্ষিক উৎসৱৰ সময়ত আশ্ৰমে তীৰ্থযাত্ৰীসকলৰ বাবে প্ৰথমটো বিনামূলীয়া লেংগাৰ স্থাপন কৰিছিল। সেই বছৰ তেওঁলোকে ৪০০-৫০০ তীৰ্থযাত্ৰীক সেৱা আগবঢ়াইছিল।
 
নাগডাণ্ডী আশ্ৰমৰ প্ৰৱেশদ্বাৰ
 
এইবাৰ জুন মাহত অনুষ্ঠিত হোৱা উৎসৱৰ সময়ত আশ্ৰমখনে ৩৫ হাজাৰ তীৰ্থযাত্ৰীক সেৱা আগবঢ়াইছিল। “কাশ্মীৰী হিন্দুসকলে দিয়া অনুদানৰ জৰিয়তে আশ্ৰমখনে ভক্তসকলক আশ্ৰয়ৰ সুবিধা দিয়ে। আমি সুবিধাসমূহ সৃষ্টি কৰিব বিচাৰিছিলো যাতে তেওঁলোকে অসুবিধা অনুভৱ নকৰে”, ভাটে কয়।
 
৩৫ বছৰ পূৰ্বে কেপি সম্প্ৰদায়ৰ গণ পলায়নক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি ভাটে কয় যে, তেওঁলোকৰ বেছিভাগেই কাশ্মীৰলৈ উভতিবলৈ আগ্ৰহী। ১৯৮৯-৯০ চনত উপত্যকাটোত সন্ত্ৰাসবাদীৰ বিস্ফোৰণৰ লগে লগে প্ৰব্ৰজন কৰা স্থানীয় মুছলমান আৰু প্ৰব্ৰজিত কাশ্মীৰী পণ্ডিতসকলৰ মাজৰ সম্পৰ্কৰ বান্ধোন আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। "কাশ্মীৰৰ সকলো সম্প্ৰদায়ে হিন্দু-মুছলমান-শিখ ইত্তেহাদৰ শ্লোগানৰ আঁৰৰ মনোভাৱ লৈ পুৰণি পৰম্পৰাগত সুসম সম্পৰ্কলৈ ঘূৰি আহিব বিচাৰে ”, ভাটে মন্তব্য কৰে। 
 
তেওঁ আৱাজ-দ্য ভইচক জনোৱা মতে, আশ্ৰমখনে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে একতা-সংহতিৰ প্ৰসাৰৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। ইয়াৰ উপৰিও কাশ্মীৰী উৎসৱ যেনে কাশ্মীৰী পণ্ডিত কেলেণ্ডাৰৰ নতুন বছৰ নভৰেহ, সোন্থ, বসন্ত উৎসৱ, আৰু অন্যান্য ধৰ্মীয় উৎসৱ যেনে ৰাম নৱমী, দুৰ্গা অষ্টমী, জেঠ অষ্টমী আৰু নাগ পঞ্চমী ইত্যাদি উদযাপন কৰা হয়।
 
আশ্ৰমখনে প্ৰতি বছৰে বাৰ্ষিক যোগ দিৱসৰো আয়োজন কৰে। এইবাৰ দক্ষিণ কাশ্মীৰৰ দহখন ভিন্ন বিদ্যালয়ৰ পৰা নিৰ্বাচিত ২৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে। আশ্ৰমত কমেও ১৫খন ৰাজ্যৰ অংশগ্ৰহণকাৰ উপস্থিতিত দহদিনীয়া যোগ শিক্ষা প্ৰদৰ্শনী অনুষ্ঠিত হয়। ভাটে কয় যে, প্ৰথম অৱস্থাত দৰ্শনাৰ্থীসকল আশংকাত ভুগিছিল যদিও আশ্ৰমত থাকি কাশ্মীৰীৰ আতিথ্য অনুভৱ কৰাৰ পিছত তেওঁলোকে উপভোগ কৰিছিল।
 
নাগডাণ্ডী আশ্ৰমত যুৱ কেন্দ্ৰ
 
“তেওঁলোকে কাশ্মীৰৰ দূত হিচাপে উভতি যায় আৰু উপত্যকাটোৰ পৰিস্থিতিৰ বিষয়ে ধাৰণা সলনি কৰাত সহায় কৰে”, ভাটে কয়। এনে কাৰ্যসূচীৰ জৰিয়তে কাশ্মীৰৰ পৰা ব্যৱসায়ী আৰু অন্যান্য দৰ্শনাৰ্থীসকলে গৌৰৱবোধেৰে ভাৰতৰ অন্যান্য প্ৰান্তলৈ যায় বুলিও তেওঁ কয়।
 
কেৰেলাৰ বিবেকানন্দ ৰক মেম'ৰিয়েল আৰু বিবেকানন্দ কেন্দ্ৰৰ শ্ৰী ৰামকৃষ্ণ মহাসন্মিলন সমিতি আশ্ৰমখনে কাশ্মীৰ উপত্যকাৰ বিভিন্ন অঞ্চলত পিএমৰ নিয়োগ পেকেজ (PM’s employment package)ৰ অধীনত কাম কৰা যুৱক-যুৱতীসকলৰ বাবে পাঁচদিনীয়া spiritual retreats আৰু ব্যক্তিত্ব বিকাশৰ পাঠ্যক্ৰমো অনুষ্ঠিত কৰে। ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠানত জনসাধাৰণৰ সেৱা আগবঢ়োৱাসকলৰ বাবে বিবেকানন্দ আশ্ৰমসমূহত প্ৰশিক্ষণ কাৰ্যসূচীও অনুষ্ঠিত কৰে।
 
অমৰনাথ গুহা, মাৰ্টাণ্ড মন্দিৰ, শ্বেখ জয়নুদ্দিন ৱালিৰ মন্দিৰ, আৰু পহলগাম, আচাবাল, কোকেৰনাগ, ভেৰিনাগ, ডাকছুম, আৰু সিন্থন টপৰ দৰে পৰ্যটনস্থলীৰ ওচৰত থকাৰ বাবে আশ্ৰমখন পৰ্যটক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহি


শেহতীয়া খবৰ