বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাৰ ভৰণ-পোষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাব AIMPLB-এ

Story by  atv | Posted by  Munni Begum • 3 Months ago
উচ্চতম ন্যায়ালয় আৰু মুছলমান মহিলা
উচ্চতম ন্যায়ালয় আৰু মুছলমান মহিলা
 
লক্ষ্ণৌ
 
ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ড (এআইএমপিএলবি) য়ে মুছলমান বিবাহ বিচ্ছেদ হোৱা মহিলাক তেওঁৰ স্বামীয়ে ‘ইদ্দাত’ৰ (বিবাহ বিচ্ছেদৰ ম্যাদ অৰ্থাৎ ৩ মাহ ১০ দিন) সময়সীমা ওকলি যোৱাৰ পিছত ভৰণ-পোষণৰ দায়িত্ব গ্ৰহণ কৰাটো বাধ্যতামূলক বুলি দিয়া উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়ক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা কৰিছে। এই কথা ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ডৰ এগৰাকী সদস্যই জানিবলৈ দিয়ে।     
 
উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ডৰ আইনী সমিতিয়ে সকলো আইনী পথ অন্বেষণ কৰিবলৈ নিখুঁতভাৱে অধ্যয়ন কৰি আছে। কিয়নো উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে মুছলমান সম্প্ৰদায়ৰ ভিতৰত আৰু বিভিন্ন ব্যক্তিগত আইন ব’ৰ্ডৰ মাজত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।  
 
ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ডৰ সদস্য মৌলানা খালিদ ৰছিদ ফৰংগী মহলী
 
ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ডে আদালতৰ এই সিদ্ধান্তৰ সৈতে একমত নহয়। কিয়নো তেওঁলোকে বিশ্বাস কৰে যে, এই আদেশ  ইছলামিক শ্বৰীয়ত আইন বিৰোধী। ইছলামিক শ্বৰীয়ত আইন অনুসৰি, এগৰাকী স্বামীয়ে বিবাহ বিচ্ছেদৰ পিছত কেৱল 'ইদ্দাত'ৰ সময়ছোৱাৰ (৩ মাহ ১০ দিনৰ সময়সীমা) বাবে তেওঁৰ প্ৰাক্তন পত্নীক ভৰণ-পোষণ দিব লাগিব, ইয়াৰ পিছত অতিৰিক্ত দায়িত্ব নাথাকে।  
 
'ইদ্দাত'ৰ সময়ছোৱাৰ পিছত এগৰাকী মহিলাই পুনৰ বিবাহ বা স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ স্বাধীন বুলি গণ্য কৰা হয়। সেয়েহে এই সময়ছোৱা ওকলি যোৱাৰ পিছত তেওঁৰ ভৰণ-পোষণৰ বাবে পূৰ্বৰ স্বামী দায়বদ্ধ নহয়। ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ডৰ সদস্য মৌলানা খালিদ ৰছিদ ফৰংগী মহলীয়ে এই আদেশৰ লিংগ সমতাৰ ওপৰত কি প্ৰভাৱ পৰিব সেই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। 
 
তেওঁ কয়, "আমাৰ আইনী দলে আদালতৰ আদেশ ভালদৰে পৰ্যালোচনা কৰিব। আমি বিশ্বাস কৰোঁ যে সংবিধানে নাগৰিকসকলক তেওঁলোকৰ ধৰ্মীয় ৰীতি-নীতি অনুসৰি জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে, আৰু মুছলমানসকলৰ দৰে ব্যক্তিগত আইন থকা সম্প্ৰদায়ৰ বাবে এই আইনসমূহে তেওঁলোকৰ দৈনন্দিন জীৱনক পথ প্ৰদৰ্শন কৰি আহিছে, যাৰ ভিতৰত অন্তৰ্ভূক্ত হৈ আছে বিবাহ আৰু বিবাহ বিচ্ছেদৰ দৰে গুৰুত্বপূৰ্ণ বিষয়।" 
 
তেওঁ মুছলমান ব্যক্তিগত আইনৰ নীতিসমূহৰ ওপৰত আৰু বিশদভাৱে ব্যাখ্যা কৰি কয় যে, বিবাহ হৈছে জীৱনজোৰা প্ৰতিশ্ৰুতি, কিন্তু যদি কোনো দম্পতীৰ মাজত মতানৈক্যৰ সৃষ্টি হয়, তেন্তে তেওঁলোকৰ বিবাহ বিচ্ছেদ কৰাৰ ব্যৱস্থা আছে।
 
এখন মুছলিম সম্প্ৰদায়ৰ বিবাহ
 
তেওঁ 'ইদ্দাত' সময়ছোৱাৰ পিছত ভৰণ-পোষণৰ বাধ্যবাধকতা বৃদ্ধি কৰাৰ যুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁ যুক্তি দিয়ে যে, "যেতিয়া পত্নী আৰু স্বামীৰ মাজত কোনো সম্পৰ্কই নাথাকে, তেনেহলে স্বামীয়ে তেওঁৰ পত্নীক কিয় ধন দিব লাগে তথা কিয় ভৰণ-পোষণৰ দায়িত্ব লব লাগে? যিগৰাকী পুৰুষৰ সৈতে তেওঁৰ বৈবাহিক সম্পৰ্কয়ে নাথাকে, তেনেস্থলত পুৰুষজনে কিহৰ ভিত্তিত তেওঁক ভৰণ-পোষণ আদায় দিয়াৰ বাবে দায়বদ্ধ হ'ব?"   
 
ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব'ৰ্ডে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিবলৈ আৰু তেওঁলোকৰ পৰৱৰ্তী আইনী পদক্ষেপবোৰ জানিবলৈ দেওবাৰে এক বৈঠকত মিলিত হ'ব।  
 
ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব'ৰ্ডৰ মুখপাত্ৰ চৈয়দ কাছিম ৰছুল ইলিয়াছে ব’ৰ্ডৰ স্থিতিৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি কয় যে, উচ্চতম ন্যায়ালয়ৰ এই আদেশক শ্বৰীয়ত আইন আৰু ধৰ্ম পালনৰ স্বাধীনতা নিশ্চিত কৰা শ্বৰীয়ত আবেদন আইন আৰু ২৫ নং অনুচ্ছেদে প্ৰদান কৰা সাংবিধানিক সুৰক্ষাৰ উলংঘা কৰা বুলি গণ্য কৰা হৈছে।  
 
ইলিয়াছে কয় যে, "আমি সকলো আইনী আৰু সাংবিধানিক প্ৰতিকাৰৰ সন্ধান কৰি আছো। আমাৰ আইনী সমিতিৰ তথ্যই আমাৰ পৰৱৰ্তী পদক্ষেপসমূহক পথ প্ৰদৰ্শন কৰিব, য’ত পৰ্যালোচনা আবেদন দাখিল কৰাটোও অন্তৰ্ভুক্ত হ’ব পাৰে।"  
 
পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰা এগৰাকী গৃহিণী
 
ইয়াৰ বিপৰীতে সৰ্বভাৰতীয় ছিয়া ব্যক্তিগত আইন ব’ৰ্ডে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক সমৰ্থন প্ৰকাশ কৰিছে। সৰ্বভাৰতীয় ছিয়া ব্যক্তিগত আইন ব’ৰ্ড (এআইএছপিএলবি)ৰ সাধাৰণ সম্পাদক মৌলানা ইয়াছুব আব্বাছে এই ৰায়দানৰ প্ৰশংসা কৰি ইয়াক মহিলাৰ কল্যাণক অগ্ৰাধিকাৰ দিয়া মানৱীয় ইংগিত হিচাপে গণ্য কৰিছে। 
 
আব্বাছে কয় যে মানৱীয় ভিত্তিত আদালতৰ এই নিৰ্দেশ মহিলাৰ বাবে অতি উপকাৰী হব। সকলো কথা ধৰ্মীয় দৃষ্টিভংগীৰে চোৱা উচিত নহয়। আদালতৰ নিৰ্দেশৰ পিছত যদি কোনো মহিলাই ভৰণ-পোষণ লাভ কৰে, তেন্তে সেয়া তেওঁৰ বাবে এক ইতিবাচক পদক্ষেপ হব। এই বিতৰ্কত ধৰ্মক অনাসকলে এই কথাটো স্বীকাৰ কৰা উচিত যে, এগৰাকী মহিলাই বিবাহত আৱদ্ধ হৈ থকা সময়ত স্বামী, পৰিয়াল আৰু তেওঁলোকৰ সন্তানক তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ দিনবোৰ দিয়ে।"  
 
সৰ্বভাৰতীয় মুছলিম মহিলা ব্যক্তিগত আইন ব’ৰ্ডৰ সভানেত্ৰী শ্বায়িষ্টা অম্বৰে কয়, "এই আদেশে ধৰ্মীয় মতবাদ আৰু মানৱীয় বিবেচনাৰ মাজৰ ভাৰসাম্যতাক উজ্জ্বল কৰি তুলিছে, সমসাময়িক সমাজত ব্যক্তিগত আইনৰ ব্যাখ্যা আৰু প্ৰয়োগ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। মই মহিলাৰ অধিকাৰৰ বাবে যুঁজি আহিছো। মই ভাবো মহিলাসকলে গোটেই জীৱন ভৰণ-পোষণ লাভ কৰাৰ যোগ্য। কোনে ব্যক্তিয়ে ৩ মাহ ১০ দিনৰ সময়সীমা ওকলি যোৱাৰ পিছত ইয়াক আওকাণ কৰিব নোৱাৰে।"   
 
জমিয়ত উলেমা-ই-হিন্দৰ ৰাজ্যিক উপ-সভাপতি মৌলানা নাজাৰে কয়, "সংবিধানে ধৰ্মীয় স্বাধীনতা প্ৰদান কৰিছে, আৰু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই সংবিধানৰ এই বিধানৰ সৈতে সংঘাতত লিপ্ত হৈছে। আদালতে মুছলিমৰ বিধানসমূহ চোৱা উচিত। এনে পৰিস্থিতিত আদালতে নিজৰ আদেশ পুনৰীক্ষণ কৰিব লাগে।"