চিষ্টীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰীৰ এই মহানুভৱতা বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা। ‘চাদৰ প্ৰেৰণ কৰা কামটোৱেই হৈছে ধৰ্মীয় আৰু সাম্প্ৰদায়িক ৰেখাৰে ভাৰতক বিভাজিত কৰিব বিচৰাসকলৰ মুখত এক প্ৰচণ্ড চৰ। ধৰ্মীয় ঘৃণা সৃষ্টি কৰিবলৈ চেষ্টা কৰাসকলৰ বাবেও ই এক উপযুক্ত উত্তৰ। প্ৰধানমন্ত্ৰীৰ হৈ ব্যক্তিগতভাৱে এজন মন্ত্ৰীয়ে চাদৰ অনাটো সবকা সাথ, সবকা বিশ্বাস, সবকা সন্মানৰ এক উজ্জ্বল নিদৰ্শন।”Press Conference: बैरिस्टर @asadowaisi ने मीडिया से बातचीत के दौरान कहा कि "एक तरफ @narendramodi अजमेर शरीफ दरगाह को चादर भेज रहे हैं दूसरी तरफ उनके चाहने वाले लोग अजमेर शरीफ दरगाह के खिलाफ कोर्ट को जाते हैं। इसके अलावा असदुद्दीन ओवैसी ने देश के कई अन्य मुद्दों पर क्या कहा? देखें… pic.twitter.com/8iYaTQre6X
— AIMIM (@aimim_national) January 4, 2025
উল্লেখ্য যে, এদিন পূৰ্বে আজমেৰ দৰগাহ শ্বৰীফ দৰগাহত প্ৰধানমন্ত্ৰী মোদীৰ হৈ আনুষ্ঠানিক ‘চাদৰ’ আগবঢ়ায় কেন্দ্ৰীয় সংখ্যালঘু আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। "এই চাদৰে প্ৰধানমন্ত্ৰী মোদীৰ শান্তি, সম্প্ৰীতি, আৰু ঐক্যৰ বাৰ্তাক প্ৰতিনিধিত্ব কৰে। দৰগাহ হৈছে সকলো ধৰ্মৰ লোক একত্ৰিত হোৱা ঠাই, যিয়ে এক ঐক্যবদ্ধ ভাৰতৰ ধাৰণাক শক্তিশালী কৰে। আজি মোৰ ইয়ালৈ অহাৰ সৌভাগ্য হৈছে। আমি প্ৰধানমন্ত্ৰী মোদীৰ হৈ চাদৰ আনিছো। ভাতৃত্ববোধৰ লক্ষ্যৰে আমি সকলোৱে আমাৰ সমাজ, দেশ, বিশ্ব শান্তিৰ বাবে কাম কৰিম। আমি ইয়াত আশীৰ্বাদ বিচাৰিছিলো", মন্ত্ৰীগৰাকীয়ে কয়।VIDEO | Union Minority Affairs Minister Kiren Rijiju (@KirenRijiju) reads out Prime Minister Narendra Modi's message at Ajmer Sharif Dargah during 813th Urs celebrations in Ajmer, Rajasthan.
— Press Trust of India (@PTI_News) January 4, 2025
(Full video available on PTI Videos - https://t.co/n147TvrpG7) pic.twitter.com/mgj0bf2VhB