প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত আজমেৰ শ্বৰীফ দৰগাহত ৪০০০ কেজিৰ নিৰামিষ লংগৰ প্ৰস্তুত কৰা হ’ব

Story by  atv | Posted by  [email protected] • 5 d ago
প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত আজমেৰ শ্বৰীফ দৰগাহত ৪০০০ কেজিৰ নিৰামিষ লংগৰ প্ৰস্তুত কৰা হ’ব
প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত আজমেৰ শ্বৰীফ দৰগাহত ৪০০০ কেজিৰ নিৰামিষ লংগৰ প্ৰস্তুত কৰা হ’ব
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন উপলক্ষে আজমেৰ শ্বৰীফ দৰগাহে ৪০০০ কেজি ওজনৰ নিৰামিষ লংগৰ প্ৰস্তুত কৰি মানুহৰ মাজত বিতৰণ কৰিব।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন আৰু সেৱা পখৱাড়াৰ সৈতে সংগতি ৰাখি আজমেৰ দৰগাহ শ্বৰীফত ঐতিহাসিক আৰু বিশ্ববিখ্যাত "বিগ শ্বাহী ডেগ" (Big Shahi Deg) ব্যৱহাৰ কৰি ৪০০০ কেজিৰ নিৰামিষ লংগৰ প্ৰস্তুত আৰু বিতৰণ কৰা হ'ব বুলি দৰগাহ কৰ্তৃপক্ষৰ এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে। Big Shahi Degৰ পৰম্পৰা প্ৰায় ৫৫০ বছৰতকৈও অধিক সময় ধৰি চলি আহিছে। 
 
দৰগাহ আজমেৰ শ্বৰীফৰ গাদ্দী নাছিন ছৈয়দ আফছান চিষ্টিয়ে কয় যে ৰাইজক নিৰামিষ খাদ্য বিতৰণ কৰা হ’ব। "প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে দেশৰ ধৰ্মীয় স্থানত সেৱা কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। এই উপলক্ষে আমি ৪০০০ কেজিৰ নিৰামিষ খাদ্য প্ৰস্তুত কৰিম, য’ত চাউল আৰু বিশুদ্ধ ঘিউ, শুকান ফল-মূল আদি থাকিব আৰু ইয়াৰ সমান্তৰালকৈ আমি আমাৰ চৌপাশৰ গুৰু আৰু দৰিদ্ৰ লোকসকলকো লাংগাৰ পৰিৱেশন কৰিম।"-তেওঁ কয়।
ছৈয়দ আফছান চিষ্টীয়ে কয় যে, "আমি প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত তেওঁৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰিম। লংগৰৰ ব্যৱস্থাটো ইণ্ডিয়ান মাইনোৰিটিজ ফাউণ্ডেচন আৰু আজমেৰ শ্বৰীফৰ চিষ্টি ফাউণ্ডেচনে আয়োজন কৰিছে। "ডেগ" জ্বলোৱাৰ পৰা খাদ্য বিতৰণলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো পৰম শ্ৰদ্ধা আৰু যত্নৰে কৰা হয়।"
 
উল্লেখ্য যে, নিশা ১০:৩০ বজাত হজৰত খোৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহৰ ভিতৰত "বিগ শ্বাহী ডেগ" জ্বলোৱাৰ জৰিয়তে অনুষ্ঠান আৰম্ভ হ'ব। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীৰ্ঘায়ু আৰু দেশৰ শান্তি, ঐক্য, সমৃদ্ধি আৰু মংগলৰ বাবে বিশেষ দোৱা সম্পন্ন কৰা হ’ব। 
 
ডেগ হৈছে বিশ্বৰ অন্যতম বৃহৎ ৰন্ধন বাচন, য'ত ৪০০০ কেজি খাদ্য ৰান্ধিব পৰা যায়। ইয়াত ৰন্ধা লংগৰ যুগ যুগ ধৰি ভক্তক পৰিবেশন কৰি অহা হৈছে। গোটেই নিশা চলি থকা ৰন্ধন প্ৰক্ৰিয়াৰ সময়ত ভক্ত আৰু স্বেচ্ছাসেৱকসকলে গোট খাই নামাজ পঢ়ি "কোৰানৰ আয়াত", "নাত" আৰু "মানকবাট", "কাৱালী" পাঠ কৰিব।
 
উপস্থিত থকা সকলো লোক আৰু আশে-পাশে থকা ৰাইজে যাতে সঠিকভাৱে খাদ্য লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ লংগৰ বিতৰণ প্ৰক্ৰিয়া পুৱাৰ পৰাই আৰম্ভ হ'ব।  প্ৰকাশিত বাতৰি অনুসৰি, স্বেচ্ছাসেৱকসকলে সংগঠিতভাৱে খাদ্য বিতৰণত সহায় কৰিব। দৰগাহৰ বিষয়াসকলে কয় যে, এই অনুষ্ঠানত কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন কৰাই নহয়, হজৰত খাৱাজা মইনুদ্দিন চিষ্টিৰ শিক্ষাৰ কেন্দ্ৰীয় বিষয় সেৱা আৰু সামূহিক কল্যাণৰ মনোভাৱো প্ৰতিফলিত হৈছে।