অভিষেক কুমাৰ সিং /পাটনা/বাৰানসী
বিন্দুছাৰ বুজুৰ্গ গাঁৱৰ বাসিন্দা হাবিবুল্লাই কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁৰ এই পদক্ষেপে অজস্ৰজনৰ ভাগ্য সলনি কৰিব। ১৯৭৯ চনত হাবিবুল্লাহ স্কুলত পঢ়ি আছিল, তেতিয়া তেওঁ বিদেশত ভাল কামৰ সুযোগৰ বিষয়ে জানিব পাৰিছিল আৰু ড্ৰাইভাৰ হিচাপে কাম কৰিবলৈ কাটাৰলৈ ৰাওনা হৈছিল।
তেতিয়া হাবিবুল্লাহ আছিল ছিৱান জিলাৰ পৰা আৰৱ দেশলৈ যোৱা প্ৰথমজন ব্যক্তি। তাত এবাৰ বসতি স্থাপনৰ পিছত হাবিবুল্লাই নিজৰ চাৰিজন ভাতৃক কাটাৰলৈ লৈ যায়। আজি চাৰি দশকৰ পাছত তেওঁ ডুবাইৰ এটা সৰু কাঁচ নিৰ্মাণ উদ্যোগৰ মালিক আৰু ভাতৃদ্বয়ৰ সৈতে তেওঁ সফলতাৰে নিজৰ ব্যৱসায় চলাই আছে। তেওঁৰ পুত্ৰ শ্বাহিদে নয়ডাৰ এমিটি (AMITY) ইউনিভাৰ্চিটিৰ পৰা মেনেজমেণ্ট ডিগ্ৰী লাভ কৰিছে।
হাবিবুল্লাহৰ সফলতাই তেওঁৰ জন্মগাঁও আৰু চুবুৰীয়া গাঁৱৰ যুৱ প্ৰজন্মক আকৰ্ষিত কৰে আৰু চকিয়া, চান্দপল্লী, আৰু ভাদা অঞ্চলৰ যুৱকসকলে বিদেশলৈ গৈ কৰ্মসংস্থাপনৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া এই অঞ্চলসমূহত আৰব দেশৰ উত্থান দেখা যায় কাৰণ প্ৰায় প্ৰতিটো পৰিয়ালতে আৰব দেশসমূহত ঘনিষ্ঠ আত্মীয়ৰ এজন সদস্যই কাম কৰে। প্ৰবাসীসকলে নিজৰ সন্তানক উচ্চ শিক্ষা প্ৰদানৰ বাবেও ধন ব্যৱহাৰ কৰিবলৈ আগ্ৰহী।
কৰ্মসংস্থাপন এজেন্সীত নিজৰ সঁজুলি প্ৰদৰ্শন কৰা একাংশ শ্ৰমিক
ছিৱানৰ কাষৰীয়া গোপালগঞ্জ জিলাৰ ইন্দাৰৱা আব্দুল্লা গাঁৱত সৰু আৰু কেচা ঘৰৰ শাৰীবোৰৰ মাজত ওখকৈ থিয় হৈ আছে এটা ডাঙৰ চাৰি মহলীয়া ঘৰ। ঘৰটো ভীম সিং (৪০) আৰু তেওঁৰ কনিষ্ঠ ভাতৃ আশুৰ। ভীম সিং আৰু আশু সিং মাটিৰ ঘৰত ডাঙৰ হৈছিল। তেওঁলোকৰ জীৱন সংগ্ৰামৰ কথা গাঁৱৰ মানুহৰ এতিয়াও ভালকৈ মনত আছে।
ইংৰাজী কাকত বিজনেছ টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গাঁওখনত আশু আৰু ভীম সিঙৰ পিতৃৰ এখন গেলামালৰ দোকান আছিল। ইয়াৰ জৰিয়তে তেওঁলোকে মাহে ৪ হাজাৰ টকা উপাৰ্জন কৰিছিল। এই উপাৰ্জন এটা বৃহৎ পৰিয়াল পোহপাল দিবলৈ যথেষ্ট নাছিল। কিন্তু ২০০৬ চনত ভীম সিঙে বহিঃৰাজ্যত চাকৰি পায়। পাঁচগৰাকী ভগ্নী থকা সিঙে কয় যে ইয়াত কোনো উপাৰ্জনৰ পথ নথকাৰ বাবে তেওঁ বিদেশলৈ গৈছে।
ভীম সিঙে কাটাৰৰ ডোহাত কনচলিডেটেড কন্ট্ৰেক্টিং ইণ্টাৰনেশ্যনেল কোম্পানীত পাইপ ফিটাৰ হিচাপে চাকৰি পাইছিল। ট্ৰেভেল এজেণ্ট, ভিছা ইত্যাদিৰ প্ৰায় ৬২ হাজাৰ টকাৰ খৰচ পূৰণ কৰিবলৈ বন্ধু-বান্ধৱী আৰু এজন স্থানীয় ধনদাতাৰ পৰা তেওঁ ধন ধাৰে লৈছিল। ভীম সিঙে কয়, "মই দুমাহৰ ভিতৰত ঋণৰ পৰিমাণ ক্লিয়াৰ কৰো। মোৰ প্ৰাৰম্ভিক দৰমহা আছিল ৩৫ হাজাৰ টকা। উপাৰ্জনৰ পৰিপূৰক হিচাপে মই এটা স্নেক কাউণ্টাৰ খুলিছিলো আৰু ইয়াৰ পৰা আজৰি সময়ত ১০ হাজাৰ টকা উপাৰ্জন কৰিছিলো।"
মহম্মদ হবিবুল্লাহৰ আট্টালিকা
ভীম সিঙৰ কোম্পানীয়ে থকা-খোৱাৰ বাবে ধন দিছিল। সেয়েহে তেওঁ নিজৰ সকলো উপাৰ্জন জমা কৰি ৰাখিব পাৰিছিল, আৰু এটা অংশ গাঁওৰ ঘৰলৈ পঠিয়াইছিল। পিছলৈ ২০০৯ চনত তেওঁৰ ভাতৃ আশুৱেও গাঁও এৰি ছৌদি আৰৱলৈ যায় আৰু ৩২ হাজাৰ টকাৰ দৰমহাত ৰাষ্ট্ৰীয় নিৰ্মাণ কোম্পানী এটাত কাম কৰিবলৈ আৰম্ভ কৰে। আজি এই পৰিয়ালটোৰ সকলো ভাই-ভনী বিবাহপাশত আৱদ্ধ হৈছে। তেওঁলোকৰ এগৰাকী ডাঙৰ ভনীয়েকে কয়, "আমি প্ৰতিগৰাকী ভগ্নীৰ বিয়াত কমেও ৫ লাখ টকা খৰচ কৰিছিলো। বিদেশত উপাৰ্জন কৰা ধনেৰে এইটো সম্ভৱ হৈছে।"
বিদেশৰ পৰা উপাৰ্জিত ধনেৰে ভীম সিঙে অকল যে নিজৰ গাঁৱত নতুন ঘৰ সাজিছে তেনে নহয়। আজি এই গাঁৱৰ প্ৰতিটো পথে তেওঁ ধুনীয়াকৈ নিৰ্মাণ কৰা দেখা গৈছে। এই পৰিৱৰ্তনসমূহ মুছলমানসকলৰ মাজত স্পষ্টকৈ দেখা গৈছে, যিসকলে বিদেশত উপাৰ্জন কৰা ধন নিজৰ সন্তানক পঢ়া-শুনা কৰিবলৈও ব্যৱহাৰ কৰিছে। বিদেশত কৰ্মৰত লোকসকলে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু চহৰলৈ পেছাদাৰী পাঠ্যক্ৰমৰ বাবে পঠিয়াইছে।
একেদৰে, আখোপুৰ গাঁৱৰ মহম্মদ ইলিয়াছে ১৯৮৯ চনত ডোহালৈ ড্ৰাইভাৰ হিচাপে গৈছিল। আজি তেওঁৰ পুত্ৰই ব্যক্তিগত বিশ্ববিদ্যালয়ৰ পৰা মেনেজমেণ্ট ডিগ্ৰী লাভ কৰিছে। যদিও ছোৱালীৰ মাজত শিক্ষা ইমান জনপ্ৰিয় নহয়, তথাপি গাঁৱৰ মানুহে আশা কৰিছে যে এই ধাৰাও ক্ৰমান্বয়ে সলনি হ’ব। ছিৱানৰ মিৰগঞ্জৰ এজন সম্প্ৰদায়ৰ নেতা তথা ব্যৱসায়ী মহম্মদ আলী ইমাম ৰেইনে কয়, "আমি মহিলাসকলক শিক্ষিত কৰিব বিচাৰো। সৰ্বাংগীন উন্নয়নৰ লগে লগে মানসিকতাও সলনি হ'ব।"
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গোপালগঞ্জ আৰু চুবুৰীয়া অঞ্চল ছিৱানৰ স্থানীয় অৰ্থনীতিৰ আনুমানিক ৮০ শতাংশই বিদেশৰ পৰা অহা ধনৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ পশ্চিম এছিয়ালৈ যোৱা প্ৰৱাসী ভাৰতীয়সকলৰ বাবে বিহাৰ নতুন হটস্পট হিচাপে আত্মপ্ৰকাশ কৰিছে।
“প্ৰতিটো পৰিয়ালৰ অতি কমেও দুজন লোক আৰব দেশসমূহত কাম কৰি আছে। ইয়াৰে বেছিভাগেই ৰাজমিস্ত্ৰী, হেল্পাৰ, কাঠমিস্ত্ৰী, ফিটাৰ, ড্ৰাইভাৰ হিচাপে কাম কৰে।’-বিন্দুছৰৰ অভিযান্ত্ৰিক কলেজৰ ছাত্ৰ মহম্মদ ছাদ্দামে কয়। বৈদেশিক মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি ২০০৬ চনত বিহাৰৰ পৰা প্ৰব্ৰজিত শ্ৰমিকৰ সংখ্যা আছিল ৩৬,৪৯৩ জন। ২০২২ চনত বিদেশত কৰ্মৰত লোকৰ সংখ্যা ২.১৩ লাখলৈ বৃদ্ধি পাইছে। কেৱল এইখন জিলাতে বিদেশৰ পৰা পঠোৱা ধন বছৰি ৪৮০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে, যিটো বিগত কেইবছৰমানৰ পৰা বৃদ্ধি পাইছে।
প্ৰতিবেশী দেশলৈ কাম কৰিব যোৱাৰ পূৰ্বে শ্ৰমিকক দিয়া প্ৰশিক্ষণৰ এক মূহুৰ্ত
মানী ট্ৰেন্সফাৰ দোকানবোৰ দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু গাঁওসমূহত মানুহে বৃহৎ বিলাসী অট্টালিকা আৰু ফাৰ্ম হাউচৰ দৰে সম্পত্তি নিৰ্মাণ কৰিছে। সকলোৰে ঘৰত গাড়ীৰ গেৰেজ আছে। ইয়াৰ বজাৰবোৰত বিভিন্ন ব্ৰেণ্ডৰ দোকান আৰু ব্যৱসায় গঢ় লৈ উঠিছে। মহিলাসকলে প্ৰসাধন সামগ্ৰীৰ বাবে ধন খৰচ কৰাৰ লগতে কৃষকে ট্ৰেক্টৰ আৰু অন্যান্য কৃষি সামগ্ৰী ক্ৰয় কৰিব পাৰিছে। টিভি আৰু অন্যান্য উপভোক্তা সামগ্ৰীৰ বিক্ৰীও বৃদ্ধি পাইছে। প্ৰব্ৰজন আৰু উন্নয়ন সম্পৰ্কীয় বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতীয়ই আনুমানিক ১০০ বিলিয়ন ডলাৰ (৮ লাখ কোটি টকা) ৰেমিটেন্স (বিদেশৰ পৰা অহা ধন) হিচাপে প্ৰেৰণ কৰিছিল। ৪ বিলিয়ন ডলাৰেৰে বিহাৰ ৰেমিটেন্সৰ ক্ষেত্ৰত পঞ্চম স্থানত আছে।
চিইআইচিত (CEIC) প্ৰকাশিত 'বিহাৰঃ কেপিটেল ৰেমিটেন্স' প্ৰতিবেদন অনুসৰি ২০২৩ চনত বহিঃৰাজ্যৰ পৰা বিহাৰলৈ প্ৰায় ১০ কোটি টকা প্ৰেৰণ কৰা হৈছিল, আনহাতে বিগত বছৰত এই পৰিমাণ আছিল ১৬.৪ কোটি টকা আছিল। হিচাপ অনুসৰি ৰাজ্যখনলৈ প্ৰেৰণ কৰা ধনৰ ৭০ শতাংশ গোপালগঞ্জ আৰু ছিৱানে লাভ কৰে। আঞ্চলিক উপ-সভাপতি আৰু এম ডি কিৰণ ছেট্টীৰ মতে দক্ষিণ এছিয়া, ৱেষ্টাৰ্ণ ইউনিয়ন, ছিৱান, আৰু গোপালগঞ্জে সৰ্বাধিক বিদেশী ৰেমিটেন্স লাভ কৰা জিলা হিচাপে চিহ্নিত হৈছে। ইয়াৰে সৰ্বাধিক ৰেমিটেন্স ছৌদি আৰৱৰ পৰা আহিছে, তাৰ পিছতে আছে ইউ এ ই, কাটাৰ, ওমান আৰু কুৱেইট।
বিদেশৰ পৰা অহা টকাৰ সোঁতে ছিৱান আৰু গোপালগঞ্জৰ দৰে ভিতৰুৱা গাঁৱৰ পৰিৱেশ সলনি কৰিছে। এনে গাঁওত মুকলি কৰা হৈছে ৰাজপ্ৰসাদৰ দৰে অট্টালিকা, ধন হস্তান্তৰৰ দোকান, মুদ্ৰা বিনিময় কেন্দ্ৰ আদি। এই জিলাসমূহত ৱেষ্টাৰ্ণ ইউনিয়নৰ সৈতে চুক্তিবদ্ধ হোৱা ডাকঘৰৰ সংখ্যা প্ৰায় ৪০০। শেহতীয়াকৈ বিহাৰৰ পৰা ঝাৰখণ্ডলৈ পোষ্ট মাষ্টাৰ জেনেৰেল (ব্যৱসায়িক বিকাশ আৰু বিপণন) হিচাপে বদলি হোৱা অনিল কুমাৰে কয় যে ২০১৪-১৫ চনত ছিৱান-গোপালগঞ্জ জেনেৰেল ডাকঘৰ (এটা মণ্ডল)-এ ৱেষ্টাৰ্ণ ইউনিয়নৰ জৰিয়তে ৬২ হাজাৰ আন্তঃৰাষ্ট্ৰীয় মানি অৰ্ডাৰ লাভ কৰিছিল।
স্থানীয় এজন বেংকাৰে কয়, ৱেষ্টাৰ্ণ ইউনিয়নৰ জৰিয়তে ১ লাখতকৈ অধিক লোকে তালৈ ধন প্ৰেৰণ কৰে। আলী ইমামে এগৰাকী দুখীয়া মহিলাৰ কাহিনী কয়, যাক তেওঁ মাজে মাজে এটকা বা দুটকা দিছিল। প্ৰায় ছমাহমানৰ মূৰত মহিলাগৰাকীক দেখা পাই অলপতে মই এটা মুদ্ৰা উলিয়াই দিছিলো। তেতিয়া প্ৰথমবাৰৰ বাবে তেওঁ মোৰ চকুলৈ চাই ক'লে, "বাবু, মই এতিয়া ভিক্ষা নিবিচাৰো, মোৰ ল'ৰা দুটা আৰবৰ উপসাগৰীয় দেশলৈ কাম কৰিব গৈছে।"
অৱশ্যে, বয়োজ্যেষ্ঠসকলে কয় যে যুৱকসকলে পঢ়া-শুনাৰ প্ৰতি অৱহেলা কৰিছে। কাৰণ তেওঁলোক সকলোৱে কাম কৰিবলৈ বিদেশলৈ যাব বিচাৰে। ইয়াৰ ফলত স্থানীয়ভাৱে শ্ৰমিকৰ নাটনি হৈছে।