শ্ৰীনগৰৰ জামিয়া মছজিদৰ বাহিৰত শান্তি বিঘ্নিত কৰাৰ অপৰাধত ১০ জনক গ্ৰেপ্তাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
শ্ৰীনগৰৰ জামিয়া মছজিদৰ বাহিৰত শান্তি বিঘ্নিত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন
শ্ৰীনগৰৰ জামিয়া মছজিদৰ বাহিৰত শান্তি বিঘ্নিত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন
 
শ্ৰীনগৰ

এদিন পূৰ্বে শ্ৰীনগৰৰ ঐতিহাসিক জামিয়া মছজিদৰ বাহিৰৰ শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত কৰাৰ অভিযোগত দহজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। শনিবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে। 
 
“শুকুৰবাৰৰ নামাজৰ পিছত জামিয়া মছজিদৰ বাহিৰত শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত কৰিবলৈ চেষ্টা কৰা ১০টা গুণ্ডাক গ্ৰেপ্তাৰ কৰা হৈছে। আইনৰ সংশ্লিষ্ট ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব।’-টুইটাৰত এটা পোষ্টত লিখিছে শ্ৰীনগৰ আৰক্ষীয়ে।
আৰক্ষীয়ে জনসাধাৰণক এনে কাৰ্যত লিপ্ত নহ’বলৈ আহ্বান জনাইছে। এক সূত্ৰই জনোৱা মতে, গ্ৰেণ্ড মছজিদত শুকুৰবাৰৰ নামাজৰ পিছত শ্ল’গান দিয়াৰ বাবে যুৱককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।
 
চাৰি বছৰৰো অধিক গৃহবন্দীত্বৰ পৰা মুক্তি পোৱাৰ পিছত হুৰিয়ত সন্মিলনৰ অধ্যক্ষ মিৰৱাইজ উমৰ ফাৰুকে জামাতৰ নামাজ আদায় কৰি গ্ৰেণ্ড মছজিদৰ পৰা ওলাই অহাৰ সময়ত একাংশ যুৱকে শ্লোগান দিছিল।