মহৰমৰ আশ্বুৰা: কাৰবালাত অসত্যৰ বিৰুদ্ধে সত্যৰ যুদ্ধৰ সোঁৱৰণি

Story by  atv | Posted by  [email protected] • 3 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
  আয়েছা আশ্রাফ আহমেদ
    
ইছলামিক কেলেণ্ডাৰৰ প্ৰথম মাহটোৱেই হ'ল মহৰম। আৰবী আৰু হিব্ৰু ভাষাত দহ সংখ্যাটোক কোৱা হয় আশ্বুৰা। এই আশ্বুৰাৰ দিনা বহু  ঐতিহাসিক ঘটনা সংঘটিত হৈছিল। পৱিত্ৰ কোৰাণত উল্লেখ আছে যে, এই দিনটোতে পৃথিৱী সৃষ্টি হৈছিল আৰু এই তাৰিখতে কয়ামত হৈ পৃথিৱীখন ধ্বংসও হব। এই দিনতে প্ৰথম মানৱ হজৰত আদম (আঃ) য়ে ইবলিচৰ কথাত ভূল গৈ কৰা গুনাহৰ পৰা ক্ষমা লাভ কৰিছিল। 
  
হজৰত নুহ (আ:)ৰ কিস্তি (জাহাজ) খন এই দিনটোতে মহাপ্লাৱনৰ পৰা উদ্ধাৰ পাইছিল। হজৰত ইউনুচ (আ:) য়ে মাছৰ পেটৰ পৰা আৰু হজৰত মুছা (আঃ)ৰ জৰিয়তে ইজিপ্তৰ লোকে নিষ্ঠুৰ ফেৰাউন পৰা মুক্তি পাইছিল। হজৰত ইছা (আঃ) ক এই দিনটোতে বেহেস্তলৈ সশৰীৰে উত্থিত কৰা হৈছিল আৰু এই দিনতে হজৰত মহম্মদ (দ:) ৰ অতিকৈ মৰমৰ নাতি ইমাম হুছেইন (ৰা:) কাৰবালাৰ যুদ্ধত শ্বহীদ বৰণ কৰিছিল।   
 
 মহৰমৰ শোভাযাত্ৰাত উলিওৱা তাজিয়া
 
এতেকে দেখা যায় আশ্বুৰাৰ দিনা অনেক স্মৰণীয় ঘটনা সংঘটিত হৈছে। কিন্তু মহৰম বুলিলে ঘাইকৈ কাৰবালাৰ কৰুণ কাহিনী (শ্বহীদ-এ-কাৰবালা) ৰ কথা স্মৰণ কৰি আজিও মানুহে উচুপি উঠে। এই যুদ্ধখন আছিল অসত্যৰ বিৰুদ্ধে সত্য প্ৰতিষ্ঠা কৰাৰ হকে কৰা যুদ্ধ। এই যুদ্ধত  ইমাম হুছেইন আৰু ৭২ গৰাকী সৈন্যৰ নিৰ্ম্মমভাৱে হত্যা কৰা হৈছিল। তেওলোকৰ এই বলিদান আজিও চিৰস্মৰণীয় হৈ ৰৈছে। মহাত্মা গান্ধীয়ে স্বাধীনতাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজোতে কৈছিল, কাৰবালাৰ ঘটনাৰ পৰাই ন্যায় প্ৰতিষ্ঠা কৰিবৰ বাবে যুজ কৰিবলৈ প্ৰেৰণা পাইছো।   
  
দেখা যায়, মহৰমৰ দিনা বহু লোকে বিশেষকৈ চিয়া মুছলমানে ইমাম হুছেইনৰ কবৰৰ প্ৰতীকস্বৰূপে তাজিয়া লৈ ৰাস্তাত সমদল  উলিওৱাৰ লগতে নিজৰ বুকুত মাৰি কাৰবালাৰ দিনটোৰ অবৰ্ণনীয় কষ্ট ৰোমন্থন কৰে। জনা যায় যে, ভাৰতত তাজিয়া উলিওৱাৰ প্ৰথা বাদশ্বাহ টাইমূৰে আৰম্ভ কৰিছিল।
 

আশ্বুৰাৰ শোভাযাত্ৰাত হুছেইনৰ ঘোঁৰাৰ প্ৰতীকী উলিওৱা এক দৃশ্য
 
ভাৰতৰ ৰজা মহাৰজা সকলৰ ঘোঁৰাই টনা জোঙাকৈ সজা ৰথ দেখি মুগ্ধ হৈছিল। সেয়া অনুকৰণ কৰি টাইমূৰে জোঙাকৈ তাজিয়া সজাইছিল। পাৰস্যৰ পৰা আহোতে ইমাম হুছেইনে কোৰাণৰ কেইখিলা মান পৃষ্ঠা আৰু কবৰৰ মাটি লগত লৈ আনিছিল। সেই পৃষ্ঠা আৰু মাটি তাজিয়াৰ ভিতৰত থৈ সমদল উলিয়াইছিল। টাইমূৰে নিজ দেশলৈ উভতি যোৱাৰ পিছত চুফীসকলে মহৰমৰ দিনা তাজিয়ালৈ সমদল উলিওৱাৰ প্ৰথা বাহাল ৰছখিছিল।   
  
কোৱা হয় যে, 'ইছলাম জিন্দা হোতা হ্যায় হৰ কাৰবালা কি বাদ' অৰ্থাৎ এই দিনৰ পৰা ইছলাম পুনৰুজ্জীৱিত হৈ উঠে। প্ৰত্যেক মুছলমান ব্যক্তিক সত্য প্ৰতিষ্ঠা কৰিবলৈ আৰু অসত্যৰ বিৰুদ্ধে যুঁজিবলৈ উদ্ধুদ্ধ কৰে। যাতে এক সুষ্ঠ সমাজ গঢ়াৰ মানসিকতা জাগি উঠে। স্মৰ্তব্য এই যে, কেৱল মুছলমানেই নহয় আমাৰ দেশৰ বহু হিন্দু ধৰ্মাৱলম্বী লোকেও আশ্বুৰাৰ দিনটো শোকৰ দিন হিচাপে গন্য কৰি উপবাসে থাকে। এনেকৈয়ে কাৰবালাৰ ঘটনাটোৱে মানৱীয়তা জগাই তুলি এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।  

(লেখিকা শ্বিলং মহাবিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপিকা)