কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ বিভীষিকা; ১০টা এশিঙীয়া গঁড়কে ধৰি ১৭৪টা জীৱ-জন্তুৰ প্ৰাণহানি

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী

বিপন্ন এশিঙীয়া গঁড় আৰু চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে বিশ্বজুৰি বিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এটা দশকৰ ভিতৰত হোৱা সবাতোকৈ ভয়াৱহ বানপানীৰ সৈতে যুঁজ দিবলগীয়া হৈছে। ১,০৯০ বৰ্গ কিলোমিটাৰ বিস্তৃত উদ্যানখনে যোৱা ১ জুনত সৰ্বোচ্চ জলস্তৰ ৮৭.৪৭ মিটাৰ ৰেকৰ্ড কৰি ২০১৭ চনৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰে।
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধ্যক্ষ সোণালী ঘোষে জনোৱা মতে, ইতিমধ্যে বানপানীত ১০টা এশিঙীয়া গঁড়কে ধৰি ১৭৪টা জীৱ-জন্তুৰ প্ৰাণহানি হৈছে। বিশেষকৈ সুগৰী পহু (Hog deer) আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। এই প্ৰজাতিৰ মুঠ ১৫৩টা পহু এতিয়ালৈকে কাজিৰঙাৰ বানপানীৰ মৃত্যুমুখত পৰিছে।
সোণালী ঘোষে কয় যে ২০১৭ চনত উদ্যানখনে আটাইতকৈ ভয়াৱহ বানপানীৰ সাক্ষী হৈছিল। তেতিয়া উদ্যানখনৰ ২৪টা গঁড়কে ধৰি ২৯১টা জীৱ-জন্তুৰ মৃত্যু হৈছিল। এইবাৰ অৱশ্যে প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজতো বনকৰ্মীৰ প্ৰচেষ্টাত ১৩৫টা জীৱ-জন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
 
অসমৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ বন্যপ্ৰাণী জীৱবিজ্ঞানী তথা মুখ্য কাৰ্যবাহী বিষয়া বিভব কুমাৰ তালুকদাৰে কয় যে বন্যপ্ৰাণীৰ ক্ষতি চিন্তনীয় হ’লেও উদ্যানখনৰ পৰিৱেশ তন্ত্ৰ আৰু প্ৰাকৃতিক জীৱনচক্ৰ বজাই ৰখাত বানপানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। "বাৰ্ষিক বানপানীয়ে পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰে আৰু গঁড়কে ধৰি বন্যপ্ৰাণীসকলক জীয়াই ৰখাৰ বাবে ই অতি প্ৰয়োজনীয়।"
 
সম্প্ৰতি কাজিৰঙাৰ পৰিস্থিতি সংকটজনক হৈ আছে যদিও অসমৰ সামগ্ৰিক বান পৰিস্থিতি উন্নত হোৱাৰ লক্ষণ দেখা গৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া বুলেটিন অনুসৰি ২৬ খন জিলাৰ ২৫৪৫ খন গাঁৱৰ ১৩.৯৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈ আছে। চলিত বৰ্ষত ৮৩ জন লোকৰ বান সংক্ৰান্তীয় কাৰণত মৃত্যুৰ বাতৰি পোৱা গৈছে।