৪০% মুছলমান জনসংখ্যা থকাৰ পিছতো অসম আজি শান্তঃ ৱাকফ আইনক লৈ দেশজোৰা প্ৰতিবাদৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

Story by  atv | Posted by  [email protected] • 6 d ago
ৱাকফৰ প্ৰতিবাদক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
ৱাকফৰ প্ৰতিবাদক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

আৱাজ দ্য ভইচ অসম ব্যুৰ'

ৱাকফ সংশোধনী আইনক লৈ দেশৰ কিছু কিছু প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শান্তি আৰু ঐক্য বজাই ৰখাৰ বাবে ৰাজ্যৰ আৰক্ষী বাহিনী আৰু ৰাইজক প্ৰশংসা কৰিছে।
 
ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, “প্ৰায় ৪০% মুছলমান জনসংখ্যা থকাৰ পিছতো ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে অসমত ব্যাপক প্ৰতিবাদ হোৱা নাই। অসমৰ তিনিখন ঠাইত অতি বেছি ১৫০ জন ব্যক্তিৰ উপস্থিতিত বিচ্ছিন্ন প্ৰতিবাদ হোৱাৰ বাহিৰে আজিও অসম সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ হৈ আছে।”
 
তেওঁ অসম আৰক্ষীক তেওঁলোকৰ বিস্তৃত গ্ৰাউণ্ডৱৰ্কৰ বাবে প্ৰশংসা কৰে, যাৰ ফলত সমগ্ৰ ৰাজ্যতে শান্তি নিশ্চিত হৈছে আৰু কোনো ধৰণৰ বৃহৎ বিঘিনি ঘটা নাই। “জাতি, ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষে গোটেই অসমৰ জনসাধাৰণ একত্ৰিত হৈ এতিয়া আমাৰ হেঁপাহৰ ব’হাগ বিহুক আনন্দ আৰু সম্প্ৰীতিৰে আদৰিবলৈ আগ্ৰহেৰে প্ৰস্তুতি চলাইছে।”-মুখ্যমন্ত্ৰীয়ে কয়।
উল্লেখ্য যে, শেহতীয়াকৈ সংসদত গৃহীত হোৱা ৱাকফ সংশোধনী আইনখনক লৈ দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্ক আৰু বিক্ষোভৰ সৃষ্টি হৈছে। কিন্তু অসমৰ মুছলমান সমাজৰ শান্তিপূৰ্ণ সঁহাৰিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিছে। ৰাজ্য চৰকাৰে ইয়াক সক্ৰিয় পুলিচিং আৰু মুছলমান সম্প্ৰদায়ৰ সহযোগিতাৰ বাবেই সম্ভৱ হৈছে বুলি মতপোষণ কৰিছে। 
 
ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৱাকফ সংশোধনী আইনক লৈ অসমত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে বুলি দৃঢ়তাৰে কোৱাৰ পিছত অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF)ৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্যখনৰ মুছলমানসকল ৱাকফ আইনক লৈ সুখী নহয় আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াক লৈ ভ্ৰমত আছে।
 
এএনআইৰ সৈতে হোৱা কথা-বতৰাত এআইইউডিএফৰ বিধায়কগৰাকীয়ে কয়, "অসমৰ মুখ্যমন্ত্ৰী ভ্ৰমত থাকিব নালাগে। অসমৰ সকলো মুছলমান অসুখী। অসমৰ সকলো মুছলমানে এই বিধেয়ক (ৱাকফ সংশোধনী) বাতিল হোৱাটো বিচাৰে। মুছলমানৰ ৱাকফ ভূমি কাঢ়ি লৈছে বিজেপিয়ে। এনে হ’ব নালাগে; আমি সেইটো হ’বলৈ নিদিওঁ। আমি উচ্চতম ন্যায়ালয়ত আইনী যুদ্ধ চলাম, আৰু গণতান্ত্ৰিকভাৱেও প্ৰতিবাদ কৰিম। অসমৰ মুছলমানসকল অতি অসন্তুষ্ট, আৰু বিজেপিয়ে আমাৰ পৰা ৱাকফৰ সম্পত্তি কাঢ়ি নিব বিচৰা আইনৰ আমি বিৰোধী।"

উল্লেখ্য যে, যোৱা ৪ এপ্ৰিলত ৰাজ্যসভাই ৱাকফ সংশোধনী বিধেয়কখন ১২৮জন সাংসদৰ সমৰ্থন আৰু ৯৫জন সাংসদৰ বিৰোধিতাৰে গৃহীত কৰাৰ বিপৰীতে লোকসভাই দীঘলীয়া বিতৰ্কৰ অন্তত বিধেয়কখন গৃহীত কৰে। ইয়াত ২৮৮জন সদস্যই সপক্ষে আৰু ২৩২জনে বিৰোধিতা কৰে। ৫ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বাজেট অধিৱেশনৰ সময়ত সংসদে গৃহীত কৰা ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ত সন্মতি প্ৰদান কৰে।

৩৫ শতাংশ মুছলমান জনসংখ্যা থকা ৰাজ্য পশ্চিম বংগত ৱাকফ সংশোধনী আইনক লৈ ব্যাপক হিংসা, ৰাজহুৱা সম্পত্তি ধ্বংসৰ দৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে ৪০ শতাংশৰো অধিক মুছলমান জনসংখ্যাৰে বাসিন্দা অসমত ৱাকফ সংশোধনী আইনক লৈ কোনো হিংসাত্মক ঘটনা সংঘটিত নোহোৱাটো অসম আৰক্ষীৰ তত্‍পৰতা আৰু অসমৰ জনসাধাৰণৰ সমন্বয়মুখী চিন্তাধাৰাক প্ৰতিফলিত কৰে। 

আনহাতে, ত্ৰিপুৰাৰ উনাকোটিৰ কৈলাশাহাৰ মহকুমাৰ অন্তৰ্গত কুবঝাৰ গাঁৱত আজি ৱাকফ (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ এটা দলে নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। বাংলাদেশৰ সীমান্তৱৰ্তী গাঁওখনত এশৰো অধিক সংখ্যালঘু মুছলমানে ৱাকফ (সংশোধনী) বিধেয়কৰ প্ৰতিবাদত এক সমদল উলিয়াই বিধেয়ক বাতিলৰ দাবী জনায়।


শেহতীয়া খবৰ