কেৰেলাৰ ক্ৰীড়াবিদৰ সেৱাত আয়ুৰ্বেদ বিশেষজ্ঞ

Story by  atv | Posted by  [email protected] • 12 d ago
কোচিত অনুষ্ঠিত কেৰালা স্কুল এথলেটিকছ মিটত ক্ৰীড়াবিদৰ চিকিৎসা কৰি থকা সময়ত আয়ুৰ্বেদিক চিকিৎসক
কোচিত অনুষ্ঠিত কেৰালা স্কুল এথলেটিকছ মিটত ক্ৰীড়াবিদৰ চিকিৎসা কৰি থকা সময়ত আয়ুৰ্বেদিক চিকিৎসক

শ্ৰীলথা মেনন/কোচি

বিভিন্ন চিকিৎসা পদ্ধতিৰ ভিতৰত আয়ুৰ্বেদিক চিকিৎসাও এক বিশেষ পদ্ধতি। ক্ৰীড়া আয়ুৰ্বেদ কেৰালাৰ এক বিশেষ ক্ষেত্ৰ। ইয়াত ক্ৰীড়া আঘাতৰ চিকিৎসাৰ বাবে বিশেষজ্ঞ আৰু নিৰ্দিষ্ট পদ্ধতি আছে। এই চিকিৎসা পদ্ধতি আধুনিক চিকিৎসা (Allopathy)ৰ দৰেই।

যদি আপুনি কোচিত চলি থকা কেৰেলা ৰাজ্যিক বিদ্যালয়ৰ এথলেটিকছ প্ৰতিযোগিতালৈ (Kerala state school athletics meet)লৈ যায় তেন্তে ১৭টা ইভেণ্টৰ প্ৰতিটো স্থানতে আয়ুৰ্বেদ অস্থিৰোগ বিশেষজ্ঞ আৰু থেৰাপিষ্টক দেখা পাব। তাৰোপৰি, এলোপেথিক চিকিৎসকসকলো তাত উপস্থিত থাকে। আয়ুৰ্বেদিক আৰু এলোপেথিক দুয়োটা দলে একেলগে কাম কৰি ছাত্ৰ-ছাত্ৰী আৰু অংশগ্ৰহণকাৰী বিদ্যালয়সমূহক বিভিন্ন চিকিৎসাৰ বিকল্প প্ৰদান কৰে।
 
ক্ৰীড়া আয়ুৰ্বেদ হৈছে খেলুৱৈসকলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিশেষভাৱে খাপ খোৱা পৰম্পৰাগত আয়ুৰ্বেদিক পদ্ধতিৰ মিশ্ৰণ, সেয়া খেলপথাৰৰ ভিতৰতে হওক বা বাহিৰতে হওক। খেলুৱৈসকলৰ বাবে বিশেষ আৰু নিৰ্দিষ্ট আয়ুৰ্বেদিক পদ্ধতিসমূহ পৰম্পৰাগত জ্ঞান আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য ব্যৱস্থা দুয়োটাৰে সহায়ত বিকশিত হৈছে।
 
প্ৰতিখন জিলাতে শাখা থকা ৰাজ্যৰ ক্ৰীড়া আয়ুৰ্বেদ বিভাগে বৰ্তমান ৰাজ্যিক পৰ্যায়ৰ বিদ্যালয় এথলেটিকছ মিটত অংশগ্ৰহণ কৰা ২৪ হাজাৰ ছাত্ৰ-ছাত্ৰীক সেৱা আগবঢ়াই আছে।
 
কেৰেলা ৰাজ্যিক বিদ্যালয়ৰ এথলেটিক মিটত টাগ অৱ ৱাৰ প্ৰতিযোগিতা
 
৪ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা এই এথলেটিকছ প্ৰতিযোগিতাখনত ২০ গৰাকী বিশেষজ্ঞ চিকিৎসক, ৬০ গৰাকী চিকিৎসা বিষয়া, পেৰামেডিকেল, ফিজিঅ’থেৰাপিষ্টৰ লগতে ইন্টাৰ্ণ আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ এটা দল কৰ্তব্যৰত হৈ আছে। 
 
২০০৯ চনৰ পৰাই ক্ৰীড়া আয়ুৰ্বেদ চিকিৎসাৰ দলসমূহে সকলো স্কুল মিটতে ক্ৰীড়া আঘাতৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে। এই বছৰ অৱশ্যে ক্ৰীড়া মিটখন যথেষ্ট ডাঙৰ হৈছে আৰু স্বাস্থ্য দলটোৰ সদস্য সংখ্যা ২০০ জনলৈ বৃদ্ধি পাইছে। কেৰালা চৰকাৰৰ সমগ্ৰ ৰাজ্যতে আয়ুৰ্বেদ আৰু এলোপেথী উভয় ক্লিনিকৰ এক শক্তিশালী প্ৰভাৱ আছে, প্ৰতিখন গাঁও, ব্লক, আৰু জিলাতে আয়ুৰ্বেদিক স্বাস্থ্য কেন্দ্ৰ আছে। কেৰালাৰ স্বাস্থ্য বিভাগৰ অধীনস্থ ক্ৰীড়া আয়ুৰ্বেদ ৰাজ্যৰ খেলুৱৈসকলক সহায় কৰাৰ বাবে উৎসৰ্গিত। ইয়াৰ জিলা শাখাসমূহে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু আৰ্তজনৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বেছিভাগ সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হয়।
 
থ্ৰিছুৰৰ বিশেষ চিকিৎসালয় কেৰালা ইনষ্টিটিউট অৱ স্প’ৰ্টছ আয়ুৰ্বেদ এণ্ড ৰিচাৰ্চ (কিছাৰ)ই খেলুৱৈসকলক আঘাতৰ পৰা সুস্থ হোৱা আৰু পৰিচালনা কৰাত সহায় কৰিবলৈ ফিজিঅ’থেৰাপি, জিমনাষ্টিক, ট্ৰেকৰ সুবিধা, আৰু সঠিক খাদ্য পৰিকল্পনা প্ৰদান কৰে। বহু অলিম্পিয়ানে কিছাৰত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ পিছত আৰোগ্য লাভ কৰিছে। কিছাৰত শেহতীয়া ৰোগী আছিল অৰ্জুন বঁটা বিজয়ী এম আৰ পূভাম্মা।

বিদ্যালয়ৰ ক্ৰীড়া মিটৰ সময়ত মাত্ৰ পাঁচ দিনতে প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰীয়ে আয়ুৰ্বেদিক ক্ৰীড়া চিকিৎসা ইউনিটৰ পৰামৰ্শ লৈছে, ব্যস্ততম দিনটোত ৪০০ টা পৰামৰ্শ লৈছে। শ্বিজিৰ মতে, ৱুছু আৰু ভলীবল ইভেণ্টত সৰ্বাধিক আঘাতপ্ৰাপ্ত লোকৰ তথ্য পোৱা গৈছে। (উশ্বু হৈছে যুদ্ধ কলা প্ৰতিযোগিতা।) 

শল্য চিকিৎস (অস্ত্ৰোপচাৰ চিকিৎসা)ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়ুৰ্বেদ অস্থিৰোগ বিভাগৰ এম ডি ডাঃ শ্বিজীয়ে ২০১৬ চনৰ পৰা ক্ৰীড়া আয়ুৰ্বেদ দলসমূহৰ অংশ হিচাপে কাম কৰি আহিছে। তেওঁ ক্ৰীড়া আঘাতৰ চিকিৎসাত আয়ুৰ্বেদৰ ফলপ্ৰসূতাৰ ওপৰত থকা সন্দেহ নুই কৰি কয় যে, "যি খেলুৱৈসকলে ইয়াৰ অভিজ্ঞতা লাভ কৰিছে সুবিধাসমূহে জানে যে ই কিমান ফলপ্ৰসূ।" তেওঁ লগতে কয় যে দলসমূহক চৰকাৰী শিক্ষা বিভাগে বাৰ্ষিক বিদ্যালয় এথলেটিকছ মিটৰ বাবে আমন্ত্ৰণ জনাইছে, আৰু তেওঁলোকে ৰাষ্ট্ৰীয় আয়ুষ মিছন আৰু ৰাজ্যিক স্বাস্থ্য বিভাগৰ আয়ুৰ্বেদ শাখাৰ অধীনত কাম কৰে।

বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ক্ৰীড়া অনুষ্ঠানত আয়ুৰ্বেদ চিকিৎসক আৰু পেৰামেডিকেল থকাটো নতুন কথা নহয়। প্ৰতিখন জিলাতে ক্ৰীড়া আয়ুৰ্বেদ ইউনিট আছে, যিয়ে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সক্ৰিয়ভাৱে সহায় কৰে।
 
প্ৰতিযোগিতাত খেলুৱৈসকলৰ স্বাস্থ্যৰ দায়িত্বত থকা আয়ুৰ্বেদিক বিশেষজ্ঞসকল
  
ডাঃ শ্বিজিয়ে বুজাই কয় যে, "খেলুৱৈ সকলে আমাক চিনি পায় আৰু আমি তেওঁলোকক আঘাত প্ৰতিৰোধ আৰু পৰিচালনা কৰাত কেনেকৈ সহায় কৰিব পাৰো, লগতে সুস্থ হোৱাৰ পিছত ভৱিষ্যতৰ পৰিঘটনাৰ বাবে প্ৰস্তুতি চলাব পাৰো তাকেই চিন্তা কৰোঁ।" তেওঁ লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানৰ পূৰ্বে আৰু পিছত প্ৰদান কৰা সেৱাসমূহৰ সৈতে পৰিচিত যাতে তেওঁলোকে প্ৰস্তুত হৈ থাকিব পাৰে।

এনে অনুষ্ঠানত এলোপেথী আৰু আয়ুৰ্বেদ বিভাগৰ মাজত যিকোনো সম্ভাৱ্য সংঘাতৰ বিষয়ে সোধাত ডাঃ শিজীয়ে বুজাই দিয়ে যে সাধাৰণতে কোনটো স্বাস্থ্য দলৰ পৰা সহায় ল’ব বিচাৰে সেয়া বিদ্যালয়সমূহৰ ওপৰত নিৰ্ভৰশীল।

ডাঃ শ্বিজিয়ে লগতে কয়, "গুৰুতৰ আঘাতৰ বাবে আমি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি এক্স-ৰেৰ বাবে পঠিয়াই দিওঁ আৰু এলোপেথী ডাক্তৰৰ ওচৰলৈ প্ৰেৰণ কৰো। আন আঘাতৰ বাবে আমাৰ দলটোৱে টেপিং, মালিচ অইলৰে অইল ট্ৰিটমেণ্ট, লেপাম টু আদি পদ্ধতি ব্যৱহাৰ কৰে। আমাৰ পদ্ধতিয়ে পেশীসমূহক সকাহ দিয়ে আৰু শক্তিশালী কৰে। আমাৰ নিজৰ অন-ফিল্ড মালিচ তেল আৰু স্প্ৰে'ৰ লগতে ফুলা কমোৱাৰ বাবে বিশেষ স্প্ৰে'ও আছে।'

ডাঃ শ্বিজীয়ে স্পষ্ট কৰি দিয়ে, "ফ্ৰেক্চাৰ বা গুৰুতৰ আঘাতৰ ক্ষেত্ৰত আমি লক্ষণসমূহৰ মূল্যায়ন কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি, তাৰ পিছত এক্স-ৰেৰ বাবে প্ৰেৰণ কৰোঁ। আমি এলোপেথিক চিকিৎসকৰ ওচৰলৈও প্ৰেৰণ কৰোঁ।"