মোক ভাৰতত থাকিবলৈ দিয়ক, ভাৰত মোৰ দ্বিতীয় ঘৰ; গৃহমন্ত্ৰী অমিত শ্বাহক অনুৰোধ তছলিমা নাছৰীনৰ

Story by  atv | Posted by  [email protected] • 1 d ago
নিৰ্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰীন
নিৰ্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰীন
 
নতুন দিল্লী

নিৰ্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰীনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ভাৰতত থাকিবলৈ দিবলৈ অনুৰোধ জনাইছে। এক্স পোষ্টত নাছৰীনে অমিত শ্বাহক টেগ কৰি কৈছে,"প্ৰিয় অমিত শ্বাহ মহোদয়, নমস্কাৰ গ্ৰহণ কৰিব। মই ভাৰতত বাস কৰো কাৰণ মই এই মহান দেশখনক ভাল পাওঁ। যোৱা ২০ বছৰ ধৰি ভাৰত মোৰ দ্বিতীয় ঘৰ হৈ আহিছে। কিন্তু, গৃহ মন্ত্ৰালয়ে ২২ জুলাইৰ পৰা মোৰ ৰেচিডেন্স পাৰ্মিট বৃদ্ধি কৰা নাই। মই বৰ চিন্তিত হৈ পৰিছো। আপুনি যদি মোক ভাৰতত থাকিবলৈ দিয়ে, তেন্তে আপোনাৰ ওচৰত বহুত কৃতজ্ঞ হ'ম। ধন্যবাদ।"
 
উল্লেখ্য যে, সাম্প্ৰদায়িকতাৰ কঠোৰ সমালোচক নাছৰীনে ১৯৯৪ চনৰ পৰাই নিৰ্বাসনত জীৱন কটাবলগীয়া হৈছে। বাংলাদেশত সাম্প্ৰদায়িকতা আৰু নাৰী সমতাৰ ওপৰত লেখাসমূহৰ বাবে তেওঁ ইছলামিক মৌলবাদীৰ সমালোচনাৰ সন্মুখীন হৈ বাংলাদেশ এৰিবলগীয়া হৈছিল।
 
তেওঁৰ জনপ্ৰিয় উপন্যাস "লজ্জা" (১৯৯৩) আৰু আত্মজীৱনী "আমাৰ মেয়েবেলা" (১৯৯৮)কে ধৰি তেওঁৰ কিছুমান গ্ৰন্থ বিষয়বস্তুৰ বাবে বাংলাদেশ চৰকাৰে নিষিদ্ধ কৰিছিল। "লজ্জা"ত ভাৰতত বাবৰি মছজিদ ভাঙি পেলোৱাৰ পিছত বাঙালী হিন্দুৰ ওপৰত হোৱা হিংসা, ধৰ্ষণ, লুণ্ঠন আৰু হত্যাকাণ্ডৰ বিশদ বিৱৰণ দিয়াৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।
পৰৱৰ্তী ১০ বছৰ নাছৰীনে ছুইডেন, জাৰ্মানী, ফ্ৰান্স আৰু আমেৰিকাত নিৰ্বাসনত কটায়। ২০০৪ চনত নাছৰীনে ভাৰতৰ কলকাতালৈ গুচি আহে আৰু ২০০৭ চনলৈকে তাত থাকে। ইয়াৰ পিছত তেওঁ তিনিমাহৰ বাবে দিল্লীলৈ গুচি যায়। তাত প্ৰখ্যাত লেখিকাগৰাকীয়ে শাৰীৰিক আক্ৰমণৰ বলি হোৱাৰ পিছত গৃহবন্দী হৈ থাকে। ২০০৮ চনত তেওঁ ভাৰত এৰি আমেৰিকালৈ গৈছিল যদিও কেইবছৰমানৰ পাছত নাছৰীন ভাৰতলৈ উভতি আহে।
 
শেহতীয়াকৈ তছলিমা নাছৰীনে শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰাৰ পিছত বাংলাদেশত উদ্ভৱ হোৱা ৰাজনৈতিক সংকটৰ বিষয়ে উল্লেখ কৰিছিল। লেখকগৰাকীয়ে দাবী কৰিছিল যে ইছলামিক মৌলবাদীসকলে বাংলাদেশৰ যুৱক-যুৱতীসকলৰ মগজু ধুই পেলাইছে আৰু তেওঁলোকক "ভাৰত বিৰোধী, হিন্দু বিৰোধী আৰু পাকিস্তান সমৰ্থক" কৰি তুলিছে।


শেহতীয়া খবৰ