সদ্ভাৱ আৰু সমন্বয়ৰ প্ৰতীক; মছজিদৰ তত্ত্বাৱধানৰ দায়িত্বত এগৰাকী হিন্দু ব্যক্তি

Story by  atv | Posted by  [email protected] • 12 d ago
সদ্ভাৱ আৰু সমন্বয়ৰ প্ৰতীক বেচন বাবা
সদ্ভাৱ আৰু সমন্বয়ৰ প্ৰতীক বেচন বাবা
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী

নাম তেওঁৰ বেচন বাবা। হিন্দু ধৰ্মাৱলম্বী বয়োজেষ্ঠ লোকজনে বাৰাণসীৰ অনাৰৱালি মছজিদৰ তত্ত্বাৱধানৰ কামত নিজৰ জীৱন উৎসৰ্গা কৰিছে। ইয়ালৈ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে প্ৰাৰ্থনা কৰিবলৈ আহে। বেচন বাবাৰ একমাত্ৰ ইচ্ছা হৈছে মৃত্যুৰ আগ মুহূৰ্তলৈকে মছজিদৰ সেৱা কৰা। চৌখাম্বা বেনাৰস চহৰৰ এটা বিখ্যাত অঞ্চল, যাৰ নাম ১৪-১৫ শতিকাৰ মছজিদ চৌৰাছি খাম্বা মছজিদৰ পৰা লোৱা হৈছে। এইটো এসময়ত ইয়াৰ বিখ্যাত মছজিদ আছিল।
 
ইয়াৰ উপৰিও ইয়াত তাৰা শ্বাহ বাবা, মীৰা শ্বাহ বাবা, অনাৰ শ্বহীদ বাবা আৰু চৌখাম্বা বাবাৰ সমাধিও আছে। সময় আৰু জনগাঁথনি সলনি হোৱাৰ লগে লগে আৰু সম্ভৱতঃ বিভাজনৰ সময়ত সমগ্ৰ অঞ্চলটো হিন্দু প্ৰধান হৈ পৰিল।
 
এই পৰিৱৰ্তনৰ লগে লগে অঞ্চলটোৰ পৰিচয় বহন কৰা মছজিদটোও মূলসুঁতিৰ পৰা নোহোৱা হৈ গ’ল। আজি যদি আপুনি গুগল চাৰ্চ কৰে, তেন্তে মছজিদটোৰ বিষয়ে একো তথ্য বিচাৰি নাপাব। ই হয়তো বিভাজনৰ ঢৌৰ বলি হৈছে, য’ত হিন্দু-মুছলমান দুয়োপক্ষই জীৱনত বহুখিনি হেৰুৱাইছিল। কিন্তু মছজিদটো তাৰ পৰা হেৰাই যোৱা নাছিল। ই সদায় আছিল আৰু আজিও আছে।
 
 
আৰু ইয়াৰ পৰাই আৰম্ভ হয় এটা হিন্দু পৰিয়ালৰ কাহিনী, যিয়ে যুগ যুগ ধৰি মছজিদটোৰ সঠিক যতন লৈছিল আৰু ইয়াৰ পবিত্ৰতা বজাই ৰাখিছিল। বেচন বাবা হৈছে চৌখাম্বা মছজিদৰ তৃতীয় প্ৰজন্মৰ ৰক্ষক। তেওঁ কেৱল ঠাইখনৰ যত্ন লোৱাই নহয়, কোনো মুছলমানে নামাজ দিবলৈ আহক বা নাহক, তেওঁ আজান সময়মতে হোৱাটো নিশ্চিত কৰে।
 
আজিও মছজিদটোৰ এক শান্ত-সমাহিত আৰু চুম্বকীয় আকৰ্ষণ আছে। ইয়াৰ স্তম্ভবোৰ মধ্যযুগীয় নিৰ্মাণৰ স্পষ্ট প্ৰমাণ। সঠিকভাৱে সংৰক্ষিত মছজিদটোৱে অতীতৰ সন্তসকলৰ আশীৰ্বাদ বিচাৰিব বিচৰা সকলোকে আমন্ত্ৰণ জনাইছে।
 
পবিত্ৰ গংগা নদী বৈ যোৱা বাৰাণসীৰ বুকুত স্থাপিত অগণন মন্দিৰৰ পৰা অহা প্ৰাৰ্থনাৰ ক্ষীণ প্ৰতিধ্বনিৰ মাজতে বেচন বাবা অনাৰৱালি মছজিদৰ প্ৰৱেশদ্বাৰত বহি থকা দেখা যায়। নিৰৱ সাধক হিচাপে ৭২ বছৰীয়া হিন্দু তত্ত্বাৱধায়কজনে প্ৰায় ৪০০ বছৰ পুৰণি প্ৰাচীন শিলবোৰৰ ওপৰত নিজৰ আসন গ্ৰহণ কৰে।
 
ঐতিহাসিক বিবাদেৰে জুৰুলা কৰা চহৰখনত ঐক্যৰ মনোভাৱক প্ৰতিনিধিত্ব কৰা এই প্ৰাচীন মছজিদৰ সেৱাত বেচন বাবাই নিজৰ জীৱন উৎসৰ্গা কৰিছে। প্ৰতিদিনে পুৱা তেওঁ এডাল পুৰণি ঝাড়ুৰে চাৰি দশকৰো অধিক সময় ধৰি তেওঁৰ আশ্ৰয় আৰু কৰ্তব্যস্থান হৈ থকা মছজিদটো চাফা কৰে।
 
বেচন বাবাই কয় “মই ৪৫ বছৰ ধৰি এই মছজিদৰ যত্ন লৈ আহিছো। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোক ইয়ালৈ প্ৰাৰ্থনা আৰু পূজা কৰিবলৈ আহে। দেউতা ইয়াতে বাস কৰিছিল আৰু তেওঁৰ পিছত মই এই দায়িত্ব ল’লোঁ। সৰুৰে পৰাই মই ইয়াত আছো।”
 
 
একাপ চাহত চুমুক দি তেওঁ পুনৰ কয়, “সকলোৰে বাবে এজন ঈশ্বৰ, মাত্ৰ বেলেগ বেলেগ নাম। কেতিয়াবা তেওঁক ঈশ্বৰ, কেতিয়াবা আল্লাহ বুলি কোৱা হয়, সকলো একে। আমি বানাৰসীৰ বাসিন্দা, আমি একেলগে মিলাপ্ৰীতিৰে জীয়াই থকাত বিশ্বাস কৰোঁ।”
 
হিন্দুৰ বাবে পৰম সত্তাৰ সংস্কৃত শব্দ হৈছে ঈশ্বৰ, আৰু আল্লাহ হৈছে মুছলমানসকলে ঈশ্বৰৰ বাবে ব্যৱহাৰ কৰা আৰবী শব্দ। যদিও এই চহৰখন হিন্দু সংস্কৃতিৰ কেন্দ্ৰবিন্দু। কিন্তু বাৰাণসীত মোগল সম্ৰাটসকলৰ সময়ৰ পৰাই মছজিদ চলি আহিছে। মোগলে ষোড়শ শতিকাৰ পৰা ১৮ শতিকালৈ ভাৰতক শাসন কৰিছিল।
 
বেচন বাবাই কয়, "ইয়াত দিনটোত পাঁচবাৰেই নামাজ দিয়া হয়। আমাৰ দেউতাহঁতৰ সময়ত জনসংখ্যা বেছি নাছিল আৰু মানুহ ইয়ালৈ অহা নাছিল। কিন্তু এতিয়া ইয়াত বহুত পৰিয়াল আছে, জনসংখ্যা বৃদ্ধি পাইছে আৰু ইয়ালৈ বহুত মানুহ আহিয়েই আছে। বিভিন্ন ধৰ্মৰ লোকসকলে মছজিদলৈ আহে, যাৰ ফলত ধৰ্মীয় উত্তেজনাৰে জুৰুলা কৰা দেশখনত ই সহাৱস্থানৰ এক শক্তিশালী প্ৰতীক হিচাপে পৰিগণিত হৈছে।"
 
তেওঁ কয়, "মই মোৰ ঘৰলৈ নাযাওঁ। মোৰ ল'ৰা-ছোৱালীয়ে পুৱা মোৰ বাবে খাদ্য আনে। মই দিনটো ইয়াতে থাকি আৰাম অনুভৱ কৰো। মোৰ ল'ৰা-ছোৱালী ঘৰতে থাকে। মোৰ তত্ত্বাৱধানৰ বাবে আজি মছজিদলৈ অহা লোকৰ সংখ্যা বাঢ়িছে। সেয়া দেখি ভাল লাগে।"
 
 
উল্লেখ্য যে, বেচন বাবাৰ পাঁচজন পুত্ৰ আছে আৰু মছজিদৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ পুত্ৰসকলে কেতিয়াও আপত্তি কৰা নাই। সততে দেশৰ আধ্যাত্মিক কেন্দ্ৰ বুলি গণ্য কৰা ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা প্ৰায় ৫০০ মাইল দক্ষিণ-পূবে অৱস্থিত প্ৰাচীন চহৰ বাৰাণসীত বিগত কেইমাহমানৰ পৰা জ্ঞানবাপী মছজিদৰ মালিকীস্বত্বক লৈ হিন্দু আৰু মুছলমানৰ মাজত আইনী বিবাদৰ সৃষ্টি হৈছে।
 
এই সন্দৰ্ভত তেওঁ কয়, "তাত (জ্ঞানবাপি) যিয়েই নহওক কিয়, তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই ইয়াতেই থাকো আৰু ইয়াত একো হ'বলৈ নিদিওঁ।" 
 
চুবুৰীটোৰ গোপাল মন্দিৰটোলৈ আঙুলিয়াই তেওঁ দুয়োটা পূজাস্থলীৰ সহাৱস্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াত মানুহৰ মাজত কোনো ধৰ্মীয় পাৰ্থক্য নাই আৰু সকলোৱে মৰম আৰু শান্তিৰে প্ৰাৰ্থনা কৰে। তেওঁ কয়, "ইয়াত ঘৃণাৰ পৰিৱেশ নাই। ইয়ালৈ হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ মানুহ আহে আৰু মোৰ সময়ত কেতিয়াও কোনো দাঙ্গা হোৱা নাই। মোৰ একমাত্ৰ ইচ্ছা হৈছে মৃত্যুৰ আগলৈকে মছজিদৰ সেৱা আগবঢ়াই যোৱা।"