ড° নন্দ সিং বৰকলা
অতুলনীয়, মোহময়ী, মনোহৰ, মনোৰম অমৃত শব্দ সম্ভাৰৰ মনোজ্ঞ অনুপম গ্রন্থ ঘোষা। অশান্ত কামৰূপ ৰাজ্য সাম্প্ৰদায়িক মনোভংগীৰ গৰ্ভ নিনাদৰ ভয়ংকৰ বতাহৰ কৱলৰ পৰা এৰি কোঁচবিহাৰৰ ভেলাডোৱাৰত সত্ৰ স্থাপিত কৰি থাকোঁতে অসমীয়াৰ মহাপ্ৰাণৰ শক্তি ঘোষা ৰচনা কৰিছিল মহাপুৰুষ মাধৱদেৱে।
আমাৰ মহাকাব্য গীতা আৰু উপনিষদৰ গভীৰ ব্যঞ্জনা মনুকাৰ্যক দৃষ্টিভংগীৰ নান্দনিক চেতনাৰ বাটক যেন নামঘোষাই প্রতিনিধিত্ব কৰি সেই কলাত্মক আধ্যাত্মিক ৰঙক অধিকাৰ কৰি আছে। ই মগজুৰ বিচাৰ-বিবেচনাৰ সীমাৰ পৰা সাহিত্যলৈ আহোঁতে “নাম-ঘোষা’ই ভাষাৰ মৰ্যাদা, গৰিমা, ভটিমা, মনোভংগী, একান্ত একাগ্ৰতা, গভীৰ অৰ্থঘন চৰিত্ৰ দৰ্শনক নিৰন্তৰ জীৱন, জগত, মানৱীয় গুণৰ প্ৰমূল্যাদিক নিগাজিকৈ বহন কৰি আছে বাবেই মাধৱদেৱৰ “নাম-ঘোষা” অতুল্য অমৃত আধ্যাত্মিক গংগাৰ জলেৰে বিধৌত।
শংকৰ স্মৃতি মাধৱদেৱৰ আত্মলঘিমাৰ বাটেৰে কৃষ্ণৰ অতুল্য গুণ-গৰিমা মাহাত্ম্যক আৱেগ আৰু গভীৰ দৃঢ় জীৱনকলাৰ পদব্রজ বিম্বাশৱদ গুণত ৰপ্ত। সহজ সৰল প্ৰতিপাদ্য কথাবস্তুক তলৰ পদৰ দ্বাৰা বখানিব পাৰিঃ
“মুক্তিত নিস্পৃহ যিটো
সেহি ভকতক নমো
ৰসময়ী মাগোহো ভকতি।
সমস্ত-মস্তক-মণি
নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।।”
শংকৰৰ বৰ্ণনা, বিপুল অর্থঘন দৰ্শনে মাধৱদেৱক সন্মোহিত কৰিছে ব্যাপক ৰূপত আৰু তাত ভক্তিৰসৰ জোঁৱাৰৰ তৰংগই শংকৰৰ গুণ গৰিমাক দুৰন্ত ৰূপত পোহৰলৈ আনিছে।
“হৰিভক্তি ৰাজমাৰ্গে গুৰু
পদ-নখ-চন্দ্ৰ প্ৰকাশিত
শ্ৰুতি জননীৰ পদ -পন্থ অনুসৰি ।
ফুৰো হুয়া আমি আনন্দিত
স্খলন নাহিকে কদাচিত
মহাজনা সৱ জানিবা নিশ্চয় কৰি।।”
একহাজাৰ পদৰ ভিতৰত প্ৰায় পাঁচশ পদেই নামঘোষাত সংস্কৃত মূল অভিধাৰ পৰা শ্লোকৰ ভাঙনি হোৱাত ক'ব পাৰি যে “নামঘোষা” মৌলিক গ্ৰন্থৰ শাৰীত নপৰে ৷ কিন্তু সাহিত্যৰ বিশাল শৰীৰটো নামঘোষাই ধৰি ৰাখিছে ব্যাপক, ব্যাকুল ভক্তিৰসৰ দৰ্শনেৰে ৷ মাধৱদেৱে শংকৰদেৱৰ প্ৰেৰণাত লিখা তলৰ পদ বা শ্লোকটি মনকৰিবলগীয়া—
“কিমতে ভকতি কৰিবো তোমাত হৰি এ
মই মুঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম।”
অর্থ— লুইতৰ বুকুৰে দুয়োজন গুৰুৱে ভক্তিৰস পান কৰি ভটিয়াই যাওঁতে গাজিয়াঘাট পোৱাত তাত ঠাইখনৰে পৰিয়াল, জাতি, কুটুমে মৃতদেহ এটি সৎকাৰ কৰি থাকোঁতে মৃতকৰ পত্নীয়ে কান্দি থকা দৃশ্য দেখা পালে। বৰ কৰুণ, মৰ্মান্তিক। ইয়াৰ কাৰণ শংকৰে মাধৱদেৱক ‘মৰা মৈল' কিয় কান্দিছে বুলি জানিব বিচাৰিলে ৷ মাধৱদেৱে ক’লে, “এ বোলে বাপঃ জিহে মৰিছে সি জিয়াৰে পৰা মৰাঃ এই যি কান্দিচে ইও সপ্ৰাই মৰাহেঃ এ বাপ পূৰ্ব্বে ই জীৱ বাজকৈ প্ৰকৃতি মায়াৰ হাতে দিলা আয়াজাতকৈ ভূ-হৰাই অজ্ঞানভূমত পৰি মৰাকে লাগি মৰাই কান্দিচে আপোনাৰ মায়াত।”
মাধৱদেৱৰ তিথি উপলক্ষে ঢেকীয়াখোৱা বৰ নামঘৰত নাম-কীৰ্ত্তন
শংকৰ গুৰুৱে শিষ্যৰ এনে তাৎক্ষণিক উত্তৰ শুনি ক’লে, “বোলে বঢ়াপো, আমাৰ কান্দা এথেৰি” মাধৱদেৱে গুৰুৰ চৰণত বিনাইছে কাকুতিৰ অমল চেতনাৰে ঘোষাটিত।
ব্যাধৰ ফান্দত পৰা পক্ষী আৰু হৰিণ আদি মুকলি কৰি দিছিল, 'নাৰেঙ্গি আধলি এটি” আৰু “একসিকা” ফান্দত দি। ছয়কুৰি ভকতক সংগ কৰি হাবিৰ মাজেৰে তীৰ্থ কৰিবলৈ যোৱাৰ সময়ত ব্যাধৰ ফান্দ দেখি এনে কৰিছিল। শংকৰ গুৰুৰ সেই তীৰ্থকাল আছিল জয় যাত্ৰা ৷ ব্যাধৰ চকুযোৰো মুকলি হ'ল, তেতিয়া ব্যাধে মহাপুৰুষক আগভেটি ধৰি ক’লে, “প্রভু আমাকো সংসাৰ বন্ধনৰ পৰা মুক্ত কৰা শৰণ বিত্ত দি।” মাধৱদেৱে গুৰুজনাৰ অনন্ত অমৃত গুণ ৰস বৰ্ণনা কৰি ঘোষাক সুন্দৰ ৰূপ দিছে ঘোষাৰ ৮০৬ নং অংশত এনেদৰে,
“জ্ঞানশূন্য আতি পশু পক্ষী জাতি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময় ৷
আকে জানি হৰি শৰণে পশিলো এ
আমাক তোমাৰ তেজিতে উচিত নয়।।”
মাধৱদেৱে গণককুছিৰ বাটেৰে সালকচা পাইছে। জেখাল কছাৰীৰ গৃহত দেৱদত্ত অধ্যক্ষৰ ছাত্ৰশালাত মুগ্ধ হৈছে “তাতে শবদ ধাতুসূত্র সাজিছে, সন্ধি বুদ্ধি কৰি অমৰ পাঠ কৰিছে, দূৰ দিগন্তলৈ তাৰ গুঞ্জন শব্দই নৱ ৰং পৰিগ্ৰহ কৰিছে। ইয়াতে ব্যাকৰ্মৰ কাৰ্যই সংযোগ কৰি ঘোষাৰে ভকতসৱক শ্ৰৱণ কৰাইছে।
“স্মৰহু গোবিন্দ মূঢ়
বোলহু গোবিন্দ মূঢ়
ভজহু গোবিন্দ সৰ্ব্বক্ষণে।
মৰণ সন্নিতে পাইলে
গেবিন্দেসে ৰাখিৱন্ত
নাৰখিবে ‘ডুকৃঞ কৰণে' ।”৪৫ নামঘোষা
চৰিত পুথিত মাধৱদেৱৰ মুখ-নিসৃত অমৰ কথা শুনো এনেদৰে—
“দেখা ঘোষা পুথিখন আমাৰ আছয়,
সৱে কহি আছোঁ যিবা কহিবে লাগয় ৷
তাহাৰ অৰ্থকে যিবা জন বুজিবেক,
সেহিজন জানা লাগ আমাক পাইবেক ।।”(১৫৫৬)
“ঘোষাতে সমস্ত মোৰ বল বুদ্ধি যত
যাৰ ভাগ্য আছে আতে ৰজিবে সমস্ত ।।” (১২৬৬)
ইয়াত মাধৱদেৱৰ ঘোষাৰ উদ্ধৃতি চিৰযুগমীয়া হৈ আছে। মাধৱদেৱৰ “নামঘোষা”ৰ কাব্যমহত্ব অসীম। ইয়াত মানুহৰ হৃদয়ৰ কান্দোন আধ্যাত্মিক গুণেৰে অলৌকিক আনন্দনিস্যন্দী সৰ্বজগতৰ বুকুত মানুহক স্থান দিয়ে।
নৱ-বৈষ্ণৱ আন্দোলনৰ জীৱনকালত মহাপুৰুষ মাধৱদেৱৰ ভূমিকা বৰ মনোগ্রাহী। শ্ৰীমন্ত শংকৰ গুৰুৰ পিছতে নৱ-বৈষ্ণৱ আন্দোলনক প্ৰসাৰ, প্ৰচাৰ আৰু বৰ্ণিল ৰূপ দিয়াত মাধৱদেৱ অনন্য ৰূপতে অতুল্য। মাধৱদেৱৰ জীৱনচৰ্যাৰ গৰ্ভই এই ভক্তি জীৱনৰ গাত পিন্ধোৱা সুগন্ধি ৰং অসমীয়াৰ জাতীয় জীৱনৰ সাহিত্য সাংস্কৃতিক আৰু অধ্যাত্মিক জ্যোতিক সুনির্দিষ্ট ৰূপত জিলিকাই ৰাখিছে। মাধৱদেৱৰ এনে ভূমিকাৰ বিষয়ে দৈত্যাৰি ঠাকুৰে লিখিছে এনেদৰে—
“শংকৰে ভকতি প্ৰকাশ কৰিলা
মাধৱেসে প্ৰচাৰিলা
মাধৱৰ প্ৰথা
দত্যে ব্যভিচাৰী
অজ্ঞানী সৱে বুজিলা।”
শংকৰ গুৰুৰ জীৱনকালৰ ৰচনা, সৃষ্টি, ভকতি, একতা, ভক্তিমাৰ্গৰ আঁচনিমূলক কামত মাধৱদেৱৰ ভূমিকা আছিল অতুলনীয় ৷ হয়তো এনেবোৰ কালবসন পৰিৱেষ্টিত জাতীয় জীৱনৰ ৰূপকলাৰ বৰ্ণাঢ্য, বিশাল পৰিসৰত জীপাল হোৱা সেই সত্য হেতু দুয়োজন মহাপুৰুষক শ্ৰীকৃষ্ণ আৰু উদ্ধৱৰ লগত তুলনা কৰা হয়। “গুৰু মিলে লাখ লাখ, ছেলা নাহি মিলে এক।” (কবিৰৰ দোহা) মাধৱদেৱ ইয়াৰ অনন্য ব্যতিক্রম।
শাক্ত জীৱনত জন্মা মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃ আছিল মনোৰমা। লক্ষীমপুৰৰ কাচিকটা নৈৰ পাৰত (নাৰায়ানপুৰ অঞ্চল) ১৪৮৯ চনত মাধৱদেৱৰ জন্ম হৈছিল। বাংলাদেশৰ অন্তৰ্গত বণ্ডুকাৰৰ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত হৈছিল শিক্ষা গ্রহণ। পিতৃ বিয়োগৰ পাছত ককায়েক দামোদৰৰ স'তে ৰজাৰ ঘৰত বিষয় খাটিছিল মাধৱদেৱে। এই বিষয়বাব পৰিত্যাগ কৰি পাণ- তামোলৰ বনিজ কৰি ভনীজোঁৱায়েক ৰামদাসৰ দায়িত্বত সেই বনিজ এৰি মাকৰ কাষলৈ উভতি আহে। বাটত মাধৱদেৱে খবৰ পালে যে, মাকৰ শাৰীৰিক সন্তোলন হেৰাব ধৰিছে।
নৰিয়াত শৰ্যাগত হোৱাত দেৱী মালৈ ছাগলী এভাগ আগবঢ়ায়। শ্ৰীমন্ত শঙ্কৰদেৱৰ স'তে মাধৱদেৱৰ তৰ্ক যুদ্ধ হয় ছাগলী ভাগ দেৱীলৈ আগ কৰাৰ প্ৰসংগতে। ১৫২২ খ্ৰীঃত মাধৱদেৱ আৰু শংকৰদেৱৰ মাজত ধুৱাহাটত দিনৰ তিনিটা প্ৰহৰৰ মাজত নিবৃত্তি আৰু প্ৰবৃত্তি মাৰ্গৰ শাস্ত্ৰক আলম লৈ হোৱা তৰ্ক যুদ্ধৰ শেহান্তৰত শংকৰ গুৰুৱে শ্ৰীমদ্ভাগৱতৰ
“যথা তৰোমূল নিঃষেচনেন তৃপ্যস্তি তৎস্কন্ধ ভূজোপ শাখাঃ । প্ৰাণো পহাশ্চ যথোন্দ্রিয়ানাং
তথা সর্বচিন মুচ্যতেভ্যঃ।।”
- এই শ্লোক মাতি ইয়াৰ ব্যাখ্যা বৰ্ণনা কৰাত মাধৱদেৱৰ তৎ আহিল, মগজু আৰু হৃদয়ৰ সংযোগত উৎপন্ন জ্ঞানমার্গত শংকৰ গুৰুৰ কথাই যে সত্য, শুদ্ধ, গণ্য, মান্য, অমৃত, অতুল্য নিশ্চিত হৈ শংকৰদেৱক নিজৰ একান্ত গুৰু মানি দুভৰিত ধৰি সেৱা কৰে। শংকৰদেৱৰ ওচৰত একাগ্ৰ হোৱাৰ পিছত তেওঁ সাংসাৰিক দিশলৈ সম্পূৰ্ণৰূপে পিঠি দি বৈষ্ণৱ ধৰ্মৰ ৰাজহাড় বিকশাৰ কামত আত্মনিয়োগ কৰিলে। এই দুয়োগুৰুৰ মিলন অসমৰ মহাজাতীয় জীৱনৰ বাবে এক সাংস্কৃতিক, সাহিত্য, আধ্যাত্মিক, সমাজ আৰু নৃগোষ্ঠীয় জীৱনকালৰ বাবে পৱিত্ৰ গংগা হৈ ৰ'ল ।
শংকৰদেৱৰ ধৰ্মক সৰোগত কৰা ধৰ্ম মাধৱদেৱৰো ধৰ্ম আৰু ইয়াৰ বাবে তেওঁ অসমৰ ভালেমান ঠাই ভ্ৰমি সত্ৰ প্ৰতিষ্ঠা কৰে । বিশেষকৈ গণককুছি, বাৰাদি সত্ৰ অন্যতম।
দৈৱকীনন্দন শ্ৰীকৃষ্ণ সনাতন ধৰ্ম একশৰণ ধৰ্মৰ মূল সত্বা । শ্রীকৃষ্ণ স্বয়ংপূৰ্ণ ঈশ্বৰ- “এতে চাংশ কলাঃ পুংসঃ কৃষ্ণস্তু ভগৱান স্বয়ম। ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দ বিগ্রহ।”তেওঁ চিৎ আৰু আনন্দ সৎ আকাৰ । স্বয়ং শ্ৰীকৃষ্ণই ভাগৱতত উদ্ধৱক কৈছিল—
“তস্মাত্বযুদ্ধৱোৎসৃজ্য চোদনাং প্রতিচোদনাম । প্রবৃত্তঞ্চ নিবত্তঞ্চ শ্রোতব্যং শ্রুতমেৱ চ।। মামেকমেৱ শৰণমাত্মানং সর্বদেহিনাম ।
যাহি সৰ্বাত্মভাৱেন ময়া স্যা হ্যকুতোভয়ঃ ।।”
“হে উদ্ধৱ তুমি বেদৰ বিধি-নিষেধ পৰিহাৰ কৰি, জনা আৰু জানিবলগীয়া সকলো কথা, বিষয়বস্তুৰ প্ৰতি উদাসীন হৈ সমস্ত প্ৰানীৰ আত্মাস্বৰূপ মাত্র মোত কায়-মনো-বাক্যে শৰণ লোৱা। তেতিয়া তোমাৰ সকলো ভয় দূৰ হ'ব।”
“সৰ্ব্বধৰ্ম্মান পৰিত্যজ্য মামেকং শৰণ ব্ৰজ
অহং ত্বাং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ”
গীতাত উপৰোক্ত শ্লোকৰ বিষয়ে কৃষ্ণই অর্জুনকো কৈছিল।
একশৰণ ধৰ্ম প্ৰচাৰ, প্ৰসাৰৰ নিমিত্তে গুৰু দুজনাই নানা সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰা দৃশ্য সজ্জাই অসমীয়া জাতিক একেডাল ধৰ্মৰ সমাজ ৰচীত বান্ধি ৰাখিছে। মাধৱদেৱৰ দ্বাৰা “ভাগৱত”, “ৰত্নাৱলী” বা “নামঘোষা”,“ কীৰ্ত্তন-ঘৰ”, “নামঘৰৰ গুৰু আসন” প্রতিষ্ঠা কৰা ব্যৱস্থা হৃদয়উদ্বেলক। শিখ ধর্মতো তাবিয়া (গুৰুগাদী) ত শ্ৰীগুৰু গ্ৰন্থসাহিব প্ৰতিষ্ঠা থৈ থাকে। শংকৰগুৰুৱে শিষ্য ক্ৰমে পঢ়িয়া মাধৱ, যদুমনি, গোবিন্দ আতা, গোপাল আতা, লক্ষ্মী আতা, কেশৱচৰণ, পদ্ম আতা, ৰামচৰণ, বংশী গোপালদেৱ, বিষ্ণু আতা, মথুৰা দাস বুঢ়া আতা আদিক ধৰ্ম প্ৰচাৰৰ কামত নিয়োগ কৰি বৈষ্ণৱ বা একশৰণ ধৰ্মক মানুহৰ মাজলৈ নিয়াৰ সুগম পথ তৈয়াৰ কৰিছিল।
সত্ৰৰ নিয়ম ৰীতি-নীতি পূর্ণতা দিয়াৰ ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱৰ বৰঙণি অতুল্য ৰূপতে দৃষ্টিনন্দন। গুৰুজনাৰ কালত সত্ৰৰ দৈনিক প্ৰসংগই তিনিটা স্তৰত ধাৱিত হৈছিল। সেয়া হ'ল-ৰাতিপুৱাৰ প্ৰসংগ, আবেলি আৰু ৰাতিৰ প্ৰসংগ। ইয়াত ঈশ্বৰ, ভাগৱতৰ শ্লোক, ভাগৱত প্ৰসংগই মুখ্যস্থান লাভ কৰে। বাৰ আৰু চৈধ্য প্ৰসংগই পৰৱৰ্তীকালত ৰূপ লয়। মাধৱদেৱেই চৈধ্য প্ৰসংগৰ প্ৰৱৰ্তক। আনকি নাম, দেৱ, গুৰু আৰু ভকতক শৰণ দিয়াৰ নিয়ম প্ৰণালী আদিৰ ৰূপত চৰিত্ৰ নিৰ্মাণ কৰিছিল মাধৱদেৱেই।
অসমৰ বৈষ্ণৱ ধৰ্মৰ চাৰি মাৰ্গ হ'ল শংকৰদেৱৰ “কীৰ্ত্তন”, “দশম”, মাধৱদেৱৰ “ঘোষা” আৰু “ৰত্নাৱলী” । শংকৰদেৱৰ সৃষ্টিৰ সমস্ততে একশৰণ ধৰ্ম ব্যাখ্যা কম বেছি পৰিমাণে আছে। তেৰাৰ “কীৰ্ত্তন-ঘোষা” আৰু “দশম স্কন্ধ ভাগৱত”ৰ ভাঙনি, মাধৱদেৱৰ “নামঘোষা” আৰু “ৰত্নাৱলীত” ধৰ্মৰ মূল কথাবস্তু প্রত্যক্ষ ৰূপত অধিক স্পষ্ট হোৱাত একশৰণ নামধৰ্মই মানুহৰ মাজত সহজে প্ৰসাৰ, প্ৰচাৰ লাভ কৰে ছান্দসিক ৰূপতে ছন্দোৱদ্ধভাৱে৷ মাধৱদেৱৰ গ্ৰন্থৰ গাঢ়তা অর্থঘন চৰিত্ৰ, মানৱীয় প্ৰমূল্যৰ মূল্যায়ণৰ শব্দকলাৰ চৰিত্ৰ দর্শন বিশাল, বর্ণিল আৰু বৰ্ণাঢ্য৷
শংকৰদেৱৰ দেহাৱসানৰ পাছত মাধৱদেৱ এবছৰ পাটবাউসীত আছিল। পৰৱৰ্তীকালত সুন্দৰীদিয়াত সত্ৰ স্থাপন তাৰ পৰা বৰপেটাৰ তাঁতীকুছিত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰিছিল। পৰৱৰ্তীকালত প্ৰখ্যাত হাজোলৈ আহে। হাজোত তেওঁৰ যশ, মান, কীৰ্তি হয়গ্ৰীৱ- মাধৱতকৈয়ো অধিক হোৱাত তেওঁৰ প্ৰতি মানুহৰ আকৰ্ষণ বঢ়িল। শংকৰ গুৰুৰ দৰে হাজোৰ পৰা মাধৱদেৱ কোচবিহাৰলৈ পলাই যাব লগা হয় একাংশ মানুহৰ ঈৰ্ষাৰ বাবে।
কোচবিহাৰত বিৰূপাক্ষ কাজী নামৰ ব্যক্তিৰ পৰা মাধৱদেৱে নানা ধৰণৰ তিক্ততা লাভ কৰিছিল। অৱশ্যে, তেখেতৰ ধৰ্মৰ বিষয় বচন, শংকৰ গুৰুৰ আদৰ্শৰ বাটেৰে লাভ কৰা মানৱীয়তাৰ প্ৰতি মুগ্ধ হৈ ৰাজকোঁৱৰ তথা ৰাজমাও আৰু অন্যান্য বিষয়াদিয়ে তেখেতক ধৰ্ম প্ৰচাৰত কৰা মননশীল সহায়ৰ বাবে মাধৱদেৱে কোচবিহাৰত জাতীয় জীৱনৰ সাংস্কৃতিক, সাহিত্য আৰু আধ্যাত্মিক জীৱনক পৰিশীলিত ৰূপত প্ৰচাৰ প্ৰসাৰ কৰি ১৫৯৬ চনত তেখেতে পৃথিৱীৰ পৰা চিৰবিদায় মাগে।
মাধৱদেৱে সাংস্কৃতিক আৰু জাতীয় জীৱন উদ্বেলক ক্ষেত্ৰ সত্ৰৰ মূল আভিধা শঙ্কৰদেৱৰ দ্বাৰা একত্ৰিত হ'লেও ইয়াৰ বিকাশৰ বহল ব্যাসাৰ্ধৰ গৰিমাই ব্যাপক ৰূপ পায় মাধৱদেৱৰ হাততহে। সুন্দৰীদিয়াত তেখেতে ধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়ত দামোদৰদেৱে এই ধৰ্ম প্ৰচাৰৰ বিপুল কাম কৰিছিল (গুৰুচৰিত)। শংকৰদেৱে তাঁতীকুছিলৈ আহি ৰঙিয়াল ঘৰৰ সতে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰে ৷ ভক্তি প্রধান ধৰ্মৰ মান উচ্চ হৈ আছে একশৰণ ধৰ্মৰ অভিধাত ৷ নৱবিধ ভক্তিৰ ৰস স্বাদ শ্ৰীমদ্ভাগৱতত পোৱা যায় এনেদৰে—
“শ্ৰৱণং কীৰ্তনং ৱিষ্ণোঃ স্মৰণং পদসেৱনম্।
অৰ্চনং ৱন্দনং দাস্যং সখ্যমাত্মনিৱেদনম্।।”
অর্থ—
“শ্ৰৱণ কীৰ্তন
দাস্য সখিত্ব
স্মৰণ বিষ্ণুৰ
অৰ্চ্চন পাদ সেৱন
বন্দন বিষ্ণুত
কৰিব দেহা অৰ্পন ।।”
মাধৱদেৱে শংকৰদেৱে গুৰুত্ব দিয়া তিনিবিধ ভক্তি শ্ৰৱণ, কীৰ্ত্তন আৰু দাস্যৰ গভীৰ কথাবস্তুক অধ্যয়ন, অনুশীলনৰ মাধ্যমেৰে “বৰগীত”, “ৰত্নাৱলী”, “নামঘোষা”ৰ গৰ্ভচেতনাৰে তাত্বিক বিশ্লেষণ সুন্দৰকৈ প্ৰকাশ কৰি মানুহৰ হৃদয় জয় কৰিছে।
নামঘোষাৰ গৰ্ভমাতৰ নিনাদ আৰু অৰ্থঘন চৰিত্ৰ প্ৰথম শ্লোকত ব্যাপক হৈ মানুহৰ হৃদয় দিগন্তলৈ নিৰন্তৰ ধাৱমান হৈ আছে। “মুক্তিত নিস্পৃহ
যিটো
সমস্ত-মস্তক-মণি
সময়ী মাগোহো ভকতি
সেহি ভকতক নমো
নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।”
এই ঘোষাতে যেন একশৰণ ধৰ্মৰ বিষয়বস্তু, অর্থঘন চৰিত্ৰ দৰ্শনে মানুহক আাদিত কৰি ৰাখিছে। মাধৱদেৱৰ জীৱন কালৰ কথা চৰিত পুথিত উল্লেখ আছে ধৰ্মৰ নিয়ম-নীতি অনুশীলনৰ ক্ষেত্ৰত তেৰা গোড়া আছিল ৷ সুন্দৰীদিয়াত ধৰ্ম প্ৰচাৰ কৰি থকা কালত নাৱেৰে গৈ থাকোতে বৰষুণ নিদিবলৈ গোপাল আতাই মেঘ দেৱতাক কৰা প্ৰাৰ্থনাত তেওঁক পানীত নমাই ব্যভিচাৰী বুলি আখ্যা দিছিল ৷ এবাৰ গুৰুপত্নী কালিন্দী আয়ে ভোজন কৰিবলৈ তেৰাক নিমন্ত্ৰণ কৰাত আইৰ গৃহত গণেশ বিগ্ৰহ আৰু পূজাৰ ঘটাদি আঁতৰাই পুনৰ ভাত ৰান্ধিলেহে ভোজন গ্ৰহণ কৰাৰ বাবে প্ৰস্তুত হৈছিল। এনে কঠোৰ নীতিয়ে প্ৰকাশ কৰা মনোভংগী অৱশ্যে শংকৰদেৱৰ জীৱনেও গ্রহণ কৰিছে এনেদৰে—
“অন্য দেৱী দেৱ নকৰিবা সেৱ
নখাইবা প্ৰসাদো তাৰ ।
মূৰ্ত্তিকো নচাইবা গৃহো নপশিবা
ভক্তি হৈব ব্যভিচাৰ ।। ”
দৈত্যাৰি ঠাকুৰৰ মতে মাধৱদেৱে তেওঁৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ উত্তৰসুৰী কাকো উত্তৰাধিকাৰী ৰূপে নিযুক্তি দি নগ'ল। শিখ ধৰ্মতো গুৰু গোৱিন্দ সিংহৰ পিছত কোনো মানৱৰূপী গুৰুৰ স্থান নোহোৱা হ'ল। ইয়াৰ পৰিৱৰ্তে গুৰু গোৱিন্দ সিংহই তেওঁৰ পৰৱৰ্তীকালত শ্ৰীগুৰু গ্ৰন্থ সাহিবকেই শিখ ধৰ্মাৱলম্বী লোকৰ বাবে মান্যতা দিছিল ৷
“একদিনা আলোচিলা সৱে ভক্ত মিলি
পূজিলন্ত মাধৱক কৰি কৃতাঞ্জলি। আবিৰ্ভাৱ তিৰোভাৱ ঈশ্বৰ সৱৰ আছে বাপ সর্বকাল জানি সাৰতৰ।। তোমৰা সাক্ষাতে আছে সমস্ত সংশয় তোমাতে পূজিলে সংশয় দূৰ হয় ৷ যেতিক্ষণ তিৰোভাৱ তোমৰা কৰিব কোনো কথা খানি লোকে কাহাত পূজিব।।”
এই প্ৰসঙ্গত মাধৱদেৱৰ স্থিতি আছিল এনেধৰণৰ—
“তিনিদিন মানে আমি গুনি মানি চাইলো
কাহাক বুলিব আমি বিচাৰি নপাইলো।।’
এনেবোৰ কাল পৰিপ্ৰেক্ষিততে তেৰাসৱৰ ধৰ্মই পৰৱৰ্তীকালত কাল আৰু নিকা, পুৰুষ ব্ৰহ্মত বিভক্ত হৈ পৰাৰ কাৰণে উপৰোক্ত কথাবস্তু। তথাপি ক'ব পাৰি যে, দুয়োজন গুৰুৰ দ্বাৰা নিৰ্মাণ হোৱা ধৰ্ম সমাজ প্ৰসন্ন গণতান্ত্ৰিক প্ৰমূল্যেৰে পূৰ্ণ আৰু মানৱ দৰদী। শংকৰদেৱে “ৰুক্মিণী হৰণ” আৰু “কুৰুক্ষেত্ৰ” কাব্য লিখি মাধৱদেৱৰ দ্বাৰা “ৰাজসূয় কাব্য”ৰ পদ কৰোৱা আৰু তেৰাৰ বৰগীত সমূহ মাধৱদেৱক কৰিবলৈ দি কৈছিল—“বোলে বঢ়াৰ পো, অনেক শ্ৰমকৈ গীতখানি কৈলো। গীত কিছু কৰা, আমি নকৰোঁ আৰু....” আনকি ৰামানন্দক পৰকালৰ বস্তু বিচাৰি মাধৱদেৱৰ ওচৰলৈহে যাবলৈ দি কৈছিল এনেদৰে-
“আৰু এক বার্তা কহওঁ তোমাত
মোৰ গুণ যশ যত ।
বল পৰক্ৰম শক্তি ভক্তি পন্থ
সৱে আছে মাধৱত ।।
মাধৱৰ লগে পিৰীতি কৰিয়া
কৰিয়া আতি আদি
মাধৱ আমাৰ পৰম বান্ধৱ
মোৰ প্ৰাণ এৰে মৰি ৷ ৷”
মাধৱদেৱৰ সাধাৰণ জীৱন পৰিক্ৰমাত অসাধাৰণ কৰ্ম, সংস্কৃতি, সাহিত্য কৃতী এক সমষ্টিগত ব্যক্তিত্বৰ গুণেৰে নিহিত থকা জাতীয় চৰিত্ৰ। ছন্দোৱদ্ধ তেওঁৰ খোজ, কথা, ছান্দসিক জীৱন কলাৰ ৰঙত তিতা পৰিশীলিত মননশীল সমাজ উত্তৰণৰ গৰ্ভধাৰাত ৰপ্ত বিষ্ণুত-কৃষ্ণত শংকৰৰ গুণ গৰিমা মানুহৰ জীৱনৰ সঞ্জীৱনী গঙ্গা কৰাত তেৰাৰ ভূমিকা নিঃসন্দেহে হিমালয় সদৃশ উচ্চতাৰে সংপৃক্ত ।
“নোহো জানা আমি চাৰি জাতি
কিন্তু পূৰ্ণানন্দ সমুদ্রৰ
গভীৰ অৰ্থৰ ৰসত নিনাদিত । তলৰ নামঘোষাত তাৰ ব্যাখ্যাৰ ৰং স্পষ্ট হৈ উঠিছে—
চাৰিও আশ্ৰমী নোহো আমি নোহো ধর্মশীল দান ব্ৰত তীর্থগামী
গোপী-ভৰ্ত্তা পদ কমলৰ
দাসৰ দাসৰ তান দাস ভৈলো আমি।।”
মাধৱদেৱৰ গুৰুজ্ঞান ফুটি উঠিছে তলৰ ঘোষাত—
“শংকৰেহে শুদ্ধমত
ঈশ্বৰ ভক্তিৰ তত্ব
প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি ।
ইহাক নজানি মূঢ়ে
জীৱিকাৰ অৰ্থে ফুৰে
আপোনাৰ মহত্ব বখানি ।।
শংকৰে সংশয় ছেদি
শাস্ত্ৰৰ তত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি।
আনক বোলয় গুৰু
তাংক এৰি কি কাৰণে
কিনো লোক মহামুঢ়মতি।।”
“নামঘোষা”ত উচ্চাৰিত ঈশ্বৰ স্বৰূপ ব্ৰহ্ম অচ্যুত, নৰোত্তম, কৃষ্ণ, কেশৱ, সদানন্দ, নৰসিংহ, বামন, ৰাম, পৰমানন্দ, সৰ্ব্বানন্দ, বনমালী, দামোদৰ, পৰশুৰাম, হৰি, বিষ্ণু, হৃষীকেশ, পৰমাত্মা, নাৰায়ণ, নিৰঞ্জন, নিৰাকাৰ, মাধৱ, জনাৰ্দ্দন, মধুসূদন, গোপাল, গোৱিন্দ, পুৰুষোত্তম, পৰমেশ্বৰ, অনন্ত, অনাদি, জগন্নাথ, পৰম ব্ৰহ্ম, ভগৱন্ত, গৰুড়-কেতু, বাসুদেৱ, বৈকুণ্ঠ আদিৰে বিশাল বিশ্বৰ তাড়নকৰ্ত্তাক তুলি ধৰিছে। বিষ্ণু শেহান্তৰত বাসুদেৱ-দৈৱকীৰ্তনয় কৃষ্ণলৈ ৰূপান্তৰ হৈ বিষ্ণুৰ মহিমাক প্রকাশিছে।
মাধৱদেৱ বিৰচিত নামঘোষাৰ কেইটামান বেটুপাঁত
নামঘোষাত ভকতসৱে কি কৰিব লাগে ধৰ্ম, কর্ম, সমাজৰ জীৱন কি, তাৰ সু-নিদৰ্শন দিছে এনেদৰে-
“একেখানি মাত্র শাস্ত্র নিষ্ঠ দৈৱকী নন্দনে কৈলা যাক
দেৱো একে মাত্ৰ দৈৱকী দেৱীৰ সুত।
দৈৱকী পুত্ৰৰ পদসেৱা
কৰ্ম্মো একে এহিমানে মাত্র
মন্ত্রো এক তান নাম মাত্র অদভূত ।।”
“কিমতে ভকতি কৰিবো তোমাত হৰি এ
মই মূঢ়মতি নাজনো তাৰ উপায় ৰাম ৰাম
হৰি হৰি হৰি হৰি এ
কৃষ্ণসে সুহৃদ বান্ধৱ গুৰু আমাৰ
কৃষ্ণৰ চৰণ পংকজ বিনাই হৰি হৰি হৰি হৰি এ
মই অনাথৰ গতি নাই নাহি আৰ......।।”
উপৰোক্ত কথাবস্তুত মাধৱদেৱৰ ভক্তি “ৰসময়ী মাগোহো ভকতি”। তেওঁৰ ব্যক্তিগত উল্লাস, উৎসাহ, আধ্যাত্মিক মাৰ্গ, উৎযাপনত বিনয় প্ৰাৰ্থনাৰ অন্তৰ্ভৰা ভাৱাবেগ মন, বুদ্ধি, স্বাভিমান, অহংকাৰ নিজতে সমাহিত হৈ কৃষ্ণৰ ওচৰত সমৰ্পন কৰি নিৰ্বাণ লাভ কৰিছে। ইয়াত আৱেগ আসক্তি বিৰল, বিমল প্ৰকাশৰ অমিতাভ বন্দনাই শীর্ষবিন্দুত যেন লিপিত খাই পৰিছে। নামঘোষাৰ পৰিভাষাৰ অমৃত অভিধা হ’ল—
“একান্ত ভকত যাৰা হয়
কিছু অৰ্থ তাৰা নবাঞ্চয়
মহা অদভুত হৰি গুণ নামময় ৷
পৰম মংগল কৃষ্ণ যশ যাত পৰে আন নাহি ৰস
পৰম আনন্দ সমুদ্রে মজি ৰহয়।।”
মাধৱদেৱ নামঘোষাৰ শিৰোমণি। কবি, শব্দ-মূল যাক তেৰাই ছান্দসিক, বর্ণময়, নান্দনিক, ছন্দোৱদ্ধভাৱে কৃষ্ণৰ মহিমা মানৱৰ হৃদয়ত অন্ত্যঃমিলে অন্তমিলে প্ৰৱাহমান কৰি গৈছে। তত্ব আৰু ৰসৰ অৰ্থঘন চৰিত্ৰ দৰ্শনৰ বিৰল সমন্বয় ঘটিছে নামঘোষাত ।
ভাৰতবৰ্ষৰ ভিতৰত মাধৱদেৱ প্ৰথমজন শিশু সাহিত্যিক ৰূপে খ্যাতি লাভ কৰিছে। শ্ৰীকৃষ্ণৰ বাল্যকালৰ নানা বিনন্দীয়া, চমৎকাৰ কর্মকাণ্ডক তেৰাই সাহিত্যৰ বিশাল জীৱন দি ভাৰতীয় সাহিত্যৰ শিৰোনামা গৰিমাময় কৰি ৰাখিছে। ব্যাসদেৱৰ মহাভাৰতৰ অনেক কাহিনীৰে কৃষ্ণক তেওঁ মহীয়ান কৰি তুলিছে। “চোৰধৰা আৰু পিম্পৰা গুচোৱা”, “অর্জুন ভঞ্জন”, “দধি মথন”, “ভূমি লেটোৱা”, “ভোজন বেহাৰ” আদি শিশু নাটকৰ সাহিত্য গৰ্ভৰ বিশাল গভীৰতা উল্লেখযোগ্য সাহিত্য সম্পদ হোৱাৰ লগতে কৃষ্ণৰ মহিমাক প্ৰসাৰ, প্ৰচাৰ কৰি মহত্ব দিয়া কাৰ্য অদ্বিতীয় ৷ মাধৱদেৱৰ এনে তীব্র, তীক্ষ্ণ চেতনা আৰু অনুসন্ধিৎসু মনৰ মাজত সৃষ্ট নাটকে অসমীয়া সাহিত্যৰ জীৱনৰ কল্পতৰু মৰ্যদা দি অমৃতময় কৰি ৰাখিছে ।
মাধৱদেৱৰ উপাস্য সগুণ উপাস্য দেৱতা কৃষ্ণৰ জীৱন, শিৰোনামা স্মৰণ কৰাৰ লগে লগে শংকৰদেৱৰ জীৱন বৃত্তান্ত, স্মৃতিৰ এলবামত জিলিকি স্থায়ীত্ব লাভ কৰিছিল। যিদৰে ৰামকৃষ্ণ পৰমহংসৰ সমাধি ভংগ হোৱাৰ “কালী মূৰ্তিক” “মা মা” ৰূপেৰে, নামেৰে অন্তৰ্ভৰা মৰ্যদাৰে স্মৰণ কৰে, মাধৱদেৱৰ বেলিকাও কৃষ্ণ, শংকৰ, বিষ্ণুৰ পৰিভাষা অমৰ হৈ ৰ'ল ৷
মাধৱদেৱে ভোবোৰা ৰাম আতৈক পানী দিয়া লোটাটি লৈ আতৈয়ে লৈ ৰাতিটো কান্দিছিল। কথাটো জানিব পাৰি ভোবোৰা আতৈক গুৰুৱে কৈছিল—
“এতিয়া লোটা মায়াপাশে কান্দিলা তাতহে মন বাত খাই লাগিব নাম গাম কেনেকৈ আৰু ।” পিছত লোটাটো ওভোটাই দিবলৈ কৈ গুৰুৱে ঘোষাত কৈছে—
“লোভ মোহ কামঃ ক্রোধ মদ মানঃ দ্বেষ আদি ভাৱ যি গুৰুসৱত ইসৱ নথাকয়ঃ প্রাণামোহো তাহান পাৱঃ শুনিও সজুল শাস্ত্ৰসাৰঃ সকলে সম্পতি জানা তাৰ পূন্ন শশী পূন্ন দুগ্ধ সিন্ধুঃ যিমত প্ৰকাশ নকৰয়ঃ বহাখলা শোভা নকৰে সুধ মনে দি পদোহ মহা।।” (গুৰুচৰিত ৬০৪)
মাধৱদেৱৰ জীৱনকালৰ অনেক সময় সংঘাত প্ৰত্যাহ্বানৰ মাজেৰে অতিক্ৰম হৈছিল। ঠিক শংকৰ গুৰুৰ দৰে তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰি বা ষড়যন্ত্ৰৰ বলি হৈ পলাই ফুৰা ঘটনা-প্রবাহ উদ্বেগজনকভাৱে মন কৰিবলগীয়া।
জাতীয় জীৱনৰ মহা জনসমুদ্ৰৰ মাজত শংকৰ, কৃষ্ণ, বিষ্ণুৰ গৰিমা প্ৰকাশ কৰি একশৰণ ভক্তি ধৰ্ম প্ৰসাৰৰ হেতু তেওঁৰ অৱদান অতি গুৰুত্বপূৰ্ণ। সাংস্কৃতিক জীৱনবোধৰ অফুৰন্ত ৰঙত তেওঁৰ হৃদয় আক্রান্ত বাবেই সমাজৰ ভাল কামৰ প্ৰতি হাত ধাৱিত কৰি মানুহৰ কল্যাণৰ দিশ-দশাক মনোহৰ কৰি তুলিছিল ৷ হৰিৰ ঘৰত বিভীষণ আতৈ আৰু পৰ্বতীয়া কৃষ্ণাই আতৈ— এই দুই চিত্ৰকৰে পাটদ্বাৰাত লটাফুলৰ দ্বাৰা হৰিঘৰ চমৎকৃত কৰাৰ দৰে আমিও লটা কাটি প্ৰভুৰ গুণ বৰ্ণনাত গোৱা ঘোষা মনোৰম—
“হৰি হৰি হৰি হৰি হৰি হৰি হৰি এ” (নামঘোষা গ্রন্থ ৯৭৮ নং ঘোষা খণ্ড স্বৰূপ)
ধনুখণ্ডাৰ দুপাৰে কৃষিত ৰপ্ত দুজন ভকতৰ মাজৰ দণ্ডই তেৰাক তলৰ ঘোষা গাবলৈ বাধ্য কৰিছে—
“আপুনি আপুন বন্ধু
আপুনি আপুন শত্রু
আপুনি আপুন ৰাখে মাৰে। (নামঘোষা ২৬ নং ঘোষাৰ প্ৰথম শাৰী)
সূৰ্যৰ ৰশ্মি বিকিৰণ নোহোৱাৰ প্ৰসংগত তেৰাৰ মুখ নিসৃত ঘোষাৰ বৰ্ণনা এনেধৰণৰ—
“সেহিসে দিনক ভাই দুদিন বুলিয়া মানি
হৰিকথা অমৃত
মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন।
সম্যকে-আলাপ ৰস
যিটো দিন হোৱয় বিহীন।। (নামঘোষা ৪০)
শ্ৰীমন্ত শংকৰ গুৰুৰ নেতৃত্বত ১৫ শ শতিকাত অসমত যি নৱজাগৰণৰ বিপ্লৱে অন্ধকাৰ জগতৰ আন্ধাৰ নাশি মানুহৰ পৃথিৱীক জীৱন্ত কৰাৰ প্ৰয়াস কৰিছিল, সেই বিপ্লৱৰ বাটত মহাপুৰুষ মাধৱদেৱৰ নাম সোণালী আখৰেৰে লিখা থাকিব ৷ ভাৰতৰ পশ্চিম প্ৰান্তত গুৰু নানকৰ হাতত প্ৰসাৰিত নৱজাগৰণৰ ৰঙ- ৰূপৰ বিচিত্ৰ চৰিত্ৰ দৰ্শনে অনেকক প্ৰভাৱিত কৰাৰ লগতে অনেক ধুৰন্ধৰ মানুহৰ জীৱনলৈ সংশয় নামি আহিছিল। গুৰুৰ্নানকে এই সংকটকালীন ১৫ শ শতিকাৰ ভাৰতৰ বিষয়ে কৈছিল “ৰজাবোৰ কচাই, সকলোতে মানুহৰ সূৰ্য হেৰাই অসত্যৰ চন্দ্ৰ আলোকিত হয়। যুগটো অস্ত্ৰ সদৃশ। মানুহৰ সৰহ সংখ্যকেই অন্ধবিশ্বাসী।”
মাধৱদেৱ আৰু শংকৰদেৱ এই দুই কৃতধী-ধীমান মহাপুৰুষৰ গুণ, যশস্যা আৰু কীৰ্তি সেই সমকালৰ বৈষ্ণৱ সাহিত্যত অতি গুৰুত্বসহকাৰে বিস্তাৰিত, উচ্চাৰিত। নৱবৈষ্ণৱ ভক্তি আন্দোলনত এই দুজনা গুৰুৰ জীৱনকালেই নিৰন্তৰ যুগে যুগে অসম আৰু অসমীয়াক প্রভাৱিত কৰি ভাৰতৰ ভক্তি আন্দোলনৰ চৰিত্ৰ দৰ্শনক গংগাজলেৰে স্নানিত কৰি ৰাখিব। ভক্তি-ধৰ্মৰ অতি মননশীল আৰু পৰিশীলিত তত্বসমূহক মানৱ সাগৰৰ ধ্বনি-প্রতিধ্বনিৰে হৃদয়ত স্থান দিয়াৰ ক্ষেত্ৰত মাধৱদেৱৰ অৰিহনা, কষ্ট, কৰ্ষণ আৰু সন্নিৱিষ্ট হৈ থকা গণতান্ত্রিক মানৱীয় প্ৰমূল্য গুৰুত্বপূর্ণ।
শংকৰদেৱৰ একশৰণ ধৰ্মৰ মূল মতবাদ এজন মাত্ৰ দেৱতাৰ একাগ্র, একান্ত শৰণ । কৃষ্ণ এই ধৰ্মৰ মূল কাৰক। গৃহস্থাশ্ৰমত ধৰ্মৰ বাট অতি প্রকটভাৱে উজ্বল । সকলো পন্থ সম্প্রদায়ক এক কৰি তেৰাই সৃষ্টি কৰিব খোজা মহান অসমীয়া মহাজাতি মহাপুৰুষ মাধৱদেৱৰ হাতত লাভ কৰা দ্রুতগতিৰ খোজ চমকপ্রদ। অৱশ্যে মাধৱদেৱৰ কালত সত্ৰসমূহ গৃহী আৰু উদাসীন- এই শিৱিৰত স্থান লোৱাত স্বাভাৱিকতে এক বিতৰ্কৰো জন্ম হয়। একশৰণ ভাগৱতী ধৰ্মৰ হৃদপ্রকাশৰ ক্ষেত্ৰত মাধৱদেৱৰ বৰঙণি স্বীকার্য সৌন্দৰ্যশালী ৰূপত। জাতীয় সাংস্কৃতিক জীৱনকালৰ অনন্য প্রতীক সত্ৰসমূহৰ পূৰ্ণ বিকাশৰো বাট বহল হৈছিল মহাপুৰুষৰ দৰ্শনৰ ওপৰতেই।
মন কৰিবলগীয়া যে, শংকৰ গুৰুক লগ পোৱাৰ পিছৰে পৰা মাধৱদেৱে বৈষ্ণৱ জীৱন, সমাজ, এক ঈশ্বৰৰ প্ৰচাৰৰ বাবে তেওঁ জীৱন সঁপি দিছিল। তেওঁ কবি, সুগায়ক, তীক্ষ্ণ বুদ্ধিসম্পন্ন পাণ্ডিত্যৰ অলেখ গুণেৰে সমাহিত এক গভীৰ সমাজ সচেতন চৰিত্ৰ দৰ্শনৰ নায়ক আছিল। শংকৰদেৱৰ প্ৰধান উপাসক, সহায়কাৰী ৰূপেৰে মাধৱদেৱ অদ্বিতীয় । এক কথাত শংকৰ আৰু মাধৱৰ পিছৰ পৰাহে নৱবৈষ্ণৱ ধৰ্মই সুষম গতিপথেৰে ধাৱিত হৈছিল। এইক্ষেত্ৰত মাধৱদেৱৰ কণ্ঠ শুৱলা জীৱনবৃত্ত উদ্ভাসিত হোৱা গীত, পদ, ঘোষা আৰু ইয়াৰ মৰ্মাৰ্থই মানুহক নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি দুৰন্ত গতিত আকৰ্ষিত কৰিছিল। আহোম ৰাজত্ব কালত দুয়োজনা গুৰুৱে নানা কষ্ট, প্ৰত্যাহ্বান আৰু বিলাই-বিপত্তিৰ মাজত জীয়াতু ভোগিব লগা হৈছিল ৷
আহোম ৰাজত্বৰ অনেক অযুক্তিকৰ কথা কাণ্ডই শংকৰৰ মনৰ মাজত সৃষ্টি কৰিছিল সমাজ ধুমুহা। কঠোৰ আৰু প্রায় সামন্ত চৰিত্ৰৰ কৱলত শংকৰদেৱৰ জোঁৱায়েকক হাতী ধৰা কাৰ্যত দোষ উলিয়াই ধৰি নি শিৰচ্ছেদ কৰা, মাধৱদেৱক এবছৰো অধিক কাল আৱদ্ধ কৰি ৰখা ঘটনা-প্রবাহে শংকৰদেৱক বিদ্ৰোহী কৰি তুলি অনেক আঘাতে তেওঁক হতাশ কৰিছিল। এনে এক প্রেক্ষাপটতে কোচৰজা নৰনাৰায়ণৰ ভক্তিভৰা জীৱনকাল পৰোপকাৰ, মানৱদৰদী কথাবস্তুত শংকৰদেৱ কোচবিহাৰলৈ গুছি যায় আৰু পৰৱৰ্তী কালত মাধৱদেৱো সেই পথৰ সন্ধানত কোচবিহাৰ পায়গৈ।
মাধৱদেৱৰ জীৱনৰ শেষ দিনকেইটা নানা সমস্যা আৰু প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হ'লেও শান্তিৰে জীৱন পাৰ কৰিছিল। এইক্ষেত্ৰত ৰজাঘৰৰ অসীম দৰদ স্বীকৃতি আৰু সহায়-সহযোগে তেওঁৰ ধৰ্ম প্ৰচাৰত দিয়া ৰং আছিল তেওঁৰ জীৱনৰ বাঞ্চিত, আত্মাৰ চাল-চলনে সমাজক প্ৰভাৱিত কৰি তুলিছিল। ৰাজসভাৰ মাদৈ, আইধাই আৰু ৰাজ-বিষয়া অনেকে তেওঁৰ ভক্তিভৰা জীৱনৰ নিৰ্মল পানীত তিতা ধৰ্মত দীক্ষা লৈ শৰণৰ পাত্ৰ-পাত্ৰী হৈছিল।
এই সময়তে গুৰুজনাই নিজে ৰচনা কৰা ঘোষাসমূহক সজাই পৰাই মানুহৰ কল্যাণৰ বাবে গ্ৰন্থৰ আকাৰ দিছিল। শংকৰ গুৰুৰ “কীর্তন ঘোষা”ক সংকলনৰ ৰূপ দিয়াটো তেওঁৰ অন্য এক চৰম কৰ্ম । নানা দিশে নানা ভাৱে সিঁচৰিত শংকৰ গুৰুৰ ৰচনাবোৰ একত্ৰিত কৰাটো কম ডাঙৰ কথা নহয়। মাধৱদেৱৰ ভাগিন ৰামচৰণে মাধৱদেৱক শংকৰদেৱৰ এই ৰচনা খণ্ডবোৰ সংগ্ৰহ কৰি দি মহান কাম কৰিছিল। কোচবিহাৰত তেওঁ ৰচনা কৰি উলিওৱা “নাম-মালিকা” আমাৰ সাহিত্য, জাতীয় জীৱনৰ অতুল্য সম্পদ। বিৰূপাক্ষ কাজিৰ একান্ত অনুৰোধত মাধৱদেৱে পুৰুষোত্তম গজপতিৰ দ্বাৰা ৰচিত মূল সংস্কৃতৰ (পুথি) পদানুবাদ “নাম মালিকা” ৰচনা কৰে ৷
তেওঁ দূৰদৰ্শিতা আৰু আত্মাৰ শুচিতা চিনাক্ত কৰি উলিয়াই আনি মানুহৰ কল্যাণৰ ভেঁটিত স্থাপিত কৰিছিল। তেওঁৰ হাততে জন্ম হৈছিল অলেখ নাট্যকাৰ, গীতিকাৰ আৰু সমাজক শক্তিশালী কৰা সংগঠক। গীত-ভাওনা, সূত্ৰধাৰ, বিষ্ণুৰ-মহিমা, কৃষ্ণকলা সংস্কৃতিয়ে মানুহৰ হৃদয়জয় কৰে সৰ্বদায়। সেই পথেৰে সত্ৰ-নামঘৰ, গুৰু দুজনাৰ বিনয় বচনেৰে আধ্যাত্মিক জীৱন দৰ্শনৰ বাটেৰে অসমে বিশ্ব দৰবাৰলৈ ভক্তি আন্দোলনৰ বাট তৈয়াৰ কৰিছে।
প্ৰসংগ গ্ৰন্থঃ
কথা গুৰু চৰিত, দৈত্যাৰি ঠাকুৰৰ ৰচিত পুথি, পৱিত্ৰ অসম, দত্ত বৰুৱা- প্ৰাচীন কামৰূপৰ কায়স্থ সমাজৰ ইতিবৃত্ত, অধিকাৰী- অমৃতভূষণ, ভূমিকা, শ্রীমদ নামঘোষা, অধ্যাপক উপেন্দ্র চন্দ্ৰ লেখাৰু সম্পাদিত কথা গুৰু চৰিত, দ্বিতীয় স্কন্ধ ভাগৱত, নামঘোষা, বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্য।
(লেখক এগৰাকী আৰক্ষী বিষয়া)