মনজিৎ কলিতা
"অসমীয়াই বেপাৰ কৰিব নাজানে! বণিজ কৰিবলৈ পৰিশ্ৰম কৰিব লাগে, কিন্তু অসমীয়া মানুহ ধোদ!" এনে প্ৰচলিত বদনামৰ সংখ্যা কম নহয়৷ পিছে এতিয়াৰ অসমীয়া ব্যৱসায়ত বিফল হ’লেও তাহানিতে আছিল এজন কিংবদন্তি অসমীয়া সদাগৰ৷ নাম তেওঁৰ ভোলানাথ বৰুৱা৷ সাউদ ভোলানাথ বৰুৱা প্ৰবাদপ্ৰতিম অসমীয়া ব্যৱসায়ীতকৈ কোনোগুণে কম নহয়৷ বিশেষকৈ যি জাতি ব্যৱসায়ৰ প্ৰতি বিমুখ অথবা চাকৰিমুখী হিচাপে বদনামি, সেই অসমীয়া জাতিটোৱেই এজন সদাগৰে তাহানিতে অৰ্জন কৰা বাণিজ্যক সফলতাৰে গৌৰৱান্বিত৷
নদীত পাল তৰা নাৱেৰে সামগ্ৰী কঢ়িওৱাৰ সময়তে ৰে’লপথ সম্প্ৰসাৰণৰ কল্পনা কৰা ভোলানাথ বৰুৱাৰ আজি তিৰোভাৱ তিথি৷ সময়ৰ হিচাপত এইবাৰ ভোলানাথ বৰুৱাৰ মৃত্যু শতবৰ্ষ৷ গতিকে এই বিশেষ দিনটোত অসমত বাণিজ্য দিৱস ঘোষণা কৰাটো সময়ৰে দাবী৷
পিছে কেবাশতিকা পূৰ্বেই ভোলানাথ সংক্ষেপে বি বৰুৱাই অৰ্জন কৰা ব্যৱসায়িক সাফল্যৰ বিষয়ে তেতিয়াৰ অসমীয়াও বিশেষ পৰিচিত নাছিল৷ কিয়নো ব্যৱসায়সূত্ৰে বৰুৱা আছিল কলকাতাৰে নিগাজী বাসিন্দা৷ কিন্তু তাৰ পূৰ্বে তেওঁ স্ব-ৰাজ্যতে ব্যৱসায় আৰম্ভ কৰিছিল৷ তদুপৰি সাউদ ভোলানাথ বৰুৱা আছিল সেইযুগৰ দাতাকৰ্ণ৷ বৰ্তমানৰ পত্ৰে-পুষ্পে জাতিষ্কাৰ বি বৰুৱা কলেজো তেওঁৰ অৰ্থসাহায্যৰেই প্ৰতিষ্ঠা কৰা হৈছিল৷
১৮৫৩ (খেনোৰ মতে ১৮৫০) চনত নগাঁৱৰ পুৰণিগুদামত জন্মগ্ৰহণ কৰিছিল এইগৰাকী কিংবদন্তি অসমীয়া উদ্যোগপতিয়ে৷ কোমল বয়সতে তেওঁ ব্যৱসায় কৰিছিল মাণিকচন্দ্ৰ বৰুৱা নামৰ এগৰাকী আত্মীয়ৰ সৈতে৷ সেই মাণিকচন্দ্ৰয়েই আকৌ যুটীয়াভাৱে প্ৰতিষ্ঠা কৰিছিল বৰুৱা-ফুকন ব্ৰাদাৰ্ছ৷ এই প্ৰতিষ্ঠানটোৱেই আছিল অসমীয়া উদ্যোগীৰ প্ৰথম মেনেজিং প্ৰতিষ্ঠান৷ ইয়াৰ জৰিয়তে তেওঁলোকে চাহ, কঁপাহ আদিৰ সৰবৰাহ কৰিছিল৷ প্ৰতিষ্ঠানটোৰ জৰিয়তে আৰ্থিকভাৱে টনকিয়াল হৈছিল মাণিকচন্দ্ৰ বৰুৱা৷ তেওঁলোকৰ সৈতেই চামিল হৈ কাম কৰিছিল ভোলানাথ বৰুৱাই৷ গতিকে তেওঁৰ বিষয়ে আলোচনাৰ সময়ত মাণিকচন্দ্ৰৰ কথা অৱধাৰিতভাৱে উল্লেখৰ প্ৰয়োজন হৈ পৰে৷
চিৰকুমাৰ ভোলানাথ বৰুৱাই কোনো উচ্চশিক্ষা গ্ৰহণ কৰা নাছিল৷ তেওঁ স্কুলতে শৈক্ষিক জীৱনৰ মোখনি মাৰিছিল৷ কিন্তু মাণিকচন্দ্ৰ বৰুৱাৰ অধীনত চাকৰি কৰাৰ সময়তে তেওঁ জনৈক মেকলয়ড চাহাবৰ সংস্পৰ্শ লাভ কৰিছিল৷ চাহাবৰ অনুপ্ৰেৰণাতে ভোলানাথ বৰুৱাই স্বাধীন ব্যৱসায় আৰুম্ভ কৰি সফল হ’ল৷ কিছুদিনৰ ভিতৰতে তেওঁ কলকাতাৰ পৰা আদি কৰি ওড়িষা আৰু বিহাৰলৈয়ো ব্যৱসায় সম্প্ৰসাৰণ কৰিলে৷ সেইসময়ত ব্ৰিটিছ শাসকে ৰে’ললাইনৰ চিৰি স্থাপনৰ কাম আৰম্ভ কৰিছিল৷ ইয়াৰ বাবে বৰুৱাই কেবাখনো ৰাজ্যত শাল কাঠৰ যোগান ধৰিলে৷ ব্ৰিটিছৰ পৰা ব্যৱসায়িক কৌশল শিকি দক্ষ হৈ পৰা বৰুৱাই কেৱল এই ব্যৱসায়তে সীমাবদ্ধ হৈ থকা নাছিল৷ তেওঁ লগতে আৰম্ভ কৰিছিল কেৰাচিনৰ বেপাৰো৷
![](https://www.assam.awazthevoice.in/upload/news/1685411954Bhoolanath_Baruah.webp)
তাৰ লগতে ভোলানাথ বৰুৱাৰ অন্যতম ব্যৱসায় আছিল কয়লা, কঁপাহ আৰু বিলাতৰ পৰা অনা ট্ৰাংকৰ৷ নানা ব্যৱসায়ৰ জৰিয়তে তেওঁ কমদিনৰ ভিতৰত চহকী হৈ পৰিল৷ লক্ষ্মীৰ বৰপুত্ৰ বৰুৱাই কলকাতালৈ যোৱাৰ সময়ত লগত মূলধন হিচাপে নিছিল মাত্ৰ ৫০০ টকা, কিন্তু তেওঁ আহৰণ কৰিলে ৩০ লক্ষাধিক টকা মূল্যৰ সম্পত্তি৷ দিল্লী, ছিমলা, ঝাৰজোগড়া, কলকাতা, বিলাসপুৰ, আছাঞ্চোল, শিৱপুৰৰ লগতে ছিলঙতো তেওঁৰ স্থাৱৰ সম্পত্তি আছিল৷ তেতিয়াৰ চহকী ব্ৰিটিছৰ সৈতে ফেৰ মাৰি ভোলানাথ বৰুৱাই শালিমাৰ নামৰ এটা বৃহৎ লোহাৰ কাৰখানা স্থাপন কৰিছিল৷ কলকাতাৰ ৰাধাবজাৰতো আছিল তেওঁৰ নিজা প্ৰতিষ্ঠান৷
কিন্তু সেই তাহানিতে নিজৰ ব্যৱসায়িক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা ভোলানাথ বৰুৱাৰ বিষয়ে অসমৰ নৱপ্ৰজন্ম বিশেষ অৱগত নহয়৷ সমগ্ৰ ভাৰততে বাণিজ্য কৰা বৰুৱাই ১৯০৮ চনত ব্ৰিটিছ সম্ৰাজ্ঞীকো সাক্ষাৎ কৰিছিল৷ তেওঁ ব্ৰিটেইনৰ ৰাণীক হীৰাৰ হাৰ উপহাৰ দি অসমত ৰে’ললাইন স্থাপনৰ অনুমতি বিচাৰিছিল৷
আনহাতে, উদ্যোগপতি হিচাপে ভোলানাথ বৰুৱাই তাহানিতে কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ বাবেও উদাৰহস্তে ধন খৰচ কৰিছিল৷ যিকোনো কল্পকাহিনীৰ চৰিত্ৰৰ দৰেই তেওঁ সকলোকে দিছিল দান৷ পৰিশ্ৰমেৰে আৰ্জন কৰা ধন খৰচ কৰি তেওঁ নগাঁৱৰ শিলঘাটত এখন কাৰিকৰী প্ৰশিক্ষণৰ বিদ্যালয় পাতিছিল৷ অসমৰ চাহ বাগিচাত সংস্থাপন পাবলৈ যাতে স্থানীয় যুৱক-যুৱতীয়ে ফিটাৰ, কাৰ্পেণ্টাৰ আদিৰ প্ৰশিক্ষণ পাব পাৰে তোৰ বাবে সাউদ বৰুৱাই অনুষ্ঠানটো স্থাপন কৰিছিল৷
তেওঁৰ জীৱনকালতে প্ৰকাশ পাইছিল অসমীয়া ভাষাৰ চানেকি নামৰ গ্ৰন্থখনো সাতটা খণ্ডত বৰুৱাৰ দানেৰেই প্ৰকাশ পাইছিল৷ ব্যৱসায়ৰ সমানে বিদ্যানুৰাগী সদাগৰে এই গ্ৰন্থৰ বাবে দান দিছিল ১০ হাজাৰ টকা৷ ভোলানাথ বৰুৱাৰ জহতে হেমচন্দ্ৰ গোস্বামীয়ে কথা ভাগৱত, কথা গীতা, অংকিয়া নাট আদি প্ৰকাশ কৰিছিল৷ তদুপৰি পশ্চিমবংগৰ হাওৰাত থকা নিজৰ ১০০ কোটি টকাৰ সম্পত্তিও বৰুৱাই অসম চৰকাৰলৈ আগবঢ়াইছিল৷ এই দানৰ উদ্দেশ্য আছিল অসমৰ প্ৰাথমিক শিক্ষাৰ বিকাশ৷
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাকো শ্ৰীশ্ৰী শঙ্কৰদেৱ আৰু মাধৱদেৱ নামৰ গ্ৰন্থ প্ৰকাশৰ অৰ্থে অনুদান দিছিল৷ ১৯১৬ চনত গঠিত অসম ছাত্ৰ সন্মিলনীৰ নিয়মাৱলী ছপাবলৈ তেওঁক ২০০ টকা অৰিহণা বিচৰা হৈছিল, কিন্তু তেওঁ ২০৯ টকা আগবঢ়াইছিল৷
স্বাধীনতৰা পূৰ্বে ব্ৰিটিছ ৰাজকুমাৰৰ ভাৰত আগমন উপলক্ষে চৰকাৰক তেওঁ এক লাখ টকা দান দিছিল, এই ধনেৰে যোৰহাটত স্থাপন কৰা হৈছিল তেতিয়াৰ প্ৰিন্স অৱ ৱেলছ অৰ্থাৎ বৰ্তমানৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়৷ ছিমলাৰ বৰুৱা আসাম হাউছ পৰা পোৱা আয় তেতিয়াৰ পৰা বাৰাণসীৰ হিন্দু বিশ্ববিদ্যালয়ে পাব বুলিও সদাগৰ বৰুৱাই উইল কৰিছিল।
ভোলানাথ বৰুৱাৰ দানেৰে প্ৰতিষ্ঠিত যোৰহাটৰ প্ৰিন্স অৱ ৱেলছ প্ৰতিষ্ঠান
তেতিয়াৰ দাতাকৰ্ণ বৰুৱাই কাশী হিন্দু বিশ্ববিদ্যালয়ৰ বাবে তেওঁ দান কৰিছিল ১.২০লাখ টকা, বিশাখাপট্টনমৰ কিং জৰ্জ হাস্পতাল পাতিবৰ বাবে তেওঁ ঊনবিংশ শতিকাত ৩৫ হাজাৰ টকা দিছিল৷ কলিকতা বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবেও তেওঁ তেতিয়াৰ দিনতে নগদ দহ হাজাৰ টকা দিছিল৷ বালিগঞ্জৰ বালিকা বিদ্যালয়ৰ বাবে তেওঁ দিছিল পাঁচ হাজাৰ টকা৷ ঝাৰজোগড়াত কাঠৰ মহলৰ ব্যৱসায়ৰ সময়ত ৰাইজৰ সহায়ৰ অৰ্থে দহ হাজাৰ টকা খৰচ কৰি তেওঁ এখন সৰু চিকিৎসালয়ো খুলিছিল৷
কপাহৰ লগতে অসমৰ এড়ী-মূগা, পাটৰ বস্ত্ৰ আদিৰো কাৰবাৰ কৰি সদাগৰ বৰুৱাই তাহানিতে জোনাকী কাকতত আসাম ছিল্কৰ বিজ্ঞাপন দিছিল। কেৱল এয়াই নহয়, ১৮৯৪ চনত উৰিষ্যাৰ সিংভূম জিলাৰ এখন জংঘল ডাকি তেওঁ কাঠৰ ব্যৱসায় কৰিছিল। বনাই প্ৰদেশৰ ৰজাৰ পৰা বিশ বছৰলৈ জংঘল এখনে লীজত লৈ টিম্বাৰ প্ৰিন্স অৱ বেংগলৰ উপাধি পাইছিল৷
চিৰকুমাৰ বৰুৱাই জীৱনৰ অপৰাহ্নত অসমৰ বুনিয়াদী শিক্ষাৰ বাবে সম্পত্তিৰ ইচ্ছাপত্ৰ লিখি দিছিল৷ লক্ষ্মীৰ বৰপপুত্ৰ সদাগৰ ভোলানাথ বৰুৱাক মৃত্যু শতবৰ্ষত প্ৰণাম জনাইছোঁ৷ তেওঁৰ প্ৰয়াণৰ দিনটো বাণিজ্য দিৱস হিচাপে ঘোষণাৰে ন-প্ৰজন্মক ব্যৱসায়ৰ প্ৰতি আকৃষ্ট কৰিলে অসম উপকৃত হ’ব৷
(লেখক এজন সাংবাদিক আৰু নিবন্ধকাৰ। ভোলানাথ বৰুৱাৰ তিৰোভাৱ তিথি উপলক্ষে লেখাটো প্ৰকাশ কৰা হৈছে )