সৌগাত-ই-মোদীঃ ঈদ উপলক্ষে দেশৰ ৩২ লাখ দৰিদ্ৰ মুছলমানক উপহাৰৰ টোপোলা আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Story by  atv | Posted by  [email protected] • 3 d ago
একাংশ মুছলিম ধৰ্মীয় নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদী (প্ৰতিনিধিত্বমূলক ফটো)
একাংশ মুছলিম ধৰ্মীয় নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদী (প্ৰতিনিধিত্বমূলক ফটো)
 
নতুন দিল্লী

ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক ঈদ উপলক্ষে দেশৰ মুছলমান সম্প্ৰদায়ৰ প্ৰায় ৩২ লাখ দৰিদ্ৰজনৰ কাষ চাপিব আৰু তেওঁলোকক ঈদৰ উপহাৰ আগবঢ়াব। বিজেপিয়ে প্ৰথমবাৰৰ বাবে মুকলি কৰা এই কাৰ্যসূচীক “সৌগাত-ই-মোদী” নামেৰে নামাকৰণ কৰা হৈছে।
 
দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পিছত বিজেপিয়ে নিজৰ অল্পসংখ্যক মৰ্চা (সংখ্যালঘু মৰ্চা)ৰ জৰিয়তে সমগ্ৰ দেশতে এই কাৰ্যসূচী ৰূপায়ন কৰিবলৈ সাজু হৈছে। বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকীয়ে কয় যে “৩১ মাৰ্চত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা পবিত্ৰ ঈদ উপলক্ষে আমি দেশৰ ৩২ লাখ দৰিদ্ৰ মুছলমান পৰিয়াললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সৌগাত’ (উপহাৰ) কঢ়িয়াই নিবলৈ সাজু হৈছো”।
 
বিজেপি সংখ্যালঘু মৰ্চাই ‘সৌগাত-ই-মোদী’ কিটেৰে জিলা পৰ্যায়ত ঈদ মিলন অনুষ্ঠানৰো আয়োজন কৰিব। সংখ্যালঘু মৰ্চাৰ ৩২ হাজাৰ বিষয়ববীয়াই ভাতৃত্ববোধৰ বাৰ্তা আৰু প্ৰধানমন্ত্ৰী মোদীৰ ‘সব কা সাথ, সব কা বিকাশ'ৰ মন্ত্ৰ আৰু 'সব কা প্ৰয়াস'ৰ জৰিয়তে ঈদৰ সময়ত সমগ্ৰ দেশতে ‘সৌগাত–ই-মোদী’ নামেৰে হেল্প-কিটৰ অভিযান চলাব।
“একে নামৰ হেল্প-কিটৰ সৈতে ‘সৌগাত-ই-মোদী’ নামৰ এই অভিযান অদূৰ ভৱিষ্যতে গুড ফ্ৰাইডে, ইষ্টাৰ নাভ্ৰ’ছ আৰু ভাৰতীয় নৱবৰ্ষ উপলক্ষে অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ আৰ্তজনৰ বাবেও চলি থাকিব”, তেওঁ লগতে কয়। তেওঁ কয় যে মুছলমান সংখ্যালঘু মৰ্চাৰ ৩২ হাজাৰ বিষয়ববীয়াই মছজিদৰ সৈতে যোগাযোগ কৰিব আৰু ‘সৌগাত-ই-মোদী’ কিটৰ জৰিয়তে ৩২ লাখ আৰ্তজনৰ ওচৰলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰৰ টোপোলা লৈ যাব।
 
‘মই আমাৰ সংখ্যালঘু মৰ্চাৰ ৩২০০০গৰাকী বিষয়ববীয়াৰ প্ৰত্যেককে মছজিদৰ পৰা ১০০ জন আৰ্তজনক চিনাক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপহাৰৰ টোপোলা প্ৰদানৰ দায়িত্ব অৰ্পণ কৰিছো।"-বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকীয়ে কয়।
তেওঁ কয়, ‘ঈদ উদযাপন আৰু ইফতাৰৰ বাবে প্ৰয়োজনীয় সকলো বস্তু ‘সৌগাত-ই-মোদী’ কিটত উপলব্ধ হ’ব। গুড ফ্ৰাইডে, ইষ্টাৰ, নাভ্ৰ’ছ আৰু ভাৰতীয় নৱবৰ্ষৰ সময়তো বিজেপি সংখ্যালঘু মৰ্চাই আন সম্প্ৰদায়ৰ আৰ্তজনক ‘সৌগাত-ই-মোদী’ কিট বিতৰণ কৰি ভাৰতৰ ঐক্য-সংহতিৰ আদৰ্শ দাঙি ধৰিব বুলি উল্লেখ কৰে।
 
জামাল ছিদ্দিকীয়ে এই উৎসৱসমূহৰ জৰিয়তে সমন্বয় আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ দলীয় কৰ্মীসকলক নিৰ্দেশ দিয়ে। সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী দূষান্ত কুমাৰ গৌতমৰ উপস্থিতিত সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকীৰ অধ্যক্ষতাত বিজেপিৰ সংখ্যালঘু মৰ্চাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।