স্বপ্না দাস
অসমৰ জাতীয় উৎসৱ বিহু প্ৰতিগৰাকী অসমীয়াৰ মান; আমাৰ সকলোৰে প্ৰাণ। অসমৰ সৰ্বত্ৰ সকলোৰে হৃদয়ত আছে বিহু। ব'হাগ বিহু-- আমাৰ বাপতি সাহোন, আমাৰ গৌৰৱ, অসমীয়াৰ আয়ুস ৰেখা। ব'হাগৰ বিহুটিত বিহুগীত, বিহুনাচ, ঢোল, পেঁপা, তাল, গগনাৰ শব্দ গুঞ্জৰিত হৈ থাকে অসমৰ আকাশে-বতাহে আৰু অসমীয়াৰ প্ৰাণত।
ব'হাগৰ বিহুটি বুলিলেই বিহুগীত, বিহুনাচেৰে ৰজনজনাই থকা এক আনন্দময়ী পৰিবেশৰ প্ৰতিচ্ছবি ভাহি উঠে আমাৰ প্ৰত্যেকৰে হৃদয়ৰ দাপোনত। একেটা বিহুৰে আকৌ কিছু সুকীয়া প্ৰতিচ্ছবিহে দেখা যায় অসমৰ 'দ্বিতীয় বৈকুন্ঠপুৰী' খ্যাত বৰপেটাত। সত্ৰ নগৰী বৰপেটাত প্ৰায় প্ৰতিটো উৎসৱ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰ মাজেৰে পালন কৰা হয়। একেই ধাৰা অব্যাহত আছে ব'হাগ বিহু পালনৰ ক্ষেত্ৰতো।
বৰপেটাত ৰঙালী বিহুৰ ঢোল–পেঁপা–গগনা, বিহুনামৰ পৰিৱৰ্তে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পালন কৰা হয় ব’হাগ বিহু৷ ইতিহাসপ্ৰসিদ্ধ বৰপেটা সত্ৰৰ লগতে বিভিন্ন সত্ৰৰ মিলনভূমি বুলিব পৰা বৰপেটাবাসীয়ে ব'হাগৰ বিহুটিও সত্ৰীয়া পৰম্পৰাৰে উদযাপন কৰি আহিছে । চ'ত মাহৰ শেষৰ দিনটোৰ পৰা ছয় ব'হাগলৈ অসমৰ আন ঠাইৰ দৰেই সাত দিনত সাত বিহু পালন কৰা হয় বৰপেটাতো।
বৰপেটাৰ বৰ দমহীৰ জাল
এই সাত বিহুৰ প্ৰতিটো দিনতে ব'হাগৰ বিহুটি সত্ৰীয়া পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰি আহিছে সত্ৰ নগৰী বৰপেটাবাসীয়ে, যিটোক স্থানীয় লোকসকলে 'বৈহাগ'ৰ দম্হী' বুলি কয়। অসমৰ আন আন প্ৰান্তৰ দৰে 'বৈহাগ'ৰ দম্হী'ৰ প্ৰথমটো দিন---অৰ্থাৎ চ'তৰ শেষৰ দিনত গৰু বিহু পালন কৰা হয়। উক্ত দিনা গৰুক গা ধুৱাই পুৰণি পঘা সলাই নতুন পঘা দিয়াৰ নিয়ম। তদুপৰি গোহালি চাফ-চিকুণ কৰি সন্ধিয়া পৰত গোহালিত যাগ্ দি গৰুক গোহালিলৈ অনা হয়।
দ্বিতীয় দিনতো--- অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোক 'বৰ দম্হী' বুলি কয় বৰপেটীয়া লোকসকলে। এই 'বৰ দম্হী'ৰ দিনা পুৱাতেই দীঘলতি, মাখিয়তি নাইবা হাতীৰশুৰেৰে (এবিধ গছ বিশেষ) মানুহৰ ভৰিত কোবোৱাৰ পৰম্পৰা প্ৰচলিত আছিল। জনবিশ্বাস প্ৰচলিত যে এইকেইবিধ তৃণজাতীয় উদ্ভিদৰ ডালেৰে কোবালে হেনো বছৰটোৰ বাবে হাতীৰ সমান বল হয় আৰু দেহ নিৰোগী হয়। পহিলা ব'হাগৰ পুৱা গাত মাহ আৰু হালধি সানি প্ৰাতঃস্নানৰ শেষত বৰপেটাৰ কণিষ্ঠগৰাকীয়ে জ্যেষ্ঠগৰাকীক বিহুৱান দি চৰণ চুই সেৱা জনাই আৰু জ্যেষ্ঠই কণিষ্ঠক মৰম, আশীৰ্বাদ যাচে।
পৰম্পৰা অনুসৰি তাৰ পিছতেই সকলোৱে সত্ৰলৈ গৈ নিজৰ আৰু সমাজৰ মঙ্গল কামনাৰে গুৰু আসনৰ সন্মুখত ভগৱানৰ আশীষ বিচাৰি নতশিৰে সেৱা জনায়। পহিলা ব'হাগৰ পুৱা নিত্য প্ৰাৰ্থনাৰ অন্তত গায়ন-বায়নে 'গুৰু ঘাট' বজায়। এই সময়ত হৰিনামৰ অমিয়া সুৰ, গায়ন–বায়নৰ ভক্তিভাৱপূৰ্ণ খোলৰ ছেও আৰু ভকতিৰ ৰসত বুৰ যায় বৰপেটা সত্ৰৰ চৌহদ৷ পহিলা ব’হাগৰ দিনটোত সত্ৰত আঁঠু লৈ গুৰু দুজনাৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰি ভক্তসকলে সেৱা লয়।
ভকতে নাম-প্ৰসংগ কৰিছে বৰপেটা সত্ৰত
পুৱাৰ প্ৰসংগৰ পিছতে সত্ৰৰ দৈৱজ্ঞই বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰথমতে বৰ্ষফল গনণাৰ পিছতেই মঠৰ চোতালত আৰু আইসকলে প্ৰসংগ কৰা কাঠিত পাঠ কৰা হয় বৰ্ষফল গনণা। সত্ৰৰ দৈৱজ্ঞই কৰা বৰ্ষফল গনণা শুনিবলৈ বৰপেটাবাসী প্ৰতিগৰাকী লোক সত্ৰখনত সমবেত হয়।
দৈৱজ্ঞই গোটেই বছৰটোৰ বতৰ তথা ৰাজ্য আৰু দেশ সম্পৰ্কতো বৰ্ষফল গণনাত প্ৰাপ্ত আগলি বতৰা দিয়ে। আনকি দহোটা ৰাশিৰ শুভ, অশুভ, আয় ব্যয়কে ধৰি ৰাশি অনুসৰি সুখাদ্য আৰু অখাদ্য, শুভ বৰণ আদিৰ বিষয়েও বৰ্ণনা কৰে। বৰপেটা সত্ৰৰ বৰ্ষফল গণনাৰ সুকীয়া পৰিচিতি আছে ৰাজ্যৰ সৰ্বত্ৰ। সত্ৰত নিত্য চৈধ্য প্ৰসংগ কৰাৰ উপৰি 'বৈহাগ'ৰ সাত বিহুৰ প্ৰতি দিনেই ঘোষা কীৰ্তন, গায়ন-বায়ন, ওজাপালিৰ বাদেও টুপৰ চোতালত বৰপেটাৰ 'হাটী'ৰ শিল্পীসকলে অংকীয়া ভাওনা পৰিবেশন কৰে।
ব'হাগৰ সপ্তম দিনা বৰপেটা সত্ৰৰ দালানৰ সন্মুখত দ্বিতীয় বেকুণ্ঠপুৰীখনৰ ২২খন 'হাটী'ৰ ভকতসকলে থিয়নাম পৰিবেশন কৰি পৰম্পৰাগত ৰীতি-নীতিৰে 'বৈহাগ'ৰ বিহু'ৰ সামৰণি পেলায়। নামেৰে সামৰণি পৰা বাবে এই বিহুক 'নাম বিহু' বা 'আঠ বিহু' বুলিও খেনোৱে কয় বৰপেটাত। ভক্তি ভাৱাপন্ন মনোভাৱেৰে পৰিবেশন কৰা এই থিয়নামৰ দৃশ্যই সঁচাকৈয়ে ভক্তপ্ৰাণ ৰাইজৰ হৃদয় ঈশ্বৰ ভক্তিৰে পৰিপূৰ্ণ কৰি তোলে।
বৰপেটা সত্ৰৰ মূল তোৰণ
দক্ষিণ হাটীৰ অন্তৰ্গত ছখন হাটী, নহাটীৰ অন্তৰ্গত পাঁচখন হাটী আৰু উত্তৰ হাটীৰ অন্তৰ্গত এঘাৰখন হাটী মিলি মুঠতে বাইশখন হাটীৰ ভকতে একেলগে পৰিবেশন কৰা থিয়নামৰ অনুষ্ঠান অতিকৈ নান্দনিক হোৱাৰ সমান্তৰালকে এই অনুষ্ঠানৰ মাধ্যমেৰে বৰপেটাবাসী ৰাইজ যে চিৰদিন ভাতৃত্ব আৰু আপোনত্ব মনোভাৱাপন্ন একতাৰ ডোলেৰে বান্ধ খাই আছে তাৰ এক অন্যতম উদাহৰণ অতীজৰে পৰা পিৰীৰ পৰা পিৰীলৈ সকলোৱে দেখি আহিছে, অনুভৱ কৰি আহিছে। এই থিয়নামক 'বীৰনাম' বুলিও কোৱা হয়।
থিয়নামত কৃষ্ণ কথা আৰু কৃষ্ণ নামৰ লগতে শংকৰ-মাধৱ গুৰু দুজনাক প্ৰাৰ্থনা জনায় নতুন বছৰটোত সকলোৰে মঙ্গল কামনা কৰে।পৰম্পৰাগত পদ্ধতি অনুসৰি দালানৰ সন্মুখত বৰশৰাই, বৰচৰিয়া স্থাপন কৰি আৰু 'বৰপাল' টানি তিনিখনকৈ নামথলীত ভক্তসকলে এই বীৰনাম পৰিবেশন কৰে। সত্ৰলৈ নাম চাবলৈ অহা ভক্তপ্ৰাণ ৰাইজে উক্ত নামথলীত স্থাপিত শৰাইত চেনি, গুৰ নাইবা গুৱামূৰি ( চফগুটি) নৈবেদ্য হিচাপে আগবঢ়াই সেৱা জনোৱাৰ নিয়ম চলি আহিছে। এনে কৰাটো মংগলজনক বুলি জনবিশ্বাস প্ৰচলিত।
দালানৰ সন্মুখৰ থিয়নামৰ শেষত দক্ষিণহাটী, নহাটী আৰু উত্তৰহাটীৰ বাপুসকলে 'বাট বুলনি ঘোষা' গাই সত্ৰত প্ৰৱেশ কৰে আৰু সত্ৰৰ মঠৰ চোতালত 'থান বন্দনী ঘোষা' আৰু 'প্ৰাৰ্থনাৰ ঘোষা' গাই আশিস বচন মাতি ৰাইজৰ মংগল কামনাৰে সাতবিহুৰ থিয় নামৰ সামৰণি মাৰে।
উল্লেখ্য যে বৰপেটাৰ 'বৈহাগ'ৰ দম্হী'ৰ সাত ব'হাগৰ নামত যিখন 'বৰপাল' টনা হয় সেইখন হেনো প্ৰায় তিনিশ বছৰৰো অধিক পুৰণি৷ ৰং-বিৰঙী উক্ত 'বৰপাল' মাথোঁ ব'হাগৰ সাত বিহুৰ নামতহে ব্যৱহাৰ কৰাৰ পৰম্পৰা চলি আহিছে হেনো৷ নামৰ সামৰণিত ৰাইজে সেৱা জনাই আগবঢ়োৱা নৈবেদ্য চেনি, গুৰ আৰু গুৱামূৰি ৰাইজৰ মাজতেই নিৰ্মালি হিচাপে বিতৰণ কৰা হয়। বৰপেটা সত্ৰত পৰিবেশিত এই থিয়নামে সমগ্ৰ অসমতে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ ধ্বজা বহন কৰি আহিছে বুলি ক'লেও চাগে' অত্যুক্তি কৰা নহ'ব।
বৰপেটা সত্ৰত বৈহাগৰ দম্হী
বৰপেটাত পালিত 'বৈহাগ'ৰ দম্হী'ৰ খাদ্যাভাষ সম্পৰ্কেও শতিকা পুৰণি কিছু সুকীয়া পৰম্পৰা প্ৰচলিত আছে। পহিলা ব'হাগত গা-পা ধুই ৰাতিপুৱা খালি পেটতে নিমপাত আৰু কেঁচা মছুৰ ডাইল দুটামান চোবাই খোৱাৰ নিয়ম মানি আহিছে বৰপেটীয়া লোকসকলে। এনেকৈ তিতা আৰু মছুৰ দাইল খালে হেনো কোনো বিষাক্ত পোকে কামুৰিলে তাৰ বিষৰ অনুভৱ কমকৈ হয়।
দিনৰ পহিলা ভাগত পৰম্পৰাগত অসমীয়া পিঠা পনাৰে জা-জলপান গ্ৰহণ কৰা হয় যদিও দুপৰীয়া ভাতৰ পৰিৱৰ্তে দৈৰ লগত চিৰা বা কোমল চাউলেৰে মধ্যাহ্নৰ আহাৰ গ্ৰহণ কৰি 'ভাতখতি' পালন কৰে। ইপিনে, ৰাতি অতিকমেও সাতবিধ ঔষধী গুণযুক্ত শাকৰ ব্যঞ্জন খোৱাৰ পৰম্পৰা প্ৰচলিত। ইয়াক বৰপেটাবাসীয়ে থলুৱা ভাষত 'সাতশেক' বুলি কয়।
এই শাকৰ ব্যঞ্জন পহিলা ব'হাগত খাব নোৱাৰিলেও সাত বিহুৰ দিনা খোৱাটো একপ্ৰকাৰ বাঞ্চনীয় বুলি গণ্য কৰে বৰপেটাৰ ৰাইজে। নিৰ্দিষ্ট পৰিমাণত ১০১বিধ মছলা ভালদৰে গুৰি কৰি মাছ, মাংস বা কণীৰ সৈতে বহু সময় ধৰি উতলাই উতলাই প্রস্তুত কৰা এবিধ ব্যঞ্জন--- 'জাল'। এই 'জাল' ব্যঞ্জন বৰপেটাবাসীৰ অতিকৈ প্রিয়।
মুঠতে অসমৰ 'দ্বিতীয় বৈকুন্ঠপুৰী' খ্যাত বৰপেটাবাসীয়ে হৰিনাম আৰু হৰি ভক্তিৰ মাজেৰে উদযাপন কৰি অহা অসমীয়াৰ জাতীয় উৎসৱ তথা আমাৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহুক যি 'বৈহাগ'ৰ দম্হী'ৰে সংগতি ৰাখি পালন কৰি আহিছে, তাৰো আছে এক অনবদ্য সুকীয়া বৈশিষ্ট্য।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)