ঈদ-উল-আজহা ত্যাগ আৰু বলিদানৰ মনোভাৱেৰে পালন কৰক

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ডঃ মহম্মদ ৰাজি ইছলাম নাদৱী 
 
ঈদ-উল-আজহা অৰ্থাৎ বকৰী ঈদ হৈছে মুছলমান লোকসকলৰ বাবে ত্যাগ আৰু বলিদানৰ উৎসৱ। পূৰ্বে সকলোৱে ত্যাগ আৰু বলিদানৰ মানসিকতাৰে এই উৎসৱ পালন কৰিছিল। কিন্তু বৰ্তমান বহু সাধাৰন মুছলমান লোকসকলৰ মাজত এই উৎসৱটি কেৱল মাত্ৰ এক জন্তু কোৰবানী দিয়া প্ৰথাতহে পৰিণত হৈছে। সেয়েহে ঈদ-উল-আজহা বা বকৰী ঈদৰ অন্তনিৰ্হিত অৰ্থ বুজিবলৈ আমি কিছুমান গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰো আহঁক।    
 
কোৰবানী হৈছে এক পবিত্ৰ উপাসনা। এই উপাসনা দেখনীয়াৰ বাবে কৰাৰ পৰিৱৰ্তে কেৱল মাত্ৰ আল্লাৰ বাবে কৰাটো প্ৰয়োজনীয়। যেতিয়া আমি উপাসনা কৰোঁ, তেতিয়া আমি ইয়াৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰোঁ নেকি?, তাহজ্জুদ নামাজ পঢ়োতে আমি আনক এই বিষয়ে কওঁ নেকি? যেতিয়া আমি কাৰোবাক দান বা জাকাত দিওঁ, আমি ইয়াক ৰাজহুৱা কৰোঁ নেকি?  
 
নকৰো, একেবাৰে নকৰো! কিন্তু সম্প্ৰতি কোৰবানীৰ প্ৰচাৰ কৰাটো বৰ্তমান আমাৰ সমাজত এক মহামাৰীত পৰিণত হৈছে। কাৰণ কোৰবানীৰ বাবে  জন্তু ক্ৰয় কৰাৰ লগে লগে সামাজিক মাধ্যমত ইয়াৰ এখন ফটো সাঁচি ৰখাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয়। আনহাতে কোৰবানীৰ সময়তো ফটো উঠোৱাটো পৰিহাৰ কৰা নহয়। ইয়াক ফেচবুক, হোৱাটছএপ তথা অন্য মাধ্যমৰ জৰিয়তে বন্ধুবৰ্গলৈ প্ৰেৰণ কৰা হয়। 
 
এজন মুছলমান লৰা তেওঁৰ ছাগলীৰ সৈতে
 
হাদীছত জন্তুৰ কোৰবানী দিয়াৰ অনুমতি আছে, যদিও কিছু শিষ্টাচাৰৰ তথা নিয়মৰ বিষয়েও বৰ্ণনা কৰা হৈছে। হাদীছত ইছলামী চৰিয়াৰ সংবেদনশীলতাৰ বিষয়ে প্ৰকাশ কৰা হৈছে। উদাহৰণস্বৰূপে, কোৰবানীৰ বাবে জন্তু এটাক এনেদৰে টানি নিব লাগে, যাতে জন্তুটোৱে কষ্ট অনুভৱ নকৰে। হাদীছত জন্তুটোক কাণত ধৰি টানি নিয়াত বাধা আৰোপ কৰা হৈছে।     
 
কোৱা হৈছে যে কোৰবানীৰ পূৰ্বে চুৰিখন চোকাকৈ ধাৰ কৰি লব লাগে, যাতে জন্তুটোৱে কোৰবানী কৰোঁতে নিম্নতম বিষ অনুভৱ কৰে। কোৰবানী কৰা চুৰিখন কেতিয়াও জন্তুটোৰ সন্মুখত ধাৰ কৰিব নালাগে। এটা জন্তুক আন এটা জন্তুৰ সন্মুখত কোৰবানী দিব নালাগে। কোৰবানী কৰা জন্তুটোৰ শৰীৰ ঠাণ্ডা নোহোৱা পৰ্যন্ত জন্তুটোৰ ছালখন এৰোৱাব নালাগে।   
 
সাধাৰণতে সেই ঠাইবোৰ য'ত সমূহীয়াভাৱে কোৰবানী দিয়া হয়, তাত একেটা চৌহদত এটাৰ পিছত আন এটা জন্তুক বধ কৰা হয়।  খৰখেদাৰ বাবে জন্তুটো কোৰবানী হোৱাৰ লগে লগে জন্তুটোৰ ছাল এৰোৱাবলৈ আৰম্ভ কৰা হয়। যত হাদিছত উল্লেখ কৰা নিয়মবোৰ পালন কৰা নহয়।    
 
কাশ্মীৰৰ শ্ৰীনগৰৰ বাক্ৰা মাণ্ডিত ছাগলীৰ সৈতে এজন যুৱক  
 
কোৰবানীৰ মাংস নিজেই খোৱাৰ অনুমতি থকাৰ লগতে এই মাংস বিতৰণ কৰাৰো অনুমতি দিয়া আছে। কিছু নিয়ম অনুসৰি কোৰবানীৰ তিনিটা অংশ কৰা হয়। এটা অংশ নিজৰ বাবে, এটা বন্ধু আৰু পৰিচিতসকলৰ বাবে আৰু এটা অংশ দৰিদ্ৰসকলৰ বাবে। ইয়াত ডাঙৰ জন্তু (ম'হ আদি) কোৰবানী দিয়া হয়।     
 
ঈদ-উল-আজহা উপলক্ষে বহু মুছলমান বসতিপূৰ্ণ অঞ্চলসমূহে পৰিষ্কাৰ পৰিছন্নতা পালন কৰা দেখা নাযায়। কিমান আচৰিত কথা যে এই কাৰ্য্য সেই উম্মতসকলে কৰে, যিসকলৰ নবীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত জোৰ দিছিল। বিশুদ্ধতাক আধা বিশ্বাস বুলি কৈছিল। (মুছলমান: ২২৩)  
 
আন ধৰ্মৰ লোকৰ সৈতে বাস কৰা মিশ্ৰিত বসতিপূৰ্ণ অঞ্চলবোৰত মুছলমান লোকসকলে পৰিছন্নতাৰ ক্ষেত্ৰত অধিক সাৱধান হোৱা উচিত। কিয়নো আপুনি আপোনাৰ যিকোনো কাৰ্যৰদ্বাৰা আপোনাৰ চুবুৰীয়াসকলক অস্বস্তিকৰ পৰিবেশ লৈ ঠেলি দিয়াৰ পৰা বিৰত থাকিব লাগে। ইহুদীসকলৰ দৰে আচৰণ কৰাৰ পৰা বিৰত থাকক।" (তিৰ্মিঝি: ২৭৯৯)। 
 
কোৰবানীৰ বাবে ভেড়া বিক্ৰী কৰি থকা এক দৃশ্য
 
নবীৰ সময়ত ইহুদীসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগ নহোৱাৰ বাবে বিখ্যাত আছিল। কিন্তু বৰ্তমানৰ সময়ত মুছলমানসকলে এই ক্ষেত্ৰত খ্যাতি অৰ্জন কৰিছে। সেয়েহে ক'ব লাগিব যে, "পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত নজৰ দিয়ক আৰু ইহুদীসকলৰ দৰে মুছলমানসকল নহওঁক।" কোৰবানী দিয়া জন্তুৰ মল-মূত্ৰ যতে-ততে পেলাই দিয়া হয়। কিয় আমি কোৰবানীৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ উদাহৰণ দাঙি ধৰিব নোৱাৰোঁনে? 
 
কোৰবানী কোনো ৰীতি-নীতি নহয়, ই এক উপাসনা হয়। যদিহে  কোৰবানী কেৱল মাত্ৰ ৰীতি-নীতি হিচাপে বিবেচনা কৰি পালন কৰা হয়, তেন্তে ইয়াৰদ্বাৰা আল্লাৰ ভক্তসকলে কোনো বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰিব। বৰং ইয়াক এক বৰ্বৰ আৰু ক্ষতিকাৰক কাৰ্য্য বুলি গণ্য কৰিব। এতিয়া এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব যে এনে এটা পবিত্ৰ আৰু আধ্যাত্মিক কাৰ্য্যক বৰ্বৰ আৰু অনুচিত কাৰ্যত পৰিণত কৰিব, নে এনে কাৰ্য্য কৰাৰ পৰা বিৰত থাকিব।
 
(সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন পৰিষদৰ সামাজিক মাধ্যম ডেক্স)