পাৰিবাৰিক মূল্যবোধৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বানসমূহ

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
শ্ৰীলাথা মেনন
 
সামাজিক মূল্যবোধ হৈছে এটা সম্প্ৰদায়ৰ এক উমৈহতীয়া জীৱন-ধাৰণ প্ৰক্ৰিয়া আৰু চিন্তাধাৰাৰ উত্তৰাধিকাৰ। এইবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিয়পি থাকে। কিন্তু এই শতিকাত বিশেষকৈ যোৱা দুটা দশকত এই মূল্যবোধবোৰে ইটো প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ বিয়পি যোৱা যাত্ৰাত কোনোবা খিনিত থমকি ৰৈছে নেকি?
 
যদি হয়, তেন্তে কোনবোৰ দিশে এই উত্তৰাধিকাৰৰ যাত্ৰাত বাধা হৈ দেখা দিছে। কেৰালাৰ নায়াৰ পৰিয়ালত ৬০ৰ দশকৰ মাজভাগত জন্মগ্ৰহণ কৰা এজন ব্যক্তি হিচাপে মই সেই সীমিত দৃষ্টিভংগীৰে মোৰ কিছুমান অভিজ্ঞতা ব্যৱহাৰ কৰি সামাজিক মূল্যবোধ সলনি হোৱাৰ কাৰণসমূহ বিশ্লেষণ কৰিব বিচাৰিছো।

যৌথ পৰিয়ালত বয়স আৰু মৰ্যাদাৰ স্তৰঃ
 
এশ বছৰৰ আগতে পৰিয়ালৰ বয়োজ্যেষ্ঠজন সৰ্বোচ্চ আছিল। এতিয়া কিন্তু তেনেকুৱা নহয়। আমাৰ কেৰালা ৰাজ্যত মোৰ মা-দেউতাৰ প্ৰজন্মৰ সময়ত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে গোটেই পৰিয়ালটোক দিশ-নিৰ্দেশনা কৰিছিল। এশ বছৰৰ আগতে নায়াৰৰ পৰিয়ালত মাৰ ফালৰ ডাঙৰ ককাই সকলোকে আদেশ দিছিল। এক অৰ্থত তেওঁলোকৰ কথা আছিল আইন। যৌথ পৰিয়াল ব্যৱস্থাত তেওঁলোক কিছু কিছু ক্ষেত্ৰত অত্যাচাৰী শাসকৰ দৰে হৈ পৰিছিল, আনকি তেওঁলোক ভাই-ভনী আৰু সন্তানৰ শোষণকাৰীও হৈ পৰিছিল।
 
এটা ভাৰতীয় যৌথ পৰিয়াল
 
মা-দেউতা ডাঙৰ হৈ অহাৰ সময়ত সেইবোৰেই আছিল সামাজিক পৰিস্থিতি। কিন্তু মই এটা একক পৰিয়ালত জন্ম লৈছিলো আৰু কেতিয়াও যৌথ পৰিয়ালত থাকিব লগা হোৱা নাছিল। মোৰ মৰমৰ মাক-দেউতাকৰ মনোযোগৰ মূল বিষয় আছিলোঁ মই। মা এগৰাকী গৃহিণী হোৱাৰ বাবে মই তেওঁক সততে কাষত পোৱাৰ সৌভাগ্য হৈছিল; তেওঁ গোটেই দিনটো আমাৰ লগত খেলিছিল আৰু আমাৰ বাবে ৰন্ধা-বঢ়া কৰিছিল। অভিভাৱকসকল আছিল সততে যতন লোৱা ব্যক্তি। আৰু তেওঁলোকৰ কথাই মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ আছিল। তেওঁলোকক অৱজ্ঞা কৰাৰ কোনো কথাই নাছিল, যদিও ঘৰখনত কোনো ভয়ৰ পৰিৱেশ নাছিল।
 
তাৰ পিছত তিনি দশক আগত আমাৰ জীৱনলৈ আহে ল’ৰা-ছোৱালী। মোৰ স্বামী আৰু মই দুয়ো কামৰ বাবে ঘৰৰ পৰা আঁতৰত আছিলো। সেয়ে, মোৰ সন্তানে মাতৃৰ সলনি সান্নিধ্য লাভ কৰিছিল পূৰ্ণকালীন দাসীজনীৰ (full-time maid)। তাৰ মাজতে মাজে সময়ে ল’ৰা-ছোৱালীবোৰৰ ভাগ্য সুপ্ৰসন্ন হ’লে, সিহঁতে ককাক-আইতাকৰ সৈতে কিছু সময় কটাইছিল।
 
কিন্তু, এদশক পিছত আমাৰ মাজলৈ অহা স্মাৰ্টফোন আৰু লেপটপ প্ৰজন্মৰ লগে লগে মোৰ দৰে অপৰাধবোধত আক্ৰান্ত অভিভাৱকসকলে আমাৰ সময় আৰু উপস্থিতিৰ ঠাইত খেলনা, আৰু ধনেৰে ক্ৰয় কৰিব পৰা অন্যান্য বস্তুগত বস্তু ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। যিহেতু মোবাইল আৰু লেপটপ আমাৰ জীৱনত নতুনকৈ প্ৰৱৰ্তন হৈছিল আৰু ইয়াৰ ক্ষতি আৰু নিচাৰ কথা তেতিয়াও জনা নাছিলো, সেয়েহে ইয়াক শিশুক জড়িত কৰাৰ সুবিধাজনক আহিলা যেন লাগিছিল।
 
যোৱা দুটা দশকত অভিভাৱকসকলে এই কথাটো স্বীকাৰ কৰিবলৈ বাধ্য হয় যে তেওঁলোকে নিজৰ সন্তানৰ কাষত থাকিব নোৱাৰে আৰু ইয়াৰ বিকল্প হিচাপে অভিভাৱকসকলে বৰ্ডিং স্কুলৰ ৰূপত সুস্থ বিকল্প বিচাৰি পায়। সেয়ে, দেশত বৰ্ডিং স্কুল আৰু ঘৰৰ পৰা আঁতৰত অধ্যয়নৰ অভিজ্ঞতা প্ৰদান কৰা বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে। বৰ্তমান ইউডিআইএছই (UDISE)ৰ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, ভাৰতত ৪৫,৩৬৯খন বৰ্ডিং স্কুল আছে। প্ৰায় ৩০ বছৰ আগতে এই সংখ্যাটোৱে পাঁচটা অংক স্পৰ্শ কৰা নাছিল।
 
ভাৰতীয় হিন্দী চলচ্চিত্ৰত দেখুওৱা এটা সুখী ভাৰতীয় যৌথ পৰিয়াল
 
সাংস্কৃতিক খহনীয়া আৰু শিপাহীনতাঃ
 
যোৱা তিনিটা দশকত ঘটা আন এটা কথা হ’ল নতুন প্ৰজন্মৰ সাংস্কৃতিক শিপাৰ পৰা সম্পূৰ্ণ বিচ্ছিন্নতা বিশেষকৈ যদি তেওঁলোক দ্বিতীয় প্ৰজন্মৰ আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী আছিল। ভাৰতৰ বিভিন্ন ঠাইত ডাঙৰ-দীঘল হোৱা কেৰালাৰ আন্তঃৰাজ্যিক নগৰীয়া প্ৰব্ৰজনকাৰীৰ পৰা জন্ম লোৱা মই প্ৰথম প্ৰজন্ম। মোৰ সন্তান দ্বিতীয় প্ৰজন্ম। দুটা প্ৰজন্মৰ মাজত মই আৰু মোৰ ল’ৰা-ছোৱালীয়ে আমাৰ থলুৱা সংস্কৃতি, ভাষা, পৰম্পৰা, উৎসৱ, গীত, আনকি একক পৰিয়ালৰ বাহিৰৰ পাৰিবাৰিক সম্পৰ্কও হেৰুৱাই পেলাইছো। আৰু অৱশ্যেই তেওঁলোকে আমাক হেৰুৱাই পেলাইছে।
 
প্ৰেম আৰু বিবাহঃ
 
পাৰিবাৰিক মূল্যবোধে সন্মুখীন হোৱা দ্বিতীয়টো বাধা হৈছে প্ৰেমৰ সম্পৰ্ক আৰু বিবাহৰ বিষয়। ষাঠিৰ দশকত ডাঙৰ হৈ মোৰ মা আৰু তেওঁৰ ভনীয়েকহঁতৰ বিয়া হৈছিল মাক-দেউতাক আৰু বয়োজ্যেষ্ঠসকলে নিৰ্বাচিত কৰা মানুহৰ লগত। কিছুমানে চলি অহা প্ৰথাৰ দৰেই খুলশালীয়েকৰ লগত বিয়া হৈছিল। ছোৱালীবোৰে (আৰু ল’ৰাবোৰে) কোনো আপত্তি নকৰাকৈয়ে বিয়াত বহিছিল।
 
গতিকে, মোৰ মা-দেউতাৰো তেনেকৈ (এৰেঞ্জ মেৰেজ) বিয়া হৈছিল। ৭০ আৰু ৮০ৰ দশকত ডাঙৰ হ'লেও মই সেই সময়ত তেতিয়াৰ ট্ৰেণ্ডিং বিশ্বাস ব্যৱস্থাৰ প্ৰভাৱত আছিলো, যিয়ে কৈছিল যে মানুহে জন্ম লোৱাৰ পিছত ডাঙৰ হৈ স্কুললৈ যায়, কলেজলৈ যায়, তাৰ পিছত চাকৰি কৰে, আৰু বিয়াত বহি সন্তান জন্ম দিয়ে। 
 
বিনোদনৰ আটাইতকৈ জনপ্ৰিয় উৎস চিনেমা আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ গীতৰ জৰিয়তেও সেই কথা আৰু অধিক শক্তিশালী হৈ উঠিছিল, যিয়ে বিয়াৰ পিছত প্ৰেমৰ ৰোমান্টিক ছবিসমূহ ২৪ ঘণ্টাই পৰিৱেশন কৰিছিল। বিয়াৰ আগতেও প্ৰেম থাকিব পাৰে, কিন্তু বিয়া যিকোনো ক্ষেত্ৰতে অপৰিৱৰ্তনীয় আছিল। কলেজত মোৰ বহু সহপাঠীয়ে বিয়াৰ বাবে পঢ়া-শুনা বাদ দিছিল। অৱশ্যে তেওঁলোকৰ অধিকাংশই পঢ়া-শুনাৰ পিছত, আৰু মোৰ দৰে কিছুমানে চাকৰি পোৱাৰ পিছতহে বিয়া হৈছিল। 
 
ভাৰতীয় একক পৰিয়ালৰ বৰ্ধিত প্ৰৱণতা
 
বিবাহ বিচ্ছেদঃ
 
যিহেতু ডেটিং আৰু বিপৰীত লিংগৰ সৈতে মিলা-মিছা কৰাটো মোৰ যৌৱনত নিষিদ্ধ আছিল। গতিকে বিয়া, বিয়াৰ শাৰী যোগাৰ কৰা, আৰু বিয়াৰ দিনা পাৰ্লাৰ ভ্ৰমণৰ কথাবোৰ মোৰ বাবে একেবাৰে আচহুৱা আছিল। বিয়াৰ সময়ত মই প্ৰথমবাৰৰ বাবে পাৰ্লাৰ গৈছিলো। দুৰ্ভাগ্যজনকভাৱে এই বৈবাহিক সম্পৰ্কবোৰ অধিক সুখকৰ নহয় আৰু কেৰালাত বিগত কেইটামান দশকত বিবাহ বিচ্ছেদৰ সংখ্যা বৃদ্ধি পাইছে। বিবাহবোৰ ৰোমান্টিক কল্পনাৰ পৰা লাহে লাহে সম্পৰ্কবোৰ ভাঙিবলৈ ধৰিলে। ২০০৬ চনত কেৰালাৰ পৰিয়াল আদালতত প্ৰায় ৮০০০ টা বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰা হৈছিল। ২০১৫ চনত ই ৪৪০০০ লৈ বৃদ্ধি পাইছিল।
 
উল্লেখ্য যে, বিগত দহ বছৰত সমগ্ৰ দেশতে ১০০০ বিবাহৰ ভিতৰত ১৩খন বিবাহৰ অন্ত পৰিছে বিবাহ বিচ্ছেদেৰে। চহৰ অঞ্চল আৰু দক্ষিণৰ ৰাজ্যসমূহত প্ৰেম বিবাহৰ ক্ষেত্ৰত এই হাৰ বেছি। ১৮ শতাংশ বিবাহ বিচ্ছেদৰ হাৰ থকা মহাৰাষ্ট্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক হোৱাৰ বিপৰীতে ৬ শতাংশ বিবাহ বিচ্ছেদৰ হাৰ থকা কেৰালা এই সংখ্যা অনুসৰি আন বহু ৰাজ্যতকৈ বিবাহ প্ৰতিষ্ঠানৰ বাবে অধিক সুৰক্ষিত আশ্ৰয়স্থল। কিন্তু ভাৰতৰ বিবাহ বিচ্ছেদৰ হাৰ এক শতাংশ। (এক শতাংশটো দেখাত কম যেন দেখা যায়, কিন্তু ভাৰতীয় জনগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি ই এক বিশাল পৰিসংখ্যা।)
 
৮০ৰ দশকত বিবাহ বিচ্ছেদক ​​হেয়জ্ঞান কৰা হৈছিল। বিশেষকৈ প্ৰেম-বিবাহ হ’লে দ্বিতীয় বিবাহৰ কথা ভাবিবই নোৱাৰি। বিয়াৰ কেইবছৰমানৰ পাছত বিবাহ বিচ্ছেদ বিচাৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছত মনোৰোগ বিশেষজ্ঞৰ সৈতে হোৱা ছেচনবোৰ মনত আছে। মোৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ মোৰ ওপৰত প্ৰতিটো ধৰণৰ হেঁচা প্ৰয়োগ কৰা হৈছিল।
 
প্ৰেমৰ সম্পৰ্ক আৰু ডেটিং:
 
কোনো পাৰিবাৰিক মূল্যবোধ বা নৈতিকতা নথকা মানুহৰ বাহিৰে কেইটামান দশকৰ আগতে কোনেও ডেটিং কৰা নাছিল। মানুহ প্ৰেমত পৰিলে তেওঁলোকে নিজৰ অনুভৱ খুব কমেইহে প্ৰকাশ কৰিছিল। আৰু যদি তেওঁলোকে সংঘটিতভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰে, তেন্তে ইজনে সিজনক লগ পোৱাটোক হেয়জ্ঞান কৰা হৈছিল। তেওঁলোকে অতি গোপনে প্ৰেমৰ সম্পৰ্ক চলাব লাগিছিল। কাৰোবাৰ যদি প্ৰেম-বিবাহ হৈছিল, তেন্তে সেইটোক সন্মানজনক কথা বুলি গণ্য কৰা হোৱা নাছিল। যদি বেলেগ জাতি বা বেলেগ ধৰ্মৰ  সৈতে বিয়া হৈছিল, তেন্তে দম্পতীহালে ৭০ৰ দশক আৰু ৮০ৰ দশকৰ আৰম্ভণিতে পৰিয়ালৰ পৰা প্ৰত্যাখ্যান আৰু অসন্মতিৰ সন্মুখীন হৈছিল।
 
(আগলৈ...দ্বিতীয় খণ্ড: আধুনিক বিবাহ)