#WATCH | "India is on the Moon": ISRO chief S Somanath as Chandrayaan 3 lander module Vikram makes safe and soft landing on the Moon pic.twitter.com/5xEKg0Lrlu
— ANI (@ANI) August 23, 2023
উল্লেখ্য যে, চন্দ্ৰৰ দক্ষিণ মেৰু এতিয়াও সঠিকভাৱে অন্বেষণ কৰিব পৰা হোৱা নাই। পৃথিৱীৰ আন কোনো দেশেই চন্দ্ৰপৃষ্ঠৰ এই অজান স্থানত উপনীত হ’ব পৰা নাই। কিন্তু, ভাৰতীয় বিজ্ঞানীৰ দক্ষতা আৰু প্ৰচেষ্টাৰ ফলত ভাৰতে আজি মহাকাশ জগতত নতুন ইতিহাসৰ সূচনা কৰি চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰিছে। চূড়ান্ত অৱতৰণৰ বাবে চন্দ্ৰযানক সময় লাগিছিল ১৯ মিনিট। এইদৰে ভাৰতে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়।
ইফালে, চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত দেশত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। সাধাৰণ জনসাধাৰণেও ফটকা জ্বলাই মহাকাশত ভাৰতৰ ঐতিহাসিক সফলতাক উদযাপন কৰে। আৱেগেৰে আপ্লুত হৈ পৰিছে ইছৰোৰ বিজ্ঞানীসকল। তৃতীয় বিশ্বৰ দেশসমূহৰ চকু কপালত তুলিব পৰা এই সফলতাৰ বাবে প্ৰথম বিশ্বৰ দেশসমূহৰ পৰা ভাৰতে অভিনন্দন বাৰ্তা লাভ কৰিছে।Chaand Taare todh laoon….Saari Duniya par main chhaoon. Aaj india aur @isro chhaa gaya. Congratulations to all the scientists and engineers…the whole team which has made India so proud. Chandrayaan-3 has successfully
— Shah Rukh Khan (@iamsrk) August 23, 2023
soft-landed on the moon. #Chandrayaan3 pic.twitter.com/yBJu9k7Q8a
২০১৯ চনত চন্দ্ৰযান-২ বিফল হোৱাৰ পিছত ইছৰোৰ চন্দ্ৰত অৱতৰণৰ সপোন ছুৰমাৰ হৈছিল। ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে ছিভান কান্দোনত ভাঙি পৰিছিল। কিন্তু ইছৰোৰ বিজ্ঞানীসকলে হাৰ নামানিলে। নতুন পৰিকল্পনাৰে তেওঁলোকে চন্দ্ৰযান-৩ৰ কাম আৰম্ভ কৰিলে। অতীতৰ ভুলৰ পৰা শিকি পুনৰ চন্দ্ৰৰ মাটি স্পৰ্শ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰে আৰু ভাৰতীয় বিজ্ঞানীৰ এই প্ৰচেষ্টাই আজি সমগ্ৰ দেশবাসীক গৌৰবান্বিত কৰিলে।Historic day for India's space sector. Congratulations to @isro for the remarkable success of Chandrayaan-3 lunar mission. https://t.co/F1UrgJklfp
— Narendra Modi (@narendramodi) August 23, 2023