ৱাকফ বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনক সঠিক দিশত আগুৱাই নিব লাগিব

Story by  atv | Posted by  [email protected] • 7 d ago
ৱাকফ সংশোধনী বিধেয়ক ২০২৪ক লৈ সংসদত ভাষণ আগবঢ়োৱাৰ সময়ত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু
ৱাকফ সংশোধনী বিধেয়ক ২০২৪ক লৈ সংসদত ভাষণ আগবঢ়োৱাৰ সময়ত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু
 
  আতিৰ খান

ৱাকফ সংশোধনী বিধেয়ক ২০২৪-এ দেশৰ মুছলমান সম্প্ৰদায়ৰ মাজত এক ক্ষোভ আৰু আন্দোলনৰ সূচনা কৰিছে। এই আন্দোলন সঠিক দিশত পৰিচালিত হোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু কোনো বাহ্যিক শক্তিয়ে যাতে এই আন্দোলনত ইন্ধন যোগাব নোৱাৰে, সেয়া আমি লক্ষ্য কৰিব লাগিব।  
 
গণতান্ত্ৰিক প্ৰক্ৰিয়াত মানুহৰ সক্ৰিয় অংশগ্ৰহণ আদৰণীয় যদিও একাংশ ন্যস্ত স্বাৰ্থজড়িত লোকে ভাৰতীয় মুছলমানসকলক নেতিবাচকভাৱে প্ৰভাৱিত কৰাৰ চেষ্টা চলাই আছে, যিবোৰ সতৰ্কতাৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে। বিলখনক লৈ চৰকাৰৰ প্ৰস্তাৱে মুছলমান সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, অৱশ্যে এই কথা স্পষ্টভাৱে বুজা যায় যে মুছলমান সমাজক আৱেগিক কৰাৰ আঁৰত এক ৰাজনৈতিক শক্তি জড়িত হৈ আছে। 
 
বিৰোধী দলৰ নেতাসকলে সক্ৰিয়ভাৱে মুছলমান সম্প্ৰদায়ৰ হৈ ওকালতি কৰি আছে। ইফালে, সদনৰ মজিয়াত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কৈছে যে বিধেয়কখন ভাৰতীয় মুছলমানসকলৰ স্বাৰ্থত উত্থাপন কৰা হৈছে।
 
এই প্ৰেক্ষাপটত পৰিস্থিতিৰ প্ৰতি আস্থা আৰু মুকলি মনেৰে দৃষ্টি নিক্ষেপ কৰাটো অতি গুৰুত্বপূৰ্ণ। প্ৰয়োজনীয় সংশোধনীৰ পোষকতা কৰা আন্দোলনটো বহুদিশত গঠনমূলক হৈছে, কিন্তু একাংশ দুষ্ট চক্ৰই বিধেয়কখনক সাম্প্ৰদায়িক বুলি প্ৰক্ষেপ কৰাৰ চেষ্টা কৰিছে। 
 
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কিছুমান উদ্বেগজনক আৰু উত্তেজনাপূৰ্ণ পোষ্ট দেখিবলৈ পোৱা গৈছে, য’ত কিছুমান বিশেষ অসামাজিক চক্ৰই সমাজত ভয় আৰু আতংকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে দাবী কৰে যে এই বিধেয়কখনেৰে চৰকাৰে মছজিদ আৰু কবৰস্থানসমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনিব।
 
হোৱাটছএপৰ ডিপিত ‘মই ৱাকফ বিলৰ বিৰোধিতা কৰো’ আৰু ছ’চিয়েল মিডিয়াৰ ষ্টেটাছত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ একাংশই মুছলমান ৰাইজক আহ্বান কৰিছে। এনে কাৰ্য্যই সম্প্ৰদায়টোৰ কল্যাণ সাধন কৰাৰ পৰিৱৰ্তে এক নেতিবাচক ধাৰণাহে গঢ়ি তুলিব পাৰে। ৱাকফ আইন ১৯১৩/১৯২৩ চনৰ পৰাই আছে; ইয়াক ১৯৫৪, ১৯৯৫ আৰু ২০১৩ চনত ব্ৰিটিছ যুগত সংহিতাকৰণ কৰা হৈছিল। মূলতঃ এই ব্যৱস্থাটোৱে কেন্দ্ৰীয় ৱাকফ পৰিষদ, নিজ নিজ ৰাজ্যৰ ৱাকফ ব’ৰ্ড, আৰু ৱাকফ ন্যায়াধিকৰণৰ অধীনত কাম কৰে।
 
২০১৩ চনৰ সংশোধনী বিধেয়কখনৰ খচৰা প্ৰস্তুত কৰা আই আৰ এছৰ প্ৰাক্তন চৈয়দ আখতাৰ মাহমুদে বিশ্বাস কৰে যে ২০২৪ চনৰ বিধেয়কখনত কিছুমান অপ্রাসংগিক বিধান আছে৷ অৱশ্যে ৱাকফৰ সম্পত্তিৰ ৱেবছাইটৰ ৰক্ষণাবেক্ষণৰ দৰে বৰ্তমানৰ বিধানসমূহো উন্নত কৰাৰ প্ৰয়োজন আছে।তেওঁ কয় যে ২০১৩ চনৰ বিধেয়কখনৰ পৰা বহু পৰামৰ্শ আছে যিবোৰ কাৰ্যকৰী হোৱা নাই আৰু যদিহে যুটীয়া সংসদীয় সমিতিয়ে বিবেচনা কৰে তেন্তে এই আইনখন কাৰ্যকৰী হ’ব পাৰে। এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ আৰু গঠনমূলক আলোচনাৰ প্ৰয়োজন আছে।
 
জেপিচিৰ অধ্যক্ষ জগদম্বিকা পালক সাক্ষাৎ কৰাৰ পিছত নাগৰিক সমাজৰ সদস্যসকল
 
সংস্কাৰৰ প্ৰয়োজনীয়তাক একাষৰীয়া কৰি প্ৰস্তাৱিত পৰিৱৰ্তনসমূহক মুছলমানৰ ওপৰত আক্ৰমণ হিচাপে উপস্থাপন কৰাৰ প্ৰচেষ্টাক সঠিকভাৱে চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে। সংসদত বিধেয়কখনক লৈ হোৱা বিতৰ্কত বিজেপি আৰু বিৰোধী দলৰ সদস্যৰ মাজত থকা মতানৈক্যৰ ওপৰত আলোকপাত কৰা হয়। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আশ্বাস দিয়াৰ পিছতো মতানৈক্য অব্যাহত থাকে আৰু অৱশেষত ইয়াক পৰ্যালোচনা আৰু অধিক জনসাধাৰণৰ মতামত বিচৰাৰ বাবে জেষ্ঠ সাংসদ জগদম্বিকা পালৰ নেতৃত্বত গঠিত যুটীয়া সংসদীয় সমিতিৰ হাতত বিষয়টো গতাই দিয়া হয়।
 
এই পদক্ষেপে মুছলমান সমাজৰ পৰা যথেষ্ট প্ৰতিক্ৰিয়া লাভ কৰিছে, যিয়ে বহুলাংশে ইতিবাচক সঁহাৰি দিছে। নাজিব জং, লেফটেনেণ্ট জেনেৰেল জমিৰুদ্দিন শ্বাহ, আৰু জাফৰ মাহমুদকে ধৰি আগশাৰীৰ নেতাসকলে সংসদীয় সমিটিখনক গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়াইছে। 
 
ইয়াৰ উপৰিও যুটীয়া সংসদীয় সমিতিয়ে মুছলমান সম্প্ৰদায়ৰ সদস্যসকলক তেওঁলোকৰ পৰামৰ্শ দাখিল কৰিবলৈ উৎসাহিত কৰা ভিডিঅ’সমূহ ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এইদৰে তেওঁলোকে এক ইতিবাচক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পোষকতা কৰিছে। ইয়াৰ পিছতো ছ’চিয়েল মিডিয়াত বিধেয়কখনৰ বিষয়ে ভুল তথ্যৰ প্ৰচাৰ অব্যাহত আছে।
 
বহু কথা চৰকাৰে পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে যদিও বিধেয়কখনক সঠিকভাৱে বুজি নোপোৱাকৈয়ে সম্পূৰ্ণৰূপে নাকচ কৰাটো সম্পূৰ্ণৰূপে অনুচিত হ’ব। উৎসাহজনক খবৰটো হ’ল বহু মুছলমানে ব্যক্তিগতভাৱে ইমেইলৰ জৰিয়তে কমিটীলৈ নিজৰ পৰামৰ্শ দাখিল কৰিছে। অৱশ্যে জাকিৰ নাইকৰ দৰে ব্যক্তিয়ে বিধেয়কখনৰ বিৰুদ্ধে মানুহক উচটনি দিছে।
 
চৰকাৰৰ সৈতে মুছলমান সম্প্ৰদায়ৰ সংযোগ প্ৰত্যক্ষ আৰু ন্যস্ত স্বাৰ্থৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব লাগিব। অধিক স্পষ্টতা লাভ কৰিবলৈ মুছলমান সম্প্ৰদায়ে সম্বোধন কৰিবলগীয়া মৌলিক প্ৰশ্নটো হ’ল বৰ্তমানৰ ৱাকফ পৰিচালনা ব্যৱস্থাটোৱে ফলপ্ৰসূভাৱে কাম কৰি আছে নে নাই?
 
ঐতিহাসিকভাৱে ৱাকফ ব্যৱস্থাটো দুৰ্নীতি, অপব্যৱস্থাপনা, সম্পত্তিৰ অপব্যৱহাৰ আদিয়ে জুৰুলা কৰি আহিছে। ৫০ টাতকৈও অধিক ৱাকফ সম্পত্তিৰ মালিকীস্বত্ব ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপেও দাবী কৰিছে। পৰিচালনাৰ কাম ৱাকফ ব’ৰ্ডে চম্ভালি থকাৰ সময়তে ১৯১৪ চনৰ পৰাই ইয়াৰ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ দায়িত্ব পালন কৰি আছে এ এছ আই-এ।
 
 
বুজা যায় যে ৱাকফ ব’ৰ্ডসমূহৰ অগ্ৰাধিকাৰ আছিল বাণিজ্যিক কাৰ্য্যকলাপৰ অনুমতি দি সম্পত্তিসমূহৰ পৰা আয় আহৰণ কৰা, আনহাতে এ এছ আইৰ দায়িত্ব হৈছে এই কীৰ্তিচিহ্নসমূহৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণ। এই সংঘাত অমীমাংসিত হৈয়েই আছে। ৱাকফৰ দ্বাৰা আৰম্ভ কৰা বাণিজ্যিক স্বাৰ্থ গুৰুত্বপূৰ্ণ হ’লেও এই কীৰ্তিচিহ্ন আৰু সম্পত্তিৰ যে ঐতিহাসিক মূল্য আছে সেয়াও অস্বীকাৰ কৰিব নোৱাৰি।
 
চৰকাৰৰ প্ৰস্তাৱৰ বিৰোধিতা কৰা সকলো পক্ষই চৰকাৰ বা আদালতৰ লগত আলোচনা কৰি যুক্তিসংগত দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। আদালতৰ গোচৰৰ বোজা আন এক ডাঙৰ বিষয় হৈ পৰিছে। যিহেতু, প্ৰতিৰক্ষা আৰু ৰে’লৱেৰ পিছত ভাৰতৰ তৃতীয় বৃহত্তম মাটিৰ মালিক হৈ আছে ৱাকফ, গতিকে সঠিকভাৱে পৰিচালিত হ’লে এই সম্পদে মুছলমান সম্প্ৰদায়ক বহুখিনি উপকৃত কৰিব পাৰিলেহেঁতেন।
 
গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰী হিচাপে ৱাকফ সংশোধনী বিধেয়ক ২০২৪ক স্পষ্ট, যুক্তিসংগত দৃষ্টিভংগীৰে বিচাৰ-বিবেচনা কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াক কেন্দ্ৰ কৰি গঢ়ি উঠা আন্দোলনক ইতিবাচক দিশত আগুৱাই নিয়া উচিত, যাতে ই আন এটা হেৰুওৱা সুযোগত পৰিণত নহয়। নাগৰিক হিচাপে নিজৰ অধিকাৰৰ হকে মাত মতাৰ অধিকাৰ সকলোৰে আছে, কিন্তু এই কথা নিশ্চিত কৰক যে আন্দোলনটোৱে যাতে বাহ্যিক এজেণ্ডাৰ দ্বাৰা পৰিচালিত হৈ অন্য ৰূপ গ্ৰহণ নকৰে।