অমুছলমান ব'ৰ্ডৰ বিষয়াই বিধেয়কক সমৰ্থন কৰাৰ পিছত ৱাকফ সমিতি বৈঠকত পুনৰ বিশৃংখলতা

Story by  atv | Posted by   Imtiaz Ahmed • 2 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী

দিল্লী ৱাকফ ব’ৰ্ডে আইনখনৰ প্ৰস্তাৱিত পৰিৱৰ্তনক সমৰ্থন কৰাৰ পিছতে ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠকত পুনৰ বিশৃংখলতাৰ সৃষ্টি হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে। বিৰোধী দলৰ সাংসদসকলে তেওঁৰ স্থিতিক “অবৈধ” বুলি অভিহিত কৰাৰ সময়তো দিল্লী ৱাকফ ব’ৰ্ডৰ প্ৰশাসক আই এ এছ অশ্বিনী কুমাৰে বিধেয়কখনক সমৰ্থন কৰে।

বিৰোধীয়ে দিল্লী ৱাকফ ব’ৰ্ডৰ প্ৰশাসকজন মুছলমান নহয় বুলি উল্লেখ কৰি যুক্তি আগবঢ়ায় যে আইনত অমুছলমান লোক ৱাকফ ব’ৰ্ডত থাকিব নোৱাৰে বুলি উল্লেখ আছে। বিজেপিৰ এজন সাংসদে আঙুলিয়াই দিয়ে যে অৰবিন্দ কেজৰিৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া তেওঁ দিল্লী ৱাকফ ব’ৰ্ডত এজন হিন্দু প্ৰশাসক নিযুক্তি দিছিল।

বিৰোধীয়ে কয় যে দিল্লী চৰকাৰৰ অনুমোদন অবিহনে দিল্লী ৱাকফ ব’ৰ্ডৰ প্ৰশাসকে ইয়াৰ উপস্থাপন লৈ আহিছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। বিৰোধী দলৰ একাংশ সাংসদে দাবী কৰে যে তেওঁৰ (প্ৰশাসকৰ) ওআৰত প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰা উচিত।

বিৰোধী দলৰ সাংসদসকলে কয় যে ৱাকফ ব’ৰ্ডত দিল্লী চৰকাৰৰ প্ৰতিনিধিকো সংসদীয় সমিতিত উপস্থাপন দাখিল কৰিবলৈ দিয়া উচিত। এই দাবী সমিতিৰ অধ্যক্ষই গ্ৰহণ কৰে।

সোমবাৰে দিল্লী ৱাকফ ব’ৰ্ডে দিয়া উপস্থাপনৰ প্ৰতিবাদত বিৰোধীয়ে বৈঠকৰ পৰা ওলাই আহিছিল। আপৰ সাংসদ সঞ্জয় সিঙে উল্লেখ কৰে যে এই উপস্থাপন দিল্লী চৰকাৰে পৰীক্ষা কৰা নাই। দিল্লীৰ মুখ্যমন্ত্রী আতিশীৰ অনুমোদন অবিহনে ৱাকফ ব’ৰ্ডৰ প্রাথমিক প্রতিবেদন সলনি কৰা বুলিও বিৰোধীয়ে অভিযোগ উত্থাপন কৰে৷

আতিছিয়ে সমিতিখনলৈও এখন পত্ৰ লিখিছিল যে এই উপস্থাপনক “বাতিল” বুলি গণ্য কৰা উচিত।

যোৱা সপ্তাহৰ অশান্ত আচৰণৰ বাবে এদিনৰ বাবে নিলম্বিত হৈ থকা টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীও সভাত অংশগ্ৰহণ কৰে। বিজেপিৰ সাংসদ অভিজিৎ গংগোপাধ্যায়ৰ সৈতে হোৱা উত্তপ্ত তৰ্কত বৈঠকত গ্লাছৰ পানীৰ বটল ভাঙি বেনাৰ্জীয়ে হাতত আঘাত পাইছিল। মঙলবাৰে বেনাৰ্জীয়ে কয় যে অভিজিৎ গংগোপাধ্যায়ে তেওঁক আৰু পিতৃ-মাতৃক গালি-গালাজ কৰাৰ পিছত তেওঁৰ খং উঠিছিল।

ঘটনাৰ ক্ৰম বৰ্ণনা কৰি বেনাৰ্জীয়ে কয়, "সেইদিনা কংগ্ৰেছৰ নাছিৰ হুছেইন আৰু অভিজিত গংগোপাধ্যায়ৰ মাজত উত্তপ্ত কথাৰ আদান-প্ৰদান হৈছিল। মই ক'লোঁ যে তেওঁ (অভিজিত গংগোপাধ্যায়) কিয় চিঞৰিছে? তাৰ পিছত তেওঁ মোক, মোৰ মা, মোৰ দেউতা আৰু মোৰ পত্নীক ধৰি গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিলে... সভাপতি অহাৰ পিছত তেওঁ মোৰ প্ৰতি কঠোৰ আছিল যদিও তেওঁৰ প্ৰতি কোমল আছিল এইটোৱে মোক হতাশ কৰি তুলিছিল।"

তেওঁ আৰু কয়, "মোৰ কেতিয়াও বটলটো সভাপতিলৈ নিক্ষেপ কৰাৰ উদ্দেশ্য নাছিল। সদস্যসকলক নিলম্বন কৰাৰ কোনো ক্ষমতা সভাপতিৰ নাই, কেৱল অধ্যক্ষইহে পাৰে। অভিজিত গংগোপাধ্যায় ন্যায়পালিকাৰ ক'লা দাগ।"