উল্লেখ্য যে, দাউদী বহৰাসকল মূলতঃ পশ্চিম ভাৰতৰ পৰা অহা এটা মুছলমান সম্প্ৰদায়, যাৰ সদস্যসকলে বিশ্বৰ ৪০খনতকৈও অধিক দেশত বসতি স্থাপন কৰিছে। দাউদী বহৰা সম্প্ৰদায়ৰ ঐতিহ্যৰ সূত্ৰপাত হৈছে ইজিপ্তৰ হজৰত মহম্মদৰ প্ৰত্যক্ষ বংশধৰ ফাতিমিদ ইমামসকলৰ পৰা। সমগ্ৰ বিশ্বৰ দাউদী বহৰাসকলক তেওঁলোকৰ নেতা আল-দাই আল-মুতলাক (unrestricted missionary) নামেৰে পৰিচিত, যিয়ে প্ৰথমে য়েমেনৰ পৰা আৰু তাৰ পিছত যোৱা ৪৫০ বছৰ ধৰি ভাৰতৰ পৰা কাম কৰিছিল।Thank you Hon’ble Prime Minister Shri @Narendramodi ji for your warm welcome and continued support.
— The Dawoodi Bohras (@Dawoodi_Bohras) April 17, 2025
The Dawoodi Bohra community is grateful for your leadership especially with regard to the recent Waqf amendment, which reaffirmed our place in the fabric of this great nation.… pic.twitter.com/dXRa0GLGNo
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিনিধি দলটোক কয়, ‘আপোনালোকৰ মাজৰ পৰা হয়তো অতি কম সংখ্যকেহে জানে যে যেতিয়া মই প্ৰথমবাৰৰ বাবে ৱাকফ (সংশোধনী) আইনখনৰ সংশোধনৰ ধাৰণা লাভ কৰিছিল, তেতিয়া মই প্ৰথম পৰামৰ্শ লোৱা ব্যক্তিজন আছিল চৈয়দনা চাহাব।" তেওঁ কয় যে চৈয়দনা চাহেবে তেওঁৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল আৰু আনকি বহৰা সম্প্ৰদায়ৰ সদস্যসকলকো আইনৰ পৰ্যালোচনা আৰু আইনখনৰ খচৰা প্ৰস্তুত কৰাত সহায় কৰিবলৈ পঠিয়াইছিল।Delhi | Members of the Dawoodi Bohra community, led by Shehzada Husain Burhanuddin, met President Droupadi Murmu at Rashtrapati Bhavan pic.twitter.com/b1Xk4r6kFK
— ANI (@ANI) April 18, 2025