আৱাজ দ্য ভইচ / নতুন দিল্লী / চাহাৰানপুৰ
উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ জমিয়ত দাৱতুল মুছলিমৰ পৃষ্ঠপোষক তথা বিখ্যাত দেওবন্দী পণ্ডিত মৌলানা কাৰী ইছহাক গোৰা (Maulana Qari Ishaq Gora)ই হোলী উপলক্ষে দেশৰ মুছলমানসকলক এক বিশেষ আহ্বান জনাইছে। ৰমজানৰ ৰোজা মাহত শুকুৰবাৰে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হ'ব বাবে মুছলমানসকলক সেইদিনা নিকটৱৰ্তী মছজিদত জুম্মাৰ নামাজ আদায় কৰিবলৈ আৰু তাৰ পিছত ঘৰতে থাকি ইবাদত আগবঢ়াবলৈ তেওঁ পৰামৰ্শ দিছে।
এই দিনটোত হিন্দুসকলে ৰঙৰ উৎসৱ পালন কৰাৰ বিপৰীতে মুছলমানসকলে পুৱাৰ পৰা গধূলিলৈকে ৰোজা ৰাখে আৰু ৰমজানৰ প্ৰথম শুকুৰবাৰে জামাতৰ নামাজ আদায় কৰিব। তেওঁ কয় যে মুছলমানসকলে অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ ওলাই যাব নালাগে আৰু কোনো ধৰণৰ বিবাদ বা ভুল বুজাবুজিৰ সৃষ্টি কৰাৰ পৰা বিৰত থাকিব লাগে।
মৌলানা কাৰী ইছহাক গোৰাই এক ভিডিঅ’ বিবৃতি প্ৰকাশ কৰি কয় যে, আমি এনে এখন দেশৰ বাসিন্দা, য'ত বিভিন্ন ধৰ্মৰ লোক বাস কৰে আৰু সকলোৱে নিজৰ ধৰ্মীয় স্বাধীনতা অনুসৰি নিজৰ নিজৰ উৎসৱ আনন্দৰে পালন কৰে। এয়া দেশৰ সৌন্দৰ্য্য যে সকলো ধৰ্মৰ মানুহে নিজৰ উৎসৱ আৰু পৰম্পৰা পাৰস্পৰিক সন্মানেৰে পালন কৰে। প্ৰতিটো ধৰ্মৰ লোকে শান্তিপূৰ্ণ আৰু সম্প্ৰীতিৰে উৎসৱ-পাৰ্বন উদযাপন কৰিবলৈ স্বাধীন হোৱাৰ বাবে ভাৰত অনন্য বুলিও তেওঁ উল্লেখ কৰে।
মৌলানা কাৰী ইছহাকে আৰু কয় যে ভাৰতৰ ইছলামিক শিক্ষাৰ এক প্ৰধান প্ৰতিষ্ঠান দাৰুল উলুম দেওবন্দেও মুছলমানসকলক হোলীৰ দিনটোত সংযম আৰু শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। দাৰুল উলুমে মুছলমানসকলক নিজৰ চৌপাশৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ আৰু বিবাদৰ সৃষ্টি নকৰিবলৈ অনুৰোধ জনাইছে।
তেওঁ কয় যে মুছলমানসকলে হোলীত নিজৰ ওচৰৰ মছজিদত জুমাৰ নামাজ আদায় কৰিব লাগে। এই সময়ছোৱাত তেওঁলোকে নিজৰ দৈনন্দিন ধৰ্মীয় কাম-কাজ সম্পূৰ্ণ শান্তি আৰু ধৈৰ্য্যৰে চলাব লাগে। ইয়াৰ পিছত তেওঁলোকে নিজৰ ঘৰতে থাকি ইবাদত আগবঢ়োৱা উচিত, আৰু কোনো ধৰণৰ অপ্ৰয়োজনীয় কামত অংশ লোৱাৰ পৰা বিৰত থাকিব লাগে।
মৌলানা গোৰাই কয় যে সমাজত শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ মুছলমানসকলে দায়িত্বশীল নাগৰিক হিচাপে আচৰণ কৰিব লাগিব। মুছলমানসকলে তেওঁলোকৰ শিক্ষা আৰু আচৰণৰ জৰিয়তে ইছলামিক শিক্ষাৰ উত্তম উদাহৰণ দাঙি ধৰা উচিত। তেওঁ কয় যে আমি আমাৰ কাম আৰু চিন্তাৰ জৰিয়তে আনক দেখুৱাব লাগে যাতে মানুহে উপলব্ধি কৰে যে ইছলাম শান্তিৰ ধৰ্ম আৰু মুছলমানসকলে ভাতৃত্ববোধ বজাই ৰাখিবলৈ সমাজত নিজৰ ভূমিকা পালন কৰে।
তেওঁ লগতে মুছলমানসকলে নিজৰ ধৰ্ম অনুসৰণ কৰি আন্তৰিকতাৰে এই পথত চলিব লাগে বুলিও উল্লেখ কৰে। লগতে মৌলানাই ভাষণত কয় যে মুছলমানসকলে কোনো অপ্ৰয়োজনীয় কামত অংশগ্ৰহণ কৰিব নালাগে। কোনো কাৰণতে কোনো বিবাদৰ অংশ হ’ব নালাগে আৰু কোনো ধৰণৰ ভুল বুজাবুজি বা উত্তেজনাৰ প্ৰসাৰ ঘটাব নালাগে। বিশেষকৈ হোলীৰ দিনা কিছু ঠাইত সংঘটিত হোৱা বিশৃংখলতা আৰু অপ্ৰয়োজনীয় সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়।
মৌলানা গোৰাই কয় যে নিজৰ আচৰণৰ জৰিয়তে ভাতৃত্ববোধ আৰু শান্তিৰ পৰিৱেশ বজাই ৰখাটো মুছলমানসকলৰ কৰ্তব্য। তেওঁৰ মতে ইছলামে আমাক সংযম, সহনশীলতা, শান্তিৰে জীয়াই থকাৰ বাৰ্তা দিছে আৰু আমি ইয়াক আমাৰ জীৱনত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা উচিত।