মূলসূতিৰ ভাৰতৰ পৰা পৃথক, অসমৰ মুছলমানসকলে ধৰি ৰাখিছে এক বৈচিত্ৰময় পৰিচয় আৰু সংস্কৃতি

Story by  Imtiaz Ahmed | Posted by  Munni Begum • 1 Years ago
মেখেলা-চাদৰ পৰিধান কৰা কেইগৰাকীমান অসমীয়া মুছলমান মহিলা
মেখেলা-চাদৰ পৰিধান কৰা কেইগৰাকীমান অসমীয়া মুছলমান মহিলা
 
ইমতিয়াজ আহমেদ
 
শংকৰ-আজানৰ দেশ হিচাপে চিহ্নিত অসম হৈছে বিভিন্ন ধৰ্ম আৰু জাতি-জনগোষ্ঠীৰ লোকে একত্ৰিত হৈ সৌহাৰ্দ্যপূৰ্ণভাৱে বসবাস কৰা এক ভূমি। মুছলমানসকল অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ আৰু ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ। জম্মু-কাশ্মীৰৰ পিছত ভাৰতৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক মুছলমান জনসংখ্যা থকা অসম হৈছে অনন্য সাংস্কৃতিক আৰু ঐতিহাসিক শিপা থকা এক বৈচিত্ৰময় মুছলমান সম্প্ৰদায়ৰ বাসভূমি।
 
অধিকাংশ অসমীয়া মুছলমানৰে বংশধৰ হৈছে কছাৰী, ৰাজবংশী, নগা, মণিপুৰী, গাৰো, চাহ জনজাতি আদিৰ দৰে বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠী। আনকি ছৈয়দ, মৰিয়াৰ দৰে বিশিষ্ট উপগোটসমূহৰো খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে পূৰ্বপুৰুষৰ সম্পৰ্ক আছে। কিন্তু বিভিন্ন মুছলমান সংগঠনৰ মতে, অসমৰ ১.২৩ কোটি মুছলমানৰ ভিতৰত মাত্ৰ ৪২ লাখ (৩৫ শতাংশ)হে অসমীয়া ভাষী মুছলমান, বাকীসকল বাংলাভাষী। তেওঁলোক সাংস্কৃতিকভাৱে কেৱল অসমীয়া মুছলমানৰ পৰাই নহয়, ভাৰতৰ অন্যান্য প্ৰান্তৰ মুছলমানৰ পৰাও পৃথক। বাংলাভাষী মুছলমানসকলক খিলঞ্জীয়া আৰু প্ৰব্ৰজনকাৰী হিচাপে শ্ৰেণীবিভাজন কৰিব পাৰি। খিলঞ্জীয়াসকলে মূলতঃ বৰাক উপত্যকাত আৰু প্ৰব্ৰজনকাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে।
 
ৰঙালী উৎসৱত দেশী সম্প্ৰদায়ৰ এজাক যুৱতীয়ে নৃত্য পৰিবেশন কৰি থকা এক মূহুৰ্ত
 
ভাৰতৰ আন আন প্ৰান্তৰ মুছলমানসকলৰ বিপৰীতে খিলঞ্জীয়া জনগোষ্ঠীৰ শিপা থকা অসমীয়া মুছলমানসকলে ধৰ্মীয় অনুষ্ঠানৰ সময়ত কিছুমান সামাজিক ৰীতি-নীতি বজাই ৰাখে, যিয়ে ৰাজ্যখনৰ অ-মুছলমানৰ আচাৰ-ব্যৱহাৰক প্ৰতিফলিত কৰে। উদাহৰণ স্বৰূপে অসমীয়া মুছলমানসকলৰ বিয়াৰ সময়ত বিয়ানাম গোৱাৰ এক পৰম্পৰা আছে, যিটো অসমীয়া সমাজৰ অনবদ্য অংশ। কোচ ৰাজবংশী সম্প্ৰদায়ৰ পৰা ধৰ্মান্তৰিত হোৱা বুলি ধাৰণা কৰা দেশী মুছলমানসকলে বিয়াৰ সময়ত হিন্দু পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা আচাৰ-ব্যৱহাৰ পালন কৰে। তদুপৰি পূব অসমৰ গৰীয়া (বেছিভাগেই কছাৰী আৰু আহোমৰ পৰা ধৰ্মান্তৰিত) আৰু মৰিয়া (বন্দী মোগল সৈন্যৰ বংশধৰ) সকলে হিন্দুসকলৰ সৈতে মিলাপ্ৰীতিৰে বিহু নৃত্য পৰিবেশন কৰে। একেদৰে, জুলহাসকলে (চাহ জনজাতিৰ পৰা ধৰ্মান্তৰিত) চাহ জনজাতিৰ মাজত অতি জনপ্ৰিয় ঝুমুৰ লোকনৃত্যত অংশগ্ৰহণ কৰে।
 
অসমীয়া ভাষী মুছলমান সকলৰ ৰন্ধন-প্ৰকৰণৰ পৰম্পৰা ৰাজ্যখনৰ অমুছলমান সকলৰ সৈতে ওতঃপ্ৰোতভাৱে মিল আছে। জনজাতীয় ঐতিহ্যত শিপাই থকা অধিকাংশ অসমীয়া মুছলমানে মছলাবিহীন খাদ্য পছন্দ কৰে আৰু টেঙাজাতীয় শাক-পাচলিৰে প্ৰস্তুত কৰা মাছৰ দৰে খাদ্যৰ সোৱাদ লয়। এয়া কিন্তু দেশৰ আন প্ৰান্তৰ মুছলমানসকলৰ মাজত প্ৰচলিত খাদ্য নহয়। তদুপৰি, অসমীয়া মুছলমানসকলৰ কুৰ্মা পুলাৰ দৰে অনন্য ব্যঞ্জন আছে, যি সুগন্ধি জহা চাউল আৰু মাংসৰে প্ৰস্তুত কৰা এক মছলাবিহীন বিৰিয়ানী। একেদৰে, খোৱা ছোডাৰে তৈয়াৰী খাৰ নামৰ এবিধ খাদ্য মুছলমান সম্প্ৰদায়কে ধৰি অসমীয়া সমাজৰ খাদ্য সম্ভাৰৰ এক অবিচ্ছেদ্য অংগ। হিন্দুসকলে নিৰামিষ খাৰ পছন্দ কৰাৰ বিপৰীতে মুছলমানসকলে প্ৰায়ে মাছ বা মাংস মিহলাই ইয়াৰ সোৱাদ বৃদ্ধি কৰে।
 
 এটি  দেশী মুছলমান পৰিয়ালে বিয়াৰ সময়ত নিজৰ পৰম্পৰাগত অনুষ্ঠান পালন কৰি থকা এক মূহুৰ্ত
 
সাজ-পোছাকৰ ক্ষেত্ৰত অসমীয়া মুছলমানসকলে উদাৰ দৃষ্টিভংগী প্ৰদৰ্শন কৰে। ভাৰতৰ আন আন প্ৰান্তৰ দৰে হিজাব আৰু বোৰ্খা অসমীয়া মুছলমান মহিলাৰ মাজত বৰকৈ প্ৰচলিত নহয়। অসমীয়া মুছলমান মহিলাসকলে পৰম্পৰাগত অসমীয়া সাজ-পোছাক যেনে মেখেলা-চাদৰ, শাৰী, আৰু ছেলোৱাৰ কামিজ আদি পছন্দ কৰে। অসমৰ মুছলমান মহিলাসকলে জিন্স/ট্ৰাউজাৰ আৰু টপ পিন্ধাটো সামাজিকভাৱে গ্ৰহণযোগ্য। একেদৰে, আগতে পুৰুষে ধূতি আৰু কুৰ্তা পিন্ধিছিল যদিও এতিয়া ধৰ্মীয় অনুষ্ঠানত পাঞ্জাবী আৰু দৈনন্দিন জীৱনত আধুনিক চাৰ্ট/টি-চাৰ্ট, ট্ৰাউজাৰ পিন্ধা দেখা যায়।
 
মনকৰিবলগীয়া যে, অসমত মুছলমানসকলে ঈদ উদযাপনৰ লগতে বিভিন্ন হিন্দু উৎসৱো সমান্তৰলাভাৱে পালন কৰে। ইছলামে মূৰ্ত্তি পূজা নামানিলেও অসমৰ বহু মুছলমানে হিন্দু উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। দুৰ্গা পূজা, সৰস্বতী পূজা, আৰু বিশ্বকৰ্মা পূজা মুছলমান আৰু হিন্দু উভয়ে সমান উৎসাহ-উদ্দীপনাৰে পালন কৰে। এই উৎসৱসমূহৰ আয়োজনত মুছলমান সম্প্ৰদায়সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে, বহুতো মুছলমান ব্যক্তিয়ে আয়োজক, আনকি ভাস্কৰ্য্য শিল্পী হিচাপেও কাম কৰি আছে।
 
জিকিৰ পৰিবেশন কৰি থকা এক দৃশ্য
 
মুছলমান ব্যক্তি নুৰুদ্দিন আহমেদ আৰু হাচেম আলীৰ দৰে শিল্পীয়ে এই হিন্দু উৎসৱসমূহৰ বাবে মূৰ্তি নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। পূজা উদযাপনৰ সময়ত মুছলমান দাতাসকলেও গুৰুত্বপূৰ্ণ দান-বৰঙণি আগবঢ়াই আহিছে। উল্লেখযোগ্য যে, অসমত এনে বহু মুছলমান ব্যক্তি আছে, যিয়ে কামাখ্যা দেৱীৰ প্ৰতি গভীৰ বিশ্বাস ৰাখি গুৱাহাটীৰ নীলাচল পাহাৰৰ ওপৰত থকা শক্তিপীঠত সেৱা জনাবলৈ যায়। অসমৰ চেলিব্ৰিটি সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ দৰে বিশিষ্ট ব্যক্তিকো কামাখ্যা দেৱীৰ প্ৰতি থকা ভক্তিৰ বাবে বিশেষভাৱে জনা যায়।
 
তদুপৰি, অসমীয়া মুছলমানসকলে ইছলামৰ সমান্তৰালকৈ নৱবৈষ্ণৱ ধৰ্মক বহুদিনৰ পৰাই আঁকোৱালি লৈছে। বহুতে বিশ্বাস কৰে যে ইছলামিক চুফী প্ৰচাৰক আজান ফকিৰ আৰু বৈষ্ণৱী পণ্ডিত, দাৰ্শনিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষা আৰু আদৰ্শৰ মাজত লক্ষণীয়ভাৱে মিল আছে। দুয়োজনেই এজন সৰ্বশক্তিমানক বিশ্বাস কৰাত গুৰুত্ব আৰোপ কৰিছিল আৰু মূৰ্তি পূজাক নস্যাৎ কৰিছিল। পণ্ডিতসকলে লক্ষ্য কৰিছে যে আজান ফকিৰে বৰগীত আৰু দিহানামৰ দৰে নৱবৈষ্ণৱী ভক্তিমূলক গীতৰ পৰা প্ৰেৰণা লাভ কৰিয়ে অসমীয়া মুছলমান সংস্কৃতিৰ অবিচ্ছেদ্য অংগ জিকিৰ আৰু জাৰী নামৰ অনন্য ভক্তিমূলক গীতৰ সৃষ্টি কৰিছিল।
 
উত্তৰ গুৱাহাটীৰ শিৱ মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰিছে ৰহমানে
 
অসমীয়া মুছলমানসকলৰ মাজত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি থকা শ্ৰদ্ধা তেওঁলোকৰ কৰ্মত স্পষ্ট হৈ পৰে। উদাহৰণস্বৰূপে, মুছলমান আৰক্ষী বিষয়া মুছলেহ উদ্দিন আহমেদে ধেমাজি জিলাৰ লিকাবালিত নামঘৰ স্থাপন কৰিছিল। নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলৰ নৱ-বৈষ্ণৱী মঠ সত্ৰ পাৰ হোৱাৰ সময়ত মুছলমান আৰু হিন্দুসকলে একেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
 
ৰাজ্যখনত মুছলমান পৰিয়ালে মাটি দান কৰা বা আৰ্থিকভাৱে সহায় আগবঢ়োৱাৰ অসংখ্য দৃষ্টান্ত আছে। যোৰহাট জিলাৰ হেমিদুৰ ৰহমান আৰু পাৰ্চিয়া চুলতানা নামৰ এহাল দম্পতীয়ে কেতবোৰ মন্দিৰ আৰু নামঘৰৰ উন্নয়নৰ বাবে ধন আগবঢ়োৱাই নহয়, তিতাবৰ মহকুমাৰ সন্দিকৈ গাঁও নামঘৰৰ বাবে এটা নতুন ভৱনো নিৰ্মাণ কৰিছে।
 
দেশী মুছলমানসকলৰ পৰম্পৰাগত নৃত্যৰে বিহু উৎসৱ পালন
 
৬০০ বছৰ ধৰি ৰাজত্ব চলোৱা আহোম শাসনৰ পূৰ্বৰ ৰাজধানী শিৱসাগৰ জিলাই অসমৰ হিন্দু-মুছলমান ঐক্য-সংহতিৰ উদাহৰণ দাঙি ধৰে। শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত ঐতিহাসিক শিৱ দৌলৰ পৰিচালনাৰ দায়িত্ব দৌলা নামেৰে পৰিচিত এটা মুছলমান পৰিয়ালৰ ওপৰত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অৰ্পণ কৰা হৈছে। শেহতীয়াকৈ শিৱসাগৰ জিলাৰ মেটেকা সেউজ নগৰত নামঘৰ নিৰ্মাণৰ বাবে মুছলমান সাংবাদিক খলিলুৰ ৰহমান হাজৰিকাই নিজৰ পূৰ্বপুৰুষৰ মাটি দান কৰে।
 
নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি শ্ৰদ্ধা কেৱল পূব অসমৰ মুছলমানসকলৰ মাজতে সীমাবদ্ধ নহয়। পশ্চিম অসমৰ বৰপেটা জিলাৰ ধৰ্মপ্ৰাণ মুছলমান ব্যক্তি ফাৰহাদ আলীয়ে যোৱা বছৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে চন্দন কাঠ দান কৰিছিল। উত্তৰ গুৱাহাটীৰ ৰংমহল গাওঁৰ ৫০০ বছৰ পুৰণি শিৱ মন্দিৰৰ পৰিচালনা কৰি আহিছে মতিবৰ ৰহমান আৰু তেওঁৰ পূৰ্বপুৰুষসকলে। তেওঁলোকৰ বাসগৃহৰ পিছফালে মন্দিৰটো স্থাপন কৰিছিল ৰহমানৰ পূৰ্বপুৰুষে। গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ কামৰূপ জিলাৰ হাজো হৈছে সমন্বয় আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত এক স্থান।
 
এটা নামঘৰৰ সন্মুখত অসম আৰক্ষী বিষয়া মজিবুৰ ৰহমান
 
অসমত আন্তঃধৰ্মীয় সম্প্ৰীতিৰ মনোভাৱ বিবাহৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়। পত্নীয়ে নিজৰ ধৰ্ম পালন কৰি থকা আন্তঃধৰ্মীয় বিবাহ অসমীয়া মুছলমানসকলৰ মাজত নিষিদ্ধ নহয় বা ই কোনো সামাজিক সমস্যাও নহয়। এই পৰম্পৰা আজান ফকিৰ আৰু তেওঁৰ শিষ্যসকলৰ সময়ৰ পৰাই চলি আহিছে। পূৰ্বতে ধৰ্মান্তৰকৰণ বাধ্যতামূলক আছিল যদিও এতিয়া অসমত দম্পতীয়ে ইছলাম আৰু জীৱনসংগীৰ ধৰ্ম দুয়োটাকে একেলগে পালন কৰাটো সাধাৰণ কথা।
 
এইদৰে অসম বিভিন্ন ধৰ্ম আৰু সাংস্কৃতিক পটভূমিৰ লোকৰ মাজত অভূতপূৰ্ব ঐক্য আৰু সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন হিচাপে থিয় হৈ আছে। অসমৰ মুছলমানসকলে নিজৰ থলুৱা শিপাক আকোৱালি লৈ ধৰ্মীয় উৎসৱ পালন কৰি ইছলাম আৰু নৱবৈষ্ণৱ ধৰ্ম উভয়ৰে সৈতে সুদৃঢ় সম্পৰ্ক বজাই ৰাখিছে। অসমীয়া মুছলমানসকলৰ অনন্য ৰীতি-নীতি, ৰন্ধন-প্ৰকৰণৰ পৰম্পৰা আৰু সাজ-সজ্জাই তেওঁলোকৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰাৰ লগতে সমন্বয় আৰু সহাৱস্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।