শিল্পী দিৱসত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধাঞ্জলি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুৰঞ্জনা সেনাপতিৰ
গুৱাহাটী
ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিন উপলক্ষে শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হয়। ১৯৫৩ চনৰ ১৭ জানুৱাৰীত প্ৰথমবাৰৰ বাবে শিল্পীজনাক সোঁৱৰি আৰম্ভ হোৱা এই দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম (Directorate of Elementary Education)ৰ কাৰ্যালয় চৌহদতো এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কিছুদিনৰ আগতে উন্মোচন কৰা প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসমৰ থিম ছং (Theme Song) টো পৰিবেশনৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকলে গীত-মাত পৰিবেশন কৰে।
অনুষ্ঠানত সঞ্চালকালয়ৰ বিষয়ববীয়া ডাঃ দেৱজিৎ বৰ্মনৰ দ্বাৰা ৰচিত তথা সুৰাৰোপিত আৰু জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাই কণ্ঠদান কৰা “সপোন এটোপাল” শীৰ্ষক গীত এটি উন্মোচন কৰা হয়। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে গভীৰ অৰ্থবহ হৃদয়স্পৰ্শী গীতটো উন্মোচন কৰে।
সঞ্চালকালয়ত এটি সৃষ্টিশীল সাংস্কৃতিক পৰিবেশ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা সঞ্চালক সেনাপতিয়ে কাৰ্যালয়ৰ দৈনন্দিন কাম-কাজৰ লগতে কৰ্মচাৰীসকলে সাংস্কৃতিক, সামাজিক তথা বৌদ্ধিক কাৰ্যসূচীৰ লগত নিজক জড়িত ৰাখি নিজৰ উপৰিও সমাজৰ উৎকৰ্ষ সাধন কৰাত গুৰুত্ব আৰোপ কৰে।
শিল্পী দিৱস উপলক্ষে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ডাঃ দেৱজিৎ বৰ্মনৰ 'সপোন এটোপাল' উন্মোচন
গানটোৰ স্ৰষ্টা ডাঃ বৰ্মনে নিজৰ বক্তব্যত সঞ্চালকালয়ত কৰ্মব্যস্ততাৰ মাজতে এটি সৃষ্টিশীল সাংস্কৃতিক পৰিৱেশ গঢ়ি তোলাত সুৰঞ্জনা সেনাপতিয়ে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।
উল্লেখ্য যে, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত কৰ্মৰত ডাঃ দেৱজিৎ বৰ্মন এজন হোমিঅ'পেথিক চিকিৎসক। তেওঁ NHM-ৰ অধীনত ওৰাং BPHC-ত Medical Officer হিচাপে কাম কৰিছিল আৰু লগতে National AYUSH Mission Assam-ত State Program Manager হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
বহু অসমীয়া আলোচনী আৰু কাকতত নিয়মীয়াকৈ লিখা-মেলা কৰা ডাঃ দেৱজিৎ বৰ্মনে মেডিকেল ট্ৰান্সক্ৰিপচনিষ্ট আৰু ট্ৰেন্সলেটৰ হিচাপেও কাম কৰিছে। ইয়াৰ বাহিৰেও তেওঁ সম্প্ৰতি অসম ডাউন টাউন ইউনিভাৰ্চিটিত মেনেজমেণ্টত পি এইচ ডি কৰি আছে। তেওঁৰ নতুন সৃষ্টি “সপোন এটোপাল” এতিয়া YouTube-ৰ লগতে Spotify, Gaana, Amazon Music আদি বিভিন্ন সামাজিক মাধ্যমত উপলব্ধ হৈছে।
শিল্পী দিৱসত গুৱাহাটীস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ গীত পৰিৱেশন
ইফালে, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে শিল্পী দিৱস আয়োজন সন্দৰ্ভত এইদৰে কয়, "শুকুৰবাৰে আমি আমাৰ সঞ্চালকালয়ত শিল্পী দিৱস উদযাপন কৰি ইয়াক স্মৰণীয় অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰো। আমাৰ প্ৰতিভাৱান বিষয়া-কৰ্মচাৰীসকলে জ্যোতি সংগীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। শিল্পী দিৱসৰ দিনটোতে আমি ডাঃ দেৱজিৎ বৰ্মনে ৰচনা আৰু সুৰ কৰা তথা প্ৰখ্যাত গায়ক ৰূপম ভূঞাই কণ্ঠ নিগৰোৱা এটা মনোমোহা গীত উন্মোচন কৰো, যিয়ে এই দিনটোৰ তাৎপৰ্য্য আৰু অধিক বৃদ্ধি কৰে। অনুষ্ঠানটোৱে আমাৰ বিষয়া-কৰ্মচাৰীসকলৰ ভিতৰত থকা অবিশ্বাস্য প্ৰতিভাক প্ৰদৰ্শন কৰিলে।"
সেনাপতিয়ে পুনৰ কয়, "আমি সকলোৱে আমাৰ কাৰ্যালয়ত এনে এক পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব, য’ত আমাৰ দৈনন্দিন কাম-কাজত বাধা নোহোৱাকৈ সকলোৱে সৃষ্টিশীলতা আৰু দক্ষতা বিকশিত কৰিব পাৰে। এনে পদক্ষেপৰ জৰিয়তে আমি আমাৰ কৰ্তব্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লগতে কলাত্মক প্ৰকাশভংগীৰ পোষকতা কৰিব পাৰো। আশাকৰোঁ আমাৰ এই অনুষ্ঠানে ভৱিষ্যতে সকলো কাৰ্যালয়তে আৰু বহুতো এনেধৰণৰ অনুষ্ঠানৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব।"
গীত পৰিৱেশনৰ সময়ত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ একাংশ বিষয়া-কৰ্মচাৰী, শুকুৰবাৰে
উল্লেখ্য যে, ১৯৯৯ বৰ্ষৰ এচিএছ (ACS) সুৰঞ্জনা সেনাপতি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক নিযুক্ত হোৱাৰ পূৰ্বে ছেবাৰ সচিব আৰু কামৰূপ (ম)ৰ অতিৰিক্ত উপায়ুক্ত ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল ছেবাৰ প্ৰথমগৰাকী মহিলা সচিব। এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা সেনাপতিৰ মাতৃ আছিল কেইবাটাও চিৰসেউজ অসমীয়া গানৰ গায়িকা তুলিকা সেনাপতি।
পঞ্চাশ আৰু ষাঠীৰ দশকত সুমধুৰ কন্ঠেৰে অসমীয়া সংগীত জগতক বিশেষ মাত্ৰা প্ৰদান কৰা তুলিকা সেনাপতিৰ চিৰসেউজ গানসমূহৰ ভিতৰত আছেঃ সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে, চিঠি পালোঁ পঢ়ি চালোঁ, দেখি গগনৰ চপৰা ডাৱৰ, অ’ ফুল অ’ ফুল নুফুল কিয়, বগলী এ সবাহলৈ নগলি কিয় ইত্যাদি৷ তেওঁ নিৰ্মলপ্ৰভা বৰদলৈৰ কেইবাটাও গীতত কণ্ঠ নিগৰাই শ্ৰোতাৰ হৃদয়ত সুকীয়া স্থান দখল কৰিছিল।