ভাৰতীয় মুছলমানক বিপথে পৰিচালিত নকৰিবঃ ৱাকফ বিল নাকচৰ আহ্বানক লৈ জাকিৰ নাইকক সকীয়নি ৰিজিজুৰ

Story by  atv | Posted by  [email protected] • 9 d ago
মুছলমান প্ৰতিনিধিৰ সৈতে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু (ফাইল ফটো)
মুছলমান প্ৰতিনিধিৰ সৈতে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু (ফাইল ফটো)
 
নতুন দিল্লী

ভাৰতীয় মুছলমানসকলক ৱাকফ সংশোধনী বিধেয়ক নাকচ কৰিবলৈ আহ্বান জনোৱাৰ বাবে বিতৰ্কিত ইছলামিক প্ৰচাৰক জাকিৰ নাইকক তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। দেশৰ বাহিৰৰ পৰা ভাৰতীয় মুছলমানক বিপথে পৰিচালিত কৰাৰ চেষ্টাৰ বিৰুদ্ধেও তেওঁ সকীয়াই দিয়ে।
 
জাকিৰ নাইকে মুছলমানসকলক ‘ভাৰতীয় ৱাকফৰ সম্পত্তি ৰক্ষা কৰক, ৱাকফ সংশোধনী বিধেয়ক নাকচ কৰক’ বুলি আহ্বান জনোৱাৰ পিছতে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে তেওঁক তীব্ৰ ভাষাৰে নিন্দা কৰে।  
 
জাকিৰ নাইকে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত কয়, “ৱাকফৰ পবিত্ৰ মৰ্যাদা ভংগ কৰা আৰু ইছলামিক প্ৰতিষ্ঠানৰ ভৱিষ্যতৰ ওপৰত কু-প্ৰভাৱ পেলোৱা ষড়যন্ত্ৰক বন্ধ কৰিবলৈ ভাৰতৰ মুছলমানসকলক এইটো এটা জৰুৰী আহ্বান।”
 
তেওঁ এটা QR ক’ডৰ স্কেনৰ লিংকো শ্বেয়াৰ কৰি মুছলমান সম্প্ৰদায়ক ইয়াৰ জৰিয়তে গণ সমৰ্থন কৰিবলৈ আৰু যুটীয়া সংসদীয় সমিতিত আপত্তি পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰে।
 
‘ভাৰতৰ কমেও ৫০ লাখ মুছলমানে ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আবেদন প্ৰেৰণ কৰা উচিত। উম্মাহৰ পৰা ৱাকফৰ সম্পত্তি কাঢ়ি লোৱাত বাধা নিদিলে আমি জবাবদিহি হ’ম।’-তেওঁ কয়। ইয়াৰ পিছতে কিৰেন ৰিজিজুৱে ভাৰতীয় বিষয়ত হস্তক্ষেপ কৰাৰ চেষ্টাৰ বাবে  ইছলামিক প্ৰচাৰকজনক সকীয়াই দিয়াৰ লগতে ভুৱা প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ তেওঁক আহ্বান জনায়।
 
‘অনুগ্ৰহ কৰি আমাৰ দেশৰ নিৰীহ মুছলমানসকলক বিপথে পৰিচালিত নকৰিব। ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু জনসাধাৰণৰ নিজৰ মতামত প্ৰকাশৰ অধিকাৰ আছে। কিন্তু মিছা অপপ্ৰচাৰে ভুল আখ্যানৰ সূচনা কৰিব।’-ৰিজিজুৱে লিখিছে। 
 
ভাৰতীয় মুছলমানসকলে প্ৰচাৰ কৰা কিছুমান ভিডিঅ’ ক্লিপ আৰু জাকিৰ নাইকে মুছলমানসকলক ৱাকফ বিধেয়কৰ বিৰুদ্ধে থিয় দিবলৈ কোৱা ভিডিঅ’ ক্লিপৰ প্ৰতি ৰিজিজুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এক্সত ৰিজিজুৱে এটা পোষ্টত কয় যে:
উল্লেখযোগ্য যে ৱাকফৰ সম্পত্তি পৰিচালনাৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ লক্ষ্যৰে সংসদত উত্থাপন কৰা ৱাকফ সংশোধনী বিধেয়কখনৰ ওপৰত বৰ্তমান যুটীয়া সংসদীয় সমিতিয়ে আলোচনা আৰু পৰ্যালোচনা চলি আছে।
 
ৱাকফ আইনখনৰ প্ৰস্তাৱিত পৰিৱৰ্তনে ৰাজনৈতিক বিভাজনৰ সৃষ্টি কৰিছে যদিও যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ জগদাম্বিকা পালে স্পষ্টভাৱে উল্লেখ কৰিছে যে পেনেলে দৰিদ্ৰ, মহিলা, শিশু, আৰু সংখ্যালঘু সম্প্ৰদায়ক উপকৃত কৰা এখন বিধেয়ক আনিবলৈ সকলোৰে চিন্তা-ধাৰণা আৰু দিহা-পৰামৰ্শসমূহ গভীৰভাৱে বিশ্লেষণ কৰি আছে।
 
উল্লেখ্য যে, মুম্বাইত জন্মগ্ৰহণ কৰা জাকিৰ নাইক এজন ইছলামিক প্ৰচাৰক, যিয়ে ভাৰতীয় আইনৰ পৰা পলায়ন কৰি সম্প্ৰতি মালয়েছিয়াত বাস কৰি আছে। তাত তেওঁক আশ্ৰয় দিয়া হৈছিল। ২০১৬ চনৰ পৰা মালয়েছিয়াত থকা নাইকৰ বিৰুদ্ধে ধন সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।
 
মালয়েছিয়াই তেওঁক প্ৰত্যাৰ্পণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই তেওঁক গ্ৰেপ্তাৰৰ বাবে ইণ্টাৰপ’লৰ ৰেড নটিচ জাৰি কৰে। ঘৃণামূলক ভাষণৰ বাবে ভাৰত, বাংলাদেশ, কানাডা, শ্ৰীলংকা, আৰু ব্ৰিটেইনত জাকিৰ নাইকৰ পিচ টিভি (Peace TV) নিষিদ্ধ কৰা হৈছে।