চালক বিলাল আহমেদ লস্কৰে সন্ধানহীন শিশু সুনীল দাসক উদ্ধৰ কৰি পৰিয়ালক গতালে

Story by  Satananda Bhattacharjee | Posted by  Munni Begum • 1 Years ago
 শিশু সুনীল দাসৰ পৰিয়ালৰ সৈতে বিলাল আহমেদ লস্কৰ, (সোঁফালে)
শিশু সুনীল দাসৰ পৰিয়ালৰ সৈতে বিলাল আহমেদ লস্কৰ, (সোঁফালে)
 
শতানন্দ ভট্টাচাৰ্য / শিলচৰ
 
মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে মেঘালয়ৰ বিলাল আহমেদ লস্কৰ নামৰ গাড়ী চালকগৰাকীয়ে। সন্ধানহীন হোৱা এজন কিশোৰক সামাজিক মাধ্যমৰ জৰিয়তে পিতৃ মাতৃক উভতাই দিলে গাড়ী চালক গৰাকীয়ে।  
 
বিলাল আহমেদ লস্কৰে মেঘালয়ৰ পথত সুনীল দাস নামৰ এজন শিশুটিক পাইছিল। কিন্তু শিশুটোৱে সঠিক ঠিকনা দিব পৰা নাছিল। কাছাৰ জিলাৰ শালচাপৰা এলেকাৰ বাসিন্দা বিলাল আহমেদে মেঘালয়ত গাড়ীচালক হিচাবে কাম কৰি আহিছে। প্ৰায় তিনিমাহ ধৰি সন্ধানহীন হৈ থকা শিশুটোক চোৱা-চিতা কৰি ছ’চিয়েল মিডিয়াৰ সহায়ত পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াইছিল গাড়ীচালক বিলাল আহমেদে। 
 
জানিব পৰা মতে গাড়ী চালক বিলাল আহমেদ লস্কৰে প্ৰায় তিনিমাহ পূৰ্বে মেঘালয়ত সন্ধানহীন হোৱা শিশু সুনীল দাস (১৩)ক উদ্ধাৰ কৰিছিল। লস্কৰে সুনীলক তেওঁৰ ঘৰ আৰু পিতৃ-মাতৃৰ বিষয়ে সুধিছিল, যদিও সুনীলে সঠিকভাৱে একো ক’ব পৰা নাছিল। তাৰ পিছত লস্কৰে তেওঁক নিজৰ ঘৰলৈ লৈ গৈছিল। 
 
ইয়াৰ পিছত চালকগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছিল, য’ত সুনীলৰ বিষয়ে বৰ্ণনা কৰা আছিল আৰু মানহক একেটি পোষ্ট শ্বেয়াৰ কৰিবলৈ আহ্বান জনোৱা হৈছিল যাতে শিশুটোৱে পৰিয়ালৰ ওচৰলৈ ঘূৰি যাব পাৰে।  শেহতীয়াকৈ সুনীলৰ মাতৃ বুলবুল মুন্ডাই চালক লস্কৰৰ সৈতে যোগাযোগ কৰিছিল। তাৰ পিছত লস্কৰে তেওঁক সম্পূৰ্ণ ঘটনা বিষয়ে বিৱৰি কৈছিল যে, কেনেকৈ তেওঁ সুনীলক পাইছিল, ঘৰলৈ লৈ গৈছিল আৰু ছ’চিয়েল মিডিয়াৰ সহায় লৈছিল যাতে তেওঁক পৰিয়ালে বিচাৰি পায়।  
 
বৃহস্পতিবাৰে বুলবুলে শালচাপৰা পুলিচ পেট্ৰ'ল পোষ্টত উপস্থিত হয় আৰু তাৰ পিছত লস্কৰে টহলদাৰী আৰক্ষী চকীখনৰ বিষয়াসকলক সাক্ষী হিচাপে ৰাখি শালচাপৰা আৰক্ষী টহলদাৰী চকীত সুনীলক তেওঁৰ হাতত গতাই দিয়ে। 
 
বৃহস্পতিবাৰে বিলালৰ পৰা পুত্ৰক গ্ৰহণ কৰাৰ সময়ত চকু আনন্দৰ চকুলোৰে উপচি পৰে। বুলবুলে সাংবাদিকৰ আগত কয় যে পুত্ৰক ঘূৰাই পোৱাৰ বাবে কেনে অনুভৱ হৈছে সেই কথা বুজাবলৈ তেওঁৰ ওচৰত শব্দ নাই। বুলবুলে কয়, "লস্কৰক ধন্যবাদ দিবলৈ মোৰ হাতত পৰ্যাপ্ত শব্দৰ অভাৱ। গোটেই জীৱন মই তেওঁৰ ওচৰত ঋণী।"
 
তেওঁ আৰু তেওঁৰ স্বামীয়ে মেঘালয়ৰ লুমছনঙৰ এটা চিমেণ্ট কাৰখানাত কাম কৰে আৰু তেওঁলোকৰ পুত্ৰ সুনীল প্ৰায় তিনিমাহ পূৰ্বে সেই অঞ্চলৰ পৰা সন্ধানহীন হৈছিল।  বুলবুলে কয়, "আমি আমাৰ পুত্ৰক ঘূৰাই পোৱাৰ আশা হেৰুৱাইছিলো। লস্কৰে আমাৰ বাবে দেৱদূত হিচাপে আহিছিল।" 
 
লস্কৰে কয় যে ল’ৰাটোক পৰিয়ালৰ সৈতে একত্ৰিত কৰিবলৈ পাই তেওঁ সঁচাকৈয়ে সুখী অনুভৱ কৰিছে। বুলবুলে কয়, "মই মাত্ৰ ক'ব পাৰো যে ভগৱানৰ ইচ্ছাৰ বাবেই আজি মই মোৰ ল'ৰাটোক বিচাৰি পালোঁ আৰু অৱশেষত তেওঁ নিজৰ পৰিয়ালক ঘূৰাই পালে। শিশুটিক তেওঁৰ পৰিয়ালৰ সৈতে একত্ৰিত কৰিবলৈ সক্ষম হোৱাটো এটা ডাঙৰ অনুভৱ।" 
 
বুলবুল মুন্ডা আচলতে কাৰ্বি আংলং জিলাৰ কাৰকউ বিলাছপুৰ গাঁওৰ নিবাসী। পিতৃ এছ দাস বৰাকৰ বাসিন্দা আছিল। আৰু দুয়োগৰাকীয়ে  চিমেণ্ট ফেক্টৰীত কৰ্মৰত। 
 
শিশুটিক কেনেকৈ বিচাৰি পালে বুলি সোধাত লস্কৰে কয় যে তেওঁ শিশুটিক মেঘালয়ৰ শ্বিলঙত পাইছিল আৰু তেওঁ নিজৰ পৰিয়াল আৰু ঘৰৰ বিষয়ে সঠিকভাৱে একো ক’ব পৰা নাছিল। যাৰ পিছত তেওঁ শিশুটিক নিজৰ ঘৰলৈ লৈ গৈছিল। তেওঁ শিশুটিৰ বিষয়ে ফেচবুকত পোষ্ট কৰিছিল আৰু ইয়াৰ ফলত অৱশেষত শিশুটিক পুনৰ পৰিয়ালৰ সৈতে একত্ৰিত হোৱাত সহায়ক হৈছিল। স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে লস্কৰৰ এনে কামৰ বাবে প্ৰসংশা কৰিছে।