মালিক আছঘৰ হাছমী
শেহতীয়াকৈ এক অনাকাংক্ষিত ধৰ্মীয় সংঘাত আৰু হিংসাৰ ঘটনাই মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰক জোকাৰি গৈছে। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে শান্তি-সম্প্ৰীতিৰে বছৰ বছৰ ধৰি বসবাস কৰি থকা সময়তে সংঘটিত এই ধৰ্মীয় হিংসাই নাগপুৰবাসীকে নহয়, সমগ্ৰ দেশবাসীক স্তম্ভিত কৰি তুলিছে। ধৰ্মীয় হিংসাৰ বাবে নাগপুৰ বাতৰিৰ শিৰোনামলৈ অহাৰ সময়তে চহৰখনৰ বাসিন্দাসকলৰ ঐক্য-সংহতি আৰু ভ্ৰাতৃত্ববোধৰ এক কাহিনীয়ে সকলোৰে হৃদয় চুই গৈছে।
এই কাহিনী হৈছে নাগপুৰ চহৰৰ এটা মধ্যবিত্তীয় অঞ্চল স্বামী কলনীৰ। ইয়াত হিন্দু আৰু মুছলমানসকলে দশক দশক ধৰি ভাল প্ৰতিবেশী হিচাপে বাস কৰি আহিছে আৰু ঐতিহাসিক চহৰখনৰ এটা অংশত দাঙ্গা আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতো তেওঁলোকৰ বন্ধুত্ব আৰু একতাৰ এনাজৰী কটকটীয়া হৈ আছে।
নাগপুৰ ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত স্বামী কলনীত কেইবাটাও প্ৰধান ধৰ্মৰ লোকে সমিলমিলেৰে চুবুৰীয়া হিচাপে বাস কৰে। এইদৰে স্বামী কলনীয়ে এখন ক্ষুদ্ৰ ভাৰতক প্ৰতিনিধিত্ব কৰে। এই কলনীৰ মূল আকৰ্ষণ হৈছে হিন্দু আৰু মুছলমান উভয়ৰে বাবে উমৈহতীয়া মাটনৰ দোকান। এই দোকানসমূহ হিন্দু ব্যৱসায়ীৰ যদিও দুয়োটা সম্প্ৰদায়ৰ গ্ৰাহকে ইয়াত ভিৰ কৰে। আমোদজনক কথাটো হ’ল, এই দোকানবোৰত ভেৰা ছাগলীৰ পোৱালি আৰু কুকুৰাৰ মাংস ঝাটকা আৰু হালাল উভয় পদ্ধতিত কাটি দিয়াৰ ব্যৱস্থা আছে।
যিহেতু মুছলমানসকলে ঝাটকা নাখায়, গতিকে ইছলামিক নিয়ম অনুযায়ী দোকানীসকলে এজন মুছলমান লোকক জন্তু বধ কৰিবলৈ নিয়োগ কৰিছে। এই কলনীটোত মাত্ৰ দুটা মুছলমান পৰিয়াল আছে, তেওঁলোক হৈছে—গুলাম কাদিৰ আৰু মঈন কাজী। কাদিৰে ৱেষ্টাৰ্ণ ক’ল লিমিটেড ডব্লিউ চি এল (Western Coal Limited WCL)ৰ চকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে কাজীয়ে নিটি আয়োগৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।
স্বামী কলনীৰ বাসিন্দাসকলৰ বাবে ৰমজান এক বিশেষ সময়। এই সময়ছোৱাত চুবুৰীয়া অঞ্চলৰ পৰা মুছলমানসকলেও মাংসৰ দোকানলৈ গৈ মাংস ক্ৰয় কৰে। মোগল সম্ৰাট ঔৰংজেবৰ সমাধি আঁতৰোৱাৰ দাবীত অংশগ্ৰহণকাৰীসকলে সেই অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ পিছতো স্বামী কলনীৰ বাসিন্দাসকলৰ চিন্তা-ধাৰা একেই আছে আৰু তেওঁলোকে সেইবোৰ বিতৰ্কত গুৰুত্ব প্ৰদান নকৰি সকলোৰে সৈতে ঐক্য-সংহতিৰে জীৱন-যাপন কৰি আছে।
যোৱা তিনিটা দশক ধৰি ইয়াত বাস কৰা গুলাম কাদিৰে কয়, "ইয়াৰ মানুহবোৰ অতি সহজ-সৰল আৰু নিৰ্মল হৃদয়ৰ। আমি কেতিয়াও অনুভৱ কৰা নাই যে আমি এই চহৰৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ ওচৰত বাস কৰিছো। ইয়াৰ মানুহ কেতিয়াও হিন্দু-মুছলমান বিবাদত আবদ্ধ হোৱা নাই।"
মঈন কাজীয়ে কয় যে কোনোবা এজনে ফোন কৰোতেহে তেওঁ এই দাঙ্গাৰ কথা গম পাইছিল। স্বামী কলনীৰ সমীপৱৰ্তী অঞ্চলত বাস কৰা কাদিৰৰ পুৰণি সহকৰ্মী আলতাফ খানে কয়, “যেতিয়া মোক ফোনত হিংসাৰ কথা কোৱা হৈছিল, তেতিয়া মইও আচৰিত হৈছিলোঁ। ইয়াৰ পিছতো মই চিন্তিত হোৱা নাছিলো, আৰু মই মোৰ জীৱনটো আগৰ দৰেই শান্তিৰে কটাব ধৰিছো।"
নাগপুৰৰ স্বামী কলনীৰ বাসিন্দাসকলে হোলী খেলা এক দৃশ্য
স্বামী কলনীৰ বাসিন্দাসকলে তেওঁলোকৰ পাৰস্পৰিক বন্ধন শক্তিশালী হোৱাৰ বাবে এক ইউনিটৰ দৰে অনুভৱ কৰে। হোলীয়ে হওক বা ঈদে হওক, সকলোৱে একেলগে প্ৰতিটো উৎসৱ পালন কৰে। উৎসৱৰ দিনসমূহক বিশেষ আৰু স্মৰণীয় কৰি তুলিবলৈ আনকি তেওঁলোকে পথৰ ওপৰত তম্বু স্থাপন কৰি সামূহিক ভোজৰ আয়োজন কৰে।
শেহতীয়াকৈ স্বামী কলনীৰ বাসিন্দাসকলে একেলগে ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে ট্ৰেভেল এজেন্সীৰ জৰিয়তে নিজৰ ঠাইৰ পৰা আঁতৰত থকা গন্তব্যস্থানলৈ গ্ৰুপ ট্যুৰৰ আয়োজন কৰে। এই ভ্ৰমণবোৰত সকলোৱে আনৰ লগত ভাগ-বতৰা কৰাৰ বাবে এটা বিশেষ ব্যঞ্জন কঢ়িয়াই লৈ ফুৰে। ইয়াত কোনো ধৰণৰ জাতি বা ধৰ্মীয় বৈষম্য নাই। আহাৰ গ্ৰহণৰ সময়ত সকলোৱে একেলগে খাদ্য গ্ৰহণ কৰে আৰু ইজনে সিজনক সন্মান কৰে।
গুলাম কাদিৰে কয়, "যোৱা তিনিটা দশকত মই দেখিছো যে নাগপুৰত সকলোৱে একেলগে উৎসৱ পালন কৰে। ঈদৰ সময়ত মহানগৰীৰ বহু মাদ্ৰাছাত অমুছলমানৰ বাবে ভোজ-ভাতৰ আয়োজন কৰা হয়। এইটো ঐক্যৰ প্ৰতীক, আৰু এনে অনুষ্ঠানত কেৱল মুছলমান সম্প্ৰদায়ৰ লোকেই নহয়, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু আৰ এছ এছৰ নেতাসকলেও অংশগ্ৰহণ কৰে।"
কাদিৰে কয় যে কিছুদিন আগতে ৰমজানৰ এটা শুকুৰবাৰ হোলীৰ সৈতে একে দিনাই পৰিছিল। তেওঁলোক আছিল একমাত্ৰ মুছলমান পৰিয়াল যিয়ে ৰোজা ৰাখিছিল। সেয়ে, স্বামী কলনীৰ বাসিন্দাসকলে আমাৰ পৰিয়ালটোৰ সৈতে হোলী উদযাপন কৰিবলৈ ৰোজা ভংগ হোৱালৈ অপেক্ষা কৰিছিল। কলনীৰ একমাত্ৰ খ্ৰীষ্টান পৰিয়ালটোৱেও একে উৎসাহেৰে বৰদিন উদযাপন কৰে।
তেওঁ কয় যে বাসিন্দাসকলে ধৰ্ম, জাতি, ৰাজনীতি আদিৰ দৰে সকলো বিষয়তে আলোচনা কৰে। কিন্তু তেওঁলোকৰ আলোচনাই কেতিয়াও সামাজিক সম্পৰ্ক বিঘ্নিত কৰা নাই বা কেতিয়াও কোনো সংঘাতৰ সৃষ্টি হোৱা নাই। কাদিৰে পুনৰ কয় যে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে খুৱ কমেইহে আলোচনা কৰা হয়, আৰু যেতিয়া আলোচনা কৰো, তেতিয়া আমাৰ মাজত সদায় সুস্থ আলোচনা হয়।
মন কৰিবলগীয়া যে, নাগপুৰৰ জাফ্ফৰ মছজিদৰ পৰাই মুছলমান ধৰ্মগুৰুসকলে "নিজৰ মছজিদক জানো আঁহক" কাৰ্যসূচী আৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ জৰিয়তে অমুছলমানসকলক স্থানীয় মছজিদ ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাই পৰম্পৰা ভংগ কৰা হয়। দৰ্শনাৰ্থীসকলক ইছলাম, মুছলমান, আৰু মছজিদৰ সৈতে জড়িত প্ৰশ্ন সুধিবলৈ উৎসাহিত কৰা হয়।
এই পদক্ষেপে ধৰ্ম আৰু সম্প্ৰদায়ৰ মাজত বুজাবুজিৰ প্ৰসাৰ ঘটায় আৰু মানুহক ইজনে সিজনৰ দৃষ্টিভংগী বুজিবলৈ সুযোগ দিয়ে। এই শান্তিপূৰ্ণ পৰিবেশৰ মাজতো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাত স্বামী কলনীৰ জনসাধাৰণ স্তম্ভিত হৈ পৰিছে।
কাদিৰ আৰু আন বাসিন্দাসকলৰ মতে দাঙ্গা জনসাধাৰণৰ মাজত ভুল বুজাবুজি সৃষ্টিৰ এক গভীৰ ষড়যন্ত্ৰ আছিল। স্বামী কলনীৰ বাসিন্দাসকলে অনুভৱ কৰে যে এই হিংসা এক দুষ্টচক্ৰৰ কাম আছিল। তেওঁলোকে উদ্দেশ্যপ্ৰণোদিতভাৱে মুছলমান আৰু হিন্দু জনসংখ্যাৰ সীমান্তৱৰ্তী অঞ্চল হাংগা মহলক ধৰ্মীয় সংঘাত সৃষ্টিৰ বাবে কিয় বাছি লৈছিল বুলিও বাসিন্দাসকলে প্ৰশ্ন কৰে। একে সময়তে তাজ কলনী, মমিনপুৰা, পিলি নাদী আদি মুছলমান অধ্যুষিত অঞ্চলত কেতিয়াও কোনেও এটাও শিলগুটি নিক্ষেপ কৰা নাই।