মছজিদ, দৰগাহৰ মালিকীস্বত্বৰ বিবাদৰ অন্ত পেলাবলৈ প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিছে নাগৰিক সমাজে

Story by  atv | Posted by  [email protected] • 26 d ago
এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী

আজমেৰ শ্বৰীফ দৰগাহৰ স্থানক কেন্দ্ৰ কৰি শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ ওৰ পেলোৱাৰ ক্ষেত্ৰত প্ৰধানমনন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে প্ৰাক্তন প্ৰশাসনিক বিষয়া, চৰকাৰী কৰ্মচাৰী, প্ৰাক্তন সেনা বিষয়া আৰু সাংবাদিককে ধৰি সোতৰজন বিশিষ্ট নাগৰিকে। তেওঁলোকে এই বিতৰ্কৰ অন্ত পেলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৎকালীনভাৱে আন্তঃধৰ্মীয় বৈঠক আহ্বান কৰিবলৈ আহ্বান জনাইছে।
 
পত্ৰখনত প্ৰধানমন্ত্ৰীক এটা বাৰ্তা দিবলৈ কোৱা হৈছে যে ভাৰত এতিয়াও সকলোৰে বাবে এখন মিলন ভূমি হৈয়েই আছে, য’ত যুগ যুগ ধৰি সকলো ধৰ্মীয় বিশ্বাসৰ লোকে একেলগে আৰু সম্প্ৰীতিৰে বসবাস কৰি আহিছে আৰু কোনো সাম্প্ৰদায়িক শক্তিক এই অনন্য বহুত্ববাদী আৰু বৈচিত্ৰ্যপূৰ্ণ ইতিহাস বিঘ্নিত কৰিবলৈ দিয়া নহ’ব।
 
লেফটেনেণ্ট জেনেৰেল জমিৰুদ্দিন শ্বাহ, নাজিব জং, এনচি ছাক্সেনা, এছ ৱাই কুৰেশ্বী আদিৰ দৰে গণ্য-মান্য ব্যক্তিয়ে স্বাক্ষৰ কৰা পত্ৰখনত কোৱা হৈছে, "মহাশয়, এটা গুৰুত্বপূৰ্ণ সময়ত আমি আপোনালোকক আহ্বান জনাইছো যে সকলো ভাৰতীয়ক বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ক আশ্বস্ত কৰক যে আপোনাৰ চৰকাৰে সাম্প্ৰদায়িক সৌহাৰ্দ্য, সম্প্ৰীতি আৰু সংহতি বজাই ৰখাৰ সংকল্পত দৃঢ়তাৰে থিয় দিব।"
 
এই বিষয়ত প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁলোকে এখন বৈঠকত মিলিত হোৱাৰো ইচ্ছা প্ৰকাশ কৰিছে। ২৯ নৱেম্বৰৰ এই পত্ৰখনত লিখা হৈছে, "আমি স্বাধীন নাগৰিকৰ এটা গোট, যিয়ে বিগত কেইবছৰমানৰ পৰা দেশৰ অৱনতি ঘটা সাম্প্ৰদায়িক সম্পৰ্ক উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাই আছো। এইটো অত্যন্ত স্পষ্ট কথা যে যোৱা এটা দশকত সম্প্ৰদায়সমূহৰ মাজত বিশেষকৈ হিন্দু আৰু মুছলমান আৰু কিছু পৰিমাণে খ্ৰীষ্টানসকলৰ মাজৰ সম্পৰ্ক অত্যন্ত জটিল হৈ পৰিছে। ইয়াৰ ফলত এই দুটা সম্প্ৰদায় অত্যন্ত উদ্বেগ আৰু নিৰাপত্তাহীনতাত ভুগিছে।"
“বৰ্তমানৰ পৰিস্থিতিত আপোনাক পোনপটীয়াকৈ সম্বোধন কৰাৰ বাহিৰে আমাৰ হাতত আন কোনো বিকল্প নাই, যদিও আমাৰ কোনো সন্দেহ নাই যে আপুনি সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে ভালদৰে অৱগত হৈছে। আন্তঃসাম্প্ৰদায়িক সম্পৰ্ক যে সদায় ভাল আছিল এনে নহয়। বিভাজনৰ ৰক্তাক্ত স্মৃতি, ইয়াৰ সূচনা কৰা পৰিস্থিতি আৰু ইয়াৰ পিছত হোৱা কৰুণ দাঙ্গাবোৰ আমাৰ মনত নিহিত হৈ আছে। আমি এইটোও জানো যে বিভাজনৰ পিছতো আমাৰ দেশক মাজে মাজে ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষই জোকাৰি গৈছে। এতিয়াৰ পৰিস্থিতি আগৰ তুলনাত ভাল বুলিও ক'ব নোৱাৰি বা বেয়া বুলিও ক'ব নোৱাৰি। কিন্তু যোৱা দহ বছৰৰ কাণ্ডবোৰ লক্ষণীয়ভাৱে পৃথক, আৰু সংশ্লিষ্ট বহু ৰাজ্য চৰকাৰৰে এই ক্ষেত্ৰত স্পষ্টভাৱে পক্ষপাতদুষ্ট ভূমিকা গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ প্ৰশাসনিক ক্ষমতা প্ৰদৰ্শন কৰিছে।"-পত্ৰখনত এইদৰে লিখা হৈছে।
 
“আমি বিশ্বাস কৰোঁ যে এইবোৰ অভূতপূৰ্ব, এইবোৰ কেতিয়াও আমি দেখিবলৈ পোৱা নাছিলো। গো-মাংস কঢ়িয়াই নিয়াৰ অভিযোগত মুছলমান যুৱকৰ ওপৰত গুণ্ডাগিৰি কৰা বা প্ৰহাৰ কৰাৰ ঘটনা হিচাপে আৰম্ভ হোৱা কথাবোৰ এতিয়া ঘৰৰ ভিতৰতে নিৰীহ লোকক গণপ্ৰহাৰ কৰালৈ পৰিণত হৈছে। তাৰ পিছত স্পষ্টভাৱে গণহত্যাৰ উদ্দেশ্যেৰে ইছলামোফ’বিক ঘৃণামূলক ভাষণ দিয়া হৈছে। শেহতীয়াকৈ মুছলমান ব্যৱসায়িক প্ৰতিষ্ঠান আৰু খাদ্যৰ দোকান বৰ্জন, মুছলমানক চৌহদ ভাড়াত নিদিয়া, আৰু স্থানীয় প্ৰশাসনৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুছলমান ঘৰত অযুক্তিকৰভাৱে বুলডজাৰ চলোৱা হৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, প্ৰায় ১৫৪,০০০ প্ৰতিষ্ঠানত আঘাত হনা হৈছে আৰু লাখ লাখ লোক গৃহহীন বা ব্যৱসায়িক স্থানৰ পৰা বঞ্চিত হৈছে। ইয়াৰে অধিকাংশই মুছলমান লোক।"-১৭ জন বিশিষ্ট নাগৰিকে লিখা পত্ৰত এই কথাও উল্লেখ কৰা হৈছে। 
 
তেওঁলোকে পুনৰ লিখিছে, "এনে কাৰ্যকলাপ সঁচাকৈয়ে নিন্দাজনক আৰু ই কেৱল সংখ্যালঘুসকলৰেই নহয়, দেশ আৰু বিদেশৰ সকলো ধৰ্মনিৰপেক্ষ ভাৰতীয়ৰ আস্থাকো এইবোৰে জোকাৰি গৈছে। এইবোৰে যেন যথেষ্ট নহয়, শেহতীয়া প্ৰৰোচনাটো হৈছে অজ্ঞাত এক চক্ৰৰ (fringe groups), যিয়ে প্ৰাচীন হিন্দু মন্দিৰৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ মধ্যযুগীয় মছজিদ আৰু দৰগাহৰ ওপৰত প্ৰত্নতাত্ত্বিক জৰীপৰ দাবী জনাই হিন্দু স্বাৰ্থক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰে। উপাসনা স্থান আইনখন (Places of Worship Act)ৰ স্পষ্ট বিধান থকাৰ পাছতো আদালতেও এনে দাবীৰ প্ৰতি অযথা তৎপৰতা আৰু খৰখেদাকৈ সঁহাৰি দিয়া যেন অনুভৱ হয়।"
 
“উদাহৰণস্বৰূপে, স্থানীয় আদালতে চুফী সন্ত খোৱাজা মইনুদ্দিন চিষ্টিৰ দ্বাদশ শতিকাৰ দৰগাহৰ ওপৰত জৰীপৰ নিৰ্দেশ দিয়াটো কল্পনাতীত যেন লাগে। এয়া সমগ্ৰ এছিয়াৰ এখন অন্যতম পবিত্ৰ চুফী স্থান। ই কেৱল মুছলমানৰ বাবেই নহয়, ভাৰতৰ একতা-সংহতিৰ প্ৰতি শ্ৰদ্ধা থকা সকলো ভাৰতীয়ৰ বাবে এক পবিত্ৰ স্থান। এজন ফকীৰ, যি ভাৰতীয় উপমহাদেশৰ চুফী ভক্তি আন্দোলনৰ অবিচ্ছেদ্য অংগ, আৰু দয়া, সহনশীলতা আৰু সমন্বয়ৰ প্ৰতীকস্বৰূপ এই ফকীৰে নিজৰ কৰ্তৃত্ব প্ৰমাণ কৰিবলৈ কোনো মন্দিৰ ধ্বংস কৰিছিল বুলি ভবাটোৱেই হাস্যকৰ। আপোনাকে ধৰি পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলে দেশৰ শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাক শ্ৰদ্ধাঞ্জলি জনাই বাৰ্ষিক উৰ্ছ উপলক্ষে চাদৰ প্ৰেৰণ কৰি আহিছে। এই অনন্যভাৱে সংহত স্থানত মতাদৰ্শগত আক্ৰমণ আমাৰ সভ্যতাবাদী ঐতিহ্যৰ ওপৰত আক্ৰমণ আৰু আপুনি নিজেই পুনৰ সজীৱ কৰিব বিচৰা এখন সমন্বয়মুখী ভাৰতৰ ধাৰণাটোক বিকৃত কৰি পেলাব।"-পত্ৰখনৰ আন এটা অংশত বিশিষ্ট নাগৰিকসকলে প্ৰধানমন্ত্ৰীক এই কথা জনায়। 
 
“মহাশয়, এনে অশান্তিৰ মাজত সমাজৰ উন্নতি হ’ব নোৱাৰে বা উন্নত ভাৰতৰ সপোনো সাৰ্থক হ’ব নোৱাৰে। ইয়াত আৰু বিদেশত বিভিন্ন পদবীত ভাৰত চৰকাৰৰ বাবে কাম কৰি জীৱন উচৰ্গা কৰা সংশ্লিষ্ট নাগৰিক হিচাপে আমি বিশ্বাস কৰোঁ যে সকলো অবৈধ, বিপজ্জনক কাম-কাজ বন্ধ কৰি দিব পৰা একমাত্ৰ ব্যক্তি হৈছে আপুনি। আমি সেয়েহে আপোনাক আহ্বান জনাইছো যে মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ অধীনত থকা প্ৰশাসনসমূহে যাতে আইনৰ আখৰ আৰু ভাৰতৰ সংবিধান মানি চলে, সেয়া আপুনি নিশ্চিত কৰক।"
"আপোনাৰ অধ্যক্ষতাত এখন আন্তঃধৰ্মীয় বৈঠকৰ তাৎক্ষণিক প্ৰয়োজন আছে, য’ত আপুনি সৰ্বাংগীন ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে এটা বাৰ্তা দিব লাগে যে ভাৰত সকলোৰে বাবে এখন ভূমি হৈয়েই আছে, য’ত যুগ যুগ ধৰি সকলো ধৰ্মৰ লোকে একেলগে আৰু সম্প্ৰীতিৰে বসবাস কৰি আহিছে আৰু কোনো সাম্প্ৰদায়িক শক্তিকে ভাৰতৰ এই অনন্য বহুত্ববাদী আৰু বৈচিত্ৰময় উত্তৰাধিকাৰক বিঘ্নিত কৰিবলৈ অনুমতি দিয়া নহ’ব। মহাশয়, আমি আপোনাক আহ্বান জনাইছো যে সকলো ভাৰতীয়ক, বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ক আশ্বস্ত কৰক যে আপোনাৰ চৰকাৰে সাম্প্ৰদায়িক সৌহাৰ্দ্য, সম্প্ৰীতি আৰু সংহতি বজাই ৰখাৰ সংকল্পত দৃঢ়তাৰে থিয় দিব।”
 
পত্ৰখনত স্বাক্ষৰ কৰা বিশিষ্ট ব্যক্তিসকল হৈছেঃ ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰাক্তন সচিব এনচি ছাক্সেনা, দিল্লীৰ প্ৰাক্তন উপ-ৰাজ্যপাল নাজীৱ জং, প্ৰাক্তন উচ্চ আযুক্ত শিৱ মুখাৰ্জী, আন্ত-ৰাজ্যিক পৰিষদৰ প্ৰাক্তন সচিব অমিতাভ পাণ্ডে, ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বী, প্ৰাক্তন ৰাষ্ট্ৰদূত নৱৰেখা শৰ্মা, মধু ভাদুৰী, প্ৰাক্তন ভাইচ চিফ অৱ দ্য আৰ্মী ষ্টাফ লেফটেনেণ্ট জেনেৰেল জমিৰুদ্দিন শ্বাহ (অৱসৰপ্ৰাপ্ত), আৰ বি আইৰ প্ৰাক্তন ডেপুটি গৱৰ্ণৰ ৰবি বিৰা গুপ্তা, উত্তৰ-প্ৰদেশ ৰাজহ ব’ৰ্ডৰ প্ৰাক্তন সদস্য ৰাজু শৰ্মা, উদ্যোগপতি আৰু দানবীৰ ছাইদ শ্বেৰবানী, হিমাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব অভয় শুক্লা, নয়ী দুনিয়াৰ প্ৰাক্তন সম্পাদক শ্বাহিদ ছিদ্দিকী, যোগাযোগ মন্ত্ৰালয়ৰ প্ৰাক্তন ডিডিজি সুবোধ লাল, আইচিচিআৰ (ICCR)ৰ প্ৰাক্তন ডিজি সুৰেশ কে গোৱেল, প্ৰাক্তন এড. মুখ্য সচিব, ৰাজস্থানৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব অদিতি মেহতা আৰু প্ৰাক্তন ৰাষ্ট্ৰদূত অশোক শৰ্মা।