পুঁজিৰ অভাৱত অযোধ্যা মছজিদৰ নিৰ্মাণৰ কাম বন্ধ; সকলো সমিতি ভংগ কৰি দিলে ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেচনে

Story by  atv | Posted by  [email protected] • 23 h ago
অযোধ্যা মছজিদৰ প্ৰস্তাৱিত ডিজাইন
অযোধ্যা মছজিদৰ প্ৰস্তাৱিত ডিজাইন

নতুন দিল্লী

অযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদ নিৰ্মাণৰ কাম সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেচন (IICF) নামৰ ট্ৰাষ্টটোৱে। মছজিদ নিৰ্মাণৰ কাম-কাজ পৰ্যবেক্ষণৰ বাবে গঠন কৰি দিয়া ট্ৰাষ্টটোৱে চাৰিওখন উপ-সমিতি ভংগ কৰাৰো সিদ্ধান্ত লৈছে। ট্ৰাষ্টৰ এই সিদ্ধান্তৰ আঁৰৰ কাৰণ হৈছে বিদেশৰ পৰা ধন সংগ্ৰহৰ অনুমোদন লোৱা। 
 
বৃহস্পতিবাৰে লক্ষ্ণৌত অনুষ্ঠিত হোৱা ট্ৰাষ্টৰ এক গুৰুত্বপূৰ্ণ বৈঠকত উপ-সমিতি কেইখন ভংগৰ সিদ্ধান্ত লোৱা হয়। সভাৰ অধ্যক্ষতা কৰা আইআইচিএফৰ মুখ্য ট্ৰাষ্টী তথা চুন্নী কেন্দ্ৰীয় ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ জুফৰ ফাৰুকীয়ে পিটিআইক এই কথা জনায়।
 
মন কৰিবলগীয়া যে, ২০১৯ চনৰ ৯ নৱেম্বৰত ৰাম মন্দিৰ নিৰ্মাণৰ ৰায়দান দিওঁতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক মছজিদ নিৰ্মাণৰ বাবে চুন্নী ৱাকফ ব’ৰ্ডক পাঁচ একৰ মাটি আবণ্টন দিবলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত প্ৰায় সম্পূৰ্ণ হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম।  কিন্তু ধনীপুৰত নিৰ্মাণ হ’বলগীয়া মছজিদৰ নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই।
 
 
মুখ্য ন্যাসৰক্ষী জুফৰ ফাৰুকীৰ অধ্যক্ষতাত উপ-সমিতিসমূহ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ট্ৰাষ্টৰ সচিব অথৰ হুছেইনে কয় যে এই সিদ্ধান্ত বিদেশী চান্দা গ্ৰহণৰ অনুমতি লাভৰ বাবে লোৱা হৈছে। কাৰণ সকলো উপ-সমিতিয়ে এই অনুমতি লাভৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছিল।
 
ইয়াৰ লগতে মছজিদৰ নামত ভুৱা বেংক একাউণ্ট খোলাৰ খবৰও আহিছিল। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ ট্ৰাষ্টে এফআইআৰো দাখিল কৰিছে।
 
আই আই চি এফৰ সদস্যসকলে স্বীকাৰ কৰে যে উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাৰ ধনীপুৰ গাঁৱত চৰকাৰে মছজিদৰ বাবে পাঁচ একৰ ভূমি আবণ্টন দিয়াৰ পিছৰে পৰা যোৱা চাৰি বছৰত প্ৰায় ১ কোটি টকাহে সংগ্ৰহ হোৱাটো যথেষ্ট লজ্জাজনক কথা।
 
আইআইচিএফৰ সচিব অথৰ হুছেইনে সংবাদ মাধ্যমক জনোৱা মতে, মাৰ্চ মাহত ট্ৰাষ্টে এই সন্দৰ্ভত সকলো প্ৰয়োজনীয় তথ্য কেন্দ্ৰক প্ৰদান কৰিছিল আৰু এতিয়া প্ৰয়োজনীয় ক্লিয়াৰেন্স নিশ্চিত কৰি মছজিদ নিৰ্মাণৰ কাম ক্ষিপ্ৰ কৰাৰ ওপৰত সমগ্ৰ গুৰুত্ব দিয়া হৈছে।