গুৱাহাটী
২০২৫ বৰ্ষৰ পবিত্ৰ ৰমজানৰ ৰোজাৰ ফিৎৰাৰ মূল্য ৭০ টকা নির্ধাৰণ কৰিছে বুলি কেন্দ্রীয় হিলাল কমিটি অসমে ঘোষণা কৰিছে। এই ফিৎৰাৰ পৰিমান ঈদ-ঊল-ফিটৰৰ নামাজাৰ আগে আগে আদায় দিব লাগিব।
এক প্ৰেছ বিবৃতিযোগে কেন্দ্রীয় হিলাল কমিটি অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী আৰু সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে জনাই যে, এইবেলি ৰমজানৰ ৰোজাৰ ফিৎৰাৰ পৰিমাণ ১,৬৩৩ গ্রাম ঘেঁহুৰ আটাৰ বজাৰ মূল্যৰ ভিত্তিত ৭০.০০ টকা ধাৰ্য্য কৰা হৈছে। এই ফিৎৰা ঈদ-ঊল-ফিটৰৰ নামাজাৰ আগে আগে আদায় দিবলৈ কমিটিৰ তৰফৰ পৰা সকলো মুছলমানবাসী ৰাইজক আহ্বান জনায়।
উল্লেখ্য যে, সম্প্ৰতি ফিৎৰাক লৈ ৰাজ্যজুৰি কিছু বিভ্ৰান্তিকৰ বাতৰি প্ৰকাশ পাইছে। সোমবাৰে একাংশ সংগঠনে মলদৈস্থিত অসম ছুন্নী মাদ্ৰাছা শিক্ষা ব'ৰ্ডৰ মুখ্য কাৰ্যালয়ত চলিত বৰ্ষৰ ফিৎৰা মূল্য নির্ধাৰণ কৰাৰ বাবে এখন বৈঠকত অনুষ্ঠিত কৰিছিল আৰু ফিৎৰাৰ মূল্য ৮৫ টকা বুলি নিৰ্ধাৰণ কৰা বুলি ঘোষণা কৰিছিল।
উক্ত বৈঠকখনত অসম ছুন্নী মাদ্রাছা শিক্ষা ব'র্ড, আহলে ছুন্নত ৱাল জামাআত অসম, সদৌ অসম উলামা-ই-আহলে ছুন্নত কাউন্সিল, জামআতে ৰাজা-ই-মুস্কাফা অসম, ইছলামিক ইডুকেচনেল ব'র্ড অব ইণ্ডিয়া, অসম শাখা, ছুন্নী ষ্টুডেণ্ট ফেডাৰেচন, অসম, ৰাজা ফাউণ্ডেচন, অসম, যুৱ আহলে ছুন্নত, অসম, উলামায়ে আহলে ছুন্নত কাউন্সিল, দৰঙৰ মুফতীয়ানে কিৰাম, উলামায়ে কিৰাম আৰু বিষয়ববীয়াসকল উপস্থিত থাকে।