দৃঢ়তা আৰু অধ্যৱসায়েৰে শাৰিৰীক অক্ষমতাক অতিক্ৰম কৰি নতুন পৰিচয়ৰ সৃষ্টি কৰিছে গাউছ শ্বেইখে

Story by  atv | Posted by  [email protected] • 1 d ago
দুহাত নাথাকিলেও মনৰ দৃঢ়তাৰে জগত জিনিবলৈ সাজু হোৱা গাউছ শ্বেইখ
দুহাত নাথাকিলেও মনৰ দৃঢ়তাৰে জগত জিনিবলৈ সাজু হোৱা গাউছ শ্বেইখ
 
ভক্তি চালক

শাৰিৰীকভাৱে সক্ষম লোকসকলক সাধাৰণতে সমাজে বেলেগ দৃষ্টিৰে চায়। সকলোৱে তেওঁলোকক পুতৌ কৰে। কিন্তু এনে কিছুমান শাৰিৰীকভাৱে সক্ষম লোক আমাৰ সমাজত আছে, যিয়ে নিজৰ দক্ষতা আৰু আত্মবিশ্বাসেৰে শাৰীৰিক অক্ষমতাৰ হেঙাৰ অতিক্ৰম কৰি সফলতাৰ শিখৰ স্পৰ্শ কৰে। 
 
আকাশ চুবলৈ তেঁওলোকে সপোনৰ ডেউকা মেলি দিয়ে আৰু কঠোৰ পৰিশ্ৰমেৰে জীৱন যুঁজত আগুৱাই যায়। তেনে এগৰাকী যুৱক হৈছে মহাৰাষ্ট্ৰৰ লাটুৰৰ গাউছ শ্বেখ। দেউতাক এখন আশ্ৰম স্কুলৰ চাকৰ আৰু মাক গৃহিণী। গাউছ পিতৃ-মাতৃৰ প্ৰথম সন্তান। জন্মতে তেওঁ দুয়োহাত নোহোৱাকৈ এই পৃথিৱীলৈ আহে। পিতৃ-মাতৃয়ে তেওঁক তেনেদৰেই গ্ৰহণ কৰিছিল আৰু সন্তানটোক আল্লাহৰ পৰা পোৱা উপহাৰ বুলি গণ্য কৰি মৰমেৰে লালন-পালন কৰিছিল।
 
গাউছৰ দেউতাকে গাউছ শ্বেখক নিজে চাকৰি কৰি থকা স্কুলখনত নামভৰ্তি কৰাই দিয়ে। গাউছৰ শ্ৰেণীৰ আন ল’ৰা-ছোৱালীয়ে হাতেৰে লিখিছিল যদিও গাউছে লিখিব পৰা নাছিল, সেয়েহে তেওঁৰ পিতৃ-মাতৃ আৰু শিক্ষকসকলে তেওঁক ভৰিৰ আঙুলিত পেঞ্চিল ৰাখি লিখিবলৈ শিকায়। এনেকৈয়ে গাউছ এতিয়া লিখা-মেলাত পাকৈত হৈ পৰিছে আৰু ভৰিৰ আখৰে যিকোনো ব্যক্তিক আকৰ্ষিত কৰিব পাৰে। 
 
কেৱল লেখাতেই নহয়, পঢ়া-শুনাতো তেওঁ অত্যন্ত মেধাৱী। শ্ৰেণীত সদায় প্ৰথম হোৱা দিব্যাংগ ল'ৰাজনে দশম শ্ৰেণীত ৮৯ শতাংশ আৰু দ্বাদশ শ্ৰেণীত বিজ্ঞান শাখাত ৭৮ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। বৰ্তমান তেওঁ লাটুৰৰ স্বামী ৰামানন্দ তীৰ্থ মাৰাথৱাড়া বিশ্ববিদ্যালয়ত কলা বিষয়ত প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে।
 
প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ প্ৰশ্নকাকতখন সমাধানৰ বাবে অতিৰিক্ত আধা ঘণ্টা সময় দিয়া হয় যদিও গাউছ শ্বেখে কেতিয়াও এই অতিৰিক্ত সময় লোৱা নাছিল। ইয়াৰ বিপৰীতে তেওঁ আন ছাত্ৰ-ছাত্ৰীৰ দৰে মাত্ৰ তিনি ঘণ্টাতে প্ৰশ্নকাকত সমাধান কৰিলে। গাউছে চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ সপোন দেখে। ইয়াৰ বাবেও কঠোৰ পৰিশ্ৰমেৰে প্ৰস্তুতি আৰম্ভ কৰিছে। 
 
অভিভাৱকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি গাউছে কয়, "পিতৃ-মাতৃয়ে মোক কঠোৰ পৰিশ্ৰমেৰে জীৱন যুঁজত আগবঢ়াই নিছে। তেওঁলোকে নিজে ৰ'দ-বৰষুণ সহ্য কৰি মোক মোক খুৱাইছে, পঢুৱাইছে। যিহেতু মোৰ হাত নাই, গতিকে মোক গা ধোৱা আৰু খুৱাই দিয়াৰ কাম মোৰ মা-দেউতাই কৰে। অৱশ্যে যিমান পাৰো মই অন্যান্য কামবোৰ নিজেই কৰিব চেষ্টা কৰো। চামুচেৰে যি খাদ্য খাব পাৰি, মই নিজেই ভৰিৰে খাওঁ।"
 
মোবাইলটো ভৰিৰে চলোৱা গাউছ শ্বেখে হাত নথকাক লৈ কেতিয়াও আক্ষেপ নকৰে। "দ্বাদশ শ্ৰেণীত ভাল নম্বৰ লাভ কৰি মই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাম। মোৰ লক্ষ্য হৈছে এজন ভাল বিষয়া হোৱা।”-দৃঢ়মনা যুৱকজনে কয়। 
 
গাউছে নিজৰ জীৱন সংগ্ৰাম আৰু শাৰিৰীক প্ৰতিবন্ধকতাৰ বাবে কেতিয়াও হাত বান্ধি বহি থাকিব নিবিচাৰে। জীৱনত তেওঁ কিবা এটা কৰিবই লাগিব বুলি ভাবি আগবাঢ়িছে। এই বিষয়ে বিশদভাৱে উল্লেখ কৰি গাউছে কয়, "মোৰ দুয়োখন হাত নথকাৰ বাবে মই কান্দি থকা নাই। ভৰিৰ আঙুলিৰে লিখাৰ অভ্যাস কৰিছিল। মোৰ পৰিয়াল আৰু শিক্ষকসকলে মোক ইয়াৰ বাবে উৎসাহিত কৰিছিল। অনুশীলনৰ ধাৰাবাহিকতাৰ বাবে কলমটো ভৰিৰ আঙুলিত ধৰি লিখিবলৈ আৰম্ভ কৰিলোঁ। মোৰ বেঁকা আখৰবোৰ দেখি ছাৰে মোক এখন ছবি আঁকিবলৈ পৰামৰ্শ দিলে। গতিকে আজৰি সময়ত ভৰিৰ আঙুলিত ব্ৰাছ লৈ ছবি আঁকিবলৈ ধৰিলোঁ। আজি মই ছবিও আঁকিব পাৰিছো। হাত নাথাকিলেও ভৰি ব্যৱহাৰ কৰি ক্ৰিকেট খেলিব পাৰো।"
 
গাউছে দেখুৱাইছে যে সফলতাৰ পথ কঠোৰ পৰিশ্ৰমৰ মাজত নিহিত হৈ আছে। এই কাৰণেই তেওঁ সমাজৰ সন্মুখত এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে।