হোষ্টেল আৰু চিকিৎসালয়লৈ ইফটাৰ যোগান ধৰিব বুঢ়া জামে মছজিদ কমিটিয়ে

Story by  Ariful Islam | Posted by  Munni Begum • 1 d ago
আমবাৰীৰ বুঢ়া জামে মছজিদ
আমবাৰীৰ বুঢ়া জামে মছজিদ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
দেওবাৰৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। এমাহ কঠোৰ উপবাসেৰে ৰমজান মাহ পালন কৰিবলৈ সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মী লোকসকল সাজু হৈছে। গুৱাহাটীস্থিত বুঢ়া জামে মছজিদতো পূৰ্বৰ দৰে উলহ-মালহেৰে ৰমজানৰ প্ৰস্তুতি আৰম্ভ হৈছে। ৰোজাদাৰক চেহেৰী আৰু ইফটাৰ যোগান ধৰাৰ বাবে সাজু হৈছে বুঢ়া জামে মছজিদ কমিটি। বুঢ়া জামে মছজিদৰ ইফটাৰ কেৱল মছজিদৰ চৌহদতে সীমাবদ্ধ নহয়, এইবাৰো তেওঁলোকে নিকটৱৰ্তী সন্দিকৈ কলেজ, কটন কলেজৰ হোষ্টেলৰ ৰোজাদাৰ ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ বাবে ইফটাৰ যোগান ধৰাৰ মন মেলিছে।
 
প্ৰতিবছৰ পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ সময়ত গুৱাহাটীৰ ঐতিহাসিক বুঢ়া জামে মছজিদত ৰোজাদাৰজকলৰ বাবে চেহেৰী আৰু ইফটাৰৰ ব্যৱস্থা কৰা হয়। বুঢ়া জামে মছজিদ কমিটিৰ সাধাৰণ সম্পাদক নিজামুল হকে জনোৱা মতে প্ৰায় ১৫০-২০০ লোকৰ বাবে চেহেৰী আৰু আৰু প্ৰায় ৫০০ লোকৰ বাবে দৈনিক ইফটাৰৰ ব্যৱস্থা কৰা হ'ব। বুঢ়া জামে মছজিদ কমিটিয়ে নিজাববীয়াকৈ ইফটাৰ আৰু চেহেৰীৰ ব্যৱস্থা কৰাৰ উপৰিও মছজিদটোলৈ বহু লোকে ইফটাৰ আগবঢ়াই। ইতিমধ্যে ১৮ দিনৰ ইফটাৰ আগবঢ়োৱাৰ বাবে ১৮ গৰাকী লোকে মছজিদ কমিটিক অৱগত কৰিছে। তাৰোপৰি বহু অ-মুছলমান ব্যক্তি বা সংস্থাই ইফটাৰ আগবঢ়াই সমন্বয়ৰ এক বাৰ্তা বহন কৰি আহিছে।
 
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বুঢ়া জামে মছজিদৰ সাধাৰণ সম্পাদক নিজামুল হকে কয়; "ৰমজান মাহত যিহেতু পানী অত্যন্ত প্ৰয়োজনীয় বস্তু, গতিকে আমাৰ হাতত ইতিমধ্যে ৫০০০ বটল পানী আহি পাইছে। তাৰোপৰি ১৮ দিনৰ ইফটাৰ দিয়াৰ কথা দিছে ১৮ গৰাকী ব্যক্তিয়ে। প্ৰতি বছৰে যিহেতু ইফটাৰ আৰু চেহেৰী কৰা লোকৰ সংখ্যা বৃদ্ধি পায়। গতিকে এইবাৰ ইফটাৰত ৬০০ মানুহ হ'লেও আমি সাজু আছোঁ।"
 
"ৰমজান মাহ বুলি ক'লে তাৰাবীহৰ নামাজৰ গুৰুত্বটো আহি পৰে। ইতিমধ্যে আমি দুগৰাকী হাফিজ নিযুক্তি দিছোঁ, তেওঁলোকে তাৰাবীহৰ নামাজৰ নেতৃত্ব দিব। পবিত্ৰ কোৰানৰ ওপৰত তেওঁলোকৰ যথেষ্ট দখল আছে। আজি নিশাৰ পৰা আমাৰ তাৰাবীহৰ নামাজ আৰম্ভ হ'ব। গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা তাৰাবীহ নামাজ পঢ়িবৰ বাবে ইয়াত উপস্থিত হয়। বুঢ়া মছজিদত প্ৰায় ৮০০ ৰো অধিক লোকে তাৰাবীহৰ নামাজত অংশগ্ৰহণ কৰে। আনহাতে, আমাৰ এটা জাকাতৰ ফাণ্ড আছে, য'ত আমি অতি দৰিদ্ৰ লোকসকলক প্ৰতিবছৰে জাকাতৰ টকা দিওঁ। এইবাৰো তেওঁলোকক জাকাতৰ পইচাৰে সহায় কৰা হ'ব", সাধাৰণ সম্পাদক নিজামুল হকে কয়।
 
ৰমজানৰ সময়ত বুঢ়া মছজিদৰ দৃশ্য
 
বুঢ়া জামে মছজিদ কমিটিয়ে পৰিচালনা কৰা ছাত্ৰাবাসৰ ছাত্ৰসকলেও ৰজমানৰ চেহেৰী আৰু ইফটাৰত অংশগ্ৰহণ কৰে। বৰ্তমান এই ছাত্ৰাবাসত প্ৰায় ৭০ গৰাকী ছাত্ৰ আছে। বুঢ়া জামে মছজিদৰ ইমাম মৌলানা হাফিজ আনোৱাৰ হুছেইনে কয়; "প্ৰথমতে সকলোকে পবিত্ৰ ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি নথৈ আনন্দিত যে, যোৱাবছৰৰ দৰেই এইবছৰো পবিত্ৰ ৰমজান মাহ পাইছোঁ। বুঢ়া জামে মছজিদত ৰমজানৰ এমাহজোৰা প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ হৈ গৈছে। কোৰাণ শ্বৰীফত মহান আল্লাহে কৈছে যে হে বান্দাসকল তোমালোকৰ ওপৰত ৰমজানৰ ৰোজা ফৰজ (বাধ্যতামূলক) কৰা হৈছে। ৰমজানৰ ৰোজা ৰাখিলে আল্লাহে নিজেই ইয়াৰ পুৰস্কাৰ দিব বুলি কোৱা হৈছে। ৰোজাৰ মাহটো ধৈৰ্য্যৰ মাহ, গৰিব-দুখীয়াক সহায় কৰাৰ মাহ, দান কৰাৰ মাহ। ৰোজাৰ অসংখ্যা ফল আছে। বিজ্ঞানৰ মতে, ৰোজা ৰাখিলে বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।"
 
ৰমজান হৈছে এক আধ্যাত্মিক প্ৰতিফলন। আত্মা-উন্নতি, ভক্তি আৰু উপাসনাৰ সময় হৈছে ৰমজান। মুছলমানসকলৰ ৫ টা ফৰজ (বাধ্যতামূলক) উপাসনাৰ ভিতৰত ৰমজান মাহৰ ৰোজা অন্যতম। ৰোজা সূৰ্যোদয়ৰ পূৰ্বে আৰম্ভ হয় আৰু সূৰ্যাস্তৰ পিছত অন্ত পৰে। এই সময়ছোৱাত মুছলমান লোকসকলে খোৱা-বোৱাৰ পৰা বিৰত থকাৰ উপৰিও যৌন সম্ভোগ আৰু কু-কৰ্ম তথা অসৎ আচৰণৰ পৰা নিজকে আঁতৰাই ৰাখে। উপবাসে হৃদয়ক সাংসাৰিক কাৰ্যকলাপৰ পৰা আঁতৰাই নিয়ে বুলি কোৱা হয়, যাৰ উদ্দেশ্য হৈছে আত্মাক ক্ষতিকাৰক অশুদ্ধতাৰ পৰা মুক্ত কৰি শুদ্ধ আৰু পবিত্ৰ কৰা।
 
বুঢ়া মছজিদত প্ৰাংগণত শ্ৰী সত্য সাই সেৱা সংগঠনৰ সদস্যই ইফটাৰ বিতৰণ কৰিছে
 
মুছলমানসকলে বিশ্বাস কৰে যে ৰমজানে তেওঁলোকক দুৰ্ভগীয়াসকলৰ বাবে আত্ম-অনুশাসন, আত্ম-নিয়ন্ত্ৰণ, ত্যাগ আৰু সহানুভূতিৰ অনুশীলন কৰিবলৈ শিকায়। ৰমজান মাহত অন্য এক গুৰুত্বপূৰ্ণ বিষয় হৈছে ফিটৰা (দান)। ফিটৰা অবিহনে ৰোজা অসম্পূৰ্ণ বুলি কোৱা হয়।