জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা লোকৰ পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী

Story by  atv | Posted by  [email protected] • 23 h ago
গাণ্ডাৰবলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদ
গাণ্ডাৰবলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদ
 
নতুন দিল্লী

জম্মু-কাশ্মীৰৰ গাণ্ডাৰবল জিলাত দেওবাৰে সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা ডাঃ শ্বাহনৱাজ দাৰৰ পুত্ৰই কয় যে এই শোকাৱহ ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁলোকৰ পৰিয়ালটোৱে তেওঁৰ ভগ্নীৰ বিবাহৰ বাবে প্ৰস্তুতি চলাই আছিল। কেইদিন পিছতে তেওঁৰ ভগ্নীৰ বিবাহ অনুষ্ঠান হোৱাৰ কথা আছে। কিন্তু সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ফলত এই পৰিয়ালটোৰ মাজলৈ হঠাতে নামি আহিছে কাল ধুমুহা। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পৰিয়ালটোক সাক্ষাৎ কৰি কিছু সময় কটাইছে। তেওঁ নিজৰ ভ্ৰমণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে।
 
ওমৰ আব্দুল্লাৰ সৈতে যোৱা বিধায়ক খানচাহিব ছাইফ-উদ্দিন ভাটে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰীয়ে নিহত চিকিৎসকগৰাকীৰ পুত্ৰৰ শিক্ষাৰ সকলো ধন ব্যয় কৰিব।
 

ইফালে, সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগীসকলৰ ভিতৰত অন্যতম জেড-মৰ্হ সুৰংগৰ ডিজাইনাৰ শশী আব্দুলৰ পৰিয়ালতো শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁৰ সদ্যবিবাহিত পত্নী ৰুচিয়ে কৰৱা চৌথত স্বামীৰ দীৰ্ঘায়ু কামনাৰে উপবাস খাটি থকাৰ সময়তে স্বামীৰ মৃত্যুৰ ভয়ানক খবৰ আহে।

আনহাতে, পিতৃক হেৰুওৱা এগৰাকী কণমানি কন্যাই কান্দি কান্দি কৈছে, "সন্ত্ৰাসবাদীসকল বহুত বেয়া মানুহ; তেওঁলোকে মোৰ দেউতাকক হত্যা কৰিলে।" ছ’চিয়েল মিডিয়াত কনমানিটোৰ হিয়াভৰা কান্দোন ভাইৰেল হৈ পৰিছে। ইফালে, কাশ্মীৰৰ কেইবাটাও স্থানত স্থানীয় লোকে সন্ত্ৰাসবাদী হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। 

আৰক্ষীয়ে গাণ্ডাৰবালৰ স্থানীয় যুৱক-যুৱতীয়ে অসামৰিক হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছবিও পোষ্ট কৰে। উল্লেখ্য যে, কাশ্মীৰক লাডাখৰ সৈতে সংযোগ কৰিব পৰা গুৰুত্বপূৰ্ণ সুৰংগটোৰ নিৰ্মাণস্থলীত সন্ত্ৰাসবাদীয়ে আঘাত হনাত ৭ জন লোকৰ মৃত্যু হয়।

ইফালে, কাশ্মীৰত গাণ্ডাৰবল আৰক্ষীয়ে উৰাবাতৰি নাকচ কৰি কৈছে যে এইবোৰ ভিত্তিহীন আৰু কাকো কাশ্মীৰ এৰি যাবলৈ কোৱা হোৱা নাই। ইয়াৰ পূৰ্বে পিডিপি নেত্ৰী মেহবুবা মুফতিয়ে ছ’চিয়েল মিডিয়াত নিজৰ পোষ্টত স্থানীয় লোকসকলক গুচি যাবলৈ কোৱাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল।


শেহতীয়া খবৰ