হেলিকপ্টাৰত উঠি দৰা ঘৰলৈ গ'ল কইনা; মুছলমান ভাগিনীয়েকক অভিনৱ উপহাৰ হিন্দু মোমায়েকৰ

Story by  atv | Posted by  [email protected] • 3 d ago
বিবাহ অনুষ্ঠানৰ এক মুহূৰ্ত
বিবাহ অনুষ্ঠানৰ এক মুহূৰ্ত
 
আৱাজ দ্য ভইচ/ নতুন দিল্লী

এজন হিন্দু মামাকে তেওঁৰ মুছলমান ভাগিনীয়েকৰ বাবে অভিনৱ বিদায় পৰ্ব আয়োজন কৰি ভাতৃত্ববোধ আৰু একতা-সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। এই পদক্ষেপে দুয়োটা পৰিয়ালৰ মাজত চলি অহা দীঘলীয়া সম্পৰ্ক আৰু সাম্প্ৰদায়িক সম্প্ৰীতি অধিক শক্তিশালী কৰি তুলিছে। ৰাহুল ঠাকুৰ নামৰ হিন্দু ব্যক্তিজনে কেৱল ভাগিনীয়েক আছমাৰ বিয়াৰ অনুষ্ঠানত অংশ লোৱাই নহয়, কইনাৰ বিদায় পৰ্বটোও চিৰস্মৰণীয় কৰি তোলে।
 
পাৰিবাৰিক প্ৰেম আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ পাহৰিব নোৱাৰা উদাহৰণ দাঙি ধৰি মুজাফ্ফৰনগৰৰ হিন্দু ব্যক্তিজনে নিজৰ তুলি লোৱা ভাগিনীয়েকক হেলিকপ্টাৰেৰে দৰা ঘৰলৈ পঠিয়াই বিয়াৰ আটাইতকৈ স্মৰণীয় উপহাৰটো দিয়ে।
 
কাটাৰৰ চিকিৎসা ক্ষেত্ৰত কৰ্মৰত কইনা আছমা প্ৰবীনে (২৬) বৃহস্পতিবাৰে মীৰাটৰ বি.ফাৰ্মাৰ স্নাতক মহম্মদ ছাদাবৰ (২৮)ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পৰম্পৰা আৰু আৱেগৰ সজীৱ সংমিশ্ৰণেৰে আয়োজিত এই বিয়াৰ আটাইতকৈ মৰ্মস্পৰ্শী মুহূৰ্তটো আহিছিল কইনাৰ মামাকে উপহাৰ আগবঢ়োৱাৰ পৰম্পৰাগত অনুষ্ঠান।
 
কইনাৰ সৈতে হেলিকপ্টাৰত উঠাৰ সময়ত দৰা ছাদাব 
 
উত্তৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ বিষা ৰাহুল ঠাকুৰে (৩৫) কইনাক দৰা ঘৰলৈ নিবলৈ এখন হেলিকপ্টাৰৰ ব্যৱস্থা কৰে। “আছমা মোৰ মৰমৰ ভাগিনী, আৰু তাইৰ বাবে এয়া মোৰ উপহাৰ।” সেমেকা চকুৰে ৰাহুল ঠাকুৰে কয়।
 
ঠাকুৰে পুনৰ কয়, "আমাৰ পৰিয়াল দুটাৰ মাজত তিনিটা প্ৰজন্ম ধৰি এটা সম্পৰ্ক আছে। দুয়োটা পৰিয়ালেই বিভিন্ন ধৰ্মৰ, কিন্তু আমাৰ মাজত এক গভীৰ প্ৰেম আৰু সন্মানৰ সম্পৰ্ক আছে।" 
 
ঠাকুৰে স্মৰণ কৰে যে পিতৃৰ গুৰুতৰ অসুস্থতাৰ সময়ত আছমাৰ পৰিয়ালে কিদৰে তেওঁৰ কাষত থিয় দিছিল। “আত্মীয়সকল আহিছিল আৰু গৈছিল, কিন্তু এই পৰিয়ালটোৱে কেতিয়াও আমাৰ কাষৰ পৰা আঁতৰি যোৱা নাছিল। আনকি ডাক্তৰসকলো আচৰিত হৈছিল সেই কথা জানি। সেয়ে আমি এই মুজাফ্ফৰনগৰক মহব্বত নগৰ বুলিও ক’ব পাৰো।"-ৰাহুল ঠাকুৰে হাঁহি হাঁহি কয়।
 
ঠাকুৰে কয়, "মই তেওঁক বিয়াত এনেকুৱা এক উপহাৰ দিব বিচাৰিছিলো, যাক তেওঁ চিৰদিনৰ বাবে মনত ৰাখিব পাৰে। তেতিয়া ভাবিছিলো যে আকাশী যাত্ৰাৰে তেওঁক বিদায় দিয়া কামটো মই তেওঁৰ বাবে কৰিব পাৰো। দৰা ছাদাবো সমানেই আবেগিক হৈ পৰিছিল। মইয়ো তেওঁলোকৰ আনন্দ দেখি খুৱ ভাল পাইছিলো।"