হিন্দু-মুছলমানে মিলিজুলি পাতিছে বিশ্বকৰ্মা পূজা

Story by  Ariful Islam | Posted by  Munni Begum • 2 d ago
হিন্দু-মুছলমান কেব চালকসকলে মিলিজুলি পাতিছে বিশ্বকৰ্মা পূজা
হিন্দু-মুছলমান কেব চালকসকলে মিলিজুলি পাতিছে বিশ্বকৰ্মা পূজা
 
আৰিফুল ইছলাম / গুৱাহাটী
 
বিশ্বভুৱনৰ নিৰ্মাতা বিশ্বকৰ্মাৰ বন্দনাৰে আজি মুখৰিত হ’ব সমগ্ৰ ৰাজ্য। শৰতৰ বতৰা লৈ অহা বিশ্বকৰ্মা পূজাক লৈ ৰাজ্যবাসীৰ মাজত এইবাৰ ব্যাপক উলহ-মালহ। উদ্যোগ, কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠান আদি সকলোতে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশ। 
 
পূজা উপলক্ষে ঢাক-ঢোলৰ শব্দত মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য। সকলোৱে আৰাধনা কৰিছে বিশ্ব খনিকৰ বিশ্বকৰ্মাক। গুৱাহাটী মহানগৰীতো দেখা গৈছে একেই পৰিৱেশ। ইয়াৰ মাজতে নাৰেংগী উন্নয়ন সমিতিৰ খেলপথাৰত দেখা গৈছে এখন ব্যতিক্ৰমী পূজা। হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ কেব চালকসকলে মিলিজুলি উদযাপন কৰিছে হিন্দু ধৰ্মৰ পবিত্ৰ উৎসৱ বিশ্বকৰ্মা পূজা। অসম ৰাজ্যিক চালক সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই ব্যতিক্ৰমী পূজা।  
 
বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে কেব চালকসকলে
 
উল্লেখ্য যে, অসম ৰাজ্যিক চালক সন্থাই গুৱাহাটীত বহু বছৰ ধৰি এইদৰে বিশ্বকৰ্মা পূজা আয়োজন কৰি আহিছে। এইবাৰো হিন্দু-মুছলমান উভয় ধৰ্মৰ কেব চালকসকলে একগোট হৈ ভক্তিভাৱেৰে আয়োজন কৰিছে বিশ্ব খনিকৰৰ পূজা। বহু আগৰে পৰা অনুষ্ঠিত কৰি অহা বিশ্বকৰ্মা পূজা মাজতে ক'ভিডৰ বাবে ডাঙৰকৈ আয়োজন কৰিব পৰা নাছিল যদিও অনুস্থূপিয়াকৈ হ'লেও তেওঁলোকে পূজাভাগ সম্পন্ন কৰিছিল। 
 
এইবাৰো গুৱাহাটীৰ নাৰেংগীত তেওঁলোকে আয়োজন কৰিছে বিশ্বকৰ্মা পূজা। প্ৰায় এক মাহ আগৰে পৰা পূজা মণ্ডপ আৰু পূজাৰ সকলো আয়োজনত ব্যস্ত হৈ পৰিছিল অসম ৰাজ্যিক চালক সন্থাৰ কেব চালকসকল। প্ৰতিবাৰৰ দৰে এইবাৰো পূজা উপলক্ষে সন্ধিয়াৰ ভাগত নাগৰা নামৰ শিল্পীয়ে নাম পৰিবেশন কৰিব। 
 
সদৌ অসম কেব মজদূৰ সংঘৰ সম্পাদক ৰাজীৱ আহমেদ আৰু সাংগঠনিক সম্পাদক ৰিংকু কুমাৰ দাস
 
'আৱাজ-দ্য ভইছ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেব চালক ধ্ৰুৱৰাজ অসমে কয়; "আমি ইয়াত হিন্দু-মুছলমান একেলগে মিলি পূজা ভাগৰ আয়োজন কৰোঁ। অনৈক্যৰ মাজত ঐক্যই হৈছে অসমৰ সৌন্দৰ্য্য। হিন্দু-মুছলিম বুলি কোনো বিষয়তে বিভেদ হ'ব নালাগে। আমি শংকৰ-আজানৰ দেশৰ মানুহ, গতিকে আমি সদায় ভাই-ভাই। অসমত মানুহে যিদুখন হাতেৰে নামাজ পঢ়ে, সেই দুখন হাতেৰেই মূৰ্তি গঢ় দিয়ে আৰু যিদুখন হাতেৰে ঈশ্বৰক প্ৰাৰ্থনা কৰে, সেই দুখন হাতেৰেই মছজিদ গঢ়ে। কেৱল আমাৰ পূজাখনেই যে হিন্দু-মুছলমানে মিলিজুলি অনুষ্ঠিত কৰিছে তেনে নহয়, অসমত বেছিভাগ পূজা মণ্ডপ আপুনি তেনেকুৱাই পাব। ৰাজনৈতিক সংগঠনে ৰাজনৈতিক লাভালাভৰ বাবে ধৰ্মীয় ভেদাভেদ কৰিব পাৰে। কিন্তু আমাৰ মাজত তেনে কোনো ভেদাভেদ ভাবেই নাই।"
 
"আমাৰ ইয়াত যিকোনো অনুষ্ঠানতে হিন্দু-মুছলমান বুলি কোনো ভেদা-ভেদ নাই। বিগত তিনি বছৰৰ পৰা আমি হিন্দু-মুছলমান সকলোৱে মিলি একেলগে পূজা অনুষ্ঠিত কৰি আহিছোঁ। প্ৰত্যেকজন মুছলমান কেব চালক আমাৰ ইয়ালৈ ওলাই আহিছে আৰু পূজা আয়োজনত আগভাগ লৈছে। অসম ৰাজ্যিক চালক সন্থাৰ মজিয়াত কোনো ভেদাভেদে স্থান নাপায়", কেব চালক ৰাজীৱ আহমেদে কয়।
 
সংঘৰ তৰফৰ পৰা বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰিবৰ বাবে প্ৰায় এমাহ আগৰে পৰা প্ৰত্যেকজন হিন্দু-মুছলমান কেব চালকৰ মনত উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা যায়। সকলোৱে হাতে-কামে লাগি আটকধুনীয়াকৈ অস্থায়ী পেণ্ডেল সাজি পূজাৰ মণ্ডপ তৈয়াৰ কৰিছে। লগতে সকলোৱে একেলগে আৰ্থিক সহায়-সহযোগিতা আগবঢ়াই এইবেলি বিশ্বকৰ্মা সফলভাৱে আয়োজন কৰাত সাৰ্থক কৰিছে বুলি সদৌ অসম কেব মজদূৰ সংঘৰ সাংগঠনিক সম্পাদক ৰিংকু কুমাৰ দাসে জানিবলৈ দিয়ে।
 
কেব চালকসকলে
 
ইফালে, অসম ৰাজ্যিক চালক সন্থাৰ উপৰিও, বাছ চালক, ৰিক্সা চালক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ছপা আৰু ইলেকট্ৰনিক মাধ্যম আদি সকলোতে বিশ্বকৰ্মা পূজাক লৈ দেখা গৈছে উৎসৱমুখৰ পৰিবেশ। উল্লেখযোগ্য যে, সাধাৰণতে বিশ্বকৰ্মা পূজাৰ দিনটো অসমীয়া ভাদ মাহৰ অন্তিমটো দিনত পৰে, যাক ভদ্ৰ সংক্ৰান্তি অথবা কন্যা সংক্ৰান্তি বুলি কোৱা হয়। এই দিনটোত ভক্তসকলে বিশ্বৰ সৃষ্টিকৰ্তা বিশ্বকৰ্মাৰ উপাসনা কৰে৷ 
 
বিশ্বকৰ্মা পূজা উপলক্ষে কাৰখানা আৰু ঔদ্যোগিক শ্ৰমিকসকলে তেওঁলোকৰ সঁজুলি, বাহন আদি পৰিস্কাৰ কৰে আৰু সেইবোৰৰ দীঘায়ু তথা সুৰক্ষাৰ কামনাৰে বিশ্বখনিৰক উপাসনা কৰে। বিশ্বকৰ্মা পূজাৰ দিনা দৰাচলতে কোনো সঁজুলি বা যন্ত্ৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সেইসমূহৰ পূজা কৰা হয়৷ এই উৎসৱ মুখ্যতঃ বিহাৰ, অসম, পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা আদি পূৱৰ ৰাজ্যসমূহত উলহ-মালহেৰে উদযাপন কৰা হয়।