হলিকা: চাহ জনগোষ্ঠীৰ ৰঙৰ উৎসৱ

Story by  atv | Posted by  Munni Begum • 1 d ago
চাহ বাগিচাত জীৱনৰ ৰং বিচাৰি.
চাহ বাগিচাত জীৱনৰ ৰং বিচাৰি.
 
নীলিম আকাশ কাশ্যপ
 
দৌলোৎসৱ। ফাকুৱা, হোলী আদি নামেৰেও জনা যায় ৰঙৰ উৎসৱবিধক। তাহানিৰ পৰা আজিকোপতি ৰঙৰ উৎসৱ হিচাপে চলি আহিছে ফাগুনৰ পূৰ্ণিমাৰ মধুৰ চন্দ্ৰিকাত পালন কৰা দৌলোৎসৱ। শ্ৰীকৃষ্ণই বৈকুণ্ঠৰ গোপ-গোপীৰে পৰম উৎসাহেৰে হোলী পালন কৰাৰ লগতে ইয়াৰ আকৰ্ষণতে উৎসৱবিধক ব্ৰহ্মাকে ধৰি দেৱগণে দেৱলোকলৈ নিয়ে যদিও নহুশ বংশধৰ ৰজাসকলে ইয়াক মৰ্তলৈ অনা বুলি জনা যায়। 
 
নহুশ বংশধৰ ৰজা ইন্দ্ৰদ্যুম্নই হেনো ভাৰতবৰ্ষত পোনতে দৌলৰুঢ় গোবিন্দৰ পূজা কৰিছিল। সেই সময়ত ওৰেষা তীৰ্থ নামে জনাজাত জগন্নাথ ধামত তেওঁ এই পূজাৰ আয়োজন কৰিছিল। আনহাতে, ভক্ত প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৰ ভগ্নী হোলিকাক ককায়েকে নিজ পুত্ৰ দাহনৰ উদ্দেশ্যে জুইত নিক্ষেপ কৰোতে প্ৰহ্লাদৰ পৰিৱৰ্তে পাতকী হোলিকা ভস্মীভূত হোৱাৰ আনন্দতে পালন কৰা 'হোলিকা দাহন' আৰু নাৰায়ণে ভক্তক ৰক্ষার্থে শালগ্ৰাম মূৰ্তি ধাৰণ কৰি দৈত্য হলাকৰক বধ কৰাৰ আনন্দতে পতা উৎসৱেই পৰৱৰ্তী পৰ্যায়ত হোলী বা দৌলোৎসৱ নাম লয় বুলি ইয়াৰ ইতিহাসে ইংগিত বহন কৰে। কেৱল এইকেইটাই নহয়, ৰঙৰ এই উছৱৰ সৈতে কেইবাটাও গাঁথা সম্পৃক্ত। 
 
হলিকাৰ মেজি প্ৰজ্বলনত ৰাইজে ''হৰি হৰি হৰি― হৰিৰ মাচক চুলাই ভৰি'' বুলি আওৰোৱাৰ মুহূৰ্ত
 
অসম প্ৰেক্ষাপটলৈ আহোঁহক। মহাপুৰুম শ্ৰীমন্ত শংকৰদেৱে একুৰি এবছৰ বয়সতে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে আৰু আড়ম্বৰপূৰ্ণভাৱে বৰদোৱাত দৌলোৎসৱ আয়োজন কৰা বুলি জনা যায়। ৰামচৰণ ঠাকুৰৰ 'গুৰুচৰিত'ত উল্লেখ থকা মতে শংকৰদেৱে বৰদোৱাত দৌলোৎসৱ পাতিবলৈ মন মেলাত ভূঞাসকলেও সৰ্বসন্মত সিদ্ধান্ত লয় দৌল এটা নিৰ্মাণ কৰাৰ। ভূঞাসকলৰ অনুৰোধক নেওচা দিব নোৱাৰিয়েই শংকৰদেৱে ফাকুগুড়ি কিনিবলৈ বলোৰাম আতৈক হেনো মৰুৱাপুৰলৈ পঠিয়াইছিল। দহদিন পাছত কেবাকলহো আবিৰ লৈ আতৈ টেম্বাৱলীত উপস্থিত হোৱাৰ খবৰ পাই ভূঞাহঁতে অতি ওখকৈ দৌলো সাজে। 
 
শ্ৰীমন্ত শংকৰদেৱে ৰঙৰ উছৱবিধত গাবলৈ বুলি সাতোটাকৈ হোলীগীত ৰচনাৰ উপৰি পঞ্জিকা চাই হেনো সন্ধৰা দলৈ নামৰ ব্যক্তিজনে ফাগুনী পূৰ্ণিমাত উৎসৱবিধ পালনৰ সিদ্ধান্ত দিয়ে। সেইমতে ফাগুনৰ পূৰ্ণিমা তিথিত খোল-তাল বজাই গোৱা গীতৰ মাজত দৌলত গোঁসাই-মূৰ্তি স্থাপনেৰে হোলীৰ 'গন্ধ' পৰ্ব আয়োজনৰ লগতে মহাপুৰুষজনাই তিল-কুশ লৈ হৰিনামেৰে গোঁসাই মূৰ্তিক পূজাৰে প্ৰথম দিনাৰ কাৰ্যসূচী এৰে। পিছদিনাও গুৰুজনাই বিষ্ণু বন্দনা কৰাৰ উপৰি সকলোৱে ওখল, খোল আদি লৈ দৌলযাত্ৰা কৰে। 
 
দৌলত নাম-কীৰ্তন কৰাৰ পিছত আবেলি গোঁসাইক আবিৰ দিয়ে। পোনতে ৰামগুৰু আৰু তাৰ পিছত মহাপুৰুষজনাই গোঁসাইক আবিৰ দিয়ে। তাৰ পিছত ইগৰাকীয়ে সিগৰাকীৰ গাত ৰং ছটিয়াই পাৰ কৰে এটি উজাগৰী নিশা; লগতে গায় অপূৰ্ব হোলীগীত।  শংকৰ গুৰুজনাই খোল, কেতায়ে কোহাৰ বজোৱাৰ লগতে ৰামগুৰুৱে গোৱা মনোৰম গীতত জয়, বলাই, যদু, ৰামধন, লক্ষ্মণ আদিয়ে নাচে। এনেদৰে নিজৰ ২১ বছৰ বয়সতে হেনো অসমত পোনতে হোলীৰ আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱে নিৰৱচ্ছিন্নভাৱে ৪৬বছৰকৈ ধৰি ৰঙৰ উৎসৱবিধ পালন কৰিছিল।
 
হলিকাৰ পূৰ্বে চাহ বাগানত কৰ্মব্যস্ততা 'চম্পা'-'চামেলী'হঁতৰ...
 
সত্ৰত বাৰেৰহনীয়াকৈ পালন কৰা দৌলোৎসৱ আমাৰ চাহ জনগোষ্ঠীয় লোকসকলেও উলহ-মালহেৰে পালন কৰি আহিছে। 'হলিকা' নামেৰে চাহ জনগোষ্ঠীৰ লোকসকলে দৌলোৎসৱ পালন কৰে। ডেকাসকলে গাত ৰং সানি হাতত ডেৰ-দুই ফুট দীঘল 'কাঠী' লৈ গীত গাই গাই 'কাঠা নাচ' নাচে এই উৎসৱত ।
 
'হলিকা'ৰ আন এটা নাম 'বহ্নৌৎসৱ'। এই উৎসৱত সমনীয়াক ৰং দিয়াৰ লগতে বয়োজ্যেষ্ঠৰ কঁপালত আবিৰৰ ফোঁট দি সেৱা কৰাৰ নিয়ম প্রচলিত। হলিকাত 'মূলদাৰ' এজনৰ নির্দেশমতে ডেকাসকলে এটা গাঁত খান্দি তাত কণী আৰু তামৰ মুদ্ৰা থৈ শিমলু পুলি ৰুই ৰাতি চুৰি কৰিবলৈ যায়। চুৰি কৰা বস্তুৰে মেজি সাজি তাৰ ওচৰত 'ঘানা' অর্থাৎ চৌকা সাজি প্রীতিভোজো খায়। ৰাতি শিমলুজোপাত ৰুটি আৰু পিঠা ওলোমাই থোৱাৰ উপৰি মেজিৰ গুৰিত নৈবেদ্য আগবঢ়ায়। 
 
পুৱতি নিশা মূলদাৰে নৃত্য-গীত কৰি মেজিৰ চতুর্দিশে সাতপাক ঘুৰি তাত অগ্নিসংযোগ কৰাৰ লগে-লগে সকলোৱে হৰিধ্বনি দিয়ে ''হৰি হৰি হৰি― হৰিৰ মাচক চুলাই ভৰি'' বুলি। জুই জ্বলাৰ লগে-লগে শিমলুত আঁৰি থোৱা বস্তুবোৰ খোৱাৰ উপৰি পুৰি শেষ হোৱাৰ পূর্বে গছজোপা কাটি মূলদাৰে দুছেও কৰে। পিছদিনা ৰং দি ফাকু খেলে। হলিকাৰ নিয়মমতে আকৌ তাৰ পিছদিনা অর্থাৎ উৎসৱবিধৰ তৃতীয়দিনা নানা ভাও লৈ ডেকাসকলে ভিক্ষা কৰাৰ উপৰি নৃত্য-গীত-নাট কৰে।
 
সর্বজনস্বীকার্য যে আদিৰ পৰা আজিলৈ দৌলোৎসৱ বিবেচিত হৈ আহিছে ভক্তিৰসৰ পর্ব হিচাপে। ৰঙৰ উৎসৱো আমাৰ আন এলানি প্ৰাণৰ নির্যাসসম উছৱ। হয়তো হৈ থাকিব অদূৰ ভৱিষ্যতলৈ।
 
(কাশ্যপ ভাৰতীয় ইংৰাজী আৰু অসমীয়া সাহিত্যৰ এগৰাকী তৰুণ ঔপন্যাসিক)