পবিত্ৰ ৰমজান: দৰিদ্ৰজনৰ ক্ষুধা অনুভৱ কৰাৰ সময়

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
  ৰছিদ আহমেদ
 
মুছলমানসকলে কিয় ৰোজা ৰাখে? কিন্তু যদি আমি ৰোজাৰ সন্দৰ্ভত কোৰাণত উল্লেখ কৰা নিৰ্দেশনাৰ গভীৰতালৈ যাওঁ, তেন্তে আমি দেখিম যে, আমি সাধাৰণ বুলি লোৱাতকৈ বিষয়টোৱে বহু বেছি তাৎপৰ্য বহন কৰে। ৰোজাৰ মাহৰ আধা অংশ শেষ হোৱাৰ লগে লগে এই প্ৰশ্নটোৱে এক সম্যক বিশ্লেষণৰ দাবী জনাইছে আৰু সেয়েহে এই লেখাটো আগবঢ়ালো।   
 
পবিত্ৰ কোৰাণৰ ২ নং অধ্যায়ৰ ১৮৩ নং আয়াতত উল্লেখ আছে, "তোমালোকৰ পুৰ্বপুৰুষসকলৰ ওপৰত ৰোজা যিদৰে ফৰজ (বাধ্যতামূলক) কৰা হৈছিল, সেইদৰে তোমালোকৰ ওপৰতো ৰোজা বাধ্যতামূলক কৰা হৈছে। যাতে তোমালোকে আল্লাহৰ প্ৰতি সচেতন হোৱা" ইয়াৰ শেষৰ শব্দ 'আলাহৰ প্ৰতি সচেতন হোৱা'ৰ অনুবাদিত কোৰাণিক শব্দ হৈছে 'তাকৱা'। যাৰ অৰ্থ বৰ বিশাল। যিয়ে বিশেঅষকৈ ইয়াকে বুজাই যে আলাহৰ প্ৰতি ভয় বা আলাহৰ প্ৰতি ভালপোৱা আৰু সকলো সময়তে আৰু সকলো ঠাইতে আল্লাহৰ অস্তিত্ব অনুভৱ কৰা। সেয়েহে কোৰাণে স্পষ্টকৈ উল্লেখ কৰিছে যে, ৰোজাৰ চূড়ান্ত উদ্দেশ্য হৈছে মানুহক আল্লাহৰ প্ৰতি সচেতন কৰা।  
 
তাকৱা থকাৰ অৰ্থ হ’ল আল্লাহে আপোনাক প্ৰতিটো মুহূৰ্তত চাই আছে, আপোনাৰ কোনো এটা কামেই তেওঁৰ পৰ্যবেক্ষণৰ বাহিৰত নহয় আৰু প্ৰতিটো চিন্তা, কথা আৰু কামৰ বাবে আপুনি তেওঁৰ ওচৰত জবাবদিহি হ'ব লাগিব। প্ৰতিজন মানুহে যদি এনেদৰে ভাবে তেন্তে মানুহে প্ৰতিটো কামতে, সতৰ্ক হৈ থাকিব আৰু আল্লাহৰ ভয়ত বেয়া কামৰ পৰা বিৰত থাকিব।
 
মছজিদত সমূহীয়া ইফতাৰৰ মুহূৰ্ত
 
 
আমাৰ কাম-কাজ নিৰীক্ষণ কৰিবলৈ এটা অভ্যন্তৰীণ ব্যৱস্থা সদায় আছে। এয়া হৈছে আত্মাৰ প্ৰতি জবাবদিহিতা আৰু ভিতৰৰ পৰা অনুশাসন আৰু আত্মসংশোধনৰ অনুভূতি। বৰ্তমানতকৈ উত্তম এখন পৃথিৱী গঢ়াৰ ক্ষেত্ৰত ইশ্বৰ আৰু মানুহৰ মাজত থকা এই গভীৰ সংযোগে এটা বিশেষ ভুমিকা গ্ৰহণ কৰিব পাৰে। 
 
সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে আহাৰ গ্ৰহণৰ পৰা বিৰত থকা আৰু অন্যান্য শাৰীৰিক ইচ্ছা পূৰণৰ পৰা বিৰত থকাটো ৰোজাৰ কেন্দ্ৰীয় বিষয়, যাৰ কোৰাণৰ শব্দ হৈছে ‘চিয়াম’। বিশ্বৰ গৰিষ্ঠসংখ্যক মুছলমানে আন্তৰিকতাৰে সেই কাম সম্পূৰ্ণ কৰে। নিৰ্দিষ্ট সময়ৰ বাবে খাদ্য গ্ৰহণ নকৰা আৰু যৌন সম্পৰ্কৰ পৰা বিৰত থকাটো ৰোজাৰ একেবাৰেই সংকীৰ্ণ সংজ্ঞা। বহল আৰু অধিক ব্যাপক অৰ্থত ৰোজাৰ অৰ্থ হ'ল, এজন মুছলমানে সম্পূৰ্ণ ৰমজান মাহটো ‘চিয়াম বা ৰোজাৰ অৱস্থাত’ থকাটো প্ৰয়োজনীয়। মাহটোৰ প্ৰত্যেক সময়ত ভাল কাম কৰা আৰু বেয়া কামৰ পৰা বিৰত থকাটো প্ৰয়োজন। অন্যথা ঈশ্বৰে মানুহৰ প্ৰতিটো কামৰে হিচাপ লৈ আছে।  
 
সাধাৰণ পৰিস্থিতিত খাদ্য হ'ল আমেজ আৰু বৈবাহিক যৌন সম্পৰ্ক অতি বৈধ। ৰমজানত ইয়াৰ ওপৰত বাধা আৰোপ কৰা হৈছে। এক অৰ্থত পৱিত্ৰ ৰমজান মাহত কিছুমান কাম বে-আইনী হিচাপে গণ্য কৰা হয়, যিবোৰ অন্যথা বৈধ। যেতিয়া কোনোবাই আল্লাহক সন্তুষ্ট কৰাৰ একমাত্ৰ উদ্দেশ্যৰ বাবে সাধাৰণতে নিষিদ্ধ নোহোৱা বস্তুৰ ওপৰত এই নিষেধাজ্ঞাত সন্মত হ’ব, তেতিয়া বছৰৰ বাকী দিনবোৰত ৰমজানৰ বাহিৰত নিজৰ দৈনন্দিন জীৱনত নিষেধাজ্ঞামূলক নিয়ম মানি চলাটো সহজ হৈ পৰিব। এইদৰে ৰমজানে এজন উন্নত মুছলমান আৰু এজন ভাল মানুহ হিচাপে নিজকে গঢ় দিয়াৰ সুযোগ প্ৰদান কৰে। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
ইছলামে, ইছলামিকভাৱে বৈধ সকলো কামৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। যিকোনো ৰূপত আৰু যিকোনো ক্ষেত্ৰতে অতিৰিক্ততা অতি নিষিদ্ধ। অধিক খৰচী লোকক কোৰাণত চয়তানৰ ভাই বুলি অভিহিত কৰা হৈছে। খাদ্য খোৱাৰ বাবেও নিৰ্দেশনা আছে। মধ্যমীয়া পৰিমাণৰ খাদ্য খোৱাৰ পৰামৰ্শ দিয়া হয় আৰু পেটুতাক কু-অভ্যাস বুলি গণ্য কৰা হয়। 
 
কোৰাণত উল্লেখ আছে, "খাওঁক আৰু পান কৰক, কিন্তু অপচয় নকৰিব। নিশ্চয় আল্লাহে অপচয়কাৰীক ভাল নাপায়।" ৰমজানত গ্ৰহণ কৰিবলগীয়া খাদ্যৰ পৰিমাণৰ ক্ষেত্ৰতো একে ধৰণৰ নিয়মাৱলী আছে। ছেহেৰী (পুৱতি নিশাৰ আহাৰ) আৰু ইফতাৰ (সূৰ্যাস্তৰ পিছৰ আহাৰ) দুয়োটা মধ্যমীয়া পৰিমাণে খাব লাগে। কিন্তু দুৰ্ভাগ্যজনক যে, বহু মুছলমানে ৰমজানত খাদ্য খোৱাৰ উদযাপন এনেদৰে পালন কৰে যেন ই দিনৰ ভাগত নোখোৱাৰ ক্ষতিপূৰণৰ প্ৰয়াসহে। দিনত আমি যি একেবাৰেই কৰিব নোৱাৰো সেয়া আমি ৰাতি অস্বাস্থ্যকৰ পৰিসৰত কৰোঁ। ৰোজাদাৰ মুছলমানসকলে এনে কামত লিপ্ত হোৱাৰ কথা একেবাৰেই নাহে। কিয়নো ইছলামে তেনে কাম কৰাৰ পৰামৰ্শ একেবাৰেই দিয়া নাই।
 
দিল্লীৰ জামে মছজিদত নামাজ আদায় কৰাৰ এক দৃশ্য
 
ৰমজান হৈছে নিজকে চিন্তা কৰা, পৰ্যবেক্ষণ কৰা, কথা কোৱা, লেনদেন কৰা, খোৱা আৰু অন্যান্য নিষেধাজ্ঞাৰ ওপৰত বাধা আৰোপ কৰা। ৰমজানত নিজৰ পেটটো সম্পূৰ্ণৰূপে ভৰাই থোৱাতকৈ আনক খুওৱাটোহে ডাঙৰ কথা। ধনী মানুহে প্ৰায়েই এই কথা উপলব্ধি নকৰে, কিন্তু দুখীয়া লোকে প্ৰতিদিনে ভোক আৰু পিয়াহ অনুভৱ কৰে। অতিৰিক্তভাৱে কাম কৰাতকৈ সহানুভূতি যোগোৱাটো ডাঙৰ কথা। 
 
আমাৰ আড়ম্বৰপূৰ্ণ জীৱনশৈলী আনক দেখুৱাতকৈ আমাৰ ওচৰ-চুবুৰীয়াৰ যন্ত্ৰণা অনুভৱ কৰাটোহে ডাঙৰ কথা। আমাৰ ইচ্ছাৰ প্ৰতি সজাগ হোৱা, আনৰ সৈতে এক হোৱা, আমাৰ সকলো চিন্তা, কথা আৰু কৰ্মৰ বাবে ঈশ্বৰৰ ওচৰত জবাবদিহিতাৰ ভাৱ মনত ৰাখিব লাগে। সৰ্বোপৰি ৰমজান হৈছে ঈশ্বৰ সৈতে ঘনিষ্ঠতা প্ৰতিষ্ঠা কৰা। গতিকে ই একেবাৰেই খাদ্য মহোৎসৱ নহয়। 
 
(লেখক অসমৰ হোজাইস্থিত আজমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ)