পাকিস্তানৰ জেলৰ পৰা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব ইমৰাণ খানে

Story by  atv | Posted by  [email protected] • 1 Months ago
অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ পদৰ দৌৰত ইমৰাণ খান
অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ পদৰ দৌৰত ইমৰাণ খান
 
ইছলামাবাদ

কাৰাগাৰত বন্দী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে কাৰাগাৰৰ বন্ধ কুঠাৰীৰ পৰাই অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দ্য টেলিগ্ৰাফত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে। কেইবাটাও গোচৰত সম্প্ৰতি আদিয়ালা জেলত সোমাই থকা অক্সফৰ্ডৰ স্নাতক ইমৰাণ খানে উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ চ্যান্সেলৰ পদৰ বাবে অনলাইন বেলটৰ জৰিয়তে নিৰ্বাচনী ৰণত নামিব।
 
২১ বছৰ ধৰি অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ পদত অধিষ্ঠিত হোৱা ট’ৰী পাৰ্টিৰ অধ্যক্ষ লৰ্ড পেটেনৰ পদত্যাগৰ ফলত এই আসনখন খালী হৈছে।  

ইমৰাণ খানৰ মিডিয়া উপদেষ্টা চৈয়দ জুলফি বুখাৰীয়ে দ্য টেলিগ্ৰাফক জনাইছে যে ইমৰাণ খানে জনসাধাৰণৰ দাবী মানি লৈ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ লগতে কয়, ‘ইমৰান খানৰ পৰা অনুমতি পোৱাৰ পিছত আমি ৰাজহুৱাভাৱে এই কথা ঘোষণা কৰিম আৰু ইয়াৰ বাবে স্বাক্ষৰ অভিযান আৰম্ভ কৰিম।"
উল্লেখ্য যে, ইমৰাণ খানে ১৯৭২ চনত অক্সফৰ্ডৰ Keble Collegeত অৰ্থনীতি আৰু ৰাজনীতি বিষয়ত অধ্যয়ন কৰিছিল। তেওঁ ২০০৫ চনৰ পৰা ২০১৪ চনলৈকে ব্ৰেডফোৰ্ড বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইমৰাণ খানৰ উপৰিও অক্সফৰ্ডৰ চ্যান্সেলৰ পদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিশিষ্ট প্ৰাৰ্থীৰ ভিতৰত আছে ব্ৰিটিছ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছাৰ টনি ব্লেয়াৰ আৰু বৰিছ জনছন।
 
প্ৰথমবাৰৰ বাবে অনলাইনযোগে অক্সফৰ্ডৰ চ্যান্সেলৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০২৩ চনৰ মে’ মাহত শক্তিশালী পাকিস্তানী সেনাবাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ আৰু হিংসাৰ উচটনি দিয়াৰ অভিযোগত ইমৰাণ খান বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে। এই অভিযোগসমূহ অৱশ্যে তেওঁ অস্বীকাৰ কৰিছে।
 
শেহতীয়াকৈ জেলৰ পৰা দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, "মই এটা ৭ফুট বাই ৮ফুটৰ ডেথ চেলত আবদ্ধ হৈ আছো, যিটো সাধাৰণতে সন্ত্ৰাসবাদীৰ বাবে সংৰক্ষিত। মানুহে মোক ভোট দিছিল কাৰণ তেওঁলোকে বৰ্তমানৰ শাসন ব্যৱস্থাক লৈ বিৰক্ত অনুভৱ কৰিছে।"