ভাৰতীয় ন্যায় ব্যৱস্থা আৰু তিনিখন নতুন আইন

Story by  atv | Posted by  [email protected] • 2 d ago
নতুন অপৰাধমূলক আইনৰ বাবে সাজু হৈছে আৰক্ষী (প্ৰতিনিধিত্বমূলক ফটো)
নতুন অপৰাধমূলক আইনৰ বাবে সাজু হৈছে আৰক্ষী (প্ৰতিনিধিত্বমূলক ফটো)
 
  পল্লব ভট্টাচাৰ্য্য

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অপৰাধমূলক ন্যায় ব্যৱস্থাৰ সংস্কাৰ আৰু ইয়াৰ ঔপনিৱেশিক উত্তৰাধিকাৰৰ পৰিসমাপ্তি ঘটোৱাৰ পদক্ষেপ হিচাপে ২০২৩ চনৰ ১১ আগষ্টত লোকসভাত তিনিখন নতুন বিধেয়ক উত্থাপন কৰিছিল। এই তিনিখন নতুন বিধেয়কৰ ভিতৰত ভাৰতীয় দণ্ডবিধি আইন, ১৮৬০ৰ স্থানত ভাৰতীয় ন্যায় সংহিতা বিধেয়ক-২০২৩; ১৮৯৮ (১৯৭৩) চনৰ ফৌজদাৰী বিধি সংহিতাৰ স্থানত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিধেয়ক-২০২৩ আৰু ভাৰতীয় সাক্ষ্য আইন-১৮৭২ৰ স্থানত ভাৰতীয় সাক্ষ্য অধিনিয়ম-২০২৩ উল্লেখনীয়।

“এই ৩খন ব্ৰিটিছ আইনে চৰকাৰক শক্তিশালী আৰু সুৰক্ষা প্ৰদানৰ বাবে ব্ৰিটিছে প্ৰণয়ন কৰিছিল আৰু ইয়াৰ লক্ষ্য আছিল শাস্তি  প্ৰদান কৰা, ন্যায় প্ৰদান কৰা নহয়। আমি যি তিনিখন নতুন আইন আনিছো, তাৰ মনোভাৱ শাস্তি দিয়া নহয় বৰঞ্চ প্ৰতিজন নাগৰিকক ন্যায় প্ৰদান কৰা আৰু অধিক অপৰাধ ৰোধ কৰা।"-শ্বাহে কয়।

উল্লেখ্য যে, ২৫-১২-২০২৩ তাৰিখে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে নতুন অপৰাধমূলক আইনকেইখনত সন্মতি প্ৰদান কৰে। তিনিখন বিধেয়ক উত্থাপন কৰি দিয়া ভাষণত শ্বাহে প্ৰস্তাৱিত আইনসমূহ চূড়ান্ত কৰাৰ পূৰ্বে “ব্যাপক পৰামৰ্শ” প্ৰক্ৰিয়া গ্ৰহণ কৰা বুলি দাবী কৰে। 
 

সংসদত নতুন অপৰাধমূলক বিধেয়ক উত্থাপনৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ
 
গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁ “উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশ, সকলো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, আইন বিশ্ববিদ্যালয়, ন্যায়িক একাডেমী, মুখ্যমন্ত্ৰী, প্ৰশাসক, সকলো ৰাজ্যৰ ৰাজ্যপাল, আৰু সকলো সাংসদৰ পৰা মতামত বিচাৰিছিল। 
 
১৮খন ৰাজ্য, ৬খন কেন্দ্ৰীয় শাসিত অঞ্চল, উচ্চতম ন্যায়ালয়, ১৬খন উচ্চ ন্যায়ালয়, ৫খন ন্যায়িক একাডেমী, ২২খন আইন বিশ্ববিদ্যালয়, ১৪২জন সাংসদ, ২৭০জন বিধানসভাৰ সদস্য, আৰু জনসাধাৰণৰ পৰা মতামত লৈ আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো।”

নতুনকৈ প্ৰণয়ন কৰা আইন তিনিখনৰ কিছুমান ইতিবাচক দিশ আছে, যেনে কিছুমান অপৰাধৰ ক্ষেত্ৰত ফৰেনছিকৰ ব্যৱহাৰ বাধ্যতামূলক কৰা, সংগঠিত অপৰাধৰ সৈতে মোকাবিলা কৰা, ডিজিটেল প্ৰমাণৰ ব্যৱহাৰ, গণপ্ৰহাৰ বা ʼমব্ লিঞ্চিংʼৰ ববে নূন্যতম শাস্তিৰ পৰিমাণ বৃদ্ধি কৰা, সামূহিক সেৱা বা Community Serviceৰ শাস্তি হিচাবে প্ৰৱৰ্তন, দৃশ্য-শ্ৰাব্য মাধ্যমৰ জৰিয়তে বিচাৰ কাৰ্য্যবিধিৰ  প্ৰণয়ন, ইলেক্ট্ৰনিক চমন আৰু ট্ৰায়েল সেৱাৰ প্ৰৱৰ্তন ইত্যাদিৰ ব্যৱস্থা এই আইনকেইখনৰ অন্যতম যোগাত্মক দিশ।
 

নতুন অপৰাধমূলক আইন সন্দৰ্ভত পিআইবিৰ উদ্যোগত মিডিয়া কৰ্মশালা, নাগালেণ্ডত
 
নতুন অপৰাধমূলক আইনসমূহ বলবৎ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীসভাই কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (চিএফএছএল) নেটৱৰ্ক সম্প্ৰসাৰণ আৰু অধিক ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (এনএফএছইউ) চৌহদ স্থাপনৰ পৰিকল্পনাৰে এক উল্লেখযোগ্য ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনি উন্নীতকৰণ আঁচনি মুকলি কৰিছে। 

এনএফএছইউৰ দিল্লী চৌহদৰ আন্তঃগাঁথনি বৃদ্ধিৰ উপৰিও সমগ্ৰ দেশতে অধিক এনএফএছইউ কেম্পাছ আৰু চিএফএছএলৰ সুবিধা স্থাপনৰ বাবে ২০২৪ চনৰ ২৬ জুনত কেবিনেটে ২,২৫৪ কোটি টকাৰ ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনি বৃদ্ধি আঁচনিৰ উপাদানসমূহৰ অনুমোদন জনায়।

কেন্দ্ৰীয় খণ্ডৰ আঁচনিখনৰ বাবে আৰ্থিক ব্যয় ২০২৪-২৫ চনৰ পৰা ২০২৮-২৯ চনৰ ভিতৰত কাৰ্যকৰী হ’বলগীয়া গৃহ মন্ত্ৰালয়ৰ নিজা বাজেটৰ পৰাই পূৰণ কৰা হ’ব। কিন্তু এই আইনসমূহ কাৰ্যকৰী কৰাৰ পূৰ্বে জনমতৰ অভাৱ আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সম্ভাৱ্য অপব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশৰ বাবে সমালোচনা হৈছে। নতুন আইনসমূহে আৰক্ষীৰ জিম্মাত থকাৰ সময়সীমা বৃদ্ধি কৰিছে, দেশদ্ৰোহক নতুন সংজ্ঞাৰে পুনৰ প্ৰৱৰ্তন কৰা, সন্ত্ৰাসবাদ আৰু অপৰাধক সু-সংগঠিত কৰা আৰু ডিজিটেল প্ৰমাণ জব্দ কৰাৰ বাবে আৰক্ষীক ব্যাপক ক্ষমতা প্ৰদান কৰিছে।
 

১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা তিনিখন নতুন আইন
 
সমালোচকসকলে যুক্তি আগবঢ়ায় যে এই আইনসমূহে ব্যক্তিগত অধিকাৰ আৰু গোপনীয়তা উলংঘা কৰিব পাৰে, আৰু সঠিক সুৰক্ষা আৰু সেয়েহে ইয়াৰ বাবে গণতান্ত্ৰিক আলোচনাৰ প্ৰয়োজন আছে।

ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে গৃহ দপ্তৰৰ কমিটী ফৰ ৰিফৰ্মছ ইন ক্রিমিনেল লছ (চিআৰচিএল)ৰ চূড়ান্ত প্ৰতিবেদন, যাৰ পৰামৰ্শসমূহৰ জৰিয়তে অৱশেষত বিধেয়কসমূহৰ বৰ্তমানৰ গাঁঠনি প্ৰস্তুত হৈছিল, ৰাজহুৱাকৰণ কৰা হোৱা নাই।

আইনসমূহ কাৰ্যকৰী হোৱাৰ দিন অৰ্থাৎ ১ জুলাইৰ পিছত জনসাধাৰণৰ মনোযোগ তলত উল্লেখ কৰা বিষয়সমূহৰ প্ৰতি চৰকাৰৰ সঁহাৰিৰ ওপৰত থাকিব।

১) দুটা আইনী ব্যৱস্থা: নতুন আইনসমূহৰ ফলত দুটা ভিন্ন ন্যায় ব্যৱস্থা একেলগে চলিব পাৰে, কিয়নো ১ জুলাইৰ পূৰ্বে অপৰাধৰ অভিযোগত অভিযুক্ত লোকসকলক পুৰণি আইন অনুসৰি বিচাৰ কৰা হ’ব, আনহাতে তাৰ পিছত অভিযোগ কৰা লোকসকলৰ বিচাৰ নতুন আইন অনুসৰি হ’ব। দুয়োটা ব্যৱস্থাৰ অধীনত গোচৰৰ নিষ্পত্তিৰ বাবে বহু বছৰৰ প্ৰয়োজন হোৱাৰ সম্ভাবনা আছে।

২) পদ্ধতিগত আইনক লৈ বিবাদ: প্ৰতিটো গোচৰৰ ক্ষেত্ৰত পুৰণি বা নতুন পদ্ধতিগত আইন প্ৰযোজ্য হʼব নে নহয় সেই সম্পৰ্কে বিবাদ হোৱাৰ সম্ভাৱনীয়তা বিদ্যমান, যাৰ ফলত অনিশ্চয়তা আৰু অদক্ষতাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত অভিযুক্তৰ অধিকাৰ ক্ষতিগ্ৰস্ত হ’ব আৰু ন্যায় লাভত বাধাৰ সৃষ্টি হ’ব পাৰে।
 

নতুন অপৰাধমূলক আইনক লৈ সজাগতা সভা, শ্বিলঙত
 
৩) বিচাৰাধীন গোচৰ বৃদ্ধি: নতুন আইনসমূহে অপৰাধমূলক গোচৰৰ বোজা আৰু অধিক বৃদ্ধি কৰিব পাৰে। এই বোজাই ন্যায়ৰ সুবিধা লাভৰ ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি কৰি গোচৰৰ নিষ্পত্তিত বিলম্ব ঘটাব পাৰে।

৪) পৰামৰ্শৰ অভাৱ: অভিযুক্ত আৰু তেওঁলোকৰ প্ৰতিনিধিকে ধৰি সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে পৰামৰ্শৰ অভাৱ সমগ্ৰ প্ৰক্ৰিয়াটোত স্পষ্ট। চৰকাৰে দাবী কৰাৰ দৰে বিস্তাৰিত আলোচনা জণমানসত প্ৰতিফলিত হোৱা নাই।    

৫) কঠোৰ বিধানঃ ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ অতিৰিক্ত উল্লেখেৰে দেশদ্ৰোহ আইন পুনৰ প্ৰণয়ন কৰাটো বহুতেই আলোকপাত কৰিছে। ইয়াৰ ফলত অপৰাধ সন্ত্ৰাসবাদলৈ বৃদ্ধি কৰাৰ প্ৰৱনতা আৰু বাক স্বাধীনতা আৰু মতানৈক্যৰ স্বাধীনতা হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও নতুন আইনসমূহত অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত অপৰাধ অন্তৰ্ভুক্ত কৰাটোৱে সাধাৰণ আৰক্ষী বিষয়াসকলক সন্ত্ৰাসবাদৰ গোচৰৰ তদন্ত কৰিবলৈ অনুমতি দিয়াৰ এক আঁচনি বুলি সমালোচনা কৰা দৃষ্টিগোচৰ হৈছে।

৬) প্ৰাথমিক তদন্তৰ প্ৰয়োজনীয়তা: নতুন আইনসমূহে কিছুমান অপৰাধৰ বাবে প্ৰাৰম্ভিক তদন্তৰ নিৰ্দেশ দিছে, যাৰ ফলত প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ) দাখিলত বিলম্ব ঘটাতো নিশ্চিত। ই সৰ্বোত্তম ন্যায়ালয়ৰ লালীতা কুমাৰী বনাম ইউ পি চৰকাৰৰ গোচৰত নিৰ্দেশনাৰ পৰিপন্থী হোৱাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱৰি। অৱশ্যে এইক্ষেত্ৰত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰোএ (BPR&D) প্ৰয়োজনীয় প্ৰামাণিক কাৰ্য্য পদ্ধতিৰ (SOP) নীতি জাৰি কৰিছে।
 

প্ৰতিনিধিত্বমূলক ফটো
 
৭) প্ৰশিক্ষন আৰু আন্তঃগাঠনি সৃষ্টিঃ আৰক্ষী কৰ্মী আৰু অন্যান্যসকলক তিনিখন আইন সম্পৰ্কে প্ৰশিক্ষণ দিয়া আৰু পুৰণি আইনৰ পৰা নতুন আইনলৈ তেওঁলোকৰ চিন্তাধাৰাক সলনি কৰা, ফৰেনছিকৰ প্ৰশিক্ষণ, বাধ্যতামূলক ফৰেনছিক সুবিধা আদিৰ বাবে আন্তঃগাঁথনি সৃষ্টি আদিয়ে অপৰাধমূলক ন্যায় ব্যৱস্থাত প্ৰভাৱ পেলাব।

যদিহে এই উদ্বেগসমূহৰ সমাধান নোহোৱাকৈ ১ জুলাইৰ পৰা নতুন আইনসমূহ বলবৎ হয়, তেন্তে ইয়াৰ ফলত আইনী আৰু ন্যায়িক জঞ্জালৰ সৃষ্টি হ’ব পাৰে। ইন্দিৰা জৈছিং আৰু আন বহু আইনজ্ঞই উপৰোক্ত সকলো বিষয়ৰ সমাধান নোহোৱালৈকে এই আইনসমূহৰ কাৰ্যকৰীকৰণ স্থগিত ৰখাৰ আহ্বান জনাইছে। ইতিমধ্যে অঞ্জলী পেটেল আৰু ছায়া মিশ্ৰ নামৰ দুগৰাকী ব্যক্তিয়ে সৰ্বোচ্চ ন্যায়ালয়ত তিনি আইনৰ ওপৰত স্থগিতাদেশ দিবলৈ পি আই এল দাখিল কৰিছে। বিশিষ্ট আমেৰিকান ইঞ্জিনীয়াৰ আৰু ব্যৱসায়ী চাৰ্লচ কেতাৰিঙৰ প্ৰসিদ্ধ উক্তি ভাৰতৰ বাবে আশাৰ আগজাননীঃ “পৃথিৱীয়ে পৰিৱৰ্তন ঘৃণা কৰে, তথাপিও ইয়েই একমাত্ৰ সম্বল যিয়ে অগ্ৰগতি আনে”।

(লেখক এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)