বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰতীয় মুছলমান সমাজ

Story by  atv | Posted by  Munni Begum • 19 d ago
ড° নাজিব জং, এছ ৱাই কুৰাইছি আৰু ড০ উমৰ আহমেদ ইলিয়াছি
ড° নাজিব জং, এছ ৱাই কুৰাইছি আৰু ড০ উমৰ আহমেদ ইলিয়াছি
 
নতুন দিল্লী
 
সৰ্ব ভাৰতীয় ইমাম সংগঠনৰ মুৰব্বী তথা সামাজিক মাধ্যমৰ জনপ্ৰিয় ইছলামিক প্ৰচাৰক ড০ উমৰ আহমেদ ইলিয়াছিয়ে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা হিংসা আৰু সন্ত তথা কৰ্মী চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণা দিছে। তেওঁ কয় যে, বাংলাদেশত যি হৈ আছে সেয়া এক দুখজনক পৰিস্থিতি আৰু ইয়াক নিন্দা কৰা উচিত।    
 
ড০ উমৰ আহমেদ ইলিয়াছিয়ে কয় যে, বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি, বিশেষকৈ তাত সংখ্যালঘু জনগোষ্ঠী, বিশেষকৈ হিন্দুসকলৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰক লৈ মই অতিশয় চিন্তিত। এইটো এটা অতি দুৰ্ভাগ্যজনক পৰিস্থিতি আৰু ইয়াক নিন্দা কৰা উচিত। এনে ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো। আমি মনত ৰাখিব লাগিব যে, বাংলাদেশ আৰু ভাৰত সদায় একেলগে থকা চুবুৰীয়া দেশ। বাংলাদেশৰ আন্তঃগাঁথনিৰ বাবেই হওঁক বা নাগৰিকৰ মংগলৰ বাবেই হওঁক ভাৰতে সদায় বাংলাদেশক সহায় কৰি আহিছে৷     
 
বাংলাদেশত হিন্দু সন্ন্যাসী চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ এক দৃশ্য
 
আজি যি পৰিস্থিতিৰ সৃষ্টি হৈছে, তাত শান্তি আৰু সম্প্ৰীতিৰ প্ৰয়োজন আছে। হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ আৰু নিৰ্যাতন শীঘ্ৰে বন্ধ কৰিব লাগে। এই বিষয়ত মই বাংলাদেশ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছক এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। 
 
তেওঁ কয়, "পৰিস্থিতি বিনষ্ট কৰিবলৈ চেষ্টা কৰা আৰু অত্যাচাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত আৰু তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰা উচিত। বিশেষকৈ বাংলাদেশৰ সকলো মছজিদৰ ইমামসকলক শুকুৰবাৰৰ নামাজ আৰু অন্যান্য দিনত তেওঁলোকৰ ধৰ্মধ্বনিত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা দিবলৈ আহ্বান জনাইছো।"
 
তেওঁ কয়, "ইছলাম হৈছে শান্তিৰ ধৰ্ম, যিয়ে সদায় শান্তি আৰু সম্প্ৰীতিৰ কথা কৈ আহিছে। আমি ইছলামৰ প্ৰকৃত শিক্ষা অনুসৰণ কৰি সকলো ধৰণৰ হিংসাৰ পৰা আঁতৰি থকা উচিত। ৰাষ্ট্ৰসংঘ, ইউএনএইচআৰচি আৰু অন্যান্য মানৱ অধিকাৰ সংস্থাসমূহকো এই বিষয়ত হস্তক্ষেপ কৰি বাংলাদেশত ঘটি থকা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছো। আজি আমি বুজিব লাগিব যে, আমি প্ৰথমে মানুহ, তাৰ পিছত এটা ধৰ্মৰ অনুগামী। আমি হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান যি নহওঁক কিয় মানৱতাৰ সেৱা আৰু ভাতৃত্ববোধৰ প্ৰসাৰ কৰাটো আমাৰ প্ৰথম দায়িত্ব।"  
 
ডঃ মহম্মদ ইউনুছে শপতগ্ৰহণ কৰি থকা মুহূৰ্তত
 
তেওঁ কয়, "মই বাংলাদেশ প্ৰশাসনক আহ্বান জনাইছো যে, ইস্কনৰ পুৰোহিত চিন্ময় কৃষ্ণ মহাৰাজক শীঘ্ৰে মুকলি কৰি দিয়ক। তেওঁৰ কি অপৰাধ আছিল যাৰ বাবে তেওঁক জেলত ভৰোৱা হৈছে? ইয়াৰ বাহিৰেও তেওঁৰ অধিবক্তা ৰমন ৰায়ৰ ওপৰত হোৱা হত্যাকাৰী আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ নিৰাপত্তা নিশ্চিত কৰা উচিত। বাংলাদেশৰ সকলো সংখ্যালঘুৰ সুৰক্ষাৰ দায়িত্ব প্ৰশাসনে গ্ৰহণ কৰিব লাগে।"  
 
তেওঁ কয়, "মই পুনৰবাৰ বাংলাদেশৰ সকলো ইমাম আৰু ধৰ্মগুৰুলৈ আহ্বান জনাইছো যে, তেওঁলোকৰ প্ৰাৰ্থনাত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰদান কৰক, যাতে বাংলাদেশত সঠিক দিশত শান্তি আৰু ঐক্য বিৰাজ কৰে। মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেওঁ বাংলাদেশত শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰে আৰু সকলো সম্প্ৰদায়ে ইজনে সিজনৰ লগত মিলাপ্ৰীতিৰে জীয়াই থাকে।" 
 
আনহাতে, বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত অব্যাহত থকা অত্যাচাৰ তথা কঠোৰ নিৰ্যাতনৰ বলি হোৱাক লৈ দিল্লীৰ ৯ জন বিশিষ্ট মুছলমান ব্যক্তিয়ে দুখ প্ৰকাশ কৰি মহম্মদ ইউনুছ শাসন ব্যৱস্থাক ইয়াৰ আঁৰৰ উপাদানসমূহক নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায়। 
 
বাংলাদেশ আৰক্ষীয়ে চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কৰা প্ৰতিবাদ
 
ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰাইছি, দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল আৰু জে এম আইৰ প্ৰাক্তন উপাচাৰ্য তথা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ড° নাজিব জং, প্ৰাক্তন উপ সেনাধ্যক্ষ আৰু এ এম ইউৰ প্ৰাক্তন উপাচাৰ্য জমিৰ উদ্দিন শ্বাহ, প্ৰাক্তন সাংসদ আৰু নেয়ী দুনিয়া দুনিয়াৰ সম্পাদক শ্বাহিদ ছিদ্দিকী আৰু উদ্যোগপতি আৰু ভাৰতীয় হোটেল আৰু ৰেষ্টুৰেণ্ট সংস্থাৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ছাইদ মুস্তাফা শ্বেৰৱানীয়ে বাংলাদেশ শাসনৰ মুৰব্বী মহম্মদ ইউনুছক উদ্দেশ্যি স্বাক্ষৰিত এক বিবৃতিত এই মুছলমান ব্যক্তিসকলে কয় যে, তেওঁৰ দেশত সংখ্যালঘুসকলৰ প্ৰতি কৰা ব্যৱহাৰ "ভয়ংকৰ আৰু ভাৰতীয় মুছলমানসকলৰ বাবে অপৰিসীম চিন্তাৰ বিষয়।"  
 
বিবৃতিত তেওঁলোকে উল্লেখ কৰিছে যে, "মুছলমান হিচাপে আমি এনে অইছলামিক আচৰণ দেখি হতাশ হৈ পৰিছো, যিটো স্পষ্টভাৱে ইছলামৰ নীতি আৰু নবীয়ে দেখুওৱা পথৰ বিৰুদ্ধে। আমি সঁচাকৈয়ে আশা কৰিছো যে, বাংলাদেশ চৰকাৰে সকলো সাম্প্ৰদায়িক উপাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ হিন্দু জনসংখ্যাৰ লগতে অন্যান্য সংখ্যালঘুসকলৰ বাবে সম্পূৰ্ণ নিৰাপত্তা নিশ্চিত কৰিব। যাক আমি একস্বৰত গৰিহণা দিছো।"
 
বিবৃতিত লগতে উল্লেখ কৰিছে যে, "বৰ্তমানৰ বাংলাদেশ চৰকাৰে যদি এই দুৰ্ভাগ্যজনক পৰিস্থিতিক ৰোধ নকৰে তেন্তে ইয়াৰ দ্বাৰা মৌন সমৰ্থন প্ৰতিফলিত হ’ব। দক্ষিণ এছিয়াই এই অঞ্চলটোক আগুৰি ধৰা এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন। আমি মাত মাতিব লাগিব আৰু মানৱ অধিকাৰৰ উলংঘাক নিন্দা কৰিব লাগিব। সংখ্যালঘুসকলৰ ওপৰত হোৱা এই দুৰ্ব্যৱহাৰক আমি তীব্ৰ গৰিহণা দি বাংলাদেশ কৰ্তৃপক্ষক তাৎক্ষণিক আৰু সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।"