মিলাদ-উল-নবী উদযাপনৰ বিৰোধিতা কৰা মদীনাৰ ইমামক কঠোৰ সমালোচনা ভাৰতীয় মুছলমান সমাজৰ

Story by  atv | Posted by  [email protected] • 1 d ago
মদীনাৰ মছজিদ-ই-নবৱীৰ ইমাম শ্বেখ আলী হুদাইফী
মদীনাৰ মছজিদ-ই-নবৱীৰ ইমাম শ্বেখ আলী হুদাইফী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্মদিন উদযাপনৰ কোনো লিখিত তথ্য নাই বুলি মদীনাৰ মছজিদ-ই-নবৱীৰ ইমাম শ্বেখ আলী হুদাইফীয়ে প্ৰকাশ কৰা মন্তব্যৰ সমালোচনা কৰিছে ভাৰতীয় মুছলমান গোটসমূহে। মুম্বাইস্থিত ৰাজা একাডেমীয়ে ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমান আল ছৌদলৈ পত্ৰ লিখি এই বিষয়ত হস্তক্ষেপ কৰি ৱাহাবী ধৰ্মগুৰুসকলক নিয়ন্ত্ৰণলৈ আনিবলৈ আহ্বান জনাইছে। 
 
ইছলামৰ দুটা পৱিত্ৰ মছজিদৰ ভিতৰত অন্যতম মছজিদটোৰ ইমামে শুকুৰবাৰে কৈছিল যে মিলাদ-উল-নবী উদযাপনৰ কোনো ধৰ্মীয় তত্ত্ব নাই আৰু ই একাংশ লোকৰ উদ্ভাৱনহে।
 
ইছলামৰ ৱাহাবী ব্যাখ্যাত কোৱা হৈছে যে নবীক ঈশ্বৰৰ ৰাছুল হিচাপে সন্মান কৰিব লাগিব। কিন্তু তেওঁলোকে নবীৰ আৰাধনা নিষিদ্ধ কৰে। এই মতামতৰ ফলত ১৯২০ চনত নবী আৰু তেওঁৰ পৰিয়ালৰ সমাধি ধ্বংস হয় যেতিয়া ছাউদ পৰিয়ালে ইছলামৰ পবিত্ৰ চহৰ মক্কা আৰু মদিনা অট্টোমান সাম্ৰাজ্যৰ পৰা নিয়ন্ত্ৰণ লয়।
নতুন শাসকসকলে সমাধি পূজা নিষিদ্ধ কৰা ৰক্ষণশীল ৱাহাবী মতবাদৰ সমৰ্থন কৰিছিল। মদীনা মছজিদৰ বাহিৰৰ জান্নাত আল-বাকী কবৰস্থানত অৱস্থিত এই সমাধিসমূহ নতুন শাসকৰ অনুমতি সাপেক্ষে ৱাহাবী মিলিচীয়াই ভাঙি পেলোৱা বুলি জানিব পৰা গৈছে। তীৰ্থযাত্ৰীসকলে সমাধিস্থলত প্ৰাৰ্থনা কৰাৰ পৰা নিৰুৎসাহিত কৰিবলৈ এই কাম কৰা হৈছিল।
 
উল্লেখ্য যে, নবীৰ জন্মদিনটো বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো যোৱা সোমবাৰে মিলাদ-উল-নবী হিচাপে ইছলাম ধৰ্মীসকলে পালন কৰে। মুছলমানসকলে মিলাদ-উল-নবী উপলক্ষে ভিন্ন প্ৰান্তত শোভাযাত্ৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ দুদিন পূৰ্বে মদীনাৰ মছজিদ-ই-নবৱীৰ ইমাম শ্বেখ আলী হুদাইফীয়ে এই উদযাপনৰ কোনো ধৰ্মীয় ভিত্তি নাই বুলি কৰা মন্তব্যই ইছলামধৰ্মী লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 
 
মুম্বাইত মুছলমান সমাজে সোমবাৰে অনুষ্টুপীয়াকৈ মিলাদ-উল-নবী পালন কৰে। মঙলবাৰে তেওঁলোকে শোভাযাত্ৰা উলিওৱাৰ কথা আছিল যদিও গণেশ বিসৰ্জন অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইৰ মুছলমান সমাজে মিলাদ-উল-নবীৰ শোভাযাত্ৰা বুধবাৰলৈ পিছুৱাই দিয়ে। তেওঁলোকৰ এই উদাৰতাই সকলো শ্ৰেণীৰ লোকৰ হৃদয় জয় কৰিছে। 
 
মদীনাৰ মছজিদ-ই-নবৱীৰ ইমাম শ্বেখ আলী হুদাইফীৰ মন্তব্যৰ বিৰোধিতা কৰা ৰাজা একাডেমীৰ ছাইদ নুৰুৱে কয় যে ইছলামৰ পবিত্ৰ নবীৰ জন্মদিন আৰু মাউলুদ উদযাপন কৰাটো এটা উদ্ভাৱন আৰু ইছলামত ইয়াৰ কোনো আদেশ নাই বুলি উল্লেখ কৰি তেওঁ বিশ্বজুৰি মুছলমানসকলৰ ধৰ্মীয় আৱেগক আঘাত কৰিছে।
ৰাজা একাডেমীয়ে কয় যে অধিক উদাৰবাদী সামাজিক আৰু ধৰ্মীয় নিয়মৰ সৈতে বহু পৰিৱৰ্তনৰ সূচনা কৰা মহম্মদ বিন ছলমানে ৱাহাবী চিন্তাধাৰাক নাকী লগাবলৈ সক্ষম হৈছে যদিও ৱাহাবী পন্থীসকলে ইয়াক প্ৰতিৰোধ কৰি যোৱাৰ লক্ষণ দেখা যায়। 
 
তেওঁ কয় যে আমি ছৌদি চৰকাৰক সুধিছো যে যদি তেওঁলোকে নিজৰ দেশৰ জন্মদিন পালন কৰিব পাৰে, তেন্তে কন্যা শিশু হত্যাৰ দৰে কুসংস্কাৰ থকা আৰব সমাজখনক সংস্কাৰৰ পথ দেখুওৱা হজৰত মহম্মদৰ জন্মদিন কিয় তেওঁলোকে স্মৰণ কৰিব নোৱাৰে। আমি ৱাহাবীসকলৰ ইছলামৰ ব্যাখ্যা অনুসৰণ নকৰো।"-এই মন্তব্য আগবঢ়াই বাৰেলভি গোট অল ইণ্ডিয়া আজীমা মছজিদ কাউন্সিলৰ মৌলানা আমানুল্লাহ ৰাজা শ্বেইখে।