আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগ শান্তিৰ আহিলা নে সংঘাতৰ এজেণ্টঃ ভাৰতীয় সংখ্যালঘু ফাউণ্ডেচন

Story by  atv | Posted by  [email protected] • 7 d ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভাৰতীয় সংখ্যালঘু ফাউণ্ডেচনৰ সদস্যসকল (ফাইল ফটো)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভাৰতীয় সংখ্যালঘু ফাউণ্ডেচনৰ সদস্যসকল (ফাইল ফটো)
 
নতুন দিল্লী

ভাৰতৰ নাগৰিক সংগঠন ইণ্ডিয়ান মাইনোৰিটিজ ফাউণ্ডেচন (আই এম এফ)ই আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগ (United States Commission on International Religious Freedom)ৰ প্ৰতিবেদনক সমালোচনা কৰে। এই প্ৰতিবেদনে নেতিবাচক দিশৰ ওপৰত অত্যধিক মনোনিৱেশ কৰাৰ লগতে ভাৰতৰ ধৰ্মীয় স্বাধীনতা আৰু সামাজিক সম্প্ৰীতিক আওকাণ কৰিছে, যাৰ ফলত ধৰ্মীয় উত্তেজনা বৃদ্ধি পাব পাৰে বুলি সংগঠনটোৱে কৈছে। তেওঁলোকে ইয়াক ভুল পথে পৰিচালনা কৰা প্ৰতিবেদন বুলি অভিহিত কৰে।
 
প্ৰতিবেদনত আমেৰিকা চৰকাৰে ধৰ্মীয় স্বাধীনতাৰ চিন্তাৰ বাবে ভাৰতক আফগানিস্তান, কিউবা, উত্তৰ কোৰিয়া, ৰাছিয়া, চীন আদি স্বৈৰাচাৰী শাসনৰ সৈতে শ্ৰেণীভুক্ত কৰিব লাগে বুলি উল্লেখ কৰিছে। আই এম এফে এই প্ৰতিবেদনৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু ইয়াৰ দ্বাৰা সম্প্ৰীতিৰ প্ৰসাৰতকৈ সংঘাতৰ সৃষ্টি হ’ব পাৰে বুলি মত প্ৰকাশ কৰিছে।
 
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ সতনম সিঙৰ নেতৃত্বত IMFৰ লক্ষ্য হৈছে ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়ক সহায় কৰা। তেওঁলোকে পোষকতা (advocacy), নেটৱৰ্কিং (networking), নিয়োজিততা (engagement), আৰু সকলোৰে বাবে সমান সুযোগ সৃষ্টিৰ কাম কৰে।
ইউএছচিআইআৰএফৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে ভাৰতীয় সংখ্যালঘু ফাউণ্ডেচন (আইএমএফ)-এ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুনৰ কৈছে, "বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতক আফগানিস্তান, কিউবা, উত্তৰ কোৰিয়া, ৰাছিয়া, চীনৰ দৰে দেশৰ সৈতে তুলনা কৰাৰ প্ৰচেষ্টাই ভুল দিশ উন্মোচন কৰিছে। ভাৰতৰ এক শক্তিশালী সাংবিধানিক ব্যৱস্থা আছে, বহুত্ববাদৰ এক দীৰ্ঘ ইতিহাস আছে বুলি স্বীকাৰ নকৰাটোৱে ইউএছচিআইআৰএফৰ গ্ৰহণযোগ্যতাক সন্দিহান কৰি তুলিছে। বছৰ বছৰ ধৰি সংগঠনটোৱে নিজৰ গৰিমা হেৰুৱাই পেলাইছে। তেওঁলোকে ভাৰতৰ ধৰ্মীয় স্বাধীনতাৰ বাস্তৱতাক উপলব্ধ কৰাত ব্যৰ্থ হৈছে আৰু বিশ্বজুৰি মানৱ অধিকাৰ উলংঘাৰ প্ৰকৃত উদ্বেগসমূহক সম্বোধন কৰিব পৰা নাই।"
 
আই এম এফে ভাৰতত “ধৰ্মান্তৰ বিৰোধী আইন বৃদ্ধি” সম্পৰ্কে শেহতীয়াকৈ আমেৰিকাৰ বিদেশ মন্ত্ৰী ড০ এণ্টনি ব্লিংকেনে কৰা মন্তব্যৰ কথাও উল্লেখ কৰে। সংগঠনটোৱে কয়, “প্ৰতিবেদন প্ৰস্তুতৰ সময়ত কোনো ৰাজ্যই কোনো নতুন আইন গৃহীত কৰা নাছিল।”
 
আই এম এফে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগৰ প্ৰতিবেদনৰ অন্যান্য অংশকো সম্বোধন কৰে। তেওঁলোকে কয়, "'ঘৃণামূলক ভাষণৰ বিস্তৃত উল্লেখে ভাৰত আৰু ইয়াৰ নিৰ্বাচিত নেতাসকলৰ বিৰুদ্ধে লক্ষ্য কৰি লোৱা ঘৃণনীয় ভাষণৰ বিৰোধিতা কৰে, যিটো আজিকালি প্ৰায়ে উত্তৰ আমেৰিকাৰ পৰা আহে। ইয়াৰ ভিতৰত হিংসাক উদগণি যোগোৱা আৰু ভাৰতৰ এজন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ হত্যাকাণ্ডক উদযাপন কৰা ভাষণো অন্তৰ্ভুক্ত। 'স্বাধীন বাক্য' আৰু
 
'ঘৃণামূলক বাক্য'ৰ মাজৰ ৰেখাডাল যেন দেশৰ ওপৰত নিৰ্ভৰ কৰি ম্লান হৈ পৰে।" ভাৰতত সংখ্যালঘুসকলৰ ঘৰ আৰু উপাসনাস্থলী ভাঙি পেলোৱাৰ সন্দৰ্ভত ইউ এছ চি আই আৰ এফে দিয়া মন্তব্যৰ সন্দৰ্ভত আই এম এফে কয় যে, “প্ৰতিবেদনে এই কথা লক্ষ্য কৰাত ব্যৰ্থ হৈছে যে ভাঙি পেলোৱাৰ কেইটামান দৃষ্টান্তৰ ধৰ্মৰ সৈতে বিশেষ সম্পৰ্ক নাছিল আৰু সকলো অবৈধ নিৰ্মাণৰ সৈতে জড়িত আছিল।”
 
ভাৰতীয় সংখ্যালঘু ফাউণ্ডেচনে (ইণ্ডিয়ান মাইনোৰিটিজ ফাউণ্ডেচন) ইউ এছ চি আই আৰ এফৰ প্ৰতিবেদনক এন জি অ’ আৰু কৰ্মীৰ দ্বাৰা অত্যধিক প্ৰভাৱিত হোৱাৰ বাবে আৰু সমালোচনা কৰে। তেওঁলোকে কয় যে, "ধৰ্ম বা ধৰ্মীয় পৰিচয়ৰ সৈতে সম্পৰ্কহীন নিয়মৰ দ্বাৰা প্ৰভাৱিত হোৱা এন জি অ' আৰু কৰ্মীসকলৰ দ্বাৰা প্ৰতিবেদনখন অযথা প্ৰভাৱিত হোৱা যেন অনুভৱ
হৈছে।”
 
মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ইউএছচিআইআৰএফৰ মন্তব্যকো তীব্ৰ সমালোচনা কৰে আইএমএফে। তেওঁলোকে কয়, "মণিপুৰৰ গোষ্ঠীগত হিংসাক সাম্প্ৰদায়িক ৰূপ দি ইউএছচিআইআৰএফৰ প্ৰতিবেদনে অতি বিপজ্জনক সীমা অতিক্ৰম কৰিছে। ইয়াত মেইটেইক হিন্দু আৰু কুকিক খ্ৰীষ্টান বুলি মিছাকৈয়ে লেবেল লগোৱা হৈছে, যিয়ে মণিপুৰৰ জাতিগত উত্তেজনা আৰু বেছি বেয়া কৰি তুলিব পাৰে।"
 
আই এম এফে আঙুলিয়াই দিয়ে যে এই প্ৰতিবেদনত আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগে ভাৰতৰ ঐক্য আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি সন্মানৰ অভাৱ দেখুৱাইছে, বিশেষকৈ জম্মু-কাশ্মীৰ আৰু পঞ্জাৱৰ বিষয়ে কৰা মন্তব্যত।
 
জম্মু-কাশ্মীৰ সন্দৰ্ভত আই এম এফে কয়, "ইউ এছ চি আই আৰ এফে এই কথা স্বীকাৰ কৰাত ব্যৰ্থ হৈছে যে ৩৭০ নং অনুচ্ছেদ বাতিলৰ উদ্দেশ্য আছিল জম্মু-কাশ্মীৰক ভাৰতৰ বাকী অংশৰ সৈতে অধিক ঘনিষ্ঠভাৱে একত্ৰিত কৰা, অৰ্থনৈতিক উন্নয়নৰ পোষকতা কৰা, আৰু সকলো বাসিন্দাৰ বাবে সম অধিকাৰ নিশ্চিত কৰা। এই পদক্ষেপক ভাৰতৰ উচ্চতম ন্যায়ালয়েও সমৰ্থন কৰিছে।”
 
আই এম এফে সামৰণিত কয়, "ইউ এছ চি আই আৰ এফে বহুত্ববাদী সমাজত সমন্বয় আৰু সহাৱস্থানৰ বৃহত্তৰ ছবিখনক আওকাণ কৰি সমগ্ৰ বিশ্বতে উলংঘা বিচাৰি উলিওৱাত মনোনিৱেশ কৰা যেন লাগিছে। ইয়াৰ পৰা এটা জটিল প্ৰশ্ন উত্থাপন হয়: আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগ শান্তিৰ আহিলা নে সংঘাতৰ এজেণ্ট?"