জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত ৩ নিৰ্দলীয় প্ৰাৰ্থীৰ বাবে মুছলমানৰ সমৰ্থন বিচাৰিছে শিখসকলে

Story by  atv | Posted by  [email protected] • 18 d ago
নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা প্ৰথমজন শিখ প্ৰাৰ্থী এছ পুষবিন্দৰ সিং বালি সমৰ্থকৰ সৈতে
নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা প্ৰথমজন শিখ প্ৰাৰ্থী এছ পুষবিন্দৰ সিং বালি সমৰ্থকৰ সৈতে
 
এহছান ফাজিলি/ শ্ৰীনগৰ

জম্মু-কাশ্মীৰৰ আগন্তুক বিধানসভা নিৰ্বাচনত নিজৰ ৰাজনৈতিক ক্ষমতা সম্প্ৰসাৰণৰ লক্ষ্যৰে নিৰ্দলীয় প্ৰাৰ্থী অৱতীৰ্ণ কৰাইছে কাশ্মীৰত বসবাস কৰা শিখসকলে। ২০০৮ চনত সম্প্ৰদায়টোৰ নেতাসকলে সৰ্বদলীয় শিখ সমন্বয় সমিতি (এপিএছচিচি) নামৰ এক সংগঠন গঢ়ি শিখ প্ৰাৰ্থীৰ বাবে কেইখনমান আসন লাভ কৰাৰ বাবে সংখ্যাগৰিষ্ঠ মুছলমান সম্প্ৰদায়ৰ সমৰ্থন বিচৰাৰ সিদ্ধান্ত লৈছিল।

আৱাজ দ্য ভইচৰ সৈতে এক বাৰ্তালাপত সৰ্বদলীয় শিখ সমন্বয় সমিতিৰ অধ্যক্ষ জগমোহন সিং ৰাইনাই কয় যে কাশ্মীৰ উপত্যকাৰ ১৩৭খন গাওঁ আৰু চহৰত বাস কৰা অতি কমেও এক লাখ শিখ সম্প্ৰদায়ৰ লোকে বিগত সাতটা দশকত সদায় মুছলমান প্ৰাৰ্থীক সমৰ্থন আগবঢ়াই আহিছে।  
 
১৮ ছেপ্টেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া দক্ষিণ কাশ্মীৰৰ ট্ৰাল সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা এ পি এছ চি চি মনোনীত প্ৰথমজন প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে এছ পুষবিন্দৰ সিঙ। মধ্য শালটেং (২৫ ছেপ্টেম্বৰ) আৰু বাৰামুল্লা সমষ্টি (১ অক্টোবৰ)ৰ বাবে এপিএছচিচিয়ে আন শিখ প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে।
 
“আমি সকলো ৰাইজক আমাৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ আহ্বান জনাইছো, যিদৰে আমি তেওঁলোকৰ প্ৰাৰ্থীক সমৰ্থন কৰি আহিছো”, ৰাইনাই কয়। ইয়াৰ দ্বাৰা কাশ্মীৰৰ ধৰ্মীয় সম্প্ৰীতি আৰু সমন্বয়মুখী সংস্কৃতিৰ বিষয়ে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা হৈছে আৰু কাশ্মীৰী জনসাধাৰণৰ বিৰুদ্ধে চলি থকা অপপ্ৰচাৰক নস্যাৎ কৰা হৈছে।” তেওঁ কয়।
 
সৰ্বদলীয় শিখ সমন্বয় সমিতিৰ অন্যান্য নেতাৰ সৈতে জগমোহন সিং ৰাইনা (মৌৱে পাগৰি পৰিধান কৰাজন)
 
তেওঁ কয় যে প্ৰাৰ্থীসকলক এই কথা কোৱা হৈছে যে তেওঁলোকে কেৱল শিখৰ নহয়, তেওঁলোক সকলো ভোটাৰৰ প্ৰতিনিধি হ’ব লাগিব। জগমোহন সিং ৰাইনাই কয় যে নব্বৈৰ দশকৰ আৰম্ভণিতে ইছলামিক বিদ্ৰোহৰ উত্থানৰ লগে লগে কাশ্মীৰী পণ্ডিত (হিন্দু)সকলে পলায়নৰ সন্মুখীন হোৱাৰ সময়তো উপত্যকাৰ অধিকাংশ শিখে বহু সমস্যাৰ সন্মুখীন হৈছিল। এইবোৰ বিগত দুটা দশকৰ ভিতৰত চৰকাৰসমূহক জনোৱা হৈছিল।
 
“এই বিষয়সমূহ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰ্যায়ত আলোচনা কৰা হৈছিল। তথাপিও এইবোৰৰ সমাধান হোৱা নাই আৰু কাশ্মীৰৰ শিখসকলক আওকাণ কৰা হৈছে। কাশ্মীৰী শিখসকল বেছিভাগেই কৃষি আৰু উদ্যান শস্যৰ সৈতে জড়িত আৰু সন্ত্ৰাসবাদীৰ উপদ্ৰৱৰ সময়তো সা-সুবিধাৰ অভাৱৰ বাবে তেওঁলোকৰ বহুতেই গাঁৱৰ পৰা চহৰ আৰু শ্ৰীনগৰ চহৰলৈ প্ৰব্ৰজন কৰিছিল।”-সৰ্বদলীয় শিখ সমন্বয় সমিতিৰ অধ্যক্ষ জগমোহন সিং ৰাইনাই কয়। 
 
ইয়াৰ ফলত কৃষি আৰু উদ্যান শস্যৰ উৎপাদিত সামগ্ৰীৰ পৰা তেওঁলোকৰ আয় হেৰুৱাবলগীয়া হৈছিল। ৰাইনাই কয় যে শিখ সম্প্ৰদায়ে উত্থাপন কৰা শ্লোগানসমূহ ইছলামিক হোৱাৰ বাবে (বিচ্ছিন্নতাবাদী) তেওঁলোকে শোভাযাত্ৰাৰ পৰা আঁতৰি আছিল যদিও শিখ সম্প্ৰদায়ে মুছলমান প্ৰতিবেশীসকলৰ সৈতে আন্তৰিক পৰিৱেশত জীয়াই আছিল।
 
২০০০ চনৰ ২০ মাৰ্চত অনন্তনাগ জিলাৰ চতিছিংপোৰাত ৩৫ জন শিখক হত্যা কৰাৰ তদন্তকে ধৰি এ পি এছ চি চিৰ হাতত এক দীৰ্ঘদিনীয়া দাবীৰ তালিকা আছে। পৰৱৰ্তী সময়ত শিখসকলৰ হত্যাকাণ্ডৰ সৈতে পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ভূমিকা নিশ্চিত হৈছিল। আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰতক লজ্জিত কৰিবলৈ সন্ত্ৰাসবাদীয়ে এই কূটাঘাত সংঘটিত কৰিছিল। 
 
যদিও ঘটনা সন্দৰ্ভত তদন্ত কৰা হৈছে, ৰাইনাই দাবী কৰে যে শিখসকলৰ হত্যাকাণ্ডৰ কোনো তদন্ত কৰা হোৱা নাছিল, বৰঞ্চ এই ভয়ানক কাণ্ডৰ অন্যান্য দিশৰ ওপৰতহে তদন্ত কৰা হৈছিল। “শিখসকলে শতিকাজুৰি কাশ্মীৰত বাস কৰি আহিছে, কিন্তু যোৱা সাত দশকত যি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, সেই ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল”, ৰাইনাই কয়।
 
হিন্দুসকলে উপত্যকাটোৰ পৰা বৃহৎ পৰিমাণে প্ৰব্ৰজন কৰাৰ লগে লগে শিখসকলে ব্যক্তিগত খণ্ডৰ চাকৰি হেৰুৱালে আৰু তেতিয়াও তেওঁলোকে কৃষি, উদ্যান শস্য আৰু পৰিবহণ খণ্ডত জড়িত হৈ ৰাজ্যখনৰ অৰ্থনীতিলৈ অৰিহণা যোগাই থাকিল।
 
ভোটদানৰ বাবে শাৰী পাতিছে কাশ্মীৰৰ এগৰাকী মুছলমান ভোটাৰে (ফাইল ফটো)
 
“আমি কেন্দ্ৰক আহ্বান জনাইছিলো যে মনমোহন সিং চৰকাৰে অপ্ৰব্ৰজিত সংখ্যালঘুসকলৰ বাবে দিয়া ৭০০টা চাকৰিৰ ভিতৰত কাশ্মীৰ উপত্যকাৰ শিখসকলৰ অংশ নিৰ্ধাৰণ কৰক। কিন্তু শিখ সম্প্ৰদায়ৰ বাবে আঁচনিখন (হিন্দু পণ্ডিত, শিখ, খ্ৰীষ্টানৰ বাবে) কাৰ্যকৰী হোৱা নাছিল। শিখসকলে জম্মু-কাশ্মীৰত সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা দাবী কৰিছিল যদিও ইতিমধ্যে এই সম্প্ৰদায়টোক ৰাষ্ট্ৰীয় পৰ্যায়ত সংখ্যালঘু হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ”-ৰাইনাই পুনৰ কয়। 
 
২০১৯ চনৰ আগষ্ট মাহত ৩৭০নং অনুচ্ছেদ বাতিল হোৱাৰ লগে লগে শিক্ষানুষ্ঠানত পাঠদান চলি থকা পাঞ্জাবী ভাষাও বিদ্যালয়ৰ পাঠ্যক্ৰমত অনুমোদিত ভাষাৰ তালিকাৰ পৰা আঁতৰাই পেলোৱা বুলিও তেওঁ আক্ষেপ প্ৰকাশ কৰে।
 
স্বাধীনতাৰ পিছত ৰাজ্যখনৰ বিধায়িনী দলত শিখসকলক নূন্যতম প্ৰতিনিধিত্ব দিয়া হৈছিল যদিও এসময়ত শিখসকলে কাশ্মীৰ উপত্যকাত শাসন কৰিছিল। ১৯৫৭ আৰু ১৯৬২ চনত তেতিয়াৰ ৰাষ্ট্ৰীয় সন্মিলনৰ প্ৰাৰ্থী হৰবন্স সিং আজাদ বাৰামুল্লা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
 
আন এজন শিখ নেতা এছ সুৰিন্দৰ সিঙো ১৯৬৭ চনত (তেতিয়াৰ এন চি) আৰু ১৯৭২ চনত (কংগ্ৰেছ) বাৰামুল্লা জিলাৰ গুলমাৰ্গ সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হৈছিল।