জম্মু-কাশ্মীৰৰ নিৰ্বাচন; সন্ত্ৰাসবাদীৰ গুলীত পিতৃ, খুৰাকক হেৰুওৱা শ্বাগুন পৰিহাৰ সন্ত্ৰাসজৰ্জৰ কিষ্টৱাৰ সমষ্টিত জয়ী

Story by  atv | Posted by  [email protected] • 9 d ago
জয়ৰ পিছত  বিজেপি প্ৰাৰ্থী শ্বাগুন পৰিহাৰ
জয়ৰ পিছত বিজেপি প্ৰাৰ্থী শ্বাগুন পৰিহাৰ
 
শ্ৰীনগৰ

জম্মু-কাশ্মীৰত বিজেপিয়ে প্ৰত্যাশিত ফলাফল লাভ নকৰিলেও উপত্যকাটোৰ কিষ্টৱাৰ আসনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী শ্বাগুন পৰিহাৰে চমকপ্ৰদ জয় সাব্যস্ত কৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পৰিহাৰে নেচনেল কনফাৰেন্সৰ ছাজ্জাদ আহমেদ কিচলুক ৫২১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ বিজেপিৰ শ্বাগুন পৰিহাৰক জম্মু-কাশ্মীৰত বিজেপিৰ সন্ত্ৰাসবাদ নিৰ্মূলৰ সংকল্পৰ জীৱন্ত নিদৰ্শন বুলি অভিহিত কৰিছিল। আজি ঘোষণা কৰা ফলাফলত ২৯,০৫৩টা ভোট লাভ কৰি পৰিহাৰে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা নেচনেল কনফাৰেন্সৰ দুবাৰৰ বিধায়ক ছাজ্জাদ আহমদ কিচলুক ৫২১টা ভোটত হৰুৱায়। ছাজ্জাদ আহমদে ২৮,৫৩২টা ভোট লাভ কৰিবলৈ সক্ষম হয়।
 
বিজেপিয়ে শ্বাগুন পৰিহাৰক তেওঁলোকৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ সিদ্ধান্ত জিলাখনৰ বৈচিত্ৰময় ধৰ্মীয় জনগাঁথনিৰ পৰা সমৰ্থন লাভৰ এক কৌশলগত পদক্ষেপ আছিল। দলটোৰ লক্ষ্য আছিল যথেষ্ট পৰিমাণৰ মুছলমান জনসংখ্যা আৰু কিছুসংখ্যক হিন্দু সম্প্ৰদায় থকা সন্ত্ৰাসজৰ্জৰ সমষ্টিটোত উভয় সম্প্ৰদায়ৰ মাজত সংযোগ স্থাপন কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰা। এই ক্ষেত্ৰত যেন দলটো আজি সফল হৈছে। 
পৰিহাৰৰ বাছনিক দুয়োটা ধৰ্মীয় গোটৰ মাজৰ ব্যৱধান দূৰ কৰাৰ লগতে প্ৰতিকূলতাৰ সন্মুখত একতাৰ ভাৱ গঢ়ি তোলাৰ এক প্ৰয়াস হিচাপে গণ্য কৰা হৈছিল। জিলাখনক ফলপ্ৰসূভাৱে সেৱা আগবঢ়াবলৈ আৰু অধিক সুস্থ ভৱিষ্যতৰ দিশত কাম কৰিবলৈ বিজেপিয়ে ধৰ্মীয় বিশ্বাস নিৰ্বিশেষে সকলো সমষ্টিবাসীৰ উদ্বেগক সম্বোধন কৰাত গুৰুত্ব দিছে।
 
প্ৰথমবাৰৰ বাবে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা ২৯ বছৰীয়া শ্বাগুনে নিৰ্বাচনী প্ৰচাৰত কৈছিল যে তেওঁ সন্ত্ৰাসৰ পৰিৱৰ্তে জনসাধাৰণৰ বাবে শান্তি, নিৰাপত্তা আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বৈদ্যুতিক শক্তি ব্যৱস্থাত এমটেক ডিগ্ৰীধাৰী শ্বাগুনে বৰ্তমান ডক্টৰেট ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি আছে আৰু জম্মু-কাশ্মীৰ পাব্লিক চাৰ্ভিচ কমিছনৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।
 
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ ঠিক পূৰ্বে ২০১৮ চনৰ ১ নৱেম্বৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল পৰিহাৰৰ পিতৃ অজিত পৰিহাৰ আৰু বিজেপিৰ জ্যেষ্ঠ নেতা অনিল পৰিহাৰক। নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে শ্বাগুনে দৃঢ়তাৰে কৈছিল যে তেওঁ নিজৰ পৰিয়ালৰ বাবে ভোট বিচৰা নাই, বৰং জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিজৰ আত্মীয়-স্বজনক হেৰুওৱা প্ৰতিটো পৰিয়ালৰ বাবেহে তেওঁ ভোট বিচাৰিছে। 
ঐতিহাসিকভাৱে কিষ্টৱাৰ নেচনেল কনফাৰেন্সৰ দুৰ্গ হৈ আহিছে যদিও ২০১৪ চনত বিজেপিয়ে প্ৰথমবাৰৰ বাবে আসনখন দখল কৰাৰ লগে লগে ৰাজনৈতিক পৰিৱেশৰ পৰিৱৰ্তন ঘটিছিল। সেইবাৰ বিজেপিৰ প্ৰাৰ্থী সুনীল শৰ্মা বিজয়ী হৈ ওলাই আহিছিল। 
 
ইফালে, জম্মু-কাশ্মীৰৰ নিৰ্বাচনী ফলাফল অনুসৰি, এন চি-কংগ্ৰেছৰ মিত্ৰতাই বৰ্তমানলৈ ৪৮খন আসনত আগবাঢ়ি আছে আৰু চৰকাৰ গঠন কৰাটো নিশ্চিত কৰিছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰিসংখ্যাই ইংগিত দিয়ে যে এন চি ৪০খন আৰু কংগ্ৰেছে ৮খন আসনত অগ্ৰগতি লৈছে। ২৩খন আসনত বিজেপি আগবাঢ়ি থকাৰ বিপৰীতে পিডিপিয়ে তিনিখন আসনত আৰু আন আন দলে ৯খন আসনত আগবাঢ়ি আছে।