'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানে অসমৰ গৌৰৱ বৃদ্ধি কৰাৰ লগতে ভাৰতৰ চহকী বৈচিত্ৰতাকো প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 6 d ago
'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী, কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; গুৱাহাটীত সোমবাৰে
'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী, কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; গুৱাহাটীত সোমবাৰে
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া অসম ভ্ৰমণসূচী লৈ আজি গুৱাহাটীত উপস্থিত হয় আৰু সন্ধিয়া সৰুসজাই এথলেটিক ষ্টেডিয়ামত অসম চৰকাৰে আয়োজন কৰা ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অসম চাহ উদ্যোগৰ ২০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অসমৰ বিভিন্ন চাহ বাগিচা অঞ্চলৰ ৮৬০০গৰাকী শিল্পীৰ ব্যাপক অংশগ্ৰহণেৰে পৰম্পৰাগত ঝুমুৰ নৃত্য প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ ৰচনা কৰা হয়।
 
অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইধৰণৰ ভব্য আয়োজনে বিশ্বত অসমৰ গৌৰৱ বৃদ্ধি কৰাৰ লগতে ভাৰতৰ চহকী বৈচিত্ৰতাকো প্ৰতিফলিত কৰিছে। অসমৰ চাহ উদ্যোগ আৰু ইয়াৰ শ্ৰমিকসকলৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে, "চাহৰ গোন্ধ আৰু গুণগত মান চায়ৱালাতকৈ কোনে আৰু ভালকৈ বুজিব?" তেওঁ চাহ বাগিচাৰ শ্ৰমিকসকলৰ অৱদানক স্বীকাৰ কৰি তেওঁলোকৰ কল্যাণৰ প্ৰতি এনডিএ চৰকাৰৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে।
 
অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়ন আৰু কল্যাণ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় হৈ আছে বুলি উল্লেখ কৰে। তেওঁ অসম চাহ নিগমৰ শ্ৰমিকসকলৰ বাবে বোনাছ ঘোষণা কৰাৰ লগতে তেওঁলোকৰ আৰ্থিক সুস্থতাৰ উন্নতিৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 
 
প্ৰধানমন্ত্ৰীৰ সন্মুখত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছে অসমৰ চাহ জনগোষ্ঠীৰ শিল্পীসকলে
 
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ লগতে ৬০ খন দেশৰ ৰাষ্ট্ৰদূত, দেশৰ উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, উদ্যোগপতিয়ে সোমবাৰে সন্ধিয়া অনুষ্ঠিত 'ঝুমইৰ বিনন্দিনী' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হৈ ৰয়।
 
তেওঁ কয়, "অসমীয়া ভাষাই অলপতে ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰিছে, চৰাইদেউ মৈদামে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত হৈছে। অসমৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীক সমগ্ৰ দেশত ব্যাপক ৰূপত পালন কৰা হৈছে। সমগ্ৰ দেশবাসীয়ে অসমৰ বীৰ পুৰুষজনক শ্ৰদ্ধা জনাইছে। এইবোৰ কামত এনডিএ চৰকাৰে অসমক সদায় সহযোগ আগবঢ়াই আহিছে। একেদৰে, আদিবাসী সমাজৰ ঐতিহ্যক উদযাপন কৰিবলৈ আমি জনজাতীয় গৌৰৱ দিৱস পালন কৰিবলৈ আৰম্ভ কৰিছো, আদিবাসী মিউজিয়াম মুকলি কৰিছো। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ো আদিবাসী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে।"
প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে বিজেপি চৰকাৰে অসমৰ বিকাশো কৰি আছে, লগতে ইয়াৰ চাহ জনগোষ্ঠীৰ সেৱাও কৰি আছে। চাহ কৰ্মীসকলৰ আয় বৃদ্ধি কৰিবলৈ বোনাছো ঘোষণা কৰিছে। বিশেষকৈ গৰ্ভাৱস্থাৰ সময়ত বাগিচাত মহিলা শ্ৰমিকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰে। 
 
তেওঁ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। চাহ বাগিচাত নিয়োজিত প্ৰায় ১৫ লাখ গৰ্ভৱতী মহিলাৰ বাবে ১৫,০০০ টকা, এই জটিল সময়ছোৱাত তেওঁলোকে আৰ্থিক অসুবিধাৰ সন্মুখীন নহ’ব বুলি নিশ্চিত কৰা।চাহ জনগোষ্ঠীৰ মহিলাসকলৰ স্বাস্থ্যসেৱা উন্নত কৰিবলৈ তেওঁলোকক গৰ্ভাৱস্থাত বিশেষ সুবিধা আগবঢ়াইছে। তেওঁলোকৰ শিশুসকলৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ১০০ৰো অধিক মডেল টি গাৰ্ডেন ইতিমধ্যে মুকলি কৰা হৈছে আৰু ১০০খন বিদ্যালয় মুকলি কৰা হ'ব। যুৱক-যুৱতীসকলক স্বনিয়োজনৰ বাবে চৰকাৰে ২৫ হাজাৰ টকাৰ সাহাৰ্য্য আগবঢ়াইছে। 
বিশেষকৈ গৰ্ভাৱস্থাৰ সময়ত বাগিচাত মহিলা শ্ৰমিকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰে। চাহ বাগিচাত নিয়োজিত প্ৰায় ১৫ লাখ গৰ্ভৱতী মহিলাক চৰকাৰে ১৫,০০০ টকা আগবঢ়াইছে বুলি তেওঁ উল্লেখ কৰে। গৰ্ভাৱস্থাৰ জটিল সময়ছোৱাত তেওঁলোকে আৰ্থিক অসুবিধাৰ সন্মুখীন নহ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে।
 
উল্লেখযোগ্য যে, ১৬ মিনিট ৩২ ছেকেণ্ডৰ 'ঝুমুৰই বিনন্দিনী' অনুষ্ঠানত অসমৰ ২৭খন জিলাৰ ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰে। ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে আছে ২,০৭৪গৰাকী। 
 
ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে এডভান্টেজ অসম ব্যৱসায়িক সন্মিলন (Advantage Assam business summit)ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণে উদ্যোগপতিসকললৈ এই বাৰ্তা প্ৰেৰণ কৰিছে যে অসম এতিয়া এখন শান্তিপূৰ্ণ ৰাজ্য। এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিটৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ পিছত শৰ্মাই কয় যে ৰাজ্যখনৰ অপৰিসীম সম্ভাৱনা আছে যদিও আইন-শৃংখলাৰ পৰিস্থিতিয়ে বিগত তিনি-চাৰি দশকত ৰাজ্যখনক যথেষ্ট পিছুৱাই ৰাখিছিল।
"স্বাধীনতাৰ আৰম্ভণিতে অসমৰ জিডিপি ৰাষ্ট্ৰীয় গড়তকৈ বেছি আছিল যদিও তাৰ পিছৰ কেইবাটাও ঐতিহাসিক পৰিঘটনাই ৰাজ্যখনৰ উন্নয়নক পিছুৱাই লৈ গৈছিল। কিন্তু এতিয়া এটা ডাঙৰ পৰিৱৰ্তন আৰু নতুন যাত্ৰা আৰম্ভ কৰাৰ সময় সমাগত। মই ভাবো আমি সঠিক পথত আগবাঢ়িছো।"-মুখ্যমন্ত্ৰী শৰ্মাই কয়। 
 
ভাৰতীয় উদ্যোগ জগতৰ আগশাৰীৰ নেতা আৰু বিদেশী বিনিয়োগকাৰীসকল গুৱাহাটীলৈ আহিব আৰু ই অসমৰ জনসাধাৰণৰ বাবে এক ‘ঐতিহাসিক আৰু এক বিশাল মুহূৰ্ত’ হ’ব বুলিও তেওঁ কয়। "গুজৰাট আৰু তামিলনাডুৰ দৰে আমি ডাঙৰ ৰাজ্য নহয় যদিও নিজৰ ঐতিহাসিক উত্তৰাধিকাৰ আৰু অৰ্থনীতিৰ সহায়ত আমি সন্মিলনৰ সময়ত উল্লেখযোগ্য বিনিয়োগ আকৰ্ষণ কৰিবলৈ সক্ষম হ'ম বুলি মই আশাবাদী।"-মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখ্য যে, মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট উদ্বোধন কৰে।