ৱাকফ বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিয়ে লাভ কৰিছে ৮ লাখ আবেদন

Story by  atv | Posted by  [email protected] • 10 d ago
 ডি এম কেৰ সাংসদ এ ৰাজা (ফাইল ফটো)
ডি এম কেৰ সাংসদ এ ৰাজা (ফাইল ফটো)
 
নতুন দিল্লী

ৱাকফ (সংশোধনী) বিধেয়ক নিৰীক্ষণ কৰি থকা সংসদৰ যুটীয়া সমিতিয়ে এতিয়ালৈকে বিভিন্ন প্ৰতিষ্ঠান আৰু জনসাধাৰণৰ পৰা ৮ লাখ আবেদন লাভ কৰিছে। এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে পেনেলৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয় আৰু ইয়াত নগৰ পৰিক্ৰমা, পথ পৰিবহণ, আৰু ৰে’লৱে মন্ত্ৰালয়ে এই আইনখনৰ প্ৰভাৱৰ ওপৰত উপস্থাপন (presentations) দাঙি ধৰে।
 
নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে এই সংশোধনীক সমৰ্থন কৰি কয় যে ইয়াৰ ফলত মামলা হ্ৰাস পাব। তেওঁলোকে যুক্তি দিয়ে যে ব্ৰিটিছ চৰকাৰে নতুন ৰাজধানীৰ বাবে ৩৪১ বৰ্গ কিলোমিটাৰ মাটি অধিগ্ৰহণ কৰাৰ সময়ত ক্ষতিপূৰণ দিছিল। কিন্তু ১৯৭০ চনৰ পৰা ১৯৭৭ চনৰ ভিতৰত ৱাকফ ব’ৰ্ডে নতুন দিল্লী অঞ্চলৰ ১৩৮টা সম্পত্তিৰ ওপৰত দাবী উত্থাপন কৰিছিল, যাৰ ফলত দীৰ্ঘদিনীয়া আইনী যুদ্ধৰ সৃষ্টি হৈছিল।
সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (এআইএমআইএম)ৰ সাংসদ আছাদুদ্দিন ওৱেছিয়ে  ইয়াৰ বিৰুদ্ধে যুক্তি দাঙি ধৰি কয়, “মন্ত্ৰালয়ে বুজিবলৈ অনিচ্ছুক বা অক্ষম যে এক অনিৰ্দিষ্ট সম্পত্তি (random property)ক ৱাকফ হিচাপে অৱগত কৰিব নোৱাৰি। সেই অনিৰ্দিষ্ট সম্পত্তি ৱাকফ বুলি প্ৰমাণ কৰিব পৰাকৈ উপযুক্ত আৰু ব্যাপক প্ৰমাণ থাকিব লাগিব। যদি কোনো সম্পত্তিক ৱাকফ বুলি ভুলকৈ অৱগত কৰা হয়, তেন্তে অন্যায় কৰা পক্ষই ইয়াক প্ৰত্যাহ্বান জনোৱাৰ সকলো সুযোগ পায়। অৱশ্যে মন্ত্ৰালয়ে এই কথা বুজাবলৈ চেষ্টা কৰিছে যে কোনো প্ৰশ্ন সোধা নহ’ব, যদি কোনো সম্পত্তি চৰকাৰী সম্পত্তি বুলি দাবী কৰা হয়, তেন্তে সকলো দাবী বন্ধ হ’ব লাগিব।"
 
সূত্ৰ অনুসৰি সদস্যসকলে মন্ত্ৰালয়ৰ দাখিল কৰা তথ্যসমূহো অপৰ্যাপ্ত বুলি বিবেচনা কৰি ইয়াক লৈ বহুতো প্ৰশ্ন উত্থাপন কৰে। ডি এম কেৰ সাংসদ এ ৰাজাই আঙুলিয়াই দিয়ে যে ১৯১৩ চনত ৱাকফ আইন গৃহীত হৈছিল, যাৰ কোনো উল্লেখ মন্ত্ৰালয়ে দিয়া উপস্থাপনত পোৱা নাযায়। সপ্তদশ শতিকাৰ পৰা চলি অহা মছজিদৰ দৰে সম্পত্তিৰ ওপৰত চৰকাৰে কেনেকৈ মালিকীস্বত্ব দাবী কৰিব পাৰে সেই বিষয়েও বিৰোধী সদস্যসকলে জানিবলৈ দাবী জনায়।
এই বিষয়ত বিজেপিৰ সাংসদসকলেও ওলোটাই প্রশ্ন উত্থাপন কৰে৷ বিজেপিৰ সাংসদ মেধাবিশ্ৰম কুলকাৰ্ণীয়ে সমগ্ৰ দেশৰ সকলো মাজাৰ (সমাধি)ৰ তালিকা আৰু উৎপত্তিৰ সবিশেষ বিচাৰে। তেওঁ বিশেষভাৱে বিচাৰিছিল খ্ৰীষ্টীয় সপ্তম শতিকাৰ আগতেই সৃষ্টি হোৱা মাজাৰৰ তালিকা এখন, যেতিয়া ঐতিহাসিক বিৱৰণী অনুসৰি ইছলাম ভাৰতলৈ আহিছিল।
 
মন্ত্ৰালয়ে লগতে জনাইছে যে প্ৰায় ৯ লাখ একৰ মাটি ৱাকফৰ পৰিসৰৰ অধীনলৈ আহে। কিন্তু এই পৰিসংখ্যাক প্ৰত্যুত্তৰ দি বিৰোধী সদস্যসকলে দাবী কৰে যে মন্ত্ৰালয়ে বিতংভাৱে ব্ৰেক-আপ দিব লাগে। “এই তথাকথিত ৯ লাখ একৰ মাটিৰ ভিতৰত ৭ লাখ একৰতকৈ অধিক মাটি কবৰস্থানৰ বাবে আৰু আন এক লাখমান মাটি মছজিদৰ বাবে ব্যৱহাৰ কৰিব লাগিব। ভূমি ব্যৱহাৰৰ প্ৰকৃত ছবিখন ইয়াৰ সবিশেষতহে স্পষ্ট হ’ব।"-বৈঠকত এজন সদস্যই এইদৰে কয়।