কৰ্ণাটকৰ এখন শিক্ষানুষ্ঠানত অমুছলমান ছাত্ৰ-ছাত্ৰীয়ে মুছলমান বন্ধু-বান্ধৱীৰ বাবে আয়োজন কৰিলে ইফতাৰ

Story by  atv | Posted by  [email protected] • 8 d ago
শ্বাহীন গ্ৰুপ অৱ ইনষ্টিটিউচনত ইফতাৰ কৰাৰ সময়ত একাংশ মুছলমান ছাত্ৰী
শ্বাহীন গ্ৰুপ অৱ ইনষ্টিটিউচনত ইফতাৰ কৰাৰ সময়ত একাংশ মুছলমান ছাত্ৰী
 
তাৰিক আনোৱাৰ / নতুন দিল্লী

উত্তৰ প্ৰদেশৰ কাছগঞ্জত ডাঙৰ-দীঘল হোৱা অঞ্জলীৰ জীৱনত কোনো মুছলমান বন্ধু-বান্ধৱী নাছিল। মুছলমানৰ প্ৰতি তেওঁৰ কোনো শত্ৰুতা বা বেয়া ভাৱ নাছিল, বৰঞ্চ তেওঁলোকৰ সৈতে বিচ্ছেদৰ এক অকথিত নিয়মে অদৃশ্যভাৱে অঞ্জলীৰ অৱচেতন মনত থিতাপি লৈছিল। কিন্তু যেতিয়া তেওঁ কৰ্ণাটকৰ বিদাৰলৈ যায় আৰু তাত তেওঁ শ্বাহীন গ্ৰুপ অৱ ইনষ্টিটিউচনত NEETৰ প্ৰস্তুতিমূলক ক্লাছত যোগদান কৰে, তেতিয়া তেওঁৰ চিন্তাধাৰা সলনি হয়। 
 
কাৰণ, এই প্ৰতিষ্ঠানৰ চৌহদটো আছিল বিভিন্ন জাতি-ধৰ্মৰ লোকৰ মিলনমভূমি। এনে এক পৰিৱেশত প্ৰথমতে অঞ্জলীয়ে কিছু অস্বস্তিৰ  সন্মুখীন হৈছিল; কিন্তু ইয়াৰ বাসিন্দাসকলৰ আন্তৰিকতা, মৰম-চেনেহে তেওঁৰ বাবে পৰিৱেশটো সহজ আৰু আৰামদায়ক কৰি তুলে।
 
ইছলামধৰ্মীসকলৰ পবিত্ৰ ৰমজান মাহৰ সময়ত তেওঁৰ চিন্তাই এক নতুন ৰূপ লাভ কৰে। প্ৰতিদিনে সন্ধিয়া সূৰ্যাস্তৰ লগে লগে প্ৰতিষ্ঠানখনৰ আকাশ-বতাহ প্ৰত্যাশাৰ ভাব এটাৰে ভৰি পৰিছিল। "মই লক্ষ্য কৰিছিলো যে মুছলমান আৰু অমুছলমান উভয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইফতাৰৰ প্ৰস্তুতি চলাইছিল। ফলেৰে ভৰা প্লেট, খৰখৰীয়া পকোৰা আৰু ৰুহ আফজা শ্বৰবটৰ গিলাচ সকলোৰে বাবে মৰমেৰে ৰখা হৈছিল। মোৰ বাবে আটাইতকৈ আচৰিত কথাটো আছিল মোৰ অমুছলমান সহপাঠীসকল কেৱল দৰ্শক নাছিল, তেওঁলোকে সক্ৰিয়ভাৱে ইফতাৰত অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ ৰোজাদাৰী বন্ধুসকলক খাদ্য আৰু পানীয় পৰিবেশন কৰিছিল,” অঞ্জলীয়ে আৱাজ-দ্য ভইচক এইদৰে কয়।
 
ইফতাৰৰ সময়ত একেলগে খাদ্য গ্ৰহণ কৰিছে হিন্দু-মুছলিম শিক্ষাৰ্থীসকলে
 
এদিন সন্ধিয়া এগৰাকী সহপাঠীয়ে তেওঁক কয়, “আহা অঞ্জলী, আমাক সহায় কৰি দিয়া।” তেওঁ তেতিয়া দ্বিধাবোধ কৰিছিল আৰু ভাবিছিল যে এয়া তেওঁৰ বাবে উপযুক্ত স্থান হয় জানো? সেই সময়তে বন্ধু-বান্ধৱীসকলৰ মুকলিমূৰীয়া হাঁহি আৰু আগ্ৰহে তেওঁৰ অন্তৰখন কোমল কৰি তোলে। তাৰ পিছত খেজুৰৰ প্লেট এখন হাতত তুলি লৈ অঞ্জলী চাৰ্ভিং টেবুলৰ ওচৰ পালেগৈ। তেতিয়া এগৰাকী মুছলমান ছোৱালীয়ে অঞ্জলীলৈ চাই হাঁহি এটা মাৰি কয়, "ধন্যবাদ।"
 
"কৃতজ্ঞতাৰ সেই মুহূৰ্তটোৱে মোৰ অন্তৰত গভীৰভাৱে চাঁপ পেলায়। সেইদিনা সন্ধিয়া মোৰ সহপাঠীসকলৰ ইফতাৰ শেষ হোৱালৈকে মই অপেক্ষা কৰিলো। মই এটা গভীৰ কথা উপলব্ধি কৰিছিলোঁ যে এইটো কেৱল খোৱাৰ কথা নহয়। ই আছিল দয়া, বুজাবুজি আৰু আমাৰ জন্মৰ বহু আগতেই গঢ় লৈ উঠা বাধাবোৰ ভাঙি পেলোৱাৰ এক পৰম্পৰা।” অঞ্জলীয়ে কয়।
 
দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে অঞ্জলীয়ে ইফতাৰৰ বাবে আগ্ৰহেৰে বাট চাই থাকে। তেওঁ আৰু দূৰৈত থিয় হৈ নাথাকে, বৰং ইফতাৰ আয়োজনৰ অংশ হৈ পৰে। এসময়ৰ অচিনাকি অনুষ্ঠানবোৰ এতিয়া তেওঁৰ বাবে এক ব্যক্তিগত অনুষ্ঠান যেন অনুভৱ হয়, আৰু অচিনাকি মানুহবোৰ বন্ধু হৈ পৰিছে। তেওঁ উচ্চস্বৰে কয়, “এই কামটো কৰি আমি শান্তি পাওঁ।”
 
জীৱনত প্ৰথমবাৰৰ বাবে অঞ্জলীয়ে ধৰ্মৰ বাধাৰ বাহিৰত ঐক্যৰ অভিজ্ঞতা লাভ কৰিছিল। এইদৰে এসময়ত অতিক্ৰম কৰিব নোৱাৰা যেন লগা দেৱালবোৰ সৰল মানৱীয় সংযোগৰ সন্মুখত ছিন্নভিন্ন হৈ পৰিল। “ৰোজাদাৰী বন্ধু এজনক পানী পৰিবেশন কৰাৰ লগে লগে মই বুজিলোঁ যে সমন্বয় মানে পাৰ্থক্য মচি পেলোৱা নহয়, বৰঞ্চ মুকলি হৃদয়েৰে আকোৱালি লোৱাহে,” তেওঁ কয়।
 
শিক্ষা প্ৰতিষ্ঠানখনত অনুষ্ঠিত ইফতাৰ সমাৱেশ
 
‘ইফতাৰৰ খাদ্য সাজু হ’লেই মেছ ষ্টাফে আমাৰ হাতত গতাই দিয়ে। আমাৰ মুছলমান বন্ধুৰ সৈতে মিলি আমি পেকেটবোৰ প্ৰস্তুত কৰি লওঁ। কেৱল মইয়েই ইয়াত অংশগ্ৰহণ কৰা নহয়, হিন্দু আৰু মুছলমান ছোৱালীবোৰে এনেদৰে হাতে হাত মিলাই ফল-মূল কাটিছে, ইফটাৰৰ পেকেট প্ৰস্তুত কৰিছে আৰু আমাৰ ৰোজাদাৰ মুছলমান সতীৰ্থসকলে খাবলৈ বহাৰ আগতে সকলো সাজু কৰা হয়। ই এক উদযাপনৰ দৰে অনুভৱ হয়, একতাৰ মুহূৰ্তবোৰে আমাৰ হৃদয়ক শান্ত কৰে আৰু ইজনে সিজনক ভালদৰে চিনি পোৱাৰ সুযোগ দিয়ে, ভুল ধাৰণা ভাঙি প্ৰকৃত বুজাবুজিৰ পোষকতা কৰে।’-ছাত্ৰীগৰাকীয়ে কয়।
 
অঞ্জলীয়ে স্বীকাৰ কৰে যে ৰমজানৰ বিষয়ে আগতে তেওঁৰ কোনো ধাৰণা নাছিল। ইয়াৰ বিষয়ে আৰু ইয়াৰ তাৎপৰ্য্যৰ বিষয়ে তেওঁ ইয়াতহে জানিব পাৰিছে। তেওঁ নিৰামিষভোজী, কিন্তু তেওঁ কেতিয়াও মুছলমান প্ৰধান পৰিৱেশ এটাত বাস কৰি আছে বুলি অনুভৱ নকৰে। ‘ইয়াত মেছত নিৰামিষভোজীসকলৰ বাবে সুকীয়াকৈ ৰন্ধা-বঢ়াৰ ব্যৱস্থা আছে। আনকি আমাৰ বাবে বাচন-বৰ্তনবোৰো সুকীয়াকৈ ৰখা হয়।’-অঞ্জলীয়ে কয়।
 
কৰ্ণাটকৰ বিদাৰৰ বিশ্বা নামৰ ছাত্ৰীগৰাকীয়ে কয়, ‘আমি কেৱল সহপাঠী নহয়, আমি ইজনে সিজনৰ পৰম্পৰাক উদযাপন কৰা এক পৰিয়াল। একেলগে থকাৰ আনন্দই ধৰ্মীয় বিশ্বাসক অতিক্ৰম কৰে। সঁচাকৈয়ে মোৰ মুছলমান বন্ধুসকলক ইফতাৰৰ বাবে সহায় কৰি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছো। সমন্বয় হ’ল মত-পাৰ্থক্য উদযাপন কৰা, ইজনে সিজনৰ পৰা শিকিব পৰা আৰু একেলগে থকাত শক্তি বিচাৰি উলিওৱা।’
 
আন এগৰাকী ছাত্ৰী বৈষ্ণৱীয়ে কয়, “এই ধৰণৰ মুহূৰ্তত আমি উপলব্ধি কৰোঁ যে ধৰ্মীয় বিশ্বাসে বিভাজন নহয়, সমন্বয়ৰ সেঁতুহে গঢ়ে। ইফতাৰে মোক দেখুৱাইছে যে প্ৰেম আৰু সন্মানে ধৰ্মক অতিক্ৰম কৰে। আমি সকলোৱে একে কাপোৰৰ সূতা। ইফতাৰৰ প্ৰস্তুতিত অংশগ্ৰহণ কৰাটো কেৱল খাদ্যৰ কথা নহয়, ই একেলগে থিয় হৈ ইজনে সিজনৰ পৰা শিকিব পৰা আৰু সকলোৱে ঘৰত থকাৰ দৰে অনুভৱ কৰা এখন পৃথিৱী সৃষ্টি কৰা। ভাগ-বতৰা কৰাৰ মনোভাৱে আমাক বস্তুগত বস্তুৰ বাহিৰেও অধিক সমৃদ্ধ কৰি তোলে।”
 
প্ৰতিষ্ঠানখনৰ প্ৰতিষ্ঠাপকগৰাকীয়ে শিক্ষাৰ্থীসকলক সম্বোধন কৰিছে
 
অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰৰ শিক্ষাৰ্থী মহম্মদ ছাদে কয়, "আমাৰ অমুছলমান বন্ধুসকলে আমাৰ লগত ইফতাৰত যোগদান কৰে। তেওঁলোকে আমাৰ লগত স্বেচ্ছাসেৱী হৈ খাদ্য সামগ্ৰী প্ৰস্তুত কৰে। আমি একেলগে খাওঁ, একেলগে হাঁহো আৰু ইজনে সিজনৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰোঁ।”
 
ইফালে, গাৰ্লছ ছেকচনৰ প্ৰশাসক জয়া পাঠকে কয় যে কেম্পাছত থকা ৯০০ গৰাকী ছাত্ৰীৰ ভিতৰত ৩০০ গৰাকী মুছলমান আৰু তেওঁলোক সকলোৱে একতা আৰু সমন্বয়েৰে সহাৱস্থান কৰে। "ইয়াত ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ পৃথকীকৰণ নাই, সকলোৰে ধৰ্মীয় বিশ্বাসক কঠোৰভাৱে সন্মান কৰা হয়। ইয়াত প্ৰতিটো ধৰ্মৰ উৎসৱ একেলগে পালন কৰা হয়। ইয়াৰ ইফতাৰ সমাৱেশ কেৱল এটা অনুষ্ঠান নহয়, ই এক ৰূপান্তৰৰ মুহূৰ্ত। বাধাবোৰ নোহোৱা হৈছে, বন্ধুত্ব শক্তিশালী হৈছে আৰু সমন্বয়ৰ সংস্কৃতি উদ্ভাসিত হৈ উঠিছে।"-জয়া পাঠকে কয়।