কৰ্ণাটক ৱাকফ ব’ৰ্ডে সকলো জিলাতে মহিলা মহাবিদ্যালয় স্থাপন কৰিব

Story by  atv | Posted by  [email protected] • 10 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ দ্য ভইচ ব্যুৰ'

কেন্দ্ৰীয় চৰকাৰে ৱাকফ সংশোধনী বিধেয়ক সদনৰ মজিয়াত উত্থাপন কৰাক কেন্দ্ৰ কৰি দেশৰ মুছলমান সমাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে কৰ্ণাটক ৱাকফ ব’ৰ্ডে ৰাজ্যখনৰ বিভিন্ন জিলাত মহিলা মহাবিদ্যালয় স্থাপনৰ এক বৃহৎ সিদ্ধান্ত ঘোষণা কৰিছে। বিদ্যালয়-মহাবিদ্যালয়ত হিজাব পৰিধানত নিষেধাজ্ঞাৰ বাবে বহুতে শিক্ষা বাদ দিবলগীয়া হোৱাৰ পিছত মুছলমান ছোৱালীসকলক শিক্ষা ব্যৱস্থালৈ পুনৰ উভতাই অনাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
৫ অক্টোবৰ শনিবাৰে হজ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি কৰ্ণাটকৰ সংখ্যালঘু কল্যাণ আৰু ৱাকফ মন্ত্ৰী বি জেড জমিৰ আহমেদ খানে কয় যে বিশেষকৈ হিজাব বিতৰ্কৰ পিছত শেহতীয়াকৈ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মুছলমান ছোৱালীসকলে বাধাৰ সন্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এনে প্ৰতিষ্ঠান স্থাপন কৰাটো অত্যন্ত প্ৰয়োজনীয় আছিল।
 
‘হিজাব বিতৰ্কৰ পিছত কলেজীয়া শিক্ষাৰ পৰা বহুতো মুছলমান ছোৱালী আঁতৰি আছে। সেয়েহে, তেওঁলোকক ঘূৰাই অনাৰ বাবে ৱাকফ ব’ৰ্ডে মহিলা মহাবিদ্যালয় স্থাপন কৰিব। সংখ্যালঘু কল্যাণ বিভাগে এই মহাবিদ্যালয়সমূহ চলাব।’-মন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে ডেকান হেৰাল্ডে এইদৰে প্ৰকাশ কৰিছে।
 
এই পদক্ষেপৰ ভিতৰত আছে সকলো জিলাতে প্ৰাক-স্নাতক মহাবিদ্যালয় স্থাপন। প্রস্তাৱিত প্রথম ১৫খন জিলাৰ ভিতৰত অন্যতম জিলা কেইখন হ’ল বেংগালুৰু, মহীশূৰ, বগালকোটে, চিত্ৰদুর্গা আদি। মন্ত্ৰীগৰাকীয়ে প্ৰতীকীভাৱে এনে ১৫খন কলেজৰ আধাৰশিলা স্থাপন কৰিছে।
 
কৰ্ণাটক চৰকাৰে এই প্ৰকল্পৰ বাবে ৪৭.৭৬ কোটি টকা আবণ্টন দিয়া বুলি জানিব পৰা গৈছে। এই প্ৰকল্পৰ প্ৰাৰম্ভিক লক্ষ্য হৈছে ১৫খন জিলাত ৱাকফৰ সম্পত্তিত কলেজ স্থাপন কৰা।
 
উল্লেখ্য যে, যোৱা বছৰ কৰ্ণাটকত কেইবাগৰাকীও মুছলমান ছাত্ৰীক হিজাব পিন্ধাৰ বাবে শ্ৰেণীত অংশগ্ৰহণ কৰাত বাধা দিয়াৰ পিছতে হিজাব বিতৰ্কৰ সূচনা হৈছিল। বিদ্যালয় প্ৰশাসকে তেওঁলোকক স্কুলৰ ইউনিফৰ্ম পিন্ধি আহিবলৈ আহ্বান জনাইছিল। ধৰ্মীয় স্বাধীনতাৰ কথা উল্লেখ কৰি মুছলমান ছাত্ৰ-ছাত্ৰীসকলে হিজাব পৰিত্যাগ কৰিবলৈ সাজু নোহোৱাত হিন্দু ছাত্ৰ-ছাত্ৰীসকলে বিৰোধিতা কৰি কেশৰ চাদৰ পিন্ধাৰ অধিকাৰৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰে।
 
পৰিস্থিতি তীব্ৰতৰ হৈ পৰাত কৰ্ণাটক চৰকাৰে শিক্ষানুষ্ঠানত ধৰ্মীয় সাজ-পোছাক নিষিদ্ধ কৰি নিৰ্দেশ জাৰি কৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই নিষেধাজ্ঞাক সমৰ্থন কৰি কয় যে হিজাব পিন্ধাটো ইছলাম ধৰ্মত অপৰিহাৰ্য প্ৰথা নহয় আৰু ছাত্ৰীসকলে নিজৰ স্কুলৰ ইউনিফৰ্ম পিন্ধি শিক্ষা প্ৰতিষ্ঠানলৈ অহা উচিত। ইয়াৰ পিছতে বহুতো মুছলমান সম্প্ৰদায়ৰ ছাত্ৰীয়ে শিক্ষা বাদ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়।
 
পৰৱৰ্তী সময়ত গম পোৱা গৈছিল যে হিজাব নিষেধাজ্ঞা আৰু ইয়াৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ বাবে কমেও ১০০০ গৰাকী মুছলমান ছোৱালীয়ে কলেজৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল। তেওঁলোকৰ বেছিভাগেই অপমান আৰু হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি জনাইছিল, যাৰ ফলত উচ্চ শিক্ষানুষ্ঠানত তেওঁলোকৰ প্ৰতিনিধিত্ব উদ্বেগজনকভাৱে হ্ৰাস পাইছিল।