শ্ৰীলাথা মেনন
৮০ৰ দশকৰ শেষৰ ফালে ২২ বছৰ বসয়ত মই বিবাহপাঁশত আৱদ্ধ হৈছিল। আমাৰ বিয়াখনত মাত্ৰ পাঁচ মিনিট সময় লাগিছিল, আৰু খৰচ হয়তো দুলাখতকৈও কম হৈছিল। কিন্তু বৃদ্ধি মা-দেউতাৰ বাবে এয়া এক ডাঙৰ ধনৰ অংশ আছিল৷ তেতিয়া এক গ্ৰাম সোণৰ দাম প্ৰায় ৩১০০ টকা আৰু দহ গ্ৰাম সোণৰ দাম প্ৰায় ৭০ হাজাৰ টকা আছিল।
আজি কেৰেলাৰ বিয়াবোৰ উত্তৰ ভাৰতৰ ব্যাপক উদযাপন অনুষ্ঠানৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হয় আৰু ইয়াক ইনষ্টাগ্ৰাম আৰু ইউটিউব ৰিলৰ লগত খাপ খুৱাইও আয়োজন কৰা হয়। আজিকালি বিবাহৰ সৈতে এংগেজমেণ্ট ফাংচন, মেহেন্দি, হালদী, সংগীত অনুষ্ঠান, অভ্যৰ্থনা অনুষ্ঠান আদিবোৰ থাকে।
কেইটামান দশকৰ আগতে কেৰেলাৰ বিয়াৰ সৈতে জড়িত হ’ব পৰা শেষ কথাটোৱেই আছিল অষ্টেণ্টেচন। থিৰুৱনন্তপুৰমত শেহতীয়াকৈ মেডিকেল ডিগ্ৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ৰেশমাই কয় যে সকলো বিবাহ ইনষ্টাগ্ৰাম ৰিলৰ লগত খাপ খুৱাই কাষ্টমাইজ কৰা হয়। অলপতে এগৰাকী সহপাঠীৰ “ব্রাইডাল শ্বাৱাৰ”ত অংশগ্ৰহণ কৰা যুৱতীগৰাকীয়ে কয় যে ই ইনষ্টাগ্ৰামৰ দাবীৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকে এইধৰণৰ এক প্ৰি-ৱেডিং ইভেণ্ট আয়োজন কৰে।
বিয়াখন পেন্নু কানাল ৰিল (ল’ৰাৰ পৰিয়ালে ছোৱালীজনীক লগ কৰা)ৰ পৰা আৰম্ভ কৰি বহুতো ফটো/ৰিল ইভেণ্টত ভাগ কৰা হয়, তাৰ পিছত এংগেজমেণ্ট, ব্রাইডাল শ্বাৱাৰ, চেভ দ্য ডেট ইভেণ্ট আৰু তাৰ পিছত মেহেন্দী, সংগীত, হালদী, বিয়া, আৰু অভ্যৰ্থনা। মুছলমান বিয়াবোৰে ইয়াৰে কিছুমানৰ সলনি `চামেলি’ আৰু ৰংগোলিৰ দৰে উদ্ভাৱনীমূলক অনুষ্ঠানৰ আয়োজন কৰে, যিবোৰ কেৱল ৰিল প্ৰজন্মৰ বাবেহে যুক্তিযুক্ত। মানুহে যিটো হাইলাইট কৰিব বিচাৰে তাকেই বাছি লয়।
ইভেণ্ট মেনেজাৰ, ফটোগ্ৰাফাৰ বা মেকআপ আৰ্টিষ্টৰ অভাৱ নাই। এইবোৰ আজিকালি ইনষ্টাগ্ৰামতে উপলব্ধ। ই-ইনভাইটেচনৰ ধাৰা আৰম্ভ হোৱাৰ বাবে বিবাহত এতিয়া আৰু নিমন্ত্ৰণী পত্ৰৰ প্ৰয়োজন নাই। ‘ছেভ দ্য ইভেণ্ট’ অনুষ্ঠানত অতিথিসকলক জড়িত কৰা নহয়। একাংশ ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত দম্পতীহালে সেইদিনা ৰাজকীয়শৈলীত ভিডিঅ' শ্বুটিং কৰে। ইয়াত দম্পতীহালৰ কাহিনী বৰ্ণনা কৰা হয় আৰু বিয়াৰ এদিন আগতে সকলো নিমন্ত্ৰিত ব্যক্তিৰ সৈতে আৰু পৰিয়ালসমূহৰ ইনষ্টাগ্ৰাম বা ইউটিউব হেণ্ডেলত শ্বেয়াৰ কৰা হয়।
কেৰালাৰ এটা গীৰ্জাত বিবাহপাঁশত আৱদ্ধ হোৱাৰ পিছত এহাল দম্পতি
এইবোৰ বিয়াৰ দিনা পৰ্দাত প্ৰদৰ্শন কৰা হয় বুলি ৰেশমাই জানিবলৈ দিয়ে। যিমানেই ইভেণ্ট বেছি সিমানেই ড্ৰেছ আৰু গহনা বেছি ব্যৱহাৰ হয়। চুটিকৈ ক’বলৈ গ’লে, বিবাহ আজি এটা ব্যক্তিগত অনুষ্ঠানতকৈ সযতনে কৰিঅ’গ্ৰাফ কৰা ইনষ্টাগ্ৰামৰ অনুষ্ঠান। চিনেমাৰ জনপ্ৰিয়তাই হয়তো সমাজখনক প্ৰভাৱিত কৰি জীৱনটোক নিজেই চিনেমালৈ ৰূপান্তৰিত কৰিছে। কিন্তু ৰেশমাই কয় যে বহুতে এনে অনুষ্ঠানসমূহ বাচি লোৱাৰ বিপৰীতে আন কিছুমানে আকৌ উদযাপন আৰু হাইপ আপ কৰাতকৈ কেৱল আনুষ্ঠানিকভাৱে বিবাহ পঞ্জীয়ন কৰিয়ে সকলো সামৰি থোৱাৰ দৰে চৰম পন্থা বাচি লয়।
বিবাহৰ এই মেকঅভাৰৰ উজ্জ্বল দিশটো হ’ল সোণৰ প্ৰতি কেৰালাৰ আকৰ্ষণ যেন হ্ৰাস পাইছে। অন্ততঃ দুটা দশক আগলৈকে সোণ আগৰ দৰে দেখা নাযায়। ৮০ৰ দশকত মেহেন্দি বা এংগেজমেণ্ট পাৰ্টি নাছিল যদিও সেই সময়তে কেৰেলাৰ বিবাহ অনুষ্ঠানত সোণ দেখুৱাবলৈ জনসাধাৰণ আকৰ্ষিত হৈ পৰিছিল। ৬০ৰ দশকত যেতিয়া মা আৰু তেওঁৰ ভনীয়েকহঁতৰ বিয়া হৈছিল তেতিয়া সোণৰ প্ৰদৰ্শন কৰা হোৱা নাছিল। সাধাৰণতে ইজনে সিজনৰ চিনাকি পৰিয়ালৰ মাজত, বা আত্মীয়ৰ মাজত বিবাহ হৈছিল। ছোৱালীসকলে বহুত সোণ পিন্ধিব নালাগিছিল। সাধাৰণ শাৰী বা সাধাৰণ হাতেৰে বোৱা মুণ্ডু পিন্ধিছিল। চাৰি-পাঁচটা সোণৰ বেংগল, এডাল হাৰ আৰু এডাল চেইন পিন্ধিব লাগিছিল।
কিন্তু ৮০-৯০ৰ দশকত কইনাসকল সোণৰ ওজনত ডুব যাবলৈ ধৰিলে। লাহে লাহে আন ৰাজ্যৰ পৰা অহা নতুন এড-অন অনুষ্ঠানবোৰে বিয়াৰ সৈতে সংযুক্ত হ'বলৈ ধৰিলে। ইয়াৰ বাবে কিছুমান পৰিয়ালত আত্মহত্যাৰ বাতৰি পোৱা গৈছিল আৰু ইয়াৰ সৈতে বৃদ্ধি পোৱা খৰচ আৰু সামাজিক আশা পূৰণৰ হেঁচা জড়িত হৈ আছিল।
২০১৫ চনত কেৰালা কমিছন ফৰ উইমেনে বিবাহৰ খৰচ কমাবলৈ আইন প্ৰণয়ন কৰিবলৈ অনুৰোধ জনাই এক নিৰ্দেশ উলিয়াইছিল। ই বিচাৰিছিল বিবাহৰ খৰচত ৫ লাখ টকাৰ চিলিং। গহনা ৮০ গ্ৰামতকৈ বেছি হ’ব নোৱাৰে। অতিথিৰ তালিকা ২০০ জনৰ মাজত সীমাবদ্ধ থাকিব লাগে। অৱশ্যে ৰাজ্য চৰকাৰে এইবোৰ আইনত পৰিণত নকৰিলে।
ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ ডিজিটেল প্ৰজন্মৰ প্ৰতিনিধি ৰেশমাই কয় যে যুৱক-যুৱতীসকলে পৰম্পৰাগত গহনা বিশেষকৈ ২২ কেৰেটৰ সোণৰ অলংকাৰ সম্পূৰ্ণৰূপে পৰিহাৰ কৰে। তেওঁলোকে অধিক অক্সিডাইজড গোল্ডৰ সৈতে এণ্টিক লুক পচন্দ কৰে বুলি তেওঁ কয়। ড্ৰেছৰ লগত মিলাবলৈ বহুতো কৃত্ৰিম গহনাও সোণৰ সলনি ব্যৱহাৰ হয়, কাৰণ কেৱল চেহেৰাৰ ওপৰতহে এতিয়া অধিক গুৰুত্ব দিয়া হৈছে।
বিয়াৰ বয়সো বাঢ়ি গৈ আছে। মোৰ মা আৰু তেওঁৰ ভাই-ভনী সকলোৰে বিবাহ ১৪ৰ পৰা ১৯ বছৰৰ ভিতৰত হৈছিল। মোৰ বিয়া হৈছিল ২২ বছৰ বয়সত। মই ২৫ বছৰ বয়সত মাতৃ হৈছিলো। ল’ৰাবোৰে সাধাৰণতে ২৬ বা ২৭ বছৰ বয়সত বিয়া হৈছিল আৰু সেই সময়লৈকে তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰে।
বিবাহৰ পিছত কেৰালাৰ এহাল মুছলমান দম্পতি
মোৰ সন্তান যি প্ৰজন্মৰ অন্তৰ্গত, সেই প্ৰজন্মৰ বিয়া হ’বলৈ কোনো খৰখেদা নাই। মোৰ ডাঙৰ সন্তানৰ প্ৰজন্মৰ যুৱকসকলৰ বয়স এতিয়া প্ৰায় ৩০ বছৰ আৰু তেওঁলোকৰ বহুতেই এতিয়াও অবিবাহিত। কিছুমানে নিজৰ সংগীৰ সৈতে থাকে (আমাৰ যৌৱনকালত ভাবিব নোৱাৰা এক কথা) আৰু পিতৃ-মাতৃয়ে কোনো ধৰণৰ কলংক নোহোৱাকৈয়ে তেওঁলোকক গ্ৰহণ কৰি লয়। আনকি কিছুমানে ৩০ বছৰ বয়সত বিবাহ নহ’লে আইভিএফৰ জৰিয়তে দত্তক লোৱা (adoption) আৰু কেঁচুৱা জন্ম দিয়াৰ কথাও চিন্তা কৰিছে। গতিকে, তেওঁলোকৰ মাতৃৰ যৌৱনত আগৰ দৰে একক মাতৃত্ব এতিয়া নিষিদ্ধ নহয়।
আমেৰিকাত ৫০ শতাংশ একক মাতৃ অবিবাহিত। আৰু হলিউড, টিভি চিটকম, আৰু নাটকৰ জৰিয়তে পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ বিবেচনা কৰিলে নেটফ্লিক্স প্ৰজন্মই সমগ্ৰ বিশ্বৰ পৰা প্ৰভাৱ গ্ৰহণ কৰিছে যিদৰে ভাৰতীয়সকলে আগতে কেতিয়াও কৰা নাছিল। ২০০০ চনত জন্ম লোৱা প্ৰজন্মটোৱে নতুন সম্পৰ্ক গঢ়ি তোলা, ডেটিং কৰা, সম্পৰ্কৰ বাহিৰলৈ চোৱাৰ ক্ষেত্ৰত লাভৱান হয়।
তেওঁলোকৰ মাজৰ বহুতেই নিজৰ যৌন অভিৰুচি, নিজৰ ধৰ্ম, দেৱতাক বুজিবলৈ চেষ্টা কৰি আছে আৰু তেওঁলোকে সহজ অনুভৱ নকৰা যিকোনো কথা মানি ল’বলৈ সাজু নহয়। তেওঁলোকৰ মন মুকলি আৰু স্থানীয় সংস্কৃতিৰ প্ৰভাৱৰ দ্বাৰা নিষিদ্ধ।
ডেটিং: ৯০ৰ দশকৰ শেষলৈকে প্ৰথমে দালালৰ জৰিয়তে আৰু তাৰ পিছত অনলাইন বিবাহ ব্যুৰোৰ জৰিয়তে বিবাহ কৰা হৈছিল। আজি টিণ্ডাৰ, হিঞ্জ, বাম্বলেৰ দৰে অনলাইন ডেটিং চাইটে সেইবোৰৰ ঠাই লৈছে। ডিচকৰ্ড বা হোৱাটছএপৰ দৰে অনলাইন প্লেটফৰ্মৰ জৰিয়তেও মানুহ ইজনে-সিজনৰ লগ হৈছে।
৮০ বা ৯০ৰ দশকতো ডেটিং অস্বাভাৱিক আছিল। যদি এগৰাকী ছোৱালী আৰু এজন ল’ৰাক একেলগে দেখা গৈছিল, তেন্তে সেয়া বিতৰ্কিত বিষয় আছিল। আজি যুৱক-যুৱতীসকলে নিজৰ প্ৰবৃত্তি অনুসৰণ কৰে বা স্কুল বা কলেজত সম্পৰ্ক স্থাপনৰ বাবে সমনীয়াৰ পৰা হেঁচাৰ সন্মুখীন হয়।
ৰেশমাই কয় যে তেওঁৰ এমবিবিএছ বেচৰ ১৫০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰায় ২০ জনে পাঠ্যক্ৰম শেষ হোৱাৰ লগে লগে বিবাহপাশত আবদ্ধ হয়। ইয়াৰে প্ৰায় ৮ টা আছিল এৰেঞ্জ মেৰেজৰ ঘটনা। বাকীবোৰ আছিল প্ৰেম-বিবাহ। ইয়াৰে তিনিজনে বেলেগ জাতি আৰু এজনে বেলেগ ধৰ্মৰ ছোৱালীৰ সৈতে বিবাহপাঁশত আৱদ্ধ হৈছে বুলি ৰেশমাই উল্লেখ কৰে।
বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কেম্পাছত গঢ়ি উঠা বহু সম্পৰ্ক ক্ষন্তেকীয়া হয় আৰু বৰ্তমান সময়ত ট্ৰেণ্ডিং কৰা শব্দবোৰৰ ভিতৰত এটা হ’ল ব্ৰেক-আপ। ভুক্তভোগীৰ বাবে ই বেদনাদায়ক যদিও ই তেওঁলোকৰ বাস্তৱৰ এটা অংশ। যদিও তেওঁলোকৰ পিতৃ-মাতৃয়ে হয়তো একক বিবাহ বিচ্ছেদৰ সন্মুখীন হয়, কিন্তু ২০ বছৰ বয়সলৈকে ল’ৰা-ছোৱালীবোৰে একাধিক সম্পৰ্কৰ অন্ত পেলায়। এই প্ৰায়ে আঘাতজনক অভিজ্ঞতাবোৰে হয় তেওঁলোকক জ্ঞানী আৰু মৃদু কৰি পেলায় নহয় আৱেগিকভাৱে ধ্বংস কৰি পেলায়।
যদি আপুনি এই দ্ৰুত মূল্যবোধৰ পৰিৱৰ্তনত বিমোৰত পৰিছে, তেন্তে এজন জেন মাষ্টৰৰ কথা মনত ৰাখিব। তেওঁ কৈছিলঃ আপুনি কেতিয়াও একেখন নদীত দুবাৰ ভৰি নিদিয়ে। যেনেকৈ পানী সকলো সময়তে বৈ থাকে, জীৱনৰ বিষয়েও একোৱেই স্থিৰ হৈ নাথাকে; তেন্তে পৰিয়াল বা যিকোনো মূল্যবোধ কিয় স্থিৰ হৈ থাকিব লাগে?